সত্ৰীয়া নৃত্য। উৎপত্তি আৰু ক্ৰমবিকাশ
পৰিচয় :
সত্ৰীয়া নৃত্য :
সত্ৰীয়া ৰীতি-নীতি তথা সত্ৰীয়া নৃত্য,গীত সমূহৰ লগতে সত্ৰীয়া সংস্কৃতিক সংৰক্ষণ কৰি প্ৰচাৰ আৰু প্ৰসাৰ কৰাত বদলা পদ্ম আতাৰো অৰিহনা অপৰিসীম। কিয়নো, বদলা পদ্ম আতাৰ যোগেদিয়েই অসমৰ সত্ৰ সমূহে সত্ৰীয়া নৃত্য, গীত, বাদ্য সকলো ক'লা সংস্কৃতিৰ স্বাদ লভিবলৈ সক্ষম হৈছিল। পাছত এই সত্ৰ সমূহৰ পৰাই ভকত বৈষ্ণৱ সকলৰ যোগে অসমৰ গাঁৱে-গাঁৱে,চহৰে-নগৰে সকলোতে বিয়পি পৰে। সত্ৰৰ দ্বাৰা সংৰক্ষিত হৈ সত্ৰৰ দ্বাৰা প্ৰচাৰ আৰু প্ৰসাৰিত কাৰণেও এই নৃত্য ধাৰাতিক সত্ৰীয়া নৃত্য বোলা হয়।
সত্ৰীয়া নৃত্যৰ উৎপত্তি :
পঞ্চদশ শতিকাৰ শেষভাগত গুৰুজনাই নাট ভাওনাৰ মাধ্যমেৰে সত্ৰীয়া নৃত্য ধাৰাৰ সূচনা কৰে। প্ৰথমে চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা এই নৃত্য ধাৰাতিৰ প্ৰাৰম্ভ কৰে।এই চিহ্নযাত্ৰা নাট খনিকেই শংকৰদেৱৰ সংলাপ বিহীন নাটক হিচাপে জনা যায়। চিহ্নযাত্ৰা নাট্যাভিনয় সফল হৈছিল যদিও বাৰে বাৰে চিত্ৰ অংকন কৰাটো যথেষ্ট ব্যয়বহুল আৰু কষ্টকৰ হোৱাৰ কাৰণে চিত্ৰ অংকন পদ্ধতি পৰিহাৰ কৰি সংলাপ, নৃত্য-গীত, বাদ্যৰ সহায়ত পূৰ্ণাংগ কাহিনী সমৃদ্ধ নাটৰ সৃষ্টি কৰে।যি সমূহক অংক,যাত্ৰা,নাট আদি নামেৰে অভিহিত কৰা হৈছিল। বৰ্তমান সেই নাট সমূহকেই অংকীয়া নাট হিচাপে আখ্যা দিয়া হয়।
ভাৰতীয় নৃত্য-নাট্যৰ ঐশ্বৰ্যশালী সম্পদ সমূহৰ লগতে দেশীয় বা স্থানীয় উপাদান সংযোগ কৰি এই অংকীয়া নাটৰ সৃষ্টি কৰা হৈছিল। অংকীয়া নাট সমূহ যদিও নাটক হিচাপে আখ্যায়িত তথাপি ইয়াত নৃত্য গীতৰ ব্যৱহাৰ আৰু প্ৰাধান্য বহু পৰিমাণে দেখা যায়। এনেদৰেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট ভাওনাৰ আধাৰতেই সত্ৰীয়া নৃত্যৰ উৎপত্তি হয়।
সত্ৰীয়া নৃত্যৰ ক্ৰমবিকাশ :
ঝুমুৰা বা অংকীয়া নাট ভাওনা সমূহত ব্যৱহিত নৃত্য সমূহৰ বাদেও মহাপুৰুষ মাধৱদেৱে এক নতুন শ্ৰেণীৰ নৃত্য ধাৰাৰ সৃষ্টি কৰে।যেনে ঝুমুৰা নৃত্য,চালি নৃত্য ইত্যাদি সমূহ। এই নৃত্য বা নাচ সমূহ ভাওনাৰ নৃত্য সমূহৰ পৰা সম্পূৰ্ণ পৃথক আৰু কম সময় তথা আয়াসতে প্ৰদৰ্শন কৰিব পাৰি।যাৰ বাবে এই নৃত্য সমূহে অধিক জনপ্ৰিয়তা লাভ কৰে আৰু সত্ৰীয়া নৃত্য ধাৰাতিৰ বিকাশ পূৰ্ণগতিত আগবাঢ়ে।
খ্ৰীষ্টীয় সপ্তদশ শতিকাত অসমত বৈষ্ণৱ ধৰ্মৰ বিশেষ সম্প্ৰসাৰণ হয়।বৈষ্ণৱ ধৰ্মই লাহে লাহে অসমৰ চৌদিশে নিজৰ স্হিতি গঢ়িবলৈ সক্ষম হয়। অসমৰ ভিন্ন প্ৰান্তত সত্ৰ, নামঘৰ প্ৰতিষ্ঠা হয়।এই সত্ৰ বা নামঘৰ সমূহত অংকীয়া নাট ভাওনা আদিৰ লগতে সত্ৰীয়া নৃত্য গীত বাদ্য ইত্যাদি সমূহৰ প্ৰদৰ্শন হ'বলৈ ধৰে। এনেদৰেই সত্ৰীয়া নৃত্যৰ বিকাশৰ ধাৰা তীব্ৰতৰ হ'বলৈ ধৰে।
অসমীয়া জাতিৰ ধৰ্মীয় গুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ স্বৰ্গগামী হোৱাৰ পাছতে বিভিন্ন কাৰণত অসমৰ সত্ৰানুষ্ঠান সমূহ চাৰিটা বিশেষ গোটত বিভক্ত হয়। এই গোট কেইটাকেই সংহতি বোলা হয়। অৱশ্যে চাৰি সংহতিৰ এই সত্ৰানুষ্ঠান সমূহে নিজৰ নিজৰ অনুসৰি কিছুমান ৰীতি-নীতি মানি চলিবলৈ ধৰে যদিও কোনো কোনো সত্ৰই গুৰুদুজনাৰ সৃষ্টি সমূহৰ প্ৰচাৰৰ লগতে ভিন্ন প্ৰকাৰৰ সৰু সৰু নৃত্য বা বোলৰ সৃষ্টি কৰিছিল।যাৰ বাবে নৃত্য ধাৰাতিয়ে আৰু অধিক বিকাশ লাভ কৰিবলৈ সক্ষম হৈছিল।
আনহাতে,অসমৰ ভিন্ন প্ৰান্তত প্ৰতিষ্ঠিত নামঘৰ আদি সমূহত আয়োজিত বিভিন্ন ধৰ্মীয় অনুষ্ঠান সমূহত সত্ৰীয়া নৃত্য গীত বাদ্য সমূহৰ প্ৰচলন হবলৈ ধৰে। গাওঁ,চহৰ,নগৰ আদিত সত্ৰীয়া সংগীতৰ বিদ্যালয় স্থাপন হ'বলৈ ধৰে।
ক্ৰমান্বয়ে সত্ৰীয়া নৃত্য গীতৰ প্ৰচাৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত হ'বলৈ ধৰে।২০০০ চনত ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ মাজত সত্ৰীয়া নৃত্য ই নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে নৱপ্ৰজন্মৰ মাজত সত্ৰীয়া নৃত্য ধাৰাই অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰে আৰু এই নৃত্য শিক্ষাৰ প্ৰতি আগ্ৰহ পূৰ্বৰ তুলনাত বাঢ়িবলৈ ধৰে।
পূৰ্বতে সত্ৰ সমূহৰ লগতে অসমৰ গাঁৱে-ভূৱে,চহৰে-নগৰে স্হাপিত সত্ৰীয়া নৃত্য গীত বাদ্য আদিৰ সৰু সৰু বিদ্যালয় সমূহত এই নৃত্য ধাৰাতিৰ শিক্ষা চলি আহিছিল যদিও বৰ্তমান সত্ৰীয়া নৃত্যই স্বীকৃতি লাভ কৰাৰ পাছত অসমৰ বিশ্ববিদ্যালয় সমূহত পৰিৱেশ্য কলা বিভাগত বিষয় হিচাপে স্হান লাভ কৰে।যত বহুতো ছাত্ৰ-ছাত্ৰীয়ে এই শিক্ষা অধ্যয়ন কৰিবলৈ আৰু সূচল হৈ পৰে। এনেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা পঞ্চদশ শতিকাতে সৃষ্টি হোৱা সত্ৰীয়া নৃত্যই বিভিন্ন স্তৰৰ মাজেদি ক্ৰমবিকাশ লাভ কৰি আজিৰ অৱস্থাত উপনিত হ'বলৈ সক্ষম হৈছেহি।
সামৰণি :

বৰ সুন্দৰ
ReplyDeleteধন্যবাদ.... আমাৰ লেখা সমূহৰ পৰা যদি উপকৃত হৈছে, তেন্তে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব... ধন্যবাদ 🤗
Delete