Skip to main content

assamese borgeet । মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য ও তাত্বিকতা

assamese borgeet । মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য ও তাত্বিকতা


অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ Assamese literature and culture মহাপুৰুষ মাধৱদেৱৰ অৱদান অভূতপূৰ্ব। এইজনা মহাপুৰুষে শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও গীতভটিমা,নাট,নাটক, কাব্য, গ্ৰন্থ আদি ৰচনাৰে অসমৰ সাহিত্য আৰু সাংস্কৃতিক ভড়াল চহকী কৰি গৈছে। এইজনা অৰ্থাৎ assamese borgeet মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য ও তাত্বিকতা সমূহৰ বিষয়ে এই আলোচনাটিত আগবঢ়োৱা হৈছে।


মাধৱদেৱৰৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য : 

মাধৱদেৱৰবৰগীতৰবৈশিষ্ট্য, Borgeet,

শংকৰদেৱৰ আজ্ঞা পালি মাধৱদেৱে বৰগীত Borgeet ৰচনা কৰিছিল। কিন্তু শংকৰদেৱৰ গীত ৰচনা কৌশল তথা ভাৱৰ পৰা সম্পূৰ্ণ পৃথক ভাৱে মাধৱদেৱে গীত ৰচনা কৰিছিল। 


মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য সমূহৰ বিষয়ে আলোচনা কৰিলে এইজনা মহাপুৰুষৰ সৃষ্টি বৰগীত সমূহত মূলত ভক্তি বাৎসল্য ৰস দেখা পোৱা যায়। শিশু কৃষ্ণৰ বিভিন্ন লীলা মহাত্মা, ৰূপ বৰ্ণনা আৰু ঈশ্বৰত্ব প্ৰকাশক বৰ্ণনা এখেতৰ দ্বাৰা ৰচিত বৰগীত সমূহত মূল বৈশিষ্ট্য হিচাপে দেখা যায়। 


আৰু পঢ়িব পাৰে- বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ।


ইয়াৰ উপৰিও কৃষ্ণৰ মাতৃ যশোদাৰ পুত্ৰ স্নেহ আৰু খং ৰাগ আদি সমসাময়িক সমাজ জীৱনত প্ৰতিফলিত হোৱাকৈ মনোমোহা ৰূপত সজাই পৰাই বৰ্ণনা কৰা মাধৱদেৱৰ বৰগীত সমূহৰ আন এটি প্ৰধান  বৈশিষ্ট্য। আধ্যাত্মিক ভাৱ যুক্ত সাৱলীল অৰ্থ সম্বলিত সৰল ভাষা প্ৰয়োগ মাধৱদেৱৰ বৰগীত সমূহত দেখা যায়। 

মাধৱদেৱৰৰ বৰগীতৰ তাত্বিকতা : 

তাত্বিক দিশেৰে চালে মাধৱদেৱৰ বৰগীত সমূহত দেখা যায় যে সংসাৰৰ বিষয় বাসনা, মায়া মোহ ,ইন্দ্ৰিয় লোভ লালসা, স্নেহ মমতা আদি সকলো কেৱল ক্ষণস্থায়ী আৰু একমাত্ৰ ভগৱানক উপাসনা কৰি মানৱ জীৱনৰ উৎকৰ্ষ সাধন কৰাই মনুষ্য জীৱনৰ লক্ষ্য ইত্যাদি। 


কৃষ্ণলীলা বৰ্ণনা যুক্ত কাহিনীৰে প্ৰকৃত সত্যক উপলব্ধি কৰি জীৱই কেনেদৰে মুক্তি লভিব পাৰে, সেই ভাবাৰ্থ তাৰাৰ দ্বাৰা ৰচিত বৰগীত সমূহত স্পষ্ট ৰূপত প্ৰকাশ পোৱা দেখা যায়। গভীৰ অৰ্থযুক্ত শব্দৰ গঠনে ঈশ্বৰৰ প্ৰকৃত সত্যক মানৱ জাতিক পৰিচয় কৰাই বিষয় জ্বালা পৰা পৰিত্ৰাণ কেনেদৰে লভিব পাৰি ইত্যাদি সমূহ মাধৱদেৱৰ বৰগীত সমূহত তাত্বিক ভাৱত দেখা যায়। 

মাধৱদেৱৰৰ বৰগীতৰ সংখ্যা : 

বৰগীত আৰু অংকীয়া নাট ৰচনা ক্ষেত্ৰত ৰচনা ৰীতি ফালৰ পৰা চালে মাধৱদেৱৰ এই সমূহত বাৎসল্য ৰস দেখা যায় যদিও সকলো ৰচনাতে মূলত ভক্তিক মূখ্য কৰি ৰচনা কৰা পৰিলক্ষিত হয়। সেয়েহে,বাৎসল্য ৰসৰ পৰিবৰ্তে পণ্ডিত সকলে তাক ভক্তি বাৎসল্য ৰস হিচাপে অভিহিত কৰিছে। মাধৱদেৱে মূঠ ১৫৭ টা বৰগীত ৰচনা কৰিছিল।এই বৰগীত সমূহৰ সৰহ সংখ্যক বৰগীততেই শিশু কৃষ্ণৰ বাল্য কালৰ বিভিন্ন ঘটনা বৰ্ণনা দেখা পোৱা যায়। 

মাধৱদেৱৰৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ :

সাহিত্যৰ ক্ষেত্ৰত মাধৱদেৱে অসমীয়া জাতিলৈ আগবঢ়োৱা অনবদ্য অমূল্য অৱদানক অসমীয়া জাতিয়ে কোনোকালে পাহৰিব নোৱাৰে। নোৱাৰে পৰিশোধ কৰিব অসমীয়া জাতিয়ে এইজনা মহাপুৰুষৰ ঋণ। গীত, ভটিমা, কাব্য, গ্ৰন্থ আদি কৰি নাটক ৰচনাৰে অসমীয়া সাহিত্য আৰু সংস্কৃতি ভড়াল সমৃদ্ধ কৰি তোলা এইজনা ধৰ্ম গুৰুৰ এহেজাৰ টা ঘোষা সম্বলিত "নামঘোষা" পুথি আমাৰ বাবে অমূল্য ৰত্ন। এহেজাৰ টা ঘোষা থকাৰ বাবে এই খনি পুথিক "হেজাৰীঘোষা" নামেৰেও জনা যায়। এই নামঘোষা পুথি মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপে আখ্যা দিয়া হয়। 


সামৰণি : 

assamese borgeet মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য ও তাত্বিকতা বিচাৰ কৰাটো সাগৰৰ অটল গৰ্ভত মাণিক বিচৰাৰ দৰে। কাৰণ শংকৰদেৱ-মাধৱদেৱৰ দৰে ঐশ্বৰিক গুণসম্পন্ন ধৰ্ম গুৰুৰ ৰচনাৰ ভাৱ,ভাষা ইত্যাদি সমূহ সচাঁকৈ অতুলনীয়। তথাকথিত সমাজ জীৱনৰ আৰু সমাজ ব্যৱস্থাৰ লগত বহু সংঘাতৰ বিনিময়ত দুজনা গুৰুৰ পৰা অসমীয়া জাতিয়ে সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত নৱ ৰূপ দৰ্শন কৰিবলৈ পাইছোহক। সেয়েহে, এওঁলোকৰ সৃষ্টিক সম্মান জনাই অক্ষুণ্ণ ভাৱে প্ৰচাৰ আৰু প্ৰদৰ্শন কৰিলেহে দুজনা গুৰুৰ প্ৰতি সম্মান জনাই ক'ব পাৰিম"জয় জগত গুৰু শংকৰ-মাধৱ"।।


আৰু পঢ়িব পাৰে- অসমীয়া জাতিৰ শিৰৰ মুকুট নামঘৰ।


Comments

Most Popular

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...