Skip to main content

অসমৰ সত্ৰীয়া সংস্কৃতি । সত্ৰীয়া নৃত্য সমূহ

অসমৰ সত্ৰীয়া সংস্কৃতি । সত্ৰীয়া নৃত্য সমূহ
সত্ৰীয়ানৃত্য, সত্ৰ, অসমীয়ানৃত্য, অসমৰসত্ৰীয়াসংস্কৃতি, সত্ৰীয়াসংগীত


পৰিচয় :

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পঞ্চদশ শতিকাৰ শেষভাগত অথবা ষোড়শ শতিকাৰ প্ৰথম ভাগত অংকীয়া ভাওনাৰ দ্বাৰা সৃষ্টি কৰা অসমৰ সত্ৰীয়া সংস্কৃতি ৰ অন্তৰ্গত নৃত্য ধাৰা টিয়েই হৈছে সত্ৰীয়া নৃত্য। মহাপুৰুষ জনাই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই নৃত্য ধাৰাটিক গঢ়ি তুলিছিল। বৰ্তমান সত্ৰীয়া নৃত্য ভাৰতৰ শাস্ত্ৰীয় নৃত্য ধাৰা সমূহৰ অন্যতম এক স্বীকৃতি প্ৰাপ্ত নৃত্য হিচাপে স্হান লাভ কৰিবলৈ সক্ষম হৈছে।এই আলোচনাটিত অসমৰ সত্ৰীয়া সংস্কৃতি সত্ৰীয়া নৃত্য সমূহ ৰ বিষয়ে আৰু ইয়াৰ শিক্ষণ প্ৰণালীৰ সম্পৰ্কে  উল্লেখ কৰা হৈছে।

    সত্ৰীয়া নৃত্য শিক্ষা : 

    সত্ৰীয়া পৰম্পৰা অনুসৰি এজন বালক ভকতে সত্ৰলৈ আহি প্ৰথমে গুণমালা, ভটিমা আদিৰ শিক্ষা লোৱাৰ লগতে গুৰুৰ ওচৰত সত্ৰীয়া নৃত্যৰ শিক্ষাও গ্ৰহণ কৰিব লাগে। যিহেতু,এই সত্ৰীয়া নৃত্য শব্দটিৰ মাজত বহু কেইখন নৃত্য সোমাই আছে। সেয়েহে,সকলো খিনি নৃত্য সম্পূৰ্ণ ভাৱে আয়ত্ব কৰিবলৈ এক দিঘলীয়া সময় অতিক্ৰম কৰিব লগা হয়।


    আনহাতে,সৰু কালৰ পৰা এই নৃত্যৰ শিক্ষা গ্ৰহণ কৰিলে মাটি আখৰা-(যাক সত্ৰীয়া নৃত্যৰ ব্যাকৰণ বুলিও কোৱা হয়) নৃত্য শিক্ষা ল'বলৈ শৰীৰটি উপযোগী হয়। তেতিয়া,এজন নৃত্য শিল্পী ৰূপে শৰীৰটি সুন্দৰ ৰূপত গঢ় লৈ উঠে।


    অসমৰ সত্ৰীয়া সংস্কৃতি । সত্ৰীয়া নৃত্য সমূহ :

    সত্ৰীয়া নৃত্যত বহু কেইখন নৃত্য আছে।এই সকলোখিনিক একেলগে সত্ৰীয়া নৃত্য বুলি ধৰা হয়। যেনে- 
    ১.মাটি আখৰা। ২.ঝুমুৰা নৃত্য। ৩.নাদুভংগি নৃত্য। ৪.চালি নৃত্য। ৫.সূত্ৰধাৰ নৃত্য। ৬.গুসাই প্ৰৱেশ নৃত্য। ৭.গোপী নৃত্য। ৮.ভোজন বাহাৰ নৃত্য। ৯.বৰ-প্ৰবেশ নৃত্য আৰু ১০.প্ৰৱেশ-প্ৰস্হান নৃত্য।

     

    মাটি আখৰা : 
    মাটি আখৰা হৈছে, সত্ৰীয়া নৃত্যৰ আদিপাঠ বা ব্যাকৰণ। অৰ্থাৎ নৃত্যৰ বাবে শৰীৰটিক উপযোগী কৰি তুলিবলৈ যি সমূহ ভঙ্গিমা বা ব্যায়াম আখৰা বা অভ্যাস কৰা হয় ,তাকেই মাটি আখৰা বুলিব পাৰি।

    এই মাটি আখৰা সাংখ্যিক হিচাপে ৬৪খন(কমলাবাৰী সত্ৰ মতে)।এই ৬৪ খন মাটি আখৰাক পুনৰ ৮ টি ভাগত ভাগ কৰা হৈছে।এই ৮ টি ভাগৰ ৬৪ খন মাটি আখৰাক মূলতঃ নৃত্যৰ ভংগীমা অংশ আৰু ব্যায়াম যুক্ত এই দুটা অংশত বিভক্ত কৰিব পাৰি।

    ঝুমুৰা নৃত্য : ঝুমুৰা নৃত্য টি মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত ৰাস ঝুমুৰা নাট খনিৰ কাহিনীৰ অন্তৰ্গত গোপী সকলৰ মাজৰ পৰা কৃষ্ণ অন্তধ্যান হোৱাৰ পাছত গোপী সকলে "মই কৃষ্ণ বুলি কৰে ভাৱনা" শীৰ্ষক অংশৰ পৰাই সৃষ্টি বুলি অনুমান কৰা হয়।এই নৃত্য টিৰ তিনিটা ভাগত সম্পূৰ্ণ ভাৱে পৰিবেশন কৰা হয়। নৃত্য টিৰ আৰম্ভণি ভাগক কোৱা হয় ৰামদানি অংশ।


    ৰামদানি অংশৰ শেষ হোৱাৰ লগে লগেই গায়নে গীত গায় আৰু বায়নৰ বাজনাৰ চেৱে চেৱে নৃত্য কাৰী সকলে নৃত্য কৰে। এই গীতৰ লগত নৃত্য কৰা অংশক কোৱা হয় গীতৰ অংশ। গীতৰ অংশ শেষ হোৱাৰ পাছত পুনৰ কেৱল বাজনা আৰু তালৰ সহায়ত যি নৃত্য নচা হয়, সেই সমূহক মেলা নাচ বা মেলা অংশ বুলি কোৱা হয়।তালৰ ক্ষেত্ৰত ঝুমুৰা নৃত্যত প্ৰধানকৈ ৰামদানি অংশত থুকনি,চুতা তাল আৰু গীতত যতি বা মিশ্ৰ তাল ব্যৱহাৰ কৰা পৰিবৰ্তে মেলা অংশত মেলা যতি তাল ব্যৱহাৰ কৰা হয়।


    সাজ-পোছাক বা আহাৰ্য্যৰ ক্ষেত্ৰত ঝুমুৰা নৃত্যত সাধাৰনতে নৃত্য শিল্পী জনে শিৰত গায়ন-বায়ন ত ব্যৱহাৰ কৰা পাগুৰি আৰু পাগুৰিৰ ওপৰত এটি কল্কি পৰিধান কৰে। ডিঙিৰ পৰা ককাললৈকে গাত কটা ফুলৰ জালি চোলা।ককালৰ পৰা ভৰিৰ সৰু গাঁঠি লৈকে লহঙা আৰু সেই লহঙাৰ ওপৰত ককালত মেৰিয়াই লোৱা হয় ফুলাম টঙালি।


    যি টঙালি দীঘল কৈ ভৰিৰ আঠুৰলৈকে উলমি থাকে। ইয়াৰ পিছত পিঠিৰ ফালে লগোৱা এচটা পটি যি দুই বাহুৰ উপৰেদি সন্মুখেদি আঠুলৈকে থাকে,তাক পৰিধান কৰা হয়।আ-অলংকাৰৰ  ক্ষেত্ৰত ডিঙিত মতা-মণি,কাণত উন্টি,হাতত বাজু বা গামখাৰু ইত্যাদি সমূহ পৰিধান কৰে।

    নাদুভংগি নৃত্য : এই নৃত্য টি বৃন্দাবনত গোপ-গোপী সকলে মিলি কৰা নৃত্য। কোনো কোনো সত্ৰীয়া সাধকৰ মতে আকৌ  কৃষ্ণই কালি হৃদত কালিক দমন কৰিবলৈ নাদুৰি নাদুৰি নচা কাৰণেই এই নৃত্য টি নাদুভংগি নৃত্য।এই নৃত্য টিৰ দুটা ভাগত বিভক্ত।প্ৰথম অংশটি ৰামদানি বোলাৰ বিপৰীতে দ্বিতীয় অংশক গীতৰ নাচ বুলি কোৱা হয়। তালৰ ক্ষেত্ৰত ৰামদানি অংশত থুকনি,চুতা তাল আৰু গীতৰ অংশত পৰি,জাৰ্মান,চুতা,যতি আদি ভিন্ন প্ৰকাৰৰ তাল ব্যৱহাৰ কৰা হয়।


    সাজ-পোছাক ৰ ক্ষেত্ৰত নটুৱাই শিৰত ওৰণা,টূপি,গাত মহমলৰ চোলা,ককালৰ পৰা ভৰিলৈকে হালধীয়া ৰঙৰ ধূতি,হাতত বাজু, ডিঙিত মতা-মণি,কাণত উন্টি ইত্যাদি পৰিধান কৰা হয়।


    চালি নৃত্য : চালি নৃত্য মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা সৃষ্ট  অন্যতম এক লাস্য প্ৰধান স্ত্ৰী-সূলভ নৃত্য।এই নৃত্য টিৰ উৎপত্তি সম্পৰ্কত বহু জনে ভাগৱতৰ হৰ-মোহনৰ মোহিনীৰ নৃত্য ৰ কথা কোৱা দেখা যায়। অৰ্থাৎ তাৰ উৎস লৈয়েই চালি নৃত্যৰ সৃষ্টি।এই চালি নাচ মূঠ ১২ খন। ইয়াৰে ৮ খন শুদ্ধ চালি আৰু ৪ খন ৰজাঘৰীয়া চালি নামেৰে পৰিচিত। 


    উল্লেখযোগ্য যে শুদ্ধ চালি ৮ খনক পুনৰ চাৰিটি নামেৰে নামাকৰণ কৰা হৈছে। যেনে-প্ৰথম দুখনক হাজোৱলীয়া ৰামদানি, চতুৰ্থ আৰু সপ্তম দুখনিক কলাকটীয়া ৰামদানি, পঞ্চম আৰু ষষ্ঠ ৰামদানিক সৰু ৰামদানি আৰু তৃতীয় আৰু অষ্টম দুখনিক বৰ ৰামদানি বুলি কোৱা হয়। আনহাতে,পৰিবেশনৰ ক্ষেত্ৰত ৰজাঘৰীয়া চালি শুদ্ধ চালি নাচতকৈ বহু পৃথক।


    চালি নৃত্য ৰ ভাগ তিনিটা। প্ৰথম ভাগক ৰামদানি, দ্বিতীয় ভাগক গীতৰ অংশ আৰু তৃতীয় ভাগক মেলা নৃত্য বুলি কোৱা হয়।ৰামদানি অংশত থুকনি আৰু চুতা বা একতাল ব্যৱহাৰ কৰা পৰিবৰ্তে গীতৰ অংশত এক তাল আৰু পৰি তাল তথা মেলা অংশত চুতা আৰু এক তাল ব্যৱহাৰ কৰা হয়।


    সাজ-পোছাক ৰ ক্ষেত্ৰত চালি নাচৰ নৃত্য শিল্পী সকলে সাধাৰণতে শিৰত ওৰণা,ককালত লহঙা,গাত হাত কটা মহমল চোলা,ৰিহা আদি ব্যৱহাৰ কৰাৰ লগতে অলংকাৰ হিচাপে ডিঙিত মতা-মণি, কাণত উন্টি,হাতত বাজু বা গামখাৰু ইত্যাদি সমূহ পৰিধান কৰে।

    সূত্ৰধাৰ নৃত্য : সূত্ৰধাৰ নৃত্য অঙ্কীয়া নাট ভাওনাৰ এক অবিচ্ছেদ্য তথা মূখ্য অংগ।এই নৃত্যৰ ভাগ চাৰিটা।প্ৰথম ভাগক কোৱা হয় প্ৰবেশৰ নাচ, দ্বিতীয় ভাগক কোৱা হয় ৰাগৰ নাচ, তৃতীয় ভাগক কোৱা হয় গতৰ বা গীতৰ নাচ আৰু চতুৰ্থ ভাগক কোৱা হয় শ্লোকৰ নাচ। 


    শ্লোকৰ নাচ ভাগ নৃত্য কৰোঁতে মন কৰিবলগীয়া কথা এই যে নৃত্যত খোল বজোৱা মূখ্য বায়ন জনে প্ৰথমে শ্লোকৰ বাজনা বা বোল টি মূখেৰে গায় আৰু তেতিয়া সূত্ৰধাৰ জনে হাতেৰে তাল ধৰি লৈ থাকে। পাছত যেতিয়া সেই একেটা বোলক খোলত বজায় তেতিয়া সূত্ৰধাৰ জনে ভঙ্গিমা সহ‌ নৃত্য কৰে।এই নৃত্য তাণ্ডৱ ধৰ্মী।


    আৰু পঢ়িব পাৰে- সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য আৰু ইতিহাস।

    সাজপাৰৰ ক্ষেত্ৰত এই সূত্ৰধাৰ নৃত্যত শিৰত পাগুৰি সদৃশ এক বিশেষ ধৰণৰ টূপি ,যি জোঙা ভাগটি পাছফালে থাকে, পিন্ধাৰ লগতে গাত মিৰ্জাই চোলা আৰু দুই বাহুৰ ওপৰেদি দুই আঠুলৈকে পৰাকৈ এডাল পটি তথা ককালত ৰিহা আৰু টঙালি পৰিধান কৰা হয়। আনহাতে, অলংকাৰৰ ক্ষেত্ৰত ডিঙিত মতা-মণি,কাণত উন্টি,হাতত বাজু বা মুঠি খাৰু ইত্যাদি সমূহ ব্যৱহাৰ কৰা হয়।

    গুসাই প্ৰবেশ নৃত্য : অঙ্কীয়া নাট ভাওনাত শ্ৰীকৃষ্ণ বা শ্ৰীৰামচন্দ্ৰ প্ৰভূৱে প্ৰবেশ কৰা নৃত্য ভঙ্গিমা সমূহেই হৈছে গুসাই প্ৰবেশ নৃত্য।এই নৃত্যৰ প্ৰধান বৈশিষ্ট্য হৈছে লালিত্য আৰু গাম্ভীয্য। নৃত্য টিৰ দুটা ভাগত বিভক্ত। প্ৰথম ভাগ হল- বাজনাৰ নাচ আৰু দ্বিতীয় ভাগক শ্লোকৰ নাচ বুলি কোৱা হয়।


    গোপী প্ৰবেশ নৃত্য : অঙ্কীয়া নাট ভাওনাত গোপী সকলে  যি সমূহ নৃত্যৰ ভঙ্গিমাত প্ৰবেশ কৰে,সেই সমূহেই হৈছে গোপী প্ৰবেশ নৃত্য।এই নৃত্যৰ ভাগ দুটা। যেনে- বাজনা নাচ আৰু শ্লোকৰ নাচ।সাজ পোছাক আৰু আ-অলংকাৰৰ ক্ষেত্ৰত এই নৃত্যৰ সাজ পোছাক আৰু আ-অলংকাৰ চালি নৃত্যৰ সৈতে একে।


    ভোজন বাহাৰ নৃত্য : মহাপুৰুষ মাধৱদেৱ গুৰু জনাৰ ভোজন বাহাৰ নাট বা ঝুমুৰা খনেই এই নৃত্যৰ মূল। সত্ৰীয়া পৰম্পৰা অনুসৰি গুৰু দুজনাৰ মূল কীৰ্তন বা তিথিৰ দিনটোত কুৰি জনৰো অধিক সত্ৰৰ ল'ৰা ভকত সকলে এই নৃত্য কীৰ্তন ঘৰত বৰপেটিয়া ধেমালিৰ অন্তত পৰিবেশন কৰে। এই নৃত্যৰ ভাগ দুটা।ৰামদানি আৰু গীতৰ অংশ।সাজ সজ্জাৰ ক্ষেত্ৰত নাদুভংগি নৃত্যৰ লগত একে।


    বৰ প্ৰবেশ নৃত্য : এই নৃত্য টি সম্পূৰ্ণ আধ্যাত্মিক ভাৱত সত্ৰত এক বিশেষ দিনত গুৰু কীৰ্তন মহোৎসৱত পৰিবেশন কৰা হয়। নৃত্য টিৰ সাজ সজ্জা নাদুভংগি আৰু ভোজন বাহাৰ নৃত্যৰ লগত একে।এই নৃত্য টিৰ এক বিশেষ বৈশিষ্ট্য হ'ল যে আন আন সত্ৰীয়া নৃত্য সমূহত ব্যৱহাৰ নকৰা কিছুমান ভঙ্গিমা এই নৃত্যত ব্যৱহৃত হয়।যি সমূহে নৃত্য টিক মনোৰম কৰি তুলে।


    অনান্য প্ৰবেশ প্ৰস্হান নৃত্য : অঙ্কীয়া নাট ভাওনাত ভাৱৰীয়া সকলে প্ৰবেশ আৰু প্ৰষ্ঠান আদি কৰিবলৈ কিছুমান বিশেষ ভঙ্গিমা ব্যৱহাৰ কৰা হয়।সেই সমূহকেই প্ৰবেশ প্ৰস্হান নৃত্য বুলি কোৱা হয়। যেনে- ৰজা, ঋষি মুনি, ৰাক্ষস,বান্দৰ ,গৰুড় আদি ভিন্ন চৰিত্ৰৰ ভিন্ন প্ৰবেশ প্ৰস্হান দেখা যায়।


    সামৰণি :

    উপৰুক্ত সমূহৰ বাদেও সত্ৰীয়া নৃত্যৰ ভড়ালত আৰু বহুতো নৃত্য বা সত্ৰীয়া নৃত্যৰ ভাগ দেখা পোৱা যায়।যি সমূহ সত্ৰ ৰ বিশেষ বিশেষ উৎসৱাদিত পৰিবেশিত হোৱা দেখা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টি অসমৰ সংস্কৃতি সত্ৰীয়া নৃত্য সমূহ এনেদৰেই বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে নিৰবিচ্ছিন্ন ভাৱে চলি আহিছে আৰু অনাগত দিনতো অক্ষুন্ন ভাৱে প্ৰচলিত হৈ মহাপুৰুষীয়া ধৰ্ম, সংস্কৃতি তথা পৰম্পৰাক সজীৱ কৰি ৰাখিব।।


    আৰু পঢ়িব পাৰে- সত্ৰীয়া নৃত্যৰ তিনি ভাগ।


    Author – Srimanta Borah

    নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

    Comments

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা ঢোল, পেঁপা, গগনা। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা Assamese musical instruments Dhol Bihu Pepa and Gagana হৈছে অসমীয়া জাতিৰ বাপুতি সাহোন বিহুত ব্যৱহাৰ কৰা তিনিটা মূখ্য বাদ্যযন্ত্ৰ। এই লেখাটিত ঢোল , বিহু পেঁপা আৰু গগণাৰ সম্পৰ্কে বিস্তৃত বৰ্ণনা কৰা হৈছে। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা : ঢোলৰ বিষয়ে : অসমীয়া লোক বাদ্য ঢোল হৈছে অসমীয়া জনজীৱনৰ লগত জড়িত  বাদ্য প্ৰকাৰ musical instruments সমূহৰ ভিতৰত অন্যতম লোকবাদ্য। লোকবিশ্বাস অনুসৰি এই বাদ্য টি কৈলাসৰ পৰা পাণ্ডুনন্দন পার্থই পৃথিৱীলৈ অনা বুলি বিশ্বাস কৰা হয়।অসমীয়া বাদ্যযন্ত্ৰ ঢোল assamese musical instruments dhol অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুৰ এক main musical instrument মুখ্য বাদ্য। এই ঢোলৰ অবিহনে অসমীয়া জাতিয়ে আনন্দ ৰঙৰ উৎসৱ স্বৰূপ ৰঙালী বিহু rongali bihu পালন কৰা অসম্ভৱ। ঢোলৰ প্ৰকাৰ : ঢোলৰ প্ৰকাৰ   বুলিলে দেখা যায় যে অসমৰ ভিন্ন ভিন্ন প্ৰান্তত প্ৰচলিত ঢোল বাদ্য টিক আকাৰ আৰু বজোৱা আনুষ্ঠানিক প্ৰদ্ধতি অনুসৰি মূলতঃ  ৪ চাৰিটা ভাগত ভাগ কৰা হ...