অসমৰ সত্ৰীয়া সংস্কৃতি । সত্ৰীয়া নৃত্য সমূহ পৰিচয় : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পঞ্চদশ শতিকাৰ শেষভাগত অথবা ষোড়শ শতিকাৰ প্ৰথম ভাগত অংকীয়া ভাওনাৰ দ্বাৰা সৃষ্টি কৰা অসমৰ সত্ৰীয়া সংস্কৃতি ৰ অন্তৰ্গত নৃত্য ধাৰা টিয়েই হৈছে সত্ৰীয়া নৃত্য। মহাপুৰুষ জনাই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই নৃত্য ধাৰাটিক গঢ়ি তুলিছিল। বৰ্তমান সত্ৰীয়া নৃত্য ভাৰতৰ শাস্ত্ৰীয় নৃত্য ধাৰা সমূহৰ অন্যতম এক স্বীকৃতি প্ৰাপ্ত নৃত্য হিচাপে স্হান লাভ কৰিবলৈ সক্ষম হৈছে।এই আলোচনাটিত অসমৰ সত্ৰীয়া সংস্কৃতি সত্ৰীয়া নৃত্য সমূহ ৰ বিষয়ে আৰু ইয়াৰ শিক্ষণ প্ৰণালীৰ সম্পৰ্কে উল্লেখ কৰা হৈছে। সূচী পত্ৰ সত্ৰীয়া নৃত্য শিক্ষা : সত্ৰীয়া পৰম্পৰা অনুসৰি এজন বালক ভকতে সত্ৰলৈ আহি প্ৰথমে গুণমালা, ভটিমা আদিৰ শিক্ষা লোৱাৰ লগতে গুৰুৰ ওচৰত সত্ৰীয়া নৃত্যৰ শিক্ষাও গ্ৰহণ কৰিব লাগে। যিহেতু,এই সত্ৰীয়া নৃত্য শব্দটিৰ মাজত বহু কেইখন নৃত্য সোমাই আছে। সেয়েহে,সকলো খিনি নৃত্য সম্পূৰ্ণ ভাৱে আয়ত্ব কৰিবলৈ এক দিঘলীয়া সময় অতিক্ৰম কৰিব লগা হয়। আনহাতে,সৰু কালৰ পৰা এই নৃত্যৰ শিক্ষা গ্ৰহণ কৰিলে ...