Skip to main content

শংকৰ-মাধৱৰ অংকীয়া নাটৰ বৈশিষ্ট্য

শংকৰ-মাধৱৰ অংকীয়া নাটৰ বৈশিষ্ট্য

শংকৰ-মাধৱৰ অংকীয়া নাটৰ বৈশিষ্ট্য

পৰিচয়

পঞ্চদশ শতিকাতে সৰ্বগুনাকৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অংকীয়া নাটৰ শুভাৰম্ভ কৰিছিল।বৰ অসমত বসবাস কৰা সমাজৰ সকলো শ্ৰেণীৰ লোকক বিনোদনৰ মাধ্যমেৰে নৱবৈষ্ণৱ ভক্তি ধৰ্মত আকৃষ্ট কৰাই আছিল অংকীয়া নাট ৰচনাৰ বিশেষ কৌশল। গুৰুৰ পথেৰে অগ্ৰসৰ হোৱা মাধৱদেৱে ও একে উদ্দেশ্য লৈ অংকীয়া নাট ৰচনাত হাত দিছিল। তথাপি ৰচনা ৰীতিৰ ফালৰ পৰা শংকৰ-মাধৱৰ অংকীয়া নাটৰ বৈশিষ্ট্য সমূহ সম্পূৰ্ণ পৃথক। এই লেখাটিৰ জৰিয়তে দুয়ো জনা গুৰুৰ অংকীয়া নাট ৰচনাৰ কৌশল তথা নাট্য ৰচনাৰ বৈশিষ্ট্য সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

    অংকীয়া নাট মানে কি ? :

    অংকীয়া নাট মানে কি? বুলিলে,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত একক অংক বিশিষ্ট ব্ৰজাৱলী ভাষা সন্নিবিষ্ট উচ্চ আধ্যাত্মিক ভাৱ যুক্ত নাট সমূহকেই অংকীয়া নাট নামেৰে অভিহিত কৰা হয়। শংকৰদেৱৰ লগতে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত নাট সমূহকো অংকীয়া নাটৰ শাৰীত ধৰা হয় যদিও ক্ষুদ্ৰ ঘটনা সম্বলিত, সম্পূৰ্ণ কাহিনী নোহোৱা বাবে সেই সমূহক ঝুমুৰা বুলিহে কোৱা হয়। অৱশ্যে,এই দুয়োজনা গুৰুৰ দ্বাৰা ৰচিত বাৰ খন‌‌‌ নাটকক অংকীয়া নাটৰ শাৰীত ধৰি একেলগে "বাৰছোৱা অংকীয়া নাট" বুলি কোৱা হয়।


    অংকীয়া নাট ৰচনাৰ উৎস :

    শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট ৰচনাৰ উৎস হিচাপে অসমত পূৰ্বৰ পৰা পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ অহা কিছুমান লোক সংস্কৃতি বুলি বহু জনে মন্তব্য কৰে।যেনে- সেই সময়ত বহুলভাৱে প্ৰচলিত পুতলা নাচ, ওজাপালি নৃত্য ইত্যাদি সমূহ। ইয়াৰ ভিতৰত ওজাপালি নৃত্যৰ প্ৰভাৱ অধিক যেন অনুমান কৰা যায়। ভাগৱত পুৰাণ, হৰিবংশ, ৰামায়ণ আদি ধৰ্ম কাব্যৰ পৰা কাহিনী সমূহ লৈ নৱ ৰসৰ সমাবেশে গুৰুজনাই অংকীয়া নাট ৰচনা কৰিছিল।


    অংকীয়া নাটৰ লক্ষ্য আৰু উদ্দেশ্য :

    অসমীয়া জাতিৰ ধৰ্মীয় গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট ৰচনাৰ মূল লক্ষ্য আছিল একশৰণ ভক্তি ধৰ্মৰ প্ৰচাৰ। ভগৱান ৰাম কৃষ্ণৰ মহিমা জগতত প্ৰচাৰ কৰি ভক্তি ৰসৰ দ্বাৰা মানৱ জাতিৰ উত্তৰণ ঘটোৱাই হৈছে অংকীয়া নাটৰ মূল লক্ষ্য আৰু উদ্দেশ্য। গুৰু জনাই ভক্তি ধৰ্মৰ প্ৰচাৰৰ লগতে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ভৰালো চহকী কৰি গৈছে।

    শংকৰদেৱৰ ছয়ছোৱা অংকীয়া নাট :

    প্ৰাচীন ভৰত মুনিৰ নাট্য শাস্ত্ৰতকৈ কিছু ব্যক্তিক্ৰমধৰ্মী শংকৰদেৱৰ ৰচিত নাট সমূহে অসমৰ থলুৱা লোক কলা, সংস্কৃতিক সামৰি লোৱাৰ ফলত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সংস্কৃত, অসমীয়া, মৈথিলী ভাষাৰ অপূৰ্ব সংমিশ্ৰণ ঘটাই সৃষ্টি কৰা ব্ৰজাৱলী ভাষাত ৰচিত হোৱা কাৰণে নাট সমূহে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোক সকলৰ বাবে হৃদয়ঙ্গম কৰিবলৈ সহজ হৈছিল।যাৰ বাবে অসমৰ লগতে ভাৰতৰ প্ৰান্তে প্ৰান্তে অংকীয়া নাট সমূহে বিশেষ সমাদৰ লাভ কৰিছিল।


    গুৰু জনাৰ দ্বাৰা ৰচিত,ভক্তি ৰস যুক্ত, নৃত্য-গীত প্ৰধান ছয়ছোৱা নাট কেইখন হ'ল- 

    • পত্নী প্ৰসাদ নাট।
    • কালি দমন নাট।
    • কেলিগোপাল নাট।
    • ৰুক্মিণী হৰণ নাট।
    • পাৰিজাত হৰণ নাট।
    • ৰাম বিজয় নাট।



    উপৰোক্ত নাট সমূহৰ ৰচনাৰ পূৰ্বে শংকৰদেৱে 'চিহ্নযাত্ৰা' নামৰ আৰু এখনি নাট ৰচনা কৰা কথা চৰিত পুথিত উল্লেখ পোৱা যায়। অৱশ্যে, চিহ্নযাত্ৰা নাট্যাভিনয় সংলাপ বিহীন আছিল। তুলা পাতত সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি নৃত্য গীত বাদ্যৰ সহায়ত ইয়াক প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ পাছতে উপৰোক্ত ছয়ছোৱা নাটকৰ ৰচনাৰে গীত বাদ্য নৃত্য আৰু সংলাপ সংযোজন কৰি নাটকৰ নৱৰসৰ পূৰ্ণ সমাবেশ ঘটাইছে।


    মাধৱদেৱৰ ছয়ছোৱা অংকীয়া নাট :

    শংকৰদেৱৰ পাছতে নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতা মহাপুৰুষ মাধৱদেৱে গুৰুৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নাট ৰচনা কামত অগ্ৰসৰ হয়। কিন্তু, মনকৰিবলগীয়া এইয়ে যে নাটক ৰচনা ৰীতিৰ ক্ষেত্ৰত এখেতৰ ৰচনাৱলী শংকৰদেৱৰকৈ পৃথক। মাধৱদেৱৰ দ্বাৰা ৰচিত নাট সমূহক ঝুমুৰা বোলা হয়। কাৰণ এই সমূহত শংকৰদেৱৰ অংকীয়া নাট সমূহৰ দৰে একোটা সম্পূৰ্ণ কাহিনী আৰু নৱ ৰসৰ সমাহাৰ দেখা পোৱা নাযায়। ইয়াৰ বিপৰীতে কিছুমান ক্ষুদ্ৰ ঘটনা নাট সমূহত পৰিলক্ষিত হয়। কেৱল "অজ্জুন ভঞ্জন"নাট খনিত হে সম্পূৰ্ণ কাহিনী দেখা যায়। তথাপি দুয়ো জনা গুৰুৰ দ্বাৰা ৰচিত নাট সমূহক অংকীয়া নাট নামেৰে অভিহিত কৰা হয়। আৰু দুয়োজনা গুৰুৰ ছয় খনি ছয় খনি নাটকক একেলগে "বাৰছোৱা" অংকীয়া নাট হিচাপে ধৰা হয়।যাক বাৰছোৱা অংকীয়া নাট বোলা হয়।


    মাধৱদেৱৰ দ্বাৰা ৰচিত ভগৱান শ্ৰীকৃষ্ণৰ বাল্যলীলা সম্বলিত বাৎসল্য ভক্তি ৰস প্ৰধান ঝুমুৰা অংকীয়া নাট সমূহ হৈছে- 

    • অজ্জুন ভঞ্জন নাট।
    • চোৰধৰা নাট।
    • পিম্পৰা গুচোৱা নাট।
    • ভোজন বেহাৰ নাট।
    • ভূমি লেটোৱা নাট।
    • ভূষণ হেৰোৱা নাট।


    শংকৰ-মাধৱৰ অংকীয়া নাটৰ বৈশিষ্ট্য :

    যদিও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাট সমূহক অংকীয়া নাট বুলি কোৱা হয়। তথাপি দুয়ো জনা গুৰুৰ অৰ্থাৎ শংকৰদেৱৰ নাটকৰ বৈশিষ্ট্য আৰু মাধৱদেৱৰ ঝুমুৰা নাটকৰ  বৈশিষ্ট্য  নাট ৰচনা ক্ষেত্ৰত বহুতো পাৰ্থক্য বা নিজা নিজা বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। সেই পাৰ্থক্য বা বৈশিষ্ট্য সমূহ হৈছে-


    (). শংকৰদেৱৰ নাটত ভগৱান শ্ৰীকৃষ্ণক পূৰ্ণ যৌৱনপ্ৰাপ্ত পুৰুষ ৰূপত দেখুওৱা হৈছে। কেৱল কালি দমন আৰু পত্নী প্ৰসাদ নাট দুখনিত বালক শ্ৰীকৃষ্ণক দেখুওৱা হৈছে। আনহাতে, মাধৱদেৱৰ নাট সমূহত শ্ৰীকৃষ্ণৰ শিশু কালৰ লীলা মাহাত্মাক দেখুওৱা হৈছে।


    ().শংকৰদেৱৰ নাট সমূহত একোটা সম্পূৰ্ণ কাহিনী বা সম্পূৰ্ণ ঘটনা দেখা পোৱা যায়। আনহাতে, মাধৱদেৱৰ নাট সমূহত একোটা সম্পূৰ্ণ কাহিনী বা ঘটনাৰ পৰিবৰ্তে কেৱল ক্ষুদ্ৰ ঘটনা বা কথাবস্তু দেখা যায়।


    ().শংকৰদেৱৰ নাট সমূহত নৃত্য-গীতৰ উপৰি সংলাপৰ প্ৰয়োভৰ থকাৰ পৰিলক্ষিত হয়। আনহাতে, মাধৱদেৱৰ কেৱল অজ্জুন ভঞ্জন নাট খনিৰ বাদে বাকী সকলো নাটত নৃত্য গীত আৰু সূত্ৰৰ মাজেদিয়েই নাটৰ পৰিসমাপ্তি ঘটে।


    ().শংকৰদেৱে ভাগৱত পুৰাণ, হৰিবংশৰ লগতে ৰামায়ণৰ কাহিনী লৈ নাট ৰচনা কৰিছে। আনহাতে, মাধৱদেৱৰ নাট সমূহত কেৱল ভাগৱত পুৰাণ আৰু হৰিবংশৰ উৎস হে দেখা যায়।


    ().শংকৰদেৱৰ নাটকত আধ্যাত্মিক পৰমাৰ্থিক দিশ বিশেষ তত্বগধুৰ ভাৱত দেখা যায়। আনহাতে, মাধৱদেৱৰ নাট সমূহত গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি ফুটি উঠা বেছিকৈ দেখা যায়।


    ().শংকৰদেৱৰ নাট সমূহত শৃঙ্গাৰ, কৰুণ, হাস্য, বীৰ, ৰুদ্ৰ, ভয়ানক আদি নৱ ৰসৰ সমাহাৰ সম্পূৰ্ণ ৰূপত দেখা যায়। আনহাতে, মাধৱদেৱৰ নাট সমূহত নৱ ৰস সম্পূৰ্ণ ৰূপত দেখা পোৱা নাযায়।



    সামৰণি :

    শংকৰ-মাধৱৰ অংকীয়া নাটৰ বৈশিষ্ট্য বা তেওঁলোকৰ ৰচনা ৰীতিত পাৰ্থক্য থাকিলেও মূল লক্ষ্য ভক্তি ৰস প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো কিন্তু দুয়োজনা গুৰুৰ ৰচনাতেই দেখা যায়। অংকীয়া নাট সমগ্ৰ অসমবাসীৰ বাবে অমূল্য সম্পদ। সেয়েহে এই সম্পদ ৰাজি অক্ষুণ্ণ ভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰা সংৰক্ষণ কৰি ৰখাটো এজন অসমীয়া হিচাপে প্ৰত্যেকৰে কৰ্তব্য। নহ'লে বৰ্তমান আধুনিকতাৰ কবলত অংকীয়া নাট ভাওনা ই নিজৰ বৈশিষ্ট্য হেৰুৱাই পেলাব। আৰু এদিন কিতাপৰ পৃষ্ঠাৰ মাজত কেৱল শব্দৰ আকাৰত হে ৰব।।

    Comments

    Post a Comment

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...