Skip to main content

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

পৰিচয় : 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব অংকীয়া নাটৰ উৎস  সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা অসমীয়া সংস্কৃতি লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট। এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে অসমৰ ভাওনা সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে।


    অংকীয়া নাটৰ উৎস : 

    অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন চিহ্নযাত্ৰা য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি। 
    এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে, সিয়েই পাছলৈ অংকীয়া নামেৰে পৰিচিত হয়। আৰু এনেদৰেই চিহ্নযাত্ৰা ৰ আঁত ধৰি অংকীয়া নাটৰ সৃষ্টি হয়।


    অংকীয়া নাটৰ উদ্দেশ্য :

    শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাটৰ উদ্দেশ্য  আছিল অতি ব্যাপক।  গুৰু জনাই চিত্ৰ পট অংকন কৰি চিহ্নযাত্ৰা আৰু পাছলৈ নৃত্য গীত, সংলাপ যুক্ত কাহিনীৰে  সকলোৰে বোধগম্য হোৱাকৈ অংকীয়া নাট ৰচনা কৰে।
    য'ত  ৰূপসজ্জা,সাজসজ্জা আৰু অভিনয়ৰ দ্বাৰা ঈশ্বৰৰ লীলা প্ৰদৰ্শন কৰি সকলোৰে মন আৰু হৃদয়ত বৈষ্ণৱ ধৰ্মৰ শিপা গুজিছিল। সেয়েহে,এক কথাত কবলৈ গলে  অন্ধবিশ্বাস তথা কু-সংস্কৃতিৰে আবৃত অসমীয়া জাতিৰ উত্তৰণ সাধি  ৰাম, কৃষ্ণ, বিষ্ণু ৰ লীলা মহাত্মাক সকলোকে বুজাই দিয়াৰ লগতে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেই সৃষ্টি হৈছিল অংকীয়া নাটৰ।


    অংকীয়া নাট কাক বোলে :

    অংকীয়া নাটৰ সংজ্ঞা বা অংকীয়া নাট কাক বোলে বুলি ক'লে,  মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱ তথা তাৰা সকলৰ পাছৰ বৈষ্ণৱ সন্ত সকলে ৰচনা কৰা এক অংক বিশিষ্ট, ব্ৰজাৱলী ভাষা যুক্ত নাট সমূহকেই অংকীয়া নাট বুলিব পাৰি।


    অংকীয়া নাটৰ বৈশিষ্ট্য বা অংকীয়া নাটৰ লক্ষণ :

    ৰচনা ৰীতি ফালৰ পৰা চালে অংকীয়া নাটৰ বৈশিষ্ট্য কি ?বা অংকীয়া নাটৰ লক্ষণ বুলিলে, তলত উল্লেখ কৰা বৈশিষ্ট্য সমূহ বা লক্ষণ সমূহ অংকীয়া নাটত দেখা পোৱা যায়। সেই বৈশিষ্ট্য বা লক্ষণ সমূহ হৈছে-

    • সুত্ৰধাৰ চৰিত্ৰ প্ৰাধান্যতা।
    • গীত, ভটিমা,পয়াৰৰ প্ৰয়োগ।
    • নৃত্যৰ প্ৰাধান্যতা।
    • ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ।
    • লয়যুক্ত গদ্যৰ প্ৰয়োগ। আৰু
    • মূখাৰ ব্যৱহাৰ।


    (১). সূত্ৰধাৰ চৰিত্ৰ প্ৰাধান্যতা :
    অংকীয়া নাটত মূল বা মূখ্য ভূমিকা পালন কৰে এই সুত্ৰধাৰ চৰিত্ৰ টিয়ে। যিহেতু,ৰঙ্গস্হলীত নাটৰ আৰম্ভণিৰ পৰা শেষলৈকে থাকি নান্দী, ভটিমা পাঠ কৰাৰ লগতে নাট পৰিচালনা কৰে। সুত্ৰধাৰ জনে নাটকৰ ঘটনাৰ বিৱৰণ দি, ৰঙ্গস্হলীত প্ৰৱেশ দেখুৱাব নোৱাৰা দৃশ্য বা কাহিনীক সূত্ৰ কথনৰ দ্বাৰা দৰ্শকক অৱগত কৰি, শেষত খৰমান গীতৰ পাছত মুক্তিমঙ্গল ভটিমা পাঠ কৰি নাটকৰ সমাপ্তি ঘোষণা কৰি নাট সামৰণি পেলায়।


    (২). গীত, ভটিমা আৰু পয়াৰৰ প্ৰয়োগ :

    অংকীয়া নাটৰ আন এটি মূখ্য বৈশিষ্ট্য হৈছে ইয়াত প্ৰচুৰ পৰিমাণে গীত, ভটিমা আৰু পয়াৰৰ ব্যৱহাৰ। ভালদৰে চালে বুজিব পাৰি যে এই শ্ৰেণীৰ নাটকত কথা আৰু সংলাপৰ বাদেও কেৱল গীত, ভটিমা আৰু পয়াৰৰ যোগে চৰিত্ৰ সমূহক সুন্দৰ ৰূপত চিত্ৰিত কৰি তোলিছে।


    (৩). নৃত্যৰ প্ৰাধান্যতা :

    অংকীয়া নাটৰ আন এটা মুখ্য বৈশিষ্ট্য বা লক্ষণ হ'ল যে এই নাট সমূহত নৃত্যৰ প্ৰাধান্যতা বহু পৰিমাণে দেখা পোৱা যায়। সুত্ৰধাৰ চৰিত্ৰৰ পৰা আৰম্ভ কৰি অনান্য ভাও-ভাৱৰীয়া সকলৰ প্ৰৱেশ-প্ৰস্হান ইত্যাদি সকলোতে নৃত্যই মূখ্য স্হান অধিকাৰ কৰি আছে।এই নৃত্য সমূহক বাদ দি অংকীয়া নাটৰ পৰিবেশন কৰা কথা ভাৱিবই নোৱাৰি।

    নৃত্য হৈছে অংকীয়া নাটৰ প্ৰধান বৈশিষ্ট্য বা লক্ষণ। যিহেতু, অংকীয়া নাট সমূহত প্ৰতিটো চৰিত্ৰৰ প্ৰবেশ আৰু প্ৰস্হান নৃত্যৰ দ্বাৰা সম্পন্ন কৰা হয়।


    অৱশ্যে,মন কৰিবলগীয়া কথা এই যে সকলো চৰিত্ৰৰ বাবে বেলেগ বেলেগ নৃত্যৰ ভঙ্গিমা প্ৰয়োগ কৰা হয়। সেইয়া প্ৰবেশ বা প্ৰস্হান তথা নাটৰ যিকোনো নৃত্য নহওঁক কিয়।


    সুত্ৰধাৰৰ পৰা আৰম্ভ কৰি গুসাই প্ৰবেশ,গোপী প্ৰবেশ, ৰজাৰ প্ৰবেশ,ঋষি-মুণিৰ প্ৰবেশ,দূতৰ প্ৰবেশ তথা এই সকলো চৰিত্ৰৰ লগতে অনান্য চৰিত্ৰ সমূহৰ প্ৰস্হান নৃত্যৰ ভঙ্গিমাও বেলেগ বেলেগ।যি অংকীয়া নাটৰ বিশেষ বৈশিষ্ট সম্পন্ন নাট হিচাপে পৰিগণিত কৰে।



    (৪). ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ :

    অংকীয়া নাটত ব্যৱহৃত ভাষা টিক কোৱা হয় ব্ৰজাৱলী ভাষা। এই ভাষা টি মধ্য যুগৰ বৈষ্ণৱ সকলে সৰহ সংখ্যক লোকৰ বোধগম্য হোৱাকৈ গঢ়ি তোলা এক কৃত্ৰিম ভাষা।অসমত অসমীয়া, বঙালী, হিন্দী, মৈথিলী আদি ভাষাৰ সম্বনয়ত এই ভাষাই নিজা ৰূপ লৈছিল।বহু কেইটা ভাষা একত্ৰিত হৈ থকা বাবে  সৰ্বভাৰতীয় পৰ্য্যায়ত বুজি পোৱাত সহায়ক হৈছিল।


    (৫).লয়যুক্ত গদ্যৰ সমাহাৰ :

    ভট্ৰদেৱৰ হাততেই প্ৰকৃত গদ্য ৰীতিৰ জন্ম হৈছিল যদিও অংকীয়া নাটৰ গদ্য সমূহকো অসমীয়া গদ্য সাহিত্যৰ প্ৰথম নিদৰ্শন হিচাপে দেখুৱাব পাৰি। অংকীয়া নাটত চৰিত্ৰ সমূহৰ সংলাপ সমূহৰ কথনত এক বিশেষ প্ৰকাৰৰ সুৰ পৰিলক্ষিত হয়,যি অংকীয়া নাটৰ আন এটি বিশেষ বৈশিষ্ট্য।


    (৬). মুখাৰ ব্যৱহাৰ :

    অংকীয়া নাটৰ আটাইতকৈ মন কৰিবলগীয়া বৈশিষ্ট্য টি হৈছে ইয়াত মুখা  ব্যৱহাৰ কৰা।মুখাৰ ব্যৱহাৰে সৰল নিৰক্ষৰ দৰ্শকৰ বুজি পোৱাত সহজ হোৱাৰ লগতে অভিনয়ক অধিক প্ৰাণৱন্ত কৰি তোলা হয়।


    এই সমূহৰ উপৰিও অংকীয়া নাটৰ বৈশিষ্ট্য ক্ষেত্ৰত দেখা যায় যে অভিনয় কৌশল অন্য প্ৰকাৰৰ নাটক বা মাতৃভাষা ভাওনা বা ধুৰা ভাওনা ইত্যাদি সমূহতকৈ বহু পৰিমাণে বেলেগ। বিশেষকৈ অংকীয়া নাটৰ কথা খিনি সংলাপ আকাৰত প্ৰকাশ কৰোতে এক বিশেষ প্ৰকাৰৰ সুৰ লাগে।


    আনহাতে, সম্পূৰ্ণ গাম্ভীয্য আৰু আধ্যাত্মিক ভাৱত একোখন অংকীয়া নাট অভিনিত কৰা হয়।অসমৰ বাকী ভাওনা বিলাকত কেতিয়াবা কেতিয়াবা লোক মনোৰঞ্জনৰ দিশত ধাৱমান হোৱা গতি এই অংকীয়া নাটৰ অভিনয়ত নাথাকে।


    সাজ-পোছাক,আ-অলংকাৰ ইত্যাদি সমূহতো সাত্বিক ভাৱ ৰক্ষা কৰি অংকীয়া নাট পৰিবেশন কৰা হয়। শেষত মুক্তিমঙ্গল ভটিমা সূত্ৰধাৰে পাঠ কৰি সকলো ভাও-ভাৱৰীয়াই খৰমান তালত নৃত্য কৰি নাটৰ যৱনিকা পেলাই সেৱা কৰে।


    বৰ্তমান, অংকীয়া নাটৰ উপৰুক্ত ৰীতি অসমৰ অনান্য ভাওনা সমূহতো উপস্থাপন কৰা দেখা যায়।এই ৰীতি অংকীয়া নাটকৰেই বিশেষ বৈশিষ্ট।


    সামৰণি :

    বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে সৃষ্ট অংকীয়া নাট সমূহ উপৰোক্ত ভাৱেই নিজশ্ব বৈশিষ্ট্যৰে মহিমামণ্ডিত।এই নৃত্য নাট্য ধাৰাতি পাঁচশ বছৰৰো অধিক কালৰ পৰা নিৰবিচ্ছিন্ন ভাৱে অসমীয়া সমাজ জীৱনত প্ৰচলিত হৈ আহিছে । সেয়েহে গুৰু জনাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা প্ৰতি জন অসমীয়া সংস্কৃতি প্ৰান ব্যক্তিয়ে ইয়াৰ গাম্ভীৰ্যতা আৰু সুন্দৰতাক অক্ষুণ্ণ ৰাখি আগবঢ়াই নিলেহে সুদূৰ ভৱিষ্যতে অংকীয়া নাটৰ বৈশিষ্ট্য সমূহৰ সু-সংৰক্ষণ সহিত অংকীয়া নাট, অংকীয়া নাট হিচাপে বৰ্তি থাকিব।।



    Author – Srimanta Borah

    নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

    Comments

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা ঢোল, পেঁপা, গগনা। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা Assamese musical instruments Dhol Bihu Pepa and Gagana হৈছে অসমীয়া জাতিৰ বাপুতি সাহোন বিহুত ব্যৱহাৰ কৰা তিনিটা মূখ্য বাদ্যযন্ত্ৰ। এই লেখাটিত ঢোল , বিহু পেঁপা আৰু গগণাৰ সম্পৰ্কে বিস্তৃত বৰ্ণনা কৰা হৈছে। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা : ঢোলৰ বিষয়ে : অসমীয়া লোক বাদ্য ঢোল হৈছে অসমীয়া জনজীৱনৰ লগত জড়িত  বাদ্য প্ৰকাৰ musical instruments সমূহৰ ভিতৰত অন্যতম লোকবাদ্য। লোকবিশ্বাস অনুসৰি এই বাদ্য টি কৈলাসৰ পৰা পাণ্ডুনন্দন পার্থই পৃথিৱীলৈ অনা বুলি বিশ্বাস কৰা হয়।অসমীয়া বাদ্যযন্ত্ৰ ঢোল assamese musical instruments dhol অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুৰ এক main musical instrument মুখ্য বাদ্য। এই ঢোলৰ অবিহনে অসমীয়া জাতিয়ে আনন্দ ৰঙৰ উৎসৱ স্বৰূপ ৰঙালী বিহু rongali bihu পালন কৰা অসম্ভৱ। ঢোলৰ প্ৰকাৰ : ঢোলৰ প্ৰকাৰ   বুলিলে দেখা যায় যে অসমৰ ভিন্ন ভিন্ন প্ৰান্তত প্ৰচলিত ঢোল বাদ্য টিক আকাৰ আৰু বজোৱা আনুষ্ঠানিক প্ৰদ্ধতি অনুসৰি মূলতঃ  ৪ চাৰিটা ভাগত ভাগ কৰা হ...