মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ
পৰিচয় :
মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই ঝুমুৰা সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন।
ঝুমুৰা কাক বোলে :
শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।
সেয়েহে ঝুমুৰা কাক বোলে বা ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে,"একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়।
ঝুমুৰা সমূহৰ নাম:
মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-
- অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।
- চোৰধৰা নাট।
- পিম্পৰা গুচোৱা নাট।
- ভূমি লেটোৱা নাট আৰু
- ভোজন বেহাৰ নাট।
ঝুমুৰা সমূহৰ বিচাৰ:
"অৰ্জুন ভঞ্জন"নাটক খনি মাধৱদেৱে ভাগৱতৰ দশম স্কন্ধৰ অন্তৰ্গত নৱমত বৰ্ণিত কাহিনীৰ আধাৰত ৰচনা কৰা। কেৱল মাত্ৰ নন্দ-যশোদাৰ মাজত হোৱা খণ্ড যুদ্ধ খন এই পুথিৰ অন্তৰ্গত নহয়। আনহাতে,নাটখনৰ নান্দীশ্লোক সহ বাকী চাৰিটা শ্লোক বিল্ব মঙ্গল বা লীলা শুকৰ দ্বাৰা ৰচিত"কৃষ্ণ কণ্ণামৃত"বা তেনে পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।
ঝুমুৰা সমূহৰ বিষয়বস্তু:
(১). অৰ্জুন ভঞ্জন:
আনহাতে ,ৰছী দুই আঙুলৰ নাটনি কৰোৱাই ঈশ্বৰত্ব দেখুৱাই শেষত অৰ্জুন গছ ভাঙি নলকুবেৰক মুক্তি কৰিলে জগতৰ ঈশ্বৰ শিশু কৃষ্ণই।যাৰ পৰিণতিত নন্দ যশোদাৰ মাজত খণ্ড যুদ্ধৰ সূত্ৰপাত হৈ নাটৰ সামৰণি পৰিছে।
(২).চোৰধৰা:
এই নাটত এফালে লৱণু চুৰ কৰি ধৰা পৰা কৃষ্ণই গোপীসকলৰ মাজত নৃত্য কৰিছে। আনফালে দিনটো ঘৰলৈ নহা কৃষ্ণক বিচাৰি ভাগৰি পৰা যশোদাই অৱশেষত গোপী এগৰাকী মূখেৰে কৃষ্ণৰ সংবাদ পাই কৃষ্ণৰ কাষলৈ গৈ কোলাত তুলি লৈ গোপীসকলৰ নানাভাৱে গালি পাৰি পুত্ৰ কৃষ্ণক ঘৰলৈ আনি স্নান কৰাই দধি,দুগ্ধ,ঘৃত,মৌ আদিৰে ভোজন কৰাই মাতৃস্নেহৰ নিদৰ্শন দাঙি ধৰিছে।
(৩).পিম্পৰা গুচোৱা:
মাধৱদেৱৰ দ্বাৰা ৰচিত বাৎসল্য ৰসেৰে ভৰপূৰ এই নাটকখনত শিশু কৃষ্ণৰ দুষ্টালি ফুটি উঠিছে।নিজে লৱণু চোৰ কৰি খাই ধৰা পৰা কৃষ্ণই চোৰৰ অপযশ মিছাকৈ জাপি দিছে গোপীসকলৰ ওপৰত।যাৰ বাবে গোপীসকলে পুনৰ কৃষ্ণক দোষাৰোপ কৰিছে। ইয়াৰ উপৰিও, পুত্ৰৰ স্নেহত বলীয়া যশোদাই গোপীসকলক কৰা তিৰস্কাৰ আৰু কৃষ্ণৰ ভেম,অভিমান আদি এই নাটৰ বিষয়বস্তু।
(৪). ভূমি লেটোৱা:
ভূমি লেটোৱা ঝুমুৰা নাট খনিত কৃষ্ণই লৱণু খাই শেষ কৰাত মাক যশোদাক দেখি আন কোনোবাই খালে বুলি কৈ পুনৰ মাকৰ পৰা লৱণু বিচাৰি খায়।বান্দৰ, মেকুৰীয়ে লৱণু খোৱাৰ কথাকে বিস্বাস কৰি মাকে পুতেকক কৰা আদৰ-সাদৰৰ যোগেদি যশোদা চৰিত্ৰটি সহজ-সৰল ৰূপে দৰ্শকৰ সন্মুখত সুন্দৰ ভাৱে ফুটি উঠিছে।
(৫).ভোজন বেহাৰ:
এই নাটখনে শেষ পৰিণতি নৌ-পাওতেই যৱনিকা পৰাত নাটখন আধৰুৱা হৈ ৰয়।সিকিয়াত নিয়া দধি-ভাত ভোজন কৰি বৃন্দাবনত খেলা কৰা, ভক্ত নাৰদ আহি বৃন্দাবনতে জগতৰ ঈশ্বৰ শিশু কৃষ্ণ প্ৰভূক দৰ্শন কৰি কৃতাৰ্থ হোৱা কাৰ্যয়েই ইয়াৰ মূল বিষয়বস্তু।
সামৰণি:
মুঠতে, মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ ত শিশু কৃষ্ণৰ বালকসূলভ ক্ৰিয়াকলাপ ,লঘু বিষয়বস্তু, সুমধুৰ বাক্যৰস আৰু বাৎসল্য ভাৱৰ প্ৰাধান্যতাই মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহক এক বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে আৰু অনাদি কাললৈ তেখেতৰ সৃষ্টিৰাজিয়ে তেখেতক বৈষ্ণৱ সাহিত্যৰ লগতে অসমীয়া সমাজতো চিৰযুগমীয়া কৰি ৰাখিব।।।

Good
ReplyDeleteThank You 💚
DeleteDhuniya 💚
ReplyDeleteThanks 💚
Delete