অসমৰ সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ
অসমৰ সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ শীৰ্ষক এই লেখাটিৰ জৰিয়তে সত্ৰীয়া সংস্কৃতি কি তথা অসমীয়া পৰিৱেশ্য কলা ৰূপত পৰিচিত অসমৰ সত্ৰ অনুষ্ঠান বা সত্ৰ আৰু নামঘৰ আদিত প্ৰচলিত সত্ৰীয়া নৃত্যত শাস্ত্ৰীয়তা সম্পৰ্কে আলোচনা কৰা হৈছে।
সত্ৰীয়া সংস্কৃতি কি ? :
অসমৰ ভিন্ন প্ৰান্তত অৱস্থিত সত্ৰ সমূহত পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ অহা কলা সংস্কৃতি সমূহ কেই সত্ৰীয়া সংস্কৃতি বুলি কোৱা হয়।সত্ৰত সংৰক্ষিত আৰু সংবদ্ধিত হৈ পাঁচশ বছৰৰো অধিক কালৰ পৰা এই কলা সংস্কৃতি সমূহে বৰ্তমানৰ এই অৱস্থাত উপনিত হৈছেহি। অৱশ্যে বৰ্তমান সময়ত ভাৰতীয় শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃত এই নৃত্য ধাৰাতিয়ে অসমীয়া পৰিৱেশ্য কলা হিচাপে সত্ৰৰ বাহিৰতো যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।যাৰ বাবে এই সংস্কৃতিয়ে দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়তো জিলিকি উঠিবলৈ ধৰিছে।
অসমৰ সত্ৰীয়া নৃত্য :
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে নৱবৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰচাৰৰ বাবে শাস্ত্ৰীয় নৃত্যৰ সম্পদ সমূহক আশ্ৰয় কৰি সৃষ্টি কৰা তথা গুৰুদুজনাৰ পৰবৰ্তী শিষ্য সকলে সংবদ্ধন ঘটোৱা আৰু সত্ৰানুষ্ঠান সমূহত সংৰক্ষিত হৈ প্ৰচলন হৈ অহা নৃত্য ধাৰাকে অসমৰ সত্ৰীয়া নৃত্য বোলা হয়।অসমৰ সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ :
শংকৰদেৱে গীত বাদ্য আৰু নৃত্য আদি কলা সমূহৰ উত্তৰণ ঘটাই অসমত যি সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছিল। সেই বিপ্লৱৰ ধাৰক তথা বাহক হিচাপে কাম কৰিছিল এই সত্ৰানুষ্ঠান সমূহে। এই সত্ৰ সমূহেই অবিচ্ছিন্য ভাৱে পৰম্পৰা ৰক্ষা কৰি গুৰুজনাৰ সৃষ্টিক সংৰক্ষণ কৰাৰ লগতে নতুন নতুন কলাত্মক উপাদানৰ সংযোগ কৰি সত্ৰীয়া নৃত্য ৰাজিক বিকশিত কৰি তুলিছিল। লগতে সময়ৰ লগত সমানে খোজ মিলাই সুন্দৰকৈ সজাই এই নৃত্য ধাৰাতিক জনসাধাৰণৰ অধিক ওচৰ চপাই নিবলৈ সত্ৰ সমূহে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল।যাৰ বাবে আজি সত্ৰীয়া নৃত্যই সকলোতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ :
ভাৰতীয় স্বীকৃতি প্ৰাপ্ত শাস্ত্ৰীয় নৃত্য সমূহৰ অন্যতম তথা অসমৰ সত্ৰ আৰু নামঘৰ সমূহত প্ৰচলিত সত্ৰীয়া নৃত্যৰ আছে কিছুমান শাস্ত্ৰীয় লক্ষণ।যাৰ বাবে এই নৃত্য ধাৰাতিক শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃতি দিয়া হৈছে। নৃত্য ধাৰাতিত দেখা পোৱা শাস্ত্ৰীয় লক্ষণ সমূহ হৈছে-
(১). বিভিন্ন ধৰ্মীয় শাস্ত্ৰ সমূহত বৰ্ণিত আধ্যাত্মিক পথৰ অনুসৰণ কৰাটো শাস্ত্ৰীয় নৃত্য সমূহৰ যি প্ৰথম লক্ষণ, সেই লক্ষণ সত্ৰীয়া নৃত্যটো সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা যায়। এই নৃত্য টিত যি সমূহ ৰীতি দেখা যায়, সেই সমূহ ৰীতি প্ৰাচীন ভাৰতীয় নৃত্য-নাট্য বিষয়ক গ্ৰন্থ সমূহত বৰ্ণিত হৈ আছে।
সত্ৰীয়া নৃত্যত গঠন আৰু সাধনা দুয়োটা দিশতে শাস্ত্ৰীয় পথৰ অনুসৰণ কৰা প্ৰত্যক্ষ ভাৱে দেখা যায়।নাট্যশাস্ত্ৰ, সংগীত ৰত্নাকৰ, অভিনয় দৰ্পণ আদি প্ৰাচীন নৃত্য নাট্য সম্বলিত গ্ৰন্থ সমূহত বৰ্ণিত সমলৰ আধাৰতেই সত্ৰীয়া নৃত্য ধাৰাতিৰো সৃষ্টি। ভক্তি সাধন সত্ৰীয়া নৃত্যৰ প্ৰধান লক্ষ্য হোৱা হেতুকে এই নৃত্য ধাৰাতিয়ে ভক্তিবাদ বিষয়ক প্ৰধান গ্ৰন্থ ভাগৱত শাস্ত্ৰৰ অনুধাৱন কৰে।
(২). সত্ৰীয়া নৃত্যৰ সৃষ্টি হয় পঞ্চদশ শতিকাৰ মধ্যভাগৰ বা ষোড়শ শতিকাৰ আগভাগত। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে নৱবৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰচাৰৰ বাবে অংকীয়া নাট বা চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা এই নৃত্য ধাৰাতিৰ আৰম্ভণি কৰিছিল।যাৰ বাবে ক'ব পাৰি যে নামঘৰৰ মজিয়াতে এই নৃত্য টিৰ জন্ম হৈছিল।
(৩). শাস্ত্ৰীয় নৃত্য বুলি ক'লে তাত নৃত্ত, নৃত্য আৰু নাট্যৰ সমাহাৰ ঘটা বাঞ্ছনীয়। সত্ৰীয়া নৃত্যৰ মাজতো এই তিনিটা উপাদানৰ সংযোগ দেখিবলৈ পোৱা যায়।
(৪). অভিনয়ৰ ক্ষেত্ৰত শাস্ত্ৰীয় নৃত্যত থাকিব লগীয়া আংগিক,বাচিক,সাত্বিক আৰু আহায্য এই চাৰি প্ৰকাৰৰ অভিনয় সত্ৰীয়া নৃত্য ধাৰাটোৰ মাজত সুন্দৰ ভাৱে প্ৰচলিত।আংগিক অভিনয়ৰ ক্ষেত্ৰত সত্ৰীয়া নৃত্য বহু চহকী। যিহেতু,শৰীৰ,মুখজ আৰু চেষ্টাকৃত এই তিনিটা আংগিক অভিনয় নৃত্য ধাৰাতিত পৰিস্ফুট ।
আৰু পঢ়িব পাৰে- সত্ৰীয়া নৃত্যৰ তিনি ভাগ।
আনহাতে, এই নৃত্য ধাৰাটিত থলুৱা ভাৱে গ্ৰহণ কৰা বহুতো পদকর্মৰ প্ৰয়োগ আছে। লগতে, ভাৰতীয় আন আন শাস্ত্ৰীয় নৃত্য সমূহে যিদৰে নিজাববীয়াকৈ একোটা প্ৰাথমিক স্হিতি বা থিয় হোৱা ভংগী নিৰ্দ্ধাৰণ কৰি লৈছে, সেইদৰে সত্ৰীয়া নৃত্যয়ো ওৰাক নিজা প্ৰাথমিক স্হিতি আৰু নৃত্য সংৰচনাৰ প্ৰাথমিক উপাদান হিচাপে সৃষ্টি কৰি লৈছে।
ইয়াৰ উপৰিও গতি,ভ্ৰমৰী,উৎপ্লাৱন,ভংগ আদি শাস্ত্ৰ বৰ্ণিত বিভিন্ন উপাদান সত্ৰীয়া নৃত্য ধাৰাটিত নিজস্ব বিধিৰ মাধ্যমেৰে প্ৰয়োগ হৈ আহিছে।
আনহাতে,বাচিক অভিনয় নাট্য আধাৰিত নৃত্যধাৰা হিচাপে সত্ৰীয়া নৃত্যৰ মাজত প্ৰাধান্য অধিক পৰিমাণৰ। নাটকৰ সংলাপ, কথা সূত্ৰ, শ্লোক, গীত আদিত বাচিক অভিনয় নৃত্য ধাৰাতিত দেখা যায়।
সত্ৰীয়া নৃত্যৰ শুদ্ধ নাচ সমূহৰ গীতাংশত সাত্বিক অভিনয় দেখাৰ পৰিবৰ্তে নৃত্য ধাৰাতিত সাজ-পোছাক, অলংকাৰ আদি বিশেষ বৈশিষ্ট আছে।প্ৰতি খন নাচৰ বেলেগ বেলেগ আহায্য বা পোছাক পৰিধান কৰাটো নৃত্য ধাৰাতিৰ বিশেষ লক্ষণ।যিটো শাস্ত্ৰীয় নৃত্যৰ এটি মূখ্য লক্ষণ এই সত্ৰীয়া নৃত্য টো দেখা যায়।
(৫). শাস্ত্ৰীয় নৃত্য সম্পৰ্কত শাস্ত্ৰ সমূহত উল্লেখিত ভাৰতী,সাত্ত্বতী,কৈশিকী আৰু আৰভটী এই চাৰিওটা বৃত্তি সত্ৰীয়া নৃত্যৰ মাজতো বিদ্যমান।সত্ৰীয়াত নৃত্ত, নৃত্য আৰু নাট্য বিষয়ক প্ৰকৰণ সমূহ এই বৃত্তি সমূহৰ সহায়ত উপস্থাপন কৰা হয়।
(৬). সত্ৰীয়া নৃত্যৰ আন এটি বিশেষ বৈশিষ্ট হ'ল যে সত্ৰীয়া নৃত্য ত প্ৰায় কুৰি খনৰো অধিক নৃত্য প্ৰকৰণ আছে। ইয়াৰে কিছুমান নাটৰ আৰু আন কিছুমান স্বতন্ত্ৰৰীয়া নাচৰ আধাৰত গঢ় লৈ উঠা।
(৭). শাস্ত্ৰীয় নৃত্যৰ সংগীত মাৰ্গীয় হোৱা বাঞ্ছনীয়। সত্ৰীয়া নৃত্যৰ সংগীত সম্পূৰ্ণ মাৰ্গীয় উপাদানেৰে ভৰপূৰ।ৰাগ-তাল যুক্ত সত্ৰীয়া সংগীত ক ৰাগ সংগীতৰ এক বিশিষ্ট ধাৰা আখ্যা দিব পৰা যায়।
(৮). একোটা নৃত্য শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃত হ'বলৈ তাত নিজাববীয়াকৈ সবল সাহিত্য ভাণ্ডাৰ থকাৰ প্ৰয়োজন। অসমৰ সত্ৰীয়া নৃত্য ধাৰাটিৰ মাজতো এক বিশাল সাহিত্য ভাণ্ডাৰ দেখিবলৈ পোৱা যায়। গীত, শ্লোক, ভটিমা তথা বাৰছোৱা অংকীয়া নাট তথা বৰগীত আৰু নাটৰ গীত আদিৰে সমৃদ্ধ সাহিত্য ভাণ্ডাৰৰ ওপৰত সত্ৰীয়া নৃত্য ধাৰা প্ৰতিষ্ঠিত।
(৯). শাস্ত্ৰীয় নৃত্যত থকা এক নিৰ্দিষ্ট স্পষ্ট আদৰ্শ তথা নিদিষ্ট ৰসবোধ সত্ৰীয়া নৃত্য ধাৰাৰ মাজতো আছে। যিটো সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ বুলি ক'ব পাৰি। অৱশ্যে, সত্ৰীয়া নৃত্যত সকলো ৰসৰ সমাহাৰ ঘটিলেও ভক্তি ৰস চৰম প্ৰতিপাদ্য হিচাপে চিহ্নিত হৈছে। সেয়েহে,সত্ৰীয়া নৃত্যৰ স্হায়ী ৰস হ'ল ভক্তি ৰস। আন আন ৰস সমূহ কেৱলমাত্ৰ ভক্তি ৰসসিক্ত বুলিহে ক'ব পাৰি।
(১০). সত্ৰীয়া নৃত্যৰ আন এটি বিশেষ শাস্ত্ৰীয় লক্ষণ হ'ল স্বকীয় বৈশিষ্ট্য সম্পন্ন অংগ সঞ্চালন আৰু মঞ্চ পৰিক্ৰমা ৰীতি। বিশিষ্ট সত্ৰীয়া সাধক,গবেষক ড°জগন্নাথ মহন্ত দেৱৰ সত্ৰীয়া নৃত্য গীত বাদ্যৰ হাতপুথি গ্ৰন্থত উল্লেখিত লিখনি অনুসৰি সাধাৰণতে অংগ সঞ্চালনৰ ক্ষেত্ৰত প্ৰতিটো শাস্ত্ৰীয় নৃত্যকে জ্যামিতিৰ কোনো এটা ৰেখাচিত্ৰ অনুধাৱন কৰা দেখা যায়।
এই ৰেখাচিত্ৰৰ প্ৰাধান্যৰ ওপৰত ভিত্তি কৰি নৃত্য সমালোচক সকলে বৰ্তমান কথক নৃত্যক লম্ব,ভৰত-নাট্যম নৃত্যক ত্ৰিভূজ, কথাকলি নৃত্যক ৰম্বাচ আদি বিভিন্ন ৰেখাচিত্ৰ দ্বাৰা নামাকৰণ কৰা দেখা যায়। তেনেদৰে সত্ৰীয়া নৃত্যই অনুসৰণ কৰা ৰেখাচিত্ৰক অদ্ধবৃত্ত বুলিব পাৰি। যিহেতু,সত্ৰীয়াত অদ্ধবৃত্তাকাৰে নৃত্য ধাৰাতিত অংগ সঞ্চালন হয়। মঞ্চ পৰিক্ৰমা ক্ষেত্ৰতো একে দেখা যায়।
আৰু পঢ়িব পাৰে- সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য আৰু ইতিহাস।
(১২). শাস্ত্ৰীয় নৃত্যৰ আন এটি মূখ্য লক্ষণ হ'ল উচ্চ নান্দনিক প্ৰমূল্য।যি সত্ৰীয়া নৃত্যটো থকা পৰিলক্ষিত হয়। যিহেতু, ব্যক্তি সাধনৰ বাবে নিয়োজিত হ'লেও সত্ৰীয়া নৃত্য শাস্ত্ৰীয় বৈভৱেৰে মহিমামণ্ডিত হৈ শৈল্পিক চেতনা যুক্ত দৰ্শকক বিনোদন কৰিব পৰা যোগ্যতা অৰ্জন কৰিব পাৰিছে। এনে ধৰণৰ যোগ্যতা থকা বাবেই সত্ৰীয়া নৃত্য ধাৰাই ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ মাজত নিজৰ স্হান দখল কৰিবলৈ সক্ষম হৈছে।
উপসংহাৰ :
অসমৰ সত্ৰীয়া সংস্কৃতি তথা অসমৰ সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ সমূহ উপৰুক্ত ভাৱেই নৃত্য ধাৰাটিৰ মাজত বিদ্যমান হৈ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট তথা অসমৰ সত্ৰ অনুষ্ঠান সমূহৰ দ্বাৰা সংৰক্ষিত এই নৃত্য ধাৰাই বছৰ বছৰ ধৰি পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ আহিছে আৰু থাকিবও। মাথোঁ লাগে আমাৰ সকলোৰে মনৰ সদিচ্ছা আৰু গুৰু জনাৰ প্ৰতি ভক্তি। তেতিয়া নিশ্চয় সত্ৰীয়া নৃত্যই আৰু অধিক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হ'ব।।
আৰু পঢ়িব পাৰে- অসমৰ সত্ৰীয়া সংস্কৃতি, সত্ৰীয়া নৃত্য সমূহ।

Comments
Post a Comment