সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য আৰু ইতিহাস
পৰিচয়:
সত্ৰীয়া নৃত্যৰ উৎপত্তি বা সত্ৰীয়া নৃত্যৰ ইতিহাস :
পঞ্চদশ শতিকাৰ শেষভাগত অথবা ষোড়শ শতিকাৰ প্ৰাৰম্ভণিত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰে। ইয়াতেই ঈশ্বৰৰ গুণ, লীলা, মহাত্মাক জনমানসত পৰিচয় কৰিবলৈ নৃত্য,নাট্যৰ পাতনি মেলে।
প্ৰথমে চিহ্নযাত্ৰা নামৰ নাট্যাভিনয়ৰ দ্বাৰা এই নৃত্য ধাৰাতিৰ আৰম্ভ কৰিছিল যদিও চিত্ৰ অংকন কৰা বহু পৰিমাণে ব্যয়বহুল আৰু অশেষ কষ্টকৰ হোৱাৰ বাবে চিত্ৰ পটৰ পৰিবৰ্তে কাহিনী, সংলাপ আৰু নৃত্য গীত বাদ্য আদিৰ সংযোগ কৰি অন্য এক শ্ৰেণীৰ নাট সৃষ্টি কৰে।যাক বৰ্তমান অংকীয়া নাট হিচাপে জনা যায়।
শংকৰদেৱে ভাৰতীয় আন আন ঐশ্বৰ্যশালী নৃত্য নাট্য সমূহৰ লগত স্হানীয় উপাদানৰ সংযোগ কৰি এই অংকীয়া নাটৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে এই শ্ৰেণীৰ নাটকত নৃত্য- গীতৰ প্ৰাধান্য বেছি। সেয়েহে, এই অংকীয়া নাটৰ আধাৰতেই সত্ৰীয়া নৃত্য ৰ উৎপত্তি হয়।
সত্ৰীয়া নৃত্য কাক বোলে :
সত্ৰীয়া নৃত্য কাক বোলে বুলিলে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তাৰাৰ প্ৰিয় শিষ্য মাধৱদেৱে সত্ৰানুষ্ঠান নিৰ্মাণ কৰি ঈশ্বৰ উপাসনাৰ বাবে অংকীয়া নাটক মূল হিচাপে লৈ যি সমূহ নৃত্য সৃষ্টি কৰিছিল, তাকেই সত্ৰীয়া নৃত্য বুলি অভিহিত কৰিব পাৰি।
সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য :
সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য ফালৰ পৰা মন কৰিলে দেখা যায়,বৰ্তমান ভাৰতীয় স্বীকৃতি প্ৰাপ্ত শাস্ত্ৰীয় নৃত্য সমূহৰ দৰে সত্ৰীয়া নৃত্যৰো কিছুমান নিজস্ব বৈশিষ্ট্য আছে। শাস্ত্ৰীয় নৃত্য হিচাপে সত্ৰীয়া নৃত্যত বিভিন্ন সমলৰ উপাদান থাকিলেও সত্ৰীয়া নৃত্য নিজস্ব প্ৰদ্ধতিৰে সু-সজ্জিত ।
সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য সমূহ হ'ল :
(১). সত্ৰীয়া নৃত্যত ওৰাই মূখ্য স্হান লাভ কৰে। এই ওৰা ভাৰতীয় আন কিছুমান শাস্ত্ৰীয় নৃত্যত আছে যদিও সত্ৰীয়া নৃত্যৰ দৰে মূখ্য নহয় বা ওৰা সত্ৰীয়া নৃত্যৰ এটি বিশেষ বৈশিষ্ট।
(২). নৃত্য পৰিবেশন কৰোঁতে শৰীৰটি উদ্ধ আৰু অদ্ধ কৰি উলাহি থকাটো সত্ৰীয়া নৃত্যৰ আন এটা বিশেষ বৈশিষ্ট।যিটো প্ৰায় সংখ্যক শাস্ত্ৰীয় নৃত্যৰ লগত নিমিলে।
(৩).শৰীৰৰ ভাৰসাম্য উদ্ধমূখী কৰি নৃত্য প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য।যি প্ৰদ্ধতি ভাৰতীয় আন শাস্ত্ৰীয় নৃত্য সমূহত দেখা পোৱা নাযায়।
(৪).এই নৃত্যৰ আন এটি বৈশিষ্ট্য হ'ল হস্ত চালনাৰ লগে লগে একেফালে শৰীৰ চালন কৰা। অৰ্থাৎ যি দিশত নৃত্যকাৰে হাত নিব সেই দিশেই শৰীৰটিও যায়।
(৬). যিকোনো সত্ৰীয়া নৃত্য পৰিবেশনত তাণ্ডৱ বা লাস্যৰ এটি ধাৰাত নৃত্য কৰাটো ইয়াৰ প্ৰধান বৈশিষ্ট্য। অৰ্থাৎ এখন নৃত্য প্ৰদৰ্শন কৰোঁতে তাণ্ডৱ বা লাস্য দুয়োটা ধাৰা একেলগে নাথাকে।
(৭). অভিনয়যুক্ত নৃত্যৰ লগতো গীতৰ অভিনয়ৰ মাজত শুদ্ধ নৃত্য প্ৰদৰ্শন কৰাটো সত্ৰীয়া নৃত্যৰ এটি বিশেষ বৈশিষ্ট্য।
(৮). আন আন ভাৰতীয় শাস্ত্ৰীয় নৃত্য কিছুমানত অভিনয়যুক্ত নৃত্যত পদ চালনাৰ ওপৰত কম গুৰুত্ব দিয়া পৰিবৰ্তে সত্ৰীয়া নৃত্যত সম গুৰুত্ব দিয়া টো এই নৃত্যৰ আন এটা বিশেষ বৈশিষ্ট্য।
(৯). সত্ৰীয়া নৃত্যৰ আন এটা প্ৰধান বৈশিষ্ট্য হৈছে যে এই নৃত্য পৰিবেশনত নৃত্য বিশেষ শিৰস্তান পৰিধান কৰাটো বাধ্যতামূলক।
(১০). শুদ্ধ নৃত্য কৰোঁতে পৰিবেশন কৰ্তাৰ হাত বাহুৰ তলত থাকিব লাগিব।
সামৰণি :
ইয়াৰ উপৰিও সত্ৰীয়া নৃত্যত আৰু বহুতো বৈশিষ্ট্য সন্নিবিষ্ট হৈ আছে। যি সমূহে নৃত্য ধাৰাতিক অন্য ভাৰতীয় শাস্ত্ৰীয় নৃত্য (Indian classical dance) ৰ পৰা পৃথক বা নিজস্ব বৈশিষ্ট্যপূৰ্ণ শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্য্যদা প্ৰদান কৰে। আৰু যাৰ বাবে সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্য সমূহৰ তালিকাত এটি বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আধুনিকতাৰ কবলত কিছুমান লোকৰ দ্বাৰা সত্ৰৰ আবেষ্টনিৰ বাহিৰত সত্ৰীয়া নৃত্য যদিও কেতিয়াবা কেতিয়াবা বিকৃত ৰূপত প্ৰদৰ্শিত হৈছে, তথাপি অসমৰ সত্ৰ সমূহত কিন্তু আজিও পৰম্পৰাগত ভাৱে তথা (Sattriya Dance) সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য আৰু ইতিহাস অক্ষুণ্ণ ৰাখি প্ৰচলিত হৈ আহিছে।।
ফটো : পল্লৱীকা বুঢ়াগোহাঁই (যোৰহাট) |

Comments
Post a Comment