অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা
 |
ঢোল, পেঁপা, গগনা। |
অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা
Assamese musical instruments Dhol Bihu Pepa and Gagana হৈছে অসমীয়া জাতিৰ বাপুতি সাহোন বিহুত ব্যৱহাৰ কৰা তিনিটা মূখ্য বাদ্যযন্ত্ৰ। এই লেখাটিত
ঢোল, বিহু পেঁপা আৰু গগণাৰ সম্পৰ্কে বিস্তৃত বৰ্ণনা কৰা হৈছে।
অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা :
ঢোলৰ বিষয়ে :
অসমীয়া লোক বাদ্য ঢোল হৈছে অসমীয়া জনজীৱনৰ লগত জড়িত বাদ্য প্ৰকাৰ musical instruments সমূহৰ ভিতৰত অন্যতম লোকবাদ্য। লোকবিশ্বাস অনুসৰি এই বাদ্য টি কৈলাসৰ পৰা পাণ্ডুনন্দন পার্থই পৃথিৱীলৈ অনা বুলি বিশ্বাস কৰা হয়।অসমীয়া বাদ্যযন্ত্ৰ ঢোল assamese musical instruments dhol অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুৰ এক main musical instrument মুখ্য বাদ্য। এই ঢোলৰ অবিহনে অসমীয়া জাতিয়ে আনন্দ ৰঙৰ উৎসৱ স্বৰূপ ৰঙালী বিহু rongali bihu পালন কৰা অসম্ভৱ।
ঢোলৰ প্ৰকাৰ :
ঢোলৰ প্ৰকাৰ বুলিলে দেখা যায় যে অসমৰ ভিন্ন ভিন্ন প্ৰান্তত প্ৰচলিত ঢোল বাদ্য টিক আকাৰ আৰু বজোৱা আনুষ্ঠানিক প্ৰদ্ধতি অনুসৰি মূলতঃ ৪ চাৰিটা ভাগত ভাগ কৰা হয়। সেই কেইটা হৈছে-
- বিহু ঢোল bihudhol। অৱশ্যে এই ঢোলক পাতিঢোল paatidhol বা ওজাঢোল ojadhol বুলিও কোৱা হয়।
 |
বিহু ঢোল বাদ্য |
ঢোল বাদ্য প্ৰস্ততিকৰণ প্ৰণালী :
ঢোল বাদ্য প্ৰস্ততিকৰণ প্ৰণালী meaking style of dhol musical instrument ৰ ক্ষেত্ৰত দেখা যায় যে উপৰুক্ত চাৰিও বিধ ঢোলৰ আকৃতিৰ দিশত পাৰ্থক্য হ'লেও প্ৰস্তুত প্ৰণালী meaking style কিন্তু প্ৰায় একেই।ঢোল বাদ্য এটি সাজ দিবলৈ প্ৰথমে কঠাল,চাম কাঠ বা কেতিয়াবা কেতিয়াবা আম কাঠৰ একোটা ঘূৰণীয়া কুণ্ডা মাজতো খোলনিৰে খুলি ঢোলৰ মূখ্য গাটো তৈয়াৰ কৰা হয়।
তাৰ পাছত খুলনি সম্পূৰ্ণ হ'লে খোলাটোৰ বাহিৰৰ অংশত হেঙুল-হাইতালৰ ৰঙা ৰং দিয়া হয় যাতে দেখিবলৈ শুৱনি হয়। ইয়াৰ পাছত খোলাটোৰ দুই মুৰে অৰ্থাৎ দায়া আৰু বেৱা ত গৰুৰ ছালেৰে বৰতিৰ সহায়ত টানি বান্ধ দিয়া হয়। এনেদৰেই ঢোল বাদ্যৰ বজাই শব্দ tune সুৰ উলিয়াব পৰাকৈ প্ৰস্তুত কৰা হয়।
ঢোলৰ বিভিন্ন অংশ সমূহ :
ঢোলৰ বিভিন্ন অংশ বুলিলে খোলাটোৰ লগত সংযোগ হৈ থকা ভিন্ন ভিন্ন অংগ সমূহক বুজোৱা যায়।যেনে- ঢোল এটাৰ যিটো মূৰত বাঁহৰ মাৰি ডালেৰে কোবাই শব্দ উলিওৱা হয় তাক কোৱা হয় ডাইনা বা কোবা বা কোবনি। আৰু যিটো মূৰত হাতেৰে চাপৰ দি বজোৱা হয়,তাক তালি বা বেৱা বোলে।
ডাইনা বা বেৱা ত ব্যৱহাৰ কৰা ছাল দুখনক তাৰ কাষতে ঘূৰণীকৈ ১ বা ডেৰ ইঞ্চিৰ বহলকৈ দিয়া ছামৰাৰ বান্ধনী টোৰ নাম হ'ল মলুৱা।ডাইনা ফালে থকা মলুৱাক কোবা-ঘেৰ বা কুৰল বুলিও কোৱা হয়।ইয়াক বাঁহৰ ঘূৰণীয়া আঙঠি এটাক বৰতিৰে মেৰ দি সজা হয়। ইয়াৰ পাছত বাঁহৰ সৰু কিছুমান টুকুৰা সম দূৰত্বত স্হাপন কৰি কুৰলক স্হিৰেৰে ৰাখিবলৈ ঠেকা দৰে ব্যৱহাৰ কৰা হয়।এইবোৰক ফৰিঙা বোলা হয়।
চালনি দুখনেৰে বৰতি সৰকাবলৈ কৰি লোৱা ফুটা বোৰক পুলি বোলে। আনহাতে,ঢোল বাদ্য এটি কান্ধত তুলি বজাবলৈ যি ছামৰাৰ গুঠনি,জৰী ব্যৱহাৰ কৰা হয়,তাক কোৱা হয় কণাই বা কণাৰি জৰী। এই কণাৰি জৰীতে কেতিয়াবা কেতিয়াবা ঢোলীয়া সকলে গামোচা মেৰিয়াই কান্ধত লবলৈ সুবিধা কৰি লয়।
ঢোলৰ মাৰি আৰু শব্দ উৎপত্তি :
ঢোল বজাবলৈ ঢোলীয়া সকলে এডাল বাঁহৰ মাৰি বনাই লয়।এইডালৰ দৈৰ্ঘ্য ঢোলটোৰ তালি খনৰ সমান হব লাগে বুলি ঢোলীয়া সকলে কয়।এই মাৰি ডাল হাতেৰে মুঠি মাৰি ধৰা ফালে শকত আৰু তালিত আঘাট কৰা ফালে ক্ৰমান্বয়ে লাহি বা লিহিকা ঘূৰণীয়া টেমুনা সদৃশ হয়।এই মাৰি ডালৰ সহায়ত তালিত আৰু হাতৰ চাপৰিৰে বেৱাত আঘাত কৰাৰ ফলতেই ঢোলত সুৰীয়া শব্দ সমূহ উৎপন্ন হয়।
ঢোলৰ মাৰিৰ আন এটা নাম প্ৰসংগত বহু লোকে টেমেকা বুলি কয় যদিও প্ৰকৃতাৰ্থত এই নাম শুদ্ধ নহয়।আগৰ দিনত ঢোল এটাত খোলাটোৰ ওপৰৰ দিশে এচটা বাঁহৰ কামি সৰুকৈ বান্ধি লোৱা হৈছিল।যত ঢোলীয়াই বজাওতে টিক টিক শব্দ উৎপন্ন কৰিছিল। যিহেতু, এই কামি নাবান্ধিলে সেই শব্দ উৎপন্ন কৰোঁতে ঢোলটিৰ সেই মাৰিৰে টিক টিক শব্দ কৰাৰ অংশত বৰতি চেপেটা লাগি খোলাটোৰ গাটো দাগ বহি যায়।
সেয়েহে,তাৰ পৰা বাচিবলৈ যি বাঁহৰ কামি বন্ধা হৈছিল তাকেই টেমেকা বুলি কোৱা হয়। আনহাতে,ঢোলৰ মাৰিৰ আন এটা নাম হৈছে
'কোবনি মাৰি '। এই কোবনি মাৰিকেই ঢোলৰ মাৰি বুলি জনা যায়।
অসমীয়া সমাজ জীৱনত খোল বাদ্যৰ লগতে ঢোল বাদ্য ভাগিকো দেৱবাদ্য বুলি মান্য কৰা হয়। সেয়েহে,ঢোলৰ খোলাটোৰ ওপৰত গামোচা মেৰিয়াই লোৱাও দেখা যায়।
অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা :
বিহু পেঁপা :
বিহু পেঁপা bihu pepa হৈছে অসমীয়া জাতিয় উৎসৱ বিহুত festival of bihu ব্যৱহাৰ কৰা এবিধ musical instrument বাদ্যযন্ত্ৰ। অসমীয়া বাদ্যযন্ত্ৰ পেঁপা সাধাৰণতে জন্তুৰ শিং যেনে- ম'হ,মেঠোন আদি শিঙৰ পৰা তৈয়াৰ কৰা হয়। অৱশ্যে, সেই শিঙৰ লগত বাঁহ,নল,খাগৰি প্ৰয়োগ কৰাৰ লগতে কেতিয়াবা পিতলৰ দৰে ধাতু সংলগ্ন কৰাও দেখা যায়।
 |
ম'হৰ শিঙৰ পেঁপা |
পেঁপা বাদ্যৰ প্ৰস্ততিকৰণ প্ৰণালী :
পেঁপা বাদ্যৰ প্ৰস্ততিকৰণ প্ৰণালী making style of pepa instrument ক্ষেত্ৰত দেখা পোৱা যায় যে অসমৰ বেছিভাগ পেঁপা তৈয়াৰ কৰা হয় ম'হৰ শিঙৰ পৰা।ম'হৰ শিং লাওখোলাৰ পৰা আতৰাই আনি বিভিন্ন উপকৰণেৰে চাফা purify কৰি দুইটা মূৰ সুন্দৰকৈ কাটি চাচি-চুৰুকি ব্যৱহাৰ কৰিবৰ উপযোগী কৰি গঢ়ি তোলা হয়।এই প্ৰথম অংশ বা শিংটোক থোলা বা খোলা বুলি কোৱা হয়।
খোলাটোৰ বহল অংশটো ফাটি নাযাবৰ কাৰনে তাত লো বা পিতলৰ বেৰি লগোৱা হয়। আনহাতে সৰু অংশত নিদিষ্ট জোখত কিছুমান বিন্ধা বা ফুটা উলিওৱা হয়। ইয়াৰ পাছত বিজুলী বাঁহ নহ'লে নল বা খাগৰিৰে বনোৱা চাৰিটা বিন্ধাযুক্ত চুঙাসদৃশ টুকুৰা এটি পেঁপা টোৰ সৰু অংশৰ ফালেদি ভিতৰলৈ সুমোৱাই বিন্ধা সমূহত আঙুলি বুলাব পৰাকৈ লগোৱা হয়।যাক গফনলা বুলিও কোৱা হয়।
পেঁপা বজাবলৈ সুবিধা হোৱাকৈ নলিচাৰ অগ্ৰ ভাগত দীঘল চুঙাসদৃশ এটা বাঁহৰ টুকুৰা লগোৱা হয়,যাক চুপহী বা মুখনি বোলে। এনেদৰে বিভিন্ন উপকৰণৰ সহায়ত একোটা পেঁপা তৈয়াৰ হয়। আৰু তেতিয়া সেই পেঁপাত বজোৱা জনে সুন্দৰ সুৰীয়া শব্দ উৎপন্ন কৰিব পাৰে।
পেঁপা বাদ্য দুটা শিং লগ লগাই বনোৱাও হয়।যাক যুৰীয়া পেঁপা বুলি কোৱা হয়। পেঁপা বাদ্যৰ ক্ষেত্ৰত অসমীয়া সমাজত প্ৰচলিত বিহুগীতত আছে যে ক'লী ম'হৰ শিঙেৰে তৈয়াৰ কৰা হ'লে পেঁপাৰ মাত অধিক শুৱলা হয়।
গগনা বাদ্য :
সুষিৰ বাদ্যৰ অন্তৰ্গত গগনা বাদ্য gagana instrument টি বাঁহৰ দ্বাৰা নিৰ্মাণ কৰা হয়। গগনা কেনেকৈ বনাই বুলিলে ক'ব পাৰি যে ১৮ পৰা ২০ চেন্টিমিটাৰ দৈঘ্যৰ তথা ২/৩ চেন্টিমিটাৰ বহল বাঁহ এচটাৰে গগনা তৈয়াৰ কৰা হয়।এই বাঁহ বিজুলী বাঁহ বা জাতি বাঁহৰ আগ অংশৰ পৰা লোৱা হয়।
এই গগনা দুই ওঠৰ মাজত ৰাখি এফালে সোঁহাতৰ বৃদ্ধা বা তৰ্জনী আঙুলিৰে টুকুৰিয়াই বাওঁ হাতেৰে মুখৰ ভিতৰত বাদ্য টি থকাকৈ ধৰি ঢোল বাদ্যৰ চেৱে চেৱে বজাব লাগে।
 |
বাঁহেৰে তৈয়াৰী গগনা |
গগনাৰ ভাগ :
আকৃতিৰ ফালৰ পৰা গগনাক সাধাৰণতে দুটা ২ ভাগত ভগোৱা হয়।যেনে- বিহুৱতীয়ে বজোৱা গগনাক লাহৰী গগণা আৰু ৰূপহী গগণা বোলাৰ পৰিবৰ্তে বিহুৱাই বজোৱা গগনাক ৰামধন গগণা আৰু জয়ধন গগণা বোলে। লাহৰী গগণা ৰামধন গগণা তকৈ কিছু পৰিমাণে সৰু আকাৰৰ হয়।
গগনাৰ বিষয়ে অসমীয়া লোকবিশ্বাস আছে যে মুখচোকা শিপিনীয়ে তাতৰ ব-তোলোতে ব্যৱহাৰ কৰা ব-তোলা চুঙা চুৰি কৰি আনি তাৰ দ্বাৰা প্ৰস্তুত কৰা গগনাৰ মাত উত্তম হয়। কাৰণ,চুঙাটোৰ গৰাকী অৰ্থাৎ শিপিনী জনীয়ে যিমান গালি পাৰে, সিমানে সেই চুঙাৰ পৰা তৈয়াৰী গগনাৰ মাত ডাঙৰ আৰু অধিক স্পষ্ট হয়।
উপসংহাৰ Conclusion :
অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগণা
Assamese musical instruments Dhol Bihu Pepa and Gagana বাদ্যযন্ত্ৰ সমূহ অসমীয়া সমাজত প্ৰচলিত হৈ জাতিৰ গৌৰৱ এনেদৰেই বৃদ্ধি কৰিব,যদিহে এই বাদ্যযন্ত্ৰ সমূহৰ সু-প্ৰশিক্ষণ training তথা প্ৰচাৰ হয়। অন্যথা পশ্চিমীয়া সংস্কৃতিৰ western culture আগ্ৰাসনৰ কৱলত এই সমূহ কেৱল কোনো ঘৰৰ আলমাৰিত সজাই ৰখা পুথিৰ পৃষ্ঠাত ছৱি হৈ ৰব।।
Very Good Article...
ReplyDelete