Skip to main content

সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য আৰু  ইতিহাস

সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য আৰু  ইতিহাস

সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য, সত্ৰীয়া নৃত্যৰ ইতিহাস, সত্ৰীয়া নৃত্য কাক বোলে, Satriya dance

পৰিচয়: 

সত্ৰীয়া নৃত্য (Satriya Dance) সৃষ্টি কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে।আন আন স্বীকৃতি প্ৰাপ্ত ভাৰতীয় শাস্ত্ৰীয় নৃত্য (Indian classical dance) সমূহৰ দৰে এই নৃত্য ধাৰাতিৰ মাজতো কিছুমান বিশেষ বৈশিষ্ট্য দেখা পোৱা যায়।আনহাতে, সত্ৰীয়া নৃত্যৰ আছে বহু পুৰণি ইতিহাস। এই সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য সম্পৰ্কে জনাৰ পূৰ্বে সত্ৰীয়া নৃত্যৰ উৎপত্তি  বা সত্ৰীয়া নৃত্যৰ ইতিহাস সম্পৰ্কে জনাটো নিতান্তই প্ৰয়োজনীয়। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মূলতঃ অসমত বৈষ্ণৱ ধৰ্ম (vaishnav religion) প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অংকীয়া নাট (Ankia naat) ভাওনাৰ মাধ্যমেৰে এই নৃত্য ধাৰাতিৰ সৃষ্টি কৰিছিল।এই লেখাটিৰ জৰিয়তে সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য আৰু ইতিহাস সম্পৰ্কে আলোচনা কৰা হৈছে।

    সত্ৰীয়া নৃত্যৰ উৎপত্তি বা সত্ৰীয়া নৃত্যৰ ইতিহাস :

    পঞ্চদশ শতিকাৰ শেষভাগত অথবা ষোড়শ শতিকাৰ প্ৰাৰম্ভণিত  নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰে। ইয়াতেই ঈশ্বৰৰ গুণ, লীলা, মহাত্মাক জনমানসত পৰিচয় কৰিবলৈ নৃত্য,নাট্যৰ পাতনি মেলে।


    প্ৰথমে চিহ্নযাত্ৰা নামৰ নাট্যাভিনয়ৰ দ্বাৰা এই নৃত্য ধাৰাতিৰ আৰম্ভ কৰিছিল যদিও চিত্ৰ অংকন কৰা বহু পৰিমাণে ব্যয়বহুল আৰু অশেষ কষ্টকৰ হোৱাৰ বাবে চিত্ৰ পটৰ পৰিবৰ্তে কাহিনী, সংলাপ আৰু নৃত্য গীত বাদ্য আদিৰ সংযোগ কৰি অন্য এক শ্ৰেণীৰ নাট সৃষ্টি কৰে।যাক বৰ্তমান অংকীয়া নাট হিচাপে জনা যায়।


    শংকৰদেৱে ভাৰতীয় আন আন ঐশ্বৰ্যশালী নৃত্য নাট্য সমূহৰ লগত স্হানীয় উপাদানৰ সংযোগ কৰি এই অংকীয়া নাটৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে এই শ্ৰেণীৰ নাটকত নৃত্য- গীতৰ প্ৰাধান্য বেছি। সেয়েহে, এই অংকীয়া নাটৰ আধাৰতেই সত্ৰীয়া নৃত্য ৰ উৎপত্তি হয়।


    সত্ৰীয়া নৃত্য কাক বোলে :

    সত্ৰীয়া নৃত্য কাক বোলে বুলিলে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তাৰাৰ প্ৰিয় শিষ্য মাধৱদেৱে সত্ৰানুষ্ঠান নিৰ্মাণ কৰি ঈশ্বৰ উপাসনাৰ বাবে অংকীয়া নাটক মূল হিচাপে লৈ যি সমূহ নৃত্য সৃষ্টি কৰিছিল, তাকেই সত্ৰীয়া নৃত্য বুলি অভিহিত কৰিব পাৰি।


    সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য :

    সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য ফালৰ পৰা মন কৰিলে দেখা যায়,বৰ্তমান ভাৰতীয় স্বীকৃতি প্ৰাপ্ত শাস্ত্ৰীয় নৃত্য সমূহৰ দৰে সত্ৰীয়া নৃত্যৰো কিছুমান নিজস্ব বৈশিষ্ট্য আছে। শাস্ত্ৰীয় নৃত্য হিচাপে সত্ৰীয়া নৃত্যত বিভিন্ন সমলৰ উপাদান থাকিলেও সত্ৰীয়া নৃত্য নিজস্ব প্ৰদ্ধতিৰে সু-সজ্জিত ।

     

    সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য সমূহ হ'ল :

    (১). সত্ৰীয়া নৃত্যত ওৰাই মূখ্য স্হান লাভ কৰে। এই ওৰা ভাৰতীয় আন কিছুমান শাস্ত্ৰীয় নৃত্যত আছে যদিও সত্ৰীয়া নৃত্যৰ দৰে মূখ্য নহয় বা ওৰা সত্ৰীয়া নৃত্যৰ এটি বিশেষ বৈশিষ্ট।


    (২). নৃত্য পৰিবেশন কৰোঁতে শৰীৰটি উদ্ধ আৰু অদ্ধ কৰি উলাহি থকাটো সত্ৰীয়া নৃত্যৰ আন এটা বিশেষ বৈশিষ্ট।যিটো প্ৰায় সংখ্যক শাস্ত্ৰীয় নৃত্যৰ লগত নিমিলে।


    (৩).শৰীৰৰ ভাৰসাম্য উদ্ধমূখী কৰি নৃত্য প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য।যি প্ৰদ্ধতি ভাৰতীয় আন শাস্ত্ৰীয় নৃত্য সমূহত দেখা পোৱা নাযায়।


    (৪).এই নৃত্যৰ আন এটি বৈশিষ্ট্য হ'ল হস্ত চালনাৰ লগে লগে একেফালে শৰীৰ চালন কৰা। অৰ্থাৎ যি দিশত নৃত্যকাৰে হাত নিব সেই দিশেই শৰীৰটিও যায়।


    (৫).'যতো হস্ত স্ততো দৃষ্টি' অৰ্থাৎ যি দিশে হাত সেই দিশে দৃষ্টি নিক্ষেপ কৰিব লাগিব। ইও সত্ৰীয়া নৃত্যৰ এক বিশেষ বৈশিষ্ট্য।


    (৬). যিকোনো সত্ৰীয়া নৃত্য পৰিবেশনত তাণ্ডৱ বা লাস্যৰ এটি ধাৰাত নৃত্য কৰাটো ইয়াৰ প্ৰধান বৈশিষ্ট্য। অৰ্থাৎ এখন নৃত্য প্ৰদৰ্শন কৰোঁতে তাণ্ডৱ বা লাস্য দুয়োটা ধাৰা একেলগে নাথাকে।


    (৭). অভিনয়যুক্ত নৃত্যৰ লগতো গীতৰ অভিনয়ৰ মাজত শুদ্ধ নৃত্য প্ৰদৰ্শন কৰাটো সত্ৰীয়া নৃত্যৰ এটি বিশেষ বৈশিষ্ট্য।


    (৮). আন আন ভাৰতীয় শাস্ত্ৰীয় নৃত্য কিছুমানত অভিনয়যুক্ত নৃত্যত পদ চালনাৰ ওপৰত কম গুৰুত্ব দিয়া পৰিবৰ্তে সত্ৰীয়া নৃত্যত সম গুৰুত্ব দিয়া টো এই নৃত্যৰ আন এটা বিশেষ বৈশিষ্ট্য।


    (৯). সত্ৰীয়া নৃত্যৰ আন এটা প্ৰধান বৈশিষ্ট্য হৈছে যে এই নৃত্য পৰিবেশনত নৃত্য বিশেষ শিৰস্তান পৰিধান কৰাটো বাধ্যতামূলক।


    (১০). শুদ্ধ নৃত্য কৰোঁতে পৰিবেশন কৰ্তাৰ হাত বাহুৰ তলত থাকিব লাগিব।


       

    সামৰণি :

    ইয়াৰ উপৰিও সত্ৰীয়া নৃত্যত আৰু বহুতো বৈশিষ্ট্য সন্নিবিষ্ট হৈ আছে। যি সমূহে নৃত্য ধাৰাতিক অন্য ভাৰতীয় শাস্ত্ৰীয় নৃত্য (Indian classical dance) ৰ পৰা পৃথক বা নিজস্ব বৈশিষ্ট্যপূৰ্ণ শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্য্যদা প্ৰদান কৰে। আৰু যাৰ বাবে সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্য সমূহৰ তালিকাত এটি বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আধুনিকতাৰ কবলত কিছুমান লোকৰ দ্বাৰা সত্ৰৰ আবেষ্টনিৰ বাহিৰত  সত্ৰীয়া নৃত্য যদিও কেতিয়াবা কেতিয়াবা বিকৃত ৰূপত প্ৰদৰ্শিত হৈছে, তথাপি অসমৰ সত্ৰ সমূহত কিন্তু আজিও পৰম্পৰাগত ভাৱে তথা (Sattriya Dance) সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য আৰু ইতিহাস অক্ষুণ্ণ ৰাখি প্ৰচলিত হৈ আহিছে।।

    Satriya dance, অসমীয়া নৃত্য
    ফটো : পল্লৱীকা বুঢ়াগোহাঁই (যোৰহাট)


    Author – Srimanta Borah

    নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

    Comments

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা ঢোল, পেঁপা, গগনা। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা Assamese musical instruments Dhol Bihu Pepa and Gagana হৈছে অসমীয়া জাতিৰ বাপুতি সাহোন বিহুত ব্যৱহাৰ কৰা তিনিটা মূখ্য বাদ্যযন্ত্ৰ। এই লেখাটিত ঢোল , বিহু পেঁপা আৰু গগণাৰ সম্পৰ্কে বিস্তৃত বৰ্ণনা কৰা হৈছে। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা : ঢোলৰ বিষয়ে : অসমীয়া লোক বাদ্য ঢোল হৈছে অসমীয়া জনজীৱনৰ লগত জড়িত  বাদ্য প্ৰকাৰ musical instruments সমূহৰ ভিতৰত অন্যতম লোকবাদ্য। লোকবিশ্বাস অনুসৰি এই বাদ্য টি কৈলাসৰ পৰা পাণ্ডুনন্দন পার্থই পৃথিৱীলৈ অনা বুলি বিশ্বাস কৰা হয়।অসমীয়া বাদ্যযন্ত্ৰ ঢোল assamese musical instruments dhol অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুৰ এক main musical instrument মুখ্য বাদ্য। এই ঢোলৰ অবিহনে অসমীয়া জাতিয়ে আনন্দ ৰঙৰ উৎসৱ স্বৰূপ ৰঙালী বিহু rongali bihu পালন কৰা অসম্ভৱ। ঢোলৰ প্ৰকাৰ : ঢোলৰ প্ৰকাৰ   বুলিলে দেখা যায় যে অসমৰ ভিন্ন ভিন্ন প্ৰান্তত প্ৰচলিত ঢোল বাদ্য টিক আকাৰ আৰু বজোৱা আনুষ্ঠানিক প্ৰদ্ধতি অনুসৰি মূলতঃ  ৪ চাৰিটা ভাগত ভাগ কৰা হ...