Skip to main content

অসমৰ সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ

অসমৰ সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ

Sattriya Dance, Classical Dance,

অসমৰ সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ শীৰ্ষক এই লেখাটিৰ জৰিয়তে সত্ৰীয়া সংস্কৃতি কি তথা অসমীয়া পৰিৱেশ্য কলা ৰূপত পৰিচিত অসমৰ সত্ৰ অনুষ্ঠান বা সত্ৰ আৰু নামঘৰ আদিত প্ৰচলিত সত্ৰীয়া নৃত্যত শাস্ত্ৰীয়তা সম্পৰ্কে আলোচনা কৰা হৈছে।


সত্ৰীয়া সংস্কৃতি কি ? :

অসমৰ ভিন্ন প্ৰান্তত অৱস্থিত সত্ৰ সমূহত পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ অহা কলা সংস্কৃতি সমূহ কেই সত্ৰীয়া সংস্কৃতি বুলি কোৱা হয়।সত্ৰত সংৰক্ষিত আৰু সংবদ্ধিত হৈ পাঁচশ বছৰৰো অধিক কালৰ পৰা এই কলা সংস্কৃতি সমূহে বৰ্তমানৰ এই অৱস্থাত উপনিত হৈছেহি। অৱশ্যে বৰ্তমান সময়ত ভাৰতীয় শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃত এই নৃত্য ধাৰাতিয়ে অসমীয়া পৰিৱেশ্য কলা হিচাপে সত্ৰৰ বাহিৰতো যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।যাৰ বাবে এই সংস্কৃতিয়ে  দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়তো জিলিকি উঠিবলৈ ধৰিছে।


অসমৰ সত্ৰীয়া নৃত্য :

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে নৱবৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰচাৰৰ বাবে শাস্ত্ৰীয় নৃত্যৰ সম্পদ সমূহক আশ্ৰয় কৰি সৃষ্টি কৰা তথা গুৰুদুজনাৰ পৰবৰ্তী শিষ্য সকলে সংবদ্ধন ঘটোৱা আৰু সত্ৰানুষ্ঠান সমূহত সংৰক্ষিত হৈ প্ৰচলন হৈ অহা নৃত্য ধাৰাকে অসমৰ সত্ৰীয়া নৃত্য বোলা হয়।


অসমৰ সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ :

শংকৰদেৱে গীত বাদ্য আৰু নৃত্য আদি কলা সমূহৰ উত্তৰণ ঘটাই অসমত যি সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছিল। সেই বিপ্লৱৰ ধাৰক তথা বাহক হিচাপে কাম কৰিছিল এই সত্ৰানুষ্ঠান সমূহে। এই সত্ৰ সমূহেই অবিচ্ছিন্য ভাৱে পৰম্পৰা ৰক্ষা কৰি গুৰুজনাৰ সৃষ্টিক সংৰক্ষণ কৰাৰ লগতে নতুন নতুন কলাত্মক উপাদানৰ সংযোগ কৰি সত্ৰীয়া নৃত্য ৰাজিক বিকশিত কৰি তুলিছিল। লগতে সময়ৰ লগত সমানে খোজ মিলাই সুন্দৰকৈ সজাই এই নৃত্য ধাৰাতিক জনসাধাৰণৰ অধিক ওচৰ চপাই নিবলৈ সত্ৰ সমূহে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল।যাৰ বাবে আজি সত্ৰীয়া নৃত্যই সকলোতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।


সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ :

ভাৰতীয় স্বীকৃতি প্ৰাপ্ত শাস্ত্ৰীয় নৃত্য সমূহৰ অন্যতম তথা অসমৰ সত্ৰ আৰু নামঘৰ সমূহত প্ৰচলিত সত্ৰীয়া নৃত্যৰ আছে কিছুমান শাস্ত্ৰীয় লক্ষণ।যাৰ বাবে এই নৃত্য ধাৰাতিক শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃতি দিয়া হৈছে। নৃত্য ধাৰাতিত দেখা পোৱা শাস্ত্ৰীয় লক্ষণ সমূহ হৈছে-


(১). বিভিন্ন ধৰ্মীয় শাস্ত্ৰ সমূহত বৰ্ণিত আধ্যাত্মিক পথৰ অনুসৰণ কৰাটো শাস্ত্ৰীয় নৃত্য সমূহৰ যি প্ৰথম লক্ষণ, সেই লক্ষণ সত্ৰীয়া নৃত্যটো সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা যায়। এই নৃত্য টিত যি সমূহ ৰীতি দেখা যায়, সেই সমূহ ৰীতি প্ৰাচীন ভাৰতীয় নৃত্য-নাট্য বিষয়ক গ্ৰন্থ সমূহত বৰ্ণিত হৈ আছে।


সত্ৰীয়া নৃত্যত গঠন আৰু সাধনা দুয়োটা দিশতে শাস্ত্ৰীয় পথৰ অনুসৰণ কৰা প্ৰত্যক্ষ ভাৱে দেখা যায়।নাট্যশাস্ত্ৰ, সংগীত ৰত্নাকৰ, অভিনয় দৰ্পণ আদি প্ৰাচীন নৃত্য নাট্য সম্বলিত গ্ৰন্থ সমূহত বৰ্ণিত সমলৰ আধাৰতেই সত্ৰীয়া নৃত্য ধাৰাতিৰো সৃষ্টি। ভক্তি সাধন সত্ৰীয়া নৃত্যৰ প্ৰধান লক্ষ্য হোৱা হেতুকে এই নৃত্য ধাৰাতিয়ে ভক্তিবাদ বিষয়ক প্ৰধান গ্ৰন্থ ভাগৱত শাস্ত্ৰৰ অনুধাৱন কৰে।


(২). সত্ৰীয়া নৃত্যৰ সৃষ্টি হয় পঞ্চদশ শতিকাৰ মধ্যভাগৰ বা ষোড়শ শতিকাৰ আগভাগত। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে নৱবৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰচাৰৰ বাবে অংকীয়া নাট বা চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা এই নৃত্য ধাৰাতিৰ আৰম্ভণি কৰিছিল।যাৰ বাবে ক'ব পাৰি যে নামঘৰৰ মজিয়াতে এই নৃত্য টিৰ জন্ম হৈছিল।


(৩). শাস্ত্ৰীয় নৃত্য বুলি ক'লে তাত নৃত্ত, নৃত্য আৰু নাট্যৰ সমাহাৰ ঘটা বাঞ্ছনীয়। সত্ৰীয়া নৃত্যৰ মাজতো এই তিনিটা উপাদানৰ সংযোগ দেখিবলৈ পোৱা যায়।


(৪). অভিনয়ৰ ক্ষেত্ৰত শাস্ত্ৰীয় নৃত্যত থাকিব লগীয়া আংগিক,বাচিক,সাত্বিক আৰু আহায্য এই চাৰি প্ৰকাৰৰ অভিনয় সত্ৰীয়া নৃত্য ধাৰাটোৰ মাজত সুন্দৰ ভাৱে প্ৰচলিত।আংগিক অভিনয়ৰ ক্ষেত্ৰত সত্ৰীয়া নৃত্য বহু চহকী। যিহেতু,শৰীৰ,মুখজ আৰু চেষ্টাকৃত এই তিনিটা আংগিক অভিনয় নৃত্য ধাৰাতিত পৰিস্ফুট ।


আৰু পঢ়িব পাৰে- সত্ৰীয়া নৃত্যৰ তিনি ভাগ।


আনহাতে, এই নৃত্য ধাৰাটিত থলুৱা ভাৱে গ্ৰহণ কৰা বহুতো পদকর্মৰ প্ৰয়োগ আছে। লগতে, ভাৰতীয় আন আন শাস্ত্ৰীয় নৃত্য সমূহে যিদৰে নিজাববীয়াকৈ একোটা প্ৰাথমিক স্হিতি বা থিয় হোৱা ভংগী নিৰ্দ্ধাৰণ কৰি লৈছে, সেইদৰে সত্ৰীয়া নৃত্যয়ো ওৰাক নিজা প্ৰাথমিক স্হিতি আৰু নৃত্য সংৰচনাৰ প্ৰাথমিক উপাদান হিচাপে সৃষ্টি কৰি লৈছে।


Sattriya Dance, Classical Dance, Assamese Culture


ইয়াৰ উপৰিও গতি,ভ্ৰমৰী,উৎপ্লাৱন,ভংগ আদি শাস্ত্ৰ বৰ্ণিত বিভিন্ন উপাদান সত্ৰীয়া নৃত্য ধাৰাটিত নিজস্ব বিধিৰ মাধ্যমেৰে প্ৰয়োগ হৈ আহিছে।


আনহাতে,বাচিক অভিনয় নাট্য আধাৰিত নৃত্যধাৰা হিচাপে সত্ৰীয়া নৃত্যৰ মাজত প্ৰাধান্য অধিক পৰিমাণৰ। নাটকৰ সংলাপ, কথা সূত্ৰ, শ্লোক, গীত আদিত বাচিক অভিনয় নৃত্য ধাৰাতিত দেখা যায়।


সত্ৰীয়া নৃত্যৰ শুদ্ধ নাচ সমূহৰ গীতাংশত সাত্বিক অভিনয় দেখাৰ পৰিবৰ্তে নৃত্য ধাৰাতিত সাজ-পোছাক, অলংকাৰ আদি বিশেষ বৈশিষ্ট আছে।প্ৰতি খন নাচৰ বেলেগ বেলেগ আহায্য বা পোছাক পৰিধান কৰাটো নৃত্য ধাৰাতিৰ বিশেষ লক্ষণ।যিটো শাস্ত্ৰীয় নৃত্যৰ এটি মূখ্য লক্ষণ এই সত্ৰীয়া নৃত্য টো দেখা যায়।


(৫). শাস্ত্ৰীয় নৃত্য সম্পৰ্কত শাস্ত্ৰ সমূহত উল্লেখিত ভাৰতী,সাত্ত্বতী,কৈশিকী আৰু আৰভটী এই চাৰিওটা বৃত্তি সত্ৰীয়া নৃত্যৰ মাজতো বিদ্যমান।সত্ৰীয়াত নৃত্ত, নৃত্য আৰু নাট্য বিষয়ক প্ৰকৰণ সমূহ এই বৃত্তি সমূহৰ সহায়ত উপস্থাপন কৰা হয়।


(৬). সত্ৰীয়া নৃত্যৰ আন এটি বিশেষ বৈশিষ্ট হ'ল যে সত্ৰীয়া নৃত্য ত প্ৰায় কুৰি খনৰো অধিক নৃত্য প্ৰকৰণ আছে। ইয়াৰে কিছুমান নাটৰ আৰু আন কিছুমান স্বতন্ত্ৰৰীয়া নাচৰ আধাৰত গঢ় লৈ উঠা।


(৭). শাস্ত্ৰীয় নৃত্যৰ সংগীত মাৰ্গীয় হোৱা বাঞ্ছনীয়। সত্ৰীয়া নৃত্যৰ সংগীত সম্পূৰ্ণ মাৰ্গীয় উপাদানেৰে ভৰপূৰ।ৰাগ-তাল যুক্ত সত্ৰীয়া সংগীত ক  ৰাগ সংগীতৰ এক বিশিষ্ট ধাৰা আখ্যা দিব পৰা যায়।


(৮). একোটা নৃত্য শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃত হ'বলৈ তাত নিজাববীয়াকৈ সবল সাহিত্য ভাণ্ডাৰ থকাৰ প্ৰয়োজন। অসমৰ সত্ৰীয়া নৃত্য ধাৰাটিৰ মাজতো এক বিশাল সাহিত্য ভাণ্ডাৰ দেখিবলৈ পোৱা যায়। গীত, শ্লোক, ভটিমা তথা বাৰছোৱা অংকীয়া নাট তথা বৰগীত আৰু নাটৰ গীত আদিৰে সমৃদ্ধ সাহিত্য ভাণ্ডাৰৰ ওপৰত সত্ৰীয়া নৃত্য ধাৰা প্ৰতিষ্ঠিত।


(৯). শাস্ত্ৰীয় নৃত্যত থকা এক নিৰ্দিষ্ট স্পষ্ট আদৰ্শ তথা নিদিষ্ট ৰসবোধ সত্ৰীয়া নৃত্য ধাৰাৰ মাজতো আছে। যিটো সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ বুলি ক'ব পাৰি। অৱশ্যে, সত্ৰীয়া নৃত্যত সকলো ৰসৰ সমাহাৰ ঘটিলেও ভক্তি ৰস চৰম প্ৰতিপাদ্য হিচাপে চিহ্নিত হৈছে। সেয়েহে,সত্ৰীয়া নৃত্যৰ স্হায়ী ৰস হ'ল ভক্তি ৰস। আন আন ৰস সমূহ কেৱলমাত্ৰ ভক্তি ৰসসিক্ত বুলিহে ক'ব পাৰি।


(১০). সত্ৰীয়া নৃত্যৰ আন এটি বিশেষ শাস্ত্ৰীয় লক্ষণ হ'ল স্বকীয় বৈশিষ্ট্য সম্পন্ন অংগ সঞ্চালন আৰু মঞ্চ পৰিক্ৰমা ৰীতি। বিশিষ্ট সত্ৰীয়া সাধক,গবেষক ড°জগন্নাথ মহন্ত দেৱৰ সত্ৰীয়া নৃত্য গীত বাদ্যৰ হাতপুথি গ্ৰন্থত উল্লেখিত লিখনি অনুসৰি সাধাৰণতে অংগ সঞ্চালনৰ ক্ষেত্ৰত প্ৰতিটো শাস্ত্ৰীয় নৃত্যকে জ্যামিতিৰ কোনো এটা ৰেখাচিত্ৰ অনুধাৱন কৰা দেখা যায়।


এই ৰেখাচিত্ৰৰ প্ৰাধান্যৰ ওপৰত ভিত্তি কৰি নৃত্য সমালোচক সকলে বৰ্তমান কথক নৃত্যক লম্ব,ভৰত-নাট্যম নৃত্যক ত্ৰিভূজ, কথাকলি নৃত্যক ৰম্বাচ আদি বিভিন্ন ৰেখাচিত্ৰ দ্বাৰা নামাকৰণ কৰা দেখা যায়। তেনেদৰে সত্ৰীয়া নৃত্যই অনুসৰণ কৰা ৰেখাচিত্ৰক অদ্ধবৃত্ত বুলিব পাৰি। যিহেতু,সত্ৰীয়াত অদ্ধবৃত্তাকাৰে নৃত্য ধাৰাতিত অংগ সঞ্চালন হয়। মঞ্চ পৰিক্ৰমা ক্ষেত্ৰতো একে দেখা যায়।


আৰু পঢ়িব পাৰে- সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য আৰু ইতিহাস।


(১১). শাস্ত্ৰীয় নৃত্য সমূহৰ লক্ষণসমূহ চালে দেখা যায় যে শাস্ত্ৰীয় নৃত্যৰ এক নিৰ্দিষ্ট পাঠ্যক্ৰম আৰু তাৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদ্ধতি আছে। সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰটো বিগত পাঁচশ বছৰৰো অধিক কালৰ পৰা অবিচ্ছিন্ন পৰম্পৰাগত ভাৱে নৃত্য সমূহৰ চচ্ছা আৰু প্ৰশিক্ষণ প্ৰদ্ধতি চলি আহিছে।যি সমূহক নৃত্য ধাৰাতিৰ পাঠ্যক্ৰম বুলি গণ্য কৰিব পাৰি। গুৰু শিষ্যৰ এক আধ্যাত্মিক সম্পৰ্কৰ মাজেৰে এই শিক্ষা প্ৰদান কৰা হয়।একোজন শিকাৰুক পাচ বছৰৰ পৰা ক্ৰমাগত ভাৱে এই নৃত্য শিক্ষাৰ শিক্ষা দিয়া হয়।যত মাটি আখৰা ৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে সকলো নৃত্য গীতৰ শিক্ষা সন্নিবিষ্ট হৈ থাকে।


(১২). শাস্ত্ৰীয় নৃত্যৰ আন এটি মূখ্য লক্ষণ হ'ল উচ্চ নান্দনিক প্ৰমূল্য।যি সত্ৰীয়া নৃত্যটো থকা পৰিলক্ষিত হয়। যিহেতু, ব্যক্তি সাধনৰ বাবে নিয়োজিত হ'লেও সত্ৰীয়া নৃত্য শাস্ত্ৰীয় বৈভৱেৰে মহিমামণ্ডিত হৈ শৈল্পিক চেতনা যুক্ত দৰ্শকক বিনোদন কৰিব পৰা যোগ্যতা অৰ্জন কৰিব পাৰিছে। এনে ধৰণৰ যোগ্যতা থকা বাবেই সত্ৰীয়া নৃত্য ধাৰাই ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ মাজত নিজৰ স্হান দখল কৰিবলৈ সক্ষম হৈছে।


উপসংহাৰ :
অসমৰ সত্ৰীয়া সংস্কৃতি তথা অসমৰ সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ সমূহ উপৰুক্ত ভাৱেই নৃত্য ধাৰাটিৰ মাজত বিদ্যমান হৈ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট তথা অসমৰ সত্ৰ অনুষ্ঠান সমূহৰ দ্বাৰা সংৰক্ষিত এই নৃত্য ধাৰাই বছৰ বছৰ ধৰি পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ আহিছে আৰু থাকিবও। মাথোঁ লাগে আমাৰ সকলোৰে মনৰ সদিচ্ছা আৰু গুৰু জনাৰ প্ৰতি ভক্তি। তেতিয়া নিশ্চয় সত্ৰীয়া নৃত্যই আৰু অধিক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হ'ব।।


আৰু পঢ়িব পাৰে- অসমৰ সত্ৰীয়া সংস্কৃতি, সত্ৰীয়া নৃত্য সমূহ।


Author – Srimanta Borah

নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

Comments

Most Popular

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা

অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা ঢোল, পেঁপা, গগনা। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা Assamese musical instruments Dhol Bihu Pepa and Gagana হৈছে অসমীয়া জাতিৰ বাপুতি সাহোন বিহুত ব্যৱহাৰ কৰা তিনিটা মূখ্য বাদ্যযন্ত্ৰ। এই লেখাটিত ঢোল , বিহু পেঁপা আৰু গগণাৰ সম্পৰ্কে বিস্তৃত বৰ্ণনা কৰা হৈছে। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা : ঢোলৰ বিষয়ে : অসমীয়া লোক বাদ্য ঢোল হৈছে অসমীয়া জনজীৱনৰ লগত জড়িত  বাদ্য প্ৰকাৰ musical instruments সমূহৰ ভিতৰত অন্যতম লোকবাদ্য। লোকবিশ্বাস অনুসৰি এই বাদ্য টি কৈলাসৰ পৰা পাণ্ডুনন্দন পার্থই পৃথিৱীলৈ অনা বুলি বিশ্বাস কৰা হয়।অসমীয়া বাদ্যযন্ত্ৰ ঢোল assamese musical instruments dhol অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুৰ এক main musical instrument মুখ্য বাদ্য। এই ঢোলৰ অবিহনে অসমীয়া জাতিয়ে আনন্দ ৰঙৰ উৎসৱ স্বৰূপ ৰঙালী বিহু rongali bihu পালন কৰা অসম্ভৱ। ঢোলৰ প্ৰকাৰ : ঢোলৰ প্ৰকাৰ   বুলিলে দেখা যায় যে অসমৰ ভিন্ন ভিন্ন প্ৰান্তত প্ৰচলিত ঢোল বাদ্য টিক আকাৰ আৰু বজোৱা আনুষ্ঠানিক প্ৰদ্ধতি অনুসৰি মূলতঃ  ৪ চাৰিটা ভাগত ভাগ কৰা হ...