Skip to main content

সত্ৰীয়া নৃত্যৰ তিনি ভাগ

 সত্ৰীয়া নৃত্যৰ তিনি ভাগ

সত্ৰীয়া নৃত্যৰ তিনি ভাগ





পৰিচয় :

সত্ৰীয়া নৃত্য হৈছে অসমৰ শাস্ত্ৰীয় নৃত্য। ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ ভিতৰত সত্ৰীয়া নৃত্যই অন্যতম স্হান লাভ কৰিবলৈ সক্ষম হৈছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই নৃত্য ৰাজিৰ সৃষ্টি কৰিছিল।  সত্ৰীয়া নৃত্যৰ তিনি ভাগ বুলিলে নৃত্য ধাৰাটিত পৰিবেশন কৰা ৰীতি অনুসৰি অংশ সমূহক বুজা যায়।


    সত্ৰীয়া নৃত্যৰ তিনি ভাগ :

    সত্ৰীয়া নৃত্যৰ তিনি ভাগ বুলিলে সাধাৰণতে বুজা যায় যে একোটা নৃত্য তিনিটা অংশৰ দ্বাৰা গঠিত। অৰ্থাৎ সৰহ সংখ্যক সত্ৰীয়া নৃত্য পৰিবেশন শৈলী গঠন ৰীতিত তিনিটা অংশ দেখা পোৱা যায়। সেই তিনিটা হৈছে- 
    • ৰামদানি অংশ।
    • গীতৰ অংশ।
    • মেলা অংশ।

    ৰামদানি অংশ :

    ৰামদানি মানে হৈছে ভগৱান ৰাম, কৃষ্ণক উদ্দেশ্য কৰি অৰ্চনা তথা বন্দনা জনাই আৰম্ভ কৰা নৃত্যৰ প্ৰথম অংশ।যাক কোৱা হয় ৰামদানি। সত্ৰীয়াত কোনো এখন বিশেষ নৃত্যৰ প্ৰাৰম্ভিকতে ৰাম বা কৃষ্ণক বিশেষ ভাৱে কিছুমান বিশেষ নৃত্যৰ দ্বাৰা অৰ্চনা কৰাৰ লগতে বন্দনা কৰা হয়। সেয়েহে,ৰাম-কৃষ্ণক অৰ্চন আৰু বন্দন কৰি আৰম্ভ কৰা নৃত্য অংশ টিকেই ৰামদানি বোলা হয়।

    অসমৰ সত্ৰ ভেদে এই ৰামদানিৰ সংখ্যা ভিন্ন ভিন্ন যদিও কমলাবাৰী সত্ৰৰ মতে নাদুভঙ্গী নৃত্যৰ ৰামদানি, ঝুমুৰা নৃত্যৰ চাৰি খন ৰামদানি,চালি নাচৰ ১২ খন ৰামদানি শুদ্ধ চালি আৰু ৰজাঘৰীয়া চালি একেলগে ইত্যাদি। উল্লেখযোগ্য যে এই ৰামদানি অংশত নৃত্য কৰোঁতে কোনো ধৰণৰ গীত ব্যৱহাৰ নহয়। ইয়াৰ বিপৰীতে কেৱল হস্ত আৰু বিভিন্ন ভঙ্গীমাৰে নৃত্য নচা হয়।এই অংশত অভিনয় আদিৰ প্ৰয়োগ নহয়।তাল আৰু লয়ৰ সহায়ত এই অংশ নৃত্য পৰিবেশন কৰা হয় বাবে ই কেৱল তালাশ্ৰয়ী নৃত্য।


    গীতৰ অংশ :

    ৰামদানি অংশৰ নৃত্য শেষ হোৱাৰ লগে লগে গীতৰ অংশ আৰম্ভ হয়। গায়ন সকলে গীত গায় আৰু বায়ন সকলে গীতৰ লগত মিলাই ঘাট বা বাজনা বজায়। নৃত্যকাৰ সকলে বাজনাৰ লগত মিলাই ভিন্ন ভঙ্গীৰে নৃত্য কৰে। গীতৰ অৰ্থৰ লগত খাপ খোৱাকৈ কেতিয়াবা কেতিয়াবা নৃত্য শিল্পী সকলে অভিনয় কৰে।


    গীতৰ অংশত সাধাৰণতে শংকৰদেৱ, মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত বা অংকীয়া নাটৰ গীত সমূহ পৰিবেশন বিধি অনুযায়ী পৰিবেশন কৰা হয়। যি খন নৃত্যৰ লগত যি টো গীত পৰিৱেশন কৰাৰ নিয়ম সেই অনুসৰি গীত গোৱা হয় আৰু বায়ন সকলে সেই গীতৰ লগত মিলাই ঘাট বা বাজনা সমূহ বজায়। এই অংশত অভিনয়ক বৰ্তমান মূখ্য স্হান দিয়া দেখা যায়।

    মেলা অংশ :

    সত্ৰীয়া নৃত্যত গীতৰ নাচৰ শেষত মেলা নাচ আৰম্ভ হয়।এই অংশত গীত ব্যৱহাৰ নহয়। কেৱল বাজনাত নৃত্য সম্পন্ন হয়। সাধাৰণতে মেলা অংশ নৃত্য একতাল বা চুতা তালত আৰম্ভ হৈ পৰিতাল,একতাল আদিত শেষ হয়।এই অংশত গীতৰ পৰিবৰ্তে গামান, সচাঁৰ আৰু ভাঙনি আদি দেখা যায়। নৃত্যকাৰ সকলে কেৱল হস্ত আৰু ভঙ্গীমাৰে নৃত্য কৰে।


    উল্লেখযোগ্য যে নাদুভঙ্গী বা ভোজন বেহাৰ আদি কিছুমান সত্ৰীয়া নৃত্যত এই মেলা অংশ নাই।মেলা অংশ নৃত্যৰ এক বিশেষ বৈশিষ্ট্য হৈছে এই অংশত লয় ৰামদানি বা গীতৰ অংশতকৈ কিছু দ্ৰুত গতিত চলে। কিছু কিছু নৃত্যত এই মেলা অংশত মাটি আখৰাৰ খৰ,লন আদিও ব্যৱহাৰ কৰা দেখা যায়।

    সামৰণি :

    মহাপুৰুষ গুৰু দুজনাৰ অপূৰ্ব সৃষ্টি অসমৰ সত্ৰীয়া নৃত্য অসমীয়া নৃত্য ভাণ্ডাৰলৈ এক অমূল্য অৱদান। বৰ্তমান সত্ৰৰ আবেষ্টনিৰ বাহিৰৰ কিছু কিছু শিল্পীয়ে এই নৃত্য ধাৰাতিৰ পৰম্পৰা আৰু ঐতিহ্যক ব্যাঘাত কৰিবলৈ কৰা চেষ্টা সচাঁকৈ দুখজনক। যিহেতু, এই নৃত্য ধাৰাতিৰ লগত জড়িত হৈ আছে গুৰু দুজনাৰ অপৰিসীম ত্যাগ আৰু অসমীয়া জাতিৰ গৌৰৱ।সত্ৰীয়া নৃত্যৰ তিনি ভাগ অংশ প্ৰয়োজনীয় নৃত্য সমূহত প্ৰয়োগ নকৰি সৃষ্টিৰ নামত অবাঞ্চিত ভাৱে পৰিবেশন কৰা নৃত্যই নিশ্চয় এই সত্ৰীয়া নৃত্যৰ প্ৰতি সংকট নমাই আনিব। সেয়েহে,এই দিশত নৃত্যৰসিক সকলৰ কৰণীয় অত্যন্ত গুৰুত্বপূৰ্ণ।।

    Author – Srimanta Borah

    নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

    Comments

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...