Skip to main content

assamese borgeet । মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য ও তাত্বিকতা

assamese borgeet । মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য ও তাত্বিকতা


অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ Assamese literature and culture মহাপুৰুষ মাধৱদেৱৰ অৱদান অভূতপূৰ্ব। এইজনা মহাপুৰুষে শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও গীতভটিমা,নাট,নাটক, কাব্য, গ্ৰন্থ আদি ৰচনাৰে অসমৰ সাহিত্য আৰু সাংস্কৃতিক ভড়াল চহকী কৰি গৈছে। এইজনা অৰ্থাৎ assamese borgeet মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য ও তাত্বিকতা সমূহৰ বিষয়ে এই আলোচনাটিত আগবঢ়োৱা হৈছে।


মাধৱদেৱৰৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য : 

মাধৱদেৱৰবৰগীতৰবৈশিষ্ট্য, Borgeet,

শংকৰদেৱৰ আজ্ঞা পালি মাধৱদেৱে বৰগীত Borgeet ৰচনা কৰিছিল। কিন্তু শংকৰদেৱৰ গীত ৰচনা কৌশল তথা ভাৱৰ পৰা সম্পূৰ্ণ পৃথক ভাৱে মাধৱদেৱে গীত ৰচনা কৰিছিল। 


মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য সমূহৰ বিষয়ে আলোচনা কৰিলে এইজনা মহাপুৰুষৰ সৃষ্টি বৰগীত সমূহত মূলত ভক্তি বাৎসল্য ৰস দেখা পোৱা যায়। শিশু কৃষ্ণৰ বিভিন্ন লীলা মহাত্মা, ৰূপ বৰ্ণনা আৰু ঈশ্বৰত্ব প্ৰকাশক বৰ্ণনা এখেতৰ দ্বাৰা ৰচিত বৰগীত সমূহত মূল বৈশিষ্ট্য হিচাপে দেখা যায়। 


আৰু পঢ়িব পাৰে- বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ।


ইয়াৰ উপৰিও কৃষ্ণৰ মাতৃ যশোদাৰ পুত্ৰ স্নেহ আৰু খং ৰাগ আদি সমসাময়িক সমাজ জীৱনত প্ৰতিফলিত হোৱাকৈ মনোমোহা ৰূপত সজাই পৰাই বৰ্ণনা কৰা মাধৱদেৱৰ বৰগীত সমূহৰ আন এটি প্ৰধান  বৈশিষ্ট্য। আধ্যাত্মিক ভাৱ যুক্ত সাৱলীল অৰ্থ সম্বলিত সৰল ভাষা প্ৰয়োগ মাধৱদেৱৰ বৰগীত সমূহত দেখা যায়। 

মাধৱদেৱৰৰ বৰগীতৰ তাত্বিকতা : 

তাত্বিক দিশেৰে চালে মাধৱদেৱৰ বৰগীত সমূহত দেখা যায় যে সংসাৰৰ বিষয় বাসনা, মায়া মোহ ,ইন্দ্ৰিয় লোভ লালসা, স্নেহ মমতা আদি সকলো কেৱল ক্ষণস্থায়ী আৰু একমাত্ৰ ভগৱানক উপাসনা কৰি মানৱ জীৱনৰ উৎকৰ্ষ সাধন কৰাই মনুষ্য জীৱনৰ লক্ষ্য ইত্যাদি। 


কৃষ্ণলীলা বৰ্ণনা যুক্ত কাহিনীৰে প্ৰকৃত সত্যক উপলব্ধি কৰি জীৱই কেনেদৰে মুক্তি লভিব পাৰে, সেই ভাবাৰ্থ তাৰাৰ দ্বাৰা ৰচিত বৰগীত সমূহত স্পষ্ট ৰূপত প্ৰকাশ পোৱা দেখা যায়। গভীৰ অৰ্থযুক্ত শব্দৰ গঠনে ঈশ্বৰৰ প্ৰকৃত সত্যক মানৱ জাতিক পৰিচয় কৰাই বিষয় জ্বালা পৰা পৰিত্ৰাণ কেনেদৰে লভিব পাৰি ইত্যাদি সমূহ মাধৱদেৱৰ বৰগীত সমূহত তাত্বিক ভাৱত দেখা যায়। 

মাধৱদেৱৰৰ বৰগীতৰ সংখ্যা : 

বৰগীত আৰু অংকীয়া নাট ৰচনা ক্ষেত্ৰত ৰচনা ৰীতি ফালৰ পৰা চালে মাধৱদেৱৰ এই সমূহত বাৎসল্য ৰস দেখা যায় যদিও সকলো ৰচনাতে মূলত ভক্তিক মূখ্য কৰি ৰচনা কৰা পৰিলক্ষিত হয়। সেয়েহে,বাৎসল্য ৰসৰ পৰিবৰ্তে পণ্ডিত সকলে তাক ভক্তি বাৎসল্য ৰস হিচাপে অভিহিত কৰিছে। মাধৱদেৱে মূঠ ১৫৭ টা বৰগীত ৰচনা কৰিছিল।এই বৰগীত সমূহৰ সৰহ সংখ্যক বৰগীততেই শিশু কৃষ্ণৰ বাল্য কালৰ বিভিন্ন ঘটনা বৰ্ণনা দেখা পোৱা যায়। 

মাধৱদেৱৰৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ :

সাহিত্যৰ ক্ষেত্ৰত মাধৱদেৱে অসমীয়া জাতিলৈ আগবঢ়োৱা অনবদ্য অমূল্য অৱদানক অসমীয়া জাতিয়ে কোনোকালে পাহৰিব নোৱাৰে। নোৱাৰে পৰিশোধ কৰিব অসমীয়া জাতিয়ে এইজনা মহাপুৰুষৰ ঋণ। গীত, ভটিমা, কাব্য, গ্ৰন্থ আদি কৰি নাটক ৰচনাৰে অসমীয়া সাহিত্য আৰু সংস্কৃতি ভড়াল সমৃদ্ধ কৰি তোলা এইজনা ধৰ্ম গুৰুৰ এহেজাৰ টা ঘোষা সম্বলিত "নামঘোষা" পুথি আমাৰ বাবে অমূল্য ৰত্ন। এহেজাৰ টা ঘোষা থকাৰ বাবে এই খনি পুথিক "হেজাৰীঘোষা" নামেৰেও জনা যায়। এই নামঘোষা পুথি মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপে আখ্যা দিয়া হয়। 


সামৰণি : 

assamese borgeet মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য ও তাত্বিকতা বিচাৰ কৰাটো সাগৰৰ অটল গৰ্ভত মাণিক বিচৰাৰ দৰে। কাৰণ শংকৰদেৱ-মাধৱদেৱৰ দৰে ঐশ্বৰিক গুণসম্পন্ন ধৰ্ম গুৰুৰ ৰচনাৰ ভাৱ,ভাষা ইত্যাদি সমূহ সচাঁকৈ অতুলনীয়। তথাকথিত সমাজ জীৱনৰ আৰু সমাজ ব্যৱস্থাৰ লগত বহু সংঘাতৰ বিনিময়ত দুজনা গুৰুৰ পৰা অসমীয়া জাতিয়ে সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত নৱ ৰূপ দৰ্শন কৰিবলৈ পাইছোহক। সেয়েহে, এওঁলোকৰ সৃষ্টিক সম্মান জনাই অক্ষুণ্ণ ভাৱে প্ৰচাৰ আৰু প্ৰদৰ্শন কৰিলেহে দুজনা গুৰুৰ প্ৰতি সম্মান জনাই ক'ব পাৰিম"জয় জগত গুৰু শংকৰ-মাধৱ"।।


আৰু পঢ়িব পাৰে- অসমীয়া জাতিৰ শিৰৰ মুকুট নামঘৰ।


Author – Srimanta Borah

নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

Comments

Post a Comment