Skip to main content

অসমৰ বাদ্যযন্ত্ৰ । খোল বাদ্য শিক্ষা

অসমৰ বাদ্যযন্ত্ৰ । খোল বাদ্য শিক্ষা 

অসমৰ বাদ্যযন্ত্ৰ । খোল বাদ্য শিক্ষা ৰ ক্ষেত্ৰত প্ৰয়োগ্ৰিক প্ৰশিক্ষণ প্ৰদ্ধতি আৰু বাদ্য যন্ত্ৰ সমূহৰ ভাগ সম্পৰ্কে আলোচনা কৰা হৈছে। 

অসমৰ বাদ্যযন্ত্ৰ, musical instruments সমূহক মূলতঃ চাৰিটা মুখ্য বিভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল-ততবাদ্য,ঘনবাদ্য,সুষিৰবাদ্য,আনদ্ধবাদ্য। 

অসমৰবাদ্যযন্ত্ৰ, খোলবাদ্য,আনদ্ধবাদ্য



(১). ততবাদ্য
যি সমূহ বাদ্য যন্ত্ৰত কিছুমান তাঁৰৰ কম্পনাংকৰ সহায়ত বিভিন্ন ধৰণৰ সুৰ সঞ্চাৰ কৰি বজোৱা হয়,তেনে ধৰণৰ বাদ্য সমূহকেই ততবাদ্য বুলি কোৱা হয়।এই বাদ্য যন্ত্ৰ সমূহৰ ভিতৰত কিছুমান হৈছে- বীনা, টোকাৰী, দোতাৰা, ভায়োলিন, একতাৰা ইত্যাদি। 

(২).ঘনবাদ্য
বিভিন্ন ধৰণৰ ধাতু ,বাঁহ বা কাঠৰ দ্বাৰা তৈয়াৰী যেনে তাল,মঞ্জীৰা তাল,পাতি তাল,খঞ্জৰি তাল, ঘন্টা,কৰতাল,বাঁহৰ টকা ইত্যাদি সমূহেই হৈছে ঘনবাদ্য।

(৩). সুষিৰবাদ্য :
আমাৰ মূখৰ বায়ুৰ দ্বাৰা ফু দি বা ইয়াৰ সহায়ত যি সমূহ বাদ্য যন্ত্ৰ বজাই ভিন্ন প্ৰকাৰৰ সুৰ তোলা হয়,সেই সমূহকেই কোৱা হয় সুষিৰবাদ্য।এই শ্ৰেণীৰ বাদ্য যন্ত্ৰ সমূহৰ ভিতৰত- বাঁহী,ম'হৰ শিঙৰ শিঙা,কালি,ৰণভেৰী,গগণা, সুতুলী ইত্যাদি ইত্যাদি।

(৪). আনদ্ধবাদ্য
কাঠ,বাঁহ,মাটি আৰু ধাতুৰ লগত চামৰাৰ দ্বাৰা সজোৱা বা বজোৱা বাদ্য যন্ত্ৰ সমূহেই আনদ্ধবাদ্য।অসমৰ নানা জাতি-জনগোষ্ঠীৰ মাজত এই শ্ৰেণীৰ বিভিন্ন বাদ্যযন্ত্ৰ প্ৰচলন দেখা যায়। যেনে- খোল, ঢোল,ডবা, তবলা,মাদল,জয় ঢোল,ঢোলক ইত্যাদি ইত্যাদি। 


এনেদৰেই অসমৰ বাদ্যযন্ত্ৰ সমূহক ভাগ কৰা দেখা যায়। বিভিন্ন জাতি-উপজাতিৰ ভিন্ন সংস্কৃতিত এই চাৰিটা বাদ্য যন্ত্ৰৰ বিভাগৰ দ্বাৰা নানা ৰঙী কৃষ্টি সংস্কৃতিৰ দ্বাৰা অসম বিশ্বব্যাপী পৰিচিত হ'বলৈ সক্ষম হৈছে।

অসমৰ বাদ্যযন্ত্ৰ । খোল বাদ্য শিক্ষা :

অসমৰ সত্ৰীয়া সংস্কৃতিৰ এক মূখ্য বাদ্য হৈছে খোল বাদ্য।এই বাদ্য আনদ্ধ বাদ্য হিচাপে পৰিগণিত।এই বাদ্য টি সত্ৰীয়া নৃত্য, গীত, ভাওনা আদিৰ উপৰিও বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত গীত-মাত আদিৰ লগত ব্যৱহাৰ কৰা হয়। এই বাদ্যৰ শিক্ষা গ্ৰহণ কৰি অৰ্থাৎ খোল বাদ্যৰ শিক্ষা ৰ দ্বাৰা অসমৰ বহু জনে প্ৰতিষ্ঠা লাভ কৰিছে।


খোল বাদ্যৰ বিৱৰণ 

এটি খোল বাদ্য বহুতো উপকৰণৰ দ্বাৰা গঠিত। যেনে, কাঠৰ বা মাটিৰ মূল অংশটিক ডিমা বা খোলা বুলি কোৱা হয়।এই ডিমা বা খোলা মাটি বা কাঠৰ দ্বাৰা গঢ় দিয়া হয়।


ইয়াৰ পাছত,খোলৰ সোফালৰ অংশক দাইনা আৰু বাওঁ ফালে বজোৱা অংশক কোৱা হয় বেৱা।এই দুই অংশত হাতৰ আঙুলিৰ দ্বাৰা আঘাত কৰি বিভিন্ন ধৰণৰ বোল সমূহ ফুটাই তোলা হয়।

       

খোল বাদ্যৰ আন উপকৰণ সমূহ হল যেনে- কাটনি চাল,ঘূণ,মলূৱা,পুলি,বৰতি,টিকনি,ঘেৰ, ৰূপহী ইত্যাদি।


খোল বাদ্যৰ মূখ্য বোল : 

খোল বাদ্যটি শিক্ষা গ্ৰহণ কৰাৰ পূৰ্বে ইয়াৰ মুখ্য বোল সমূহৰ বিষয়ে জনাটো অতিকে প্ৰয়োজন।এই বাদ্যৰ মূখ্য বা মূল বোল হৈছে- তাত।তাও।খিত।ধেই বা খিত।তাক।ধেই।দাও


এই মূখ্য বোল চাৰিটা সহায়তেই খোল বাদ্যৰ সকলো বোল সৃষ্টি হৈছে।এক কথাত কবলৈ গলে,এই চাৰিটা বোল বিস্তাৰিত হৈ একো একোখন পূৰ্ণাংগ বাজনাৰ সৃষ্টি হৈছে।


খোল বাদ্যৰ বোলৰ ভাগ : 

ভাগ হিচাপে খোল বাদ্যৰ বোল সমূহক দুটা ভাগত বিভক্ত কৰিব পাৰি। সেইয়া হৈছে- অসংযুক্ত বোল আৰু সংযুক্ত বোল ।এখন হাতেৰে বজোৱা বোল সমূহক অসংযুক্ত বোল বোলাৰ পৰিবৰ্তে দুয়োখন হাত ব্যৱহাৰ কৰি একেলগে একেসময়তে বজোৱা বোল সমূহক সংযুক্ত বোল বুলি কব পাৰি।

খোল বাদ্যৰ চাপৰৰ প্ৰকাৰ : 

খোল বাদ্যত হস্তৰ সহায়ত আঘাত কৰি যি ধ্বনি উৎপন্ন কৰা হয়,তাকেই খোলৰ চাপৰ বোলা হয়।এই চাপৰক দুটা ভাগত ভগাব পাৰি। যেনে- লঠা চাপৰ আৰু মিহি বা খোলা চাপৰ।


লঠা চাপৰ বজাওতে সাধাৰণতে আঙুলিৰ বুলন  লঠঙা হিচাপে হোৱা দেখা যায়।যাৰ বাবেই এই চাপৰ সমূহক লঠা চাপৰ বুলি কোৱা হয়। আনহাতে,মিহি বা খোলা চাপৰত আঙুলিৰ বুলন সুন্দৰ হোৱাৰ ফলত উৎপন্ন হোৱা ধ্বনি শুৱলা হোৱাৰ লগতে এই ধ্বনি কিছুসময় গুঞ্জৰিত হৈ থাকে বাবেই এই চাপৰক মিহি বা খোলা চাপৰ বোলা হয়।

        


খোল বাদ্যৰ শিক্ষা 

চাৰি সংহতিত বিভক্ত অসমৰ সত্ৰ সমূহৰ লগতে সকলো গাঁও সমাজতেই এই খোল বাদ্যৰ শিক্ষাৰ প্ৰচলন দেখা পোৱা যায়। এজন নতুন শিক্ষাৰ্থীয়ে প্ৰথমে এজন অধ্যাপক বা গুৰু ৰ ওচৰত বা বিদ্যালয়ত যেতিয়া এই বিদ্যাৰ আহৰণৰ বাবে যায়, তেতিয়া তেওঁক প্ৰথমে খোলৰ মূখ্য বোল সমূহৰ পৰিচয় আৰু ই-সমূহৰ বাদন প্ৰক্ৰিয়াৰ শিক্ষা দিয়া হয়। 


তাৰ পাছতে, সংযুক্ত আৰু অসংযুক্ত বোল সমূহৰ অভ্যাস কৰোৱা হয়।এই অভ্যাস কৰোৱা বোল সমূহকেই ফলি বাজনা বোলা হয়। এই ফলি বাজনা সমূহ হস্ত সাধনাৰ বাবে শিক্ষা দিয়া হয়।ফলি বাজনা সম্পূৰ্ণ হোৱাৰ পিছত তাল শিক্ষা দিয়া হয়।তাৰ পাছতেই বিভিন্ন ধৰণৰ ধেমালি সমূহ ক্ৰম অনুসাৰে শিক্ষা দিয়া হয়।


খোল বাদ্যৰ বাদকৰ উপাধি 

মহাপুৰুষীয়া সত্ৰ সমূহত এই খোল বাদ্যৰ শিক্ষাৰ স্তৰক কিছুমান উপাধিৰে নিৰূপণ কৰা দেখা যায়। যেনে- প্ৰথম শিক্ষা গ্ৰহণ কৰা লগে লগেই বায়ন বোলা হয়। তাৰ পাছত সৰু-দোহৰীয়া,বৰ-দোহৰীয়া আৰু যেতিয়া সকলো বাজনাৰ শিক্ষা সম্পূৰ্ণ হয় তেতিয়া বৰবায়ন উপাধি প্ৰদান কৰা হয়।এক কথাত খোল বজোৱা মানুহক কি বোলে বুলিলে ক'ব পাৰি যে খোল বজোৱা মানুহক বায়ন বোলা হয়। আৰু এনেদৰেই খোল বাদ্যৰ শিক্ষা ৰ পূৰ্ণাংগ হয়।।


উপসংহাৰ :

উপৰোক্ত ভাৱেই অসমৰ বাদ্যযন্ত্ৰ খোল বাদ্য শিক্ষা প্ৰদান কৰা হয়। অৱশ্যে, সময়ৰ সোঁতত এই খোল বাদ্যৰ প্ৰচলন পূৰ্বৰ তুলনাত কমি আহিছে যদিও বৰ্তমান পুনৰ ভাওনা সংস্কৃতিৰ প্ৰসাৰৰ লগে লগে নৱপ্ৰজন্মৰ মাজত ইয়াৰ চচ্ছা কিছু পৰিমাণে বৃদ্ধি পোৱা দেখা গৈছে।যি মহাপুৰুষীয়া ধৰ্ম, সংস্কৃতিৰ বাবে এক আনন্দ দায়ক কথা।।

আৰু পঢ়িব পাৰে- অসমৰ সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ।


Comments

Most Popular

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...