অসমৰ খোল বাদ্যৰ বিভিন্ন অংগ সমূহ
পৰিচয় :
অসমৰ বাদ্য যন্ত্ৰ সমূহৰ ভিতৰত খোল বাদ্য হৈছে অসমীয়া ধৰ্মীয় অনুষ্ঠান আদিত ব্যৱহাৰ কৰা সবাতোকৈ প্ৰয়োজনীয় সংগীত বাদ্যযন্ত্ৰ musical instruments।যাক দেৱ বাদ্য বুলিও কোৱা হয়। আনহাতে,অসমৰ শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃত সত্ৰীয়া নৃত্য ৰ লগতো খোল বাদ্যৰ প্ৰয়োগ সবাতোকৈ বেছি। ইয়াৰ উপৰিও বৰগীত , ভাওনা আদিত এই বাদ্য টিৰ ব্যৱহাৰ কৰা হয়। খোল বাদ্যক আনদ্ধ বাদ্যৰ ভাগত ধৰা হয়।এই লেখাটিত অসমৰ খোল বাদ্যৰ বিভিন্ন অংগ সমূহ আৰু সেই সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
খোল বাদ্যৰ উৎপত্তি :
খোল বাদ্যৰ উৎপত্তি বিষয়ে বিভিন্ন চৰিত পুথি সমূহত বৰ্ণনা পোৱা যায়।যেনে-ৰামচৰণ ঠাকুৰকৃত চৰিত পুথিৰ মতে,বলৰাম আতৈ আসিয়া খোলৰ জোখক দিলা, ত্ৰয়োদশ আঙুল বাম ভাগে দাহিনে ন আঙুল কৈলা। ইয়াৰ উপৰিও গুৰু চৰিত পুথিৰ বৰ্ণনা টো পোৱা যায় যে কপিলীৰ জগন্নাথৰ দ্বাৰা মাটিৰে ডিমা সজোৱাই শালমৰাৰ মুচিয়াৰৰ হতুৱাই খোল চোৱাই গুৰুজনাই নিজে তাত সুৰ দিছিল।
আনহাতে,ৰাগ মালিতাত খোলৰ উৎপত্তি সম্পৰ্কে এনেদৰে বৰ্ণনা কৰা হৈছে যে- আসিলেক দেৱবাদ্য স্বৰ্গত ইন্দ্ৰৰ, পৃথিৱীক আনিলন্ত শ্ৰীমন্ত শংকৰ। মুঠতে এটা কথা অতি স্পষ্ট যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সত্ৰীয়া সংস্কৃতি আৰু ইয়াৰ লগত মিলাই ব্যৱহাৰ কৰিব পৰাকৈ খোল বাদ্যৰো সৃষ্টি কৰিছিল। সেয়েহে, শ্ৰীমন্ত শংকৰদেৱৰ হাততেই খোল বাদ্যৰ উৎপত্তি হৈছিল।
অসমৰ খোল বাদ্যৰ বিভিন্ন অংগ সমূহ :
এটা খোল বাদ্য বজাব পৰাকৈ হ'বলৈ হ'লে তাত বহুতো অংগ বা সামগ্ৰী প্ৰয়োজন হয়। লগতে খোল বাদ্য এটিৰ সম্পূৰ্ণ ভাগটি আন বহুতো উপভাগৰ দ্বাৰা গঠিত। সেই সামগ্ৰী বা খোল এটিৰ লগত সংলগ্ন হৈ থকা আন আন অংগ সমূহ হৈছে-
১. খোলা বা ডিমা। | ২. গৰ্ভমণি বা ঘেৰ। |
৩. বৰতি। | ৪. মলুৱা। |
৫. কাটনি চাল। | ৬. পুলি। |
৭. টিকনি। | ৮. ঘূণ। |
৯. দাইনা। | ১০. বায়া। |
১১. তালি। | ১২. মাজৰ তালি। |
খোলা বা ডিমা :
কাঠ বা মাটিৰে নিৰ্মিত খোলৰ মূখ্য শৰীৰ ভাগকেই খোলা বা ডিমা বোলা হয়।এই খোলা বা ডিমা টিৰ মাজৰ অংশ শকত কৰি ক্ৰমান্বয়ে দুয়োফালে মাজৰ অংশতকৈ সৰু আকৃতিৰ হয়।বায়া ফাল টি অৱশ্যে মাজৰ অংশতকৈ কিছু সৰু হয় যদিও দাইনা ফালত কৈ যথেষ্ট ডাঙৰ বা বহল হয়।খোলৰ মূখ্য শৰীৰ বা ভাগটিক কঠাল,চাম কঠাল,আম আদি কাঠেৰে সজা হয়। পূৰ্বতে মাটিৰে নিৰ্মিত খোলৰ প্ৰচলন আছিল যদিও বৰ্তমান আধুনিক সময়ত খুব কমকৈ মাটিৰে নিৰ্মিত খোল দেখা যায়।
গৰ্ভমণি বা ঘেৰ :
এটা খোল বাদ্যৰ সম্পূৰ্ণ আকাৰ টিক সমানে ভাগ কৰি বাওঁ ফালৰ বায়া ফালৰ পৰা পুনৰ দুভাগত ভগাই অৰ্থাৎ খোলাটোৰ এক তৃতীয়াংশ ঠাইত কলা বা ৰঙচুৱা ৰঙৰ যি চিহ্ন গোলাকাৰে অংকন কৰা হয়, সেই অংশ খিনিকেই খোল এটিৰ গৰ্ভমণি বা ঘেৰ বোলা হয়।
বৰতি :
খোল এটিৰ শৰীৰৰ অংশত বায়া আৰু দাইনাক সংযোগ কৰি ৰাখিবলৈ সৰু সৰু চামৰাৰ যি ৰছী ব্যৱহাৰ কৰা হয়, তাকেই বৰতি বোলা হয়। এই বৰতি খোলৰ বাবে অন্যতম অপৰিহাৰ্য সামগ্ৰী।
মলুৱা :
খোলৰ বায়া আৰু দাইনা দুয়োফালে হাতেৰে বজোৱা অংশৰ ঠিক ওপৰতে ঘূৰণীয়া আকৃতিৰ বৰতীৰে পাক লগাই ওখকৈ গুঠি তৈয়াৰ কৰা বান্ধোনক মলুৱা বুলি কোৱা হয়।
কাটনি চাল :
মলুৱাৰ লগত সংলগ্ন বগা চামৰাৰ চাল খনেই হল কাটনি চাল।যি সৰহ অংশ মলুৱাত সোমাই থকাৰ বিপৰীতে কিছু অংশ হাতেৰে বজোৱা ঘূণৰ চাৰিওফালে বগা অংশৰ ওপৰত ঘূৰণীয়াকৈ ওলাই থাকে।
পুলি :
খোল এটিৰ দুয়ো ফালৰ তালি অংশক খোলা টোৰ লগত বান্ধিব পৰাকৈ যি সমূহ সৰু ফুটা কৰা হয়, সেই সমূহকে পুলি বোলে। এই পুলি সমূহৰ মাজেৰেই বৰতি ভৰাই দুয়ো তালিক বান্ধি ৰখা হয়।
টিকনি :
বৰতিৰ দ্বাৰা মলুৱা বান্ধি হোৱাৰ পাছত বাঢ়ি যোৱা বৰতিৰ অংশ সমূহক এক প্ৰকাৰৰ ঘূৰণীয়াকৈ সৰুকৈ মেৰিয়াই, তাৰ মাজেৰে গামোচা বা অনান্য ৰছী সোমোৱাই ডিঙিত খোল বাদ্য টি ওলমাই লব পৰাকৈ যি আকৃতি গঢ়ি তোলা হয়, তাকেই টিকনি বোলে।
ঘূণ :
খোল বাদ্যৰ দুয়োফালে হাতেৰে বজোৱা কলা অংশ খিনিকেই ঘূণ বোলে।লোহাৰৰ গুড়ি ভিন্ন প্ৰকাৰৰ আঠাৰ সহায়ত বিশেষ ধৰণে বজোৱা চাল অংশত লগোৱা হয়।
দাইনা :
খোলৰ সোফালৰ সৰু তালিৰ অংশটোক দাইনা বোলা হয়।
বায়া :
খোলৰ বাওঁফালৰ বহল তালিৰ অংশটোক বায়া বোলে।
তালি :
খোলৰ যি অংশত হাতৰ আঙুলিৰে আঘাত কৰি বাজনা বজোৱা হয় , সেই অংশকেই তালি বোলা হয়।
মাজৰ তালি :
ঘূণৰ দ্বাৰা আবৃত কলা অংশ আৰু কাটনি চালৰ মাজত থকা বগা অংশ খিনিকেই মাজৰ তালি বোলা হয়।
সামৰণি :
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্টি অসমৰ খোল বাদ্যৰ বিভিন্ন অংগ সমূহ different parts of khol badya যি একোটা সম্পূৰ্ণ খোলত সংলগ্ন হৈ থাকে। এই অংগ সমূহৰ দ্বাৰাই খোল নিৰ্মাণ হয়। বৰ্তমান সময়ত প্ৰাশ্চাত্য বাদ্য যন্ত্ৰৰ প্ৰতি নৱপ্ৰজন্মৰ যি আগ্ৰহ, সেই একে আগ্ৰহ যদি অসমীয়া জাতীয় গুৰু শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট খোল বাদ্যৰ প্ৰতি হয়, তেন্তে গুৰুজনাৰ সৃষ্টিৰাজি হেৰাই নাযাব নিশ্চয়। কেৱল ভাওনা সংস্কৃতিৰ বাবেই প্ৰয়োজনীয় দুই এখন বাজনা শিকাৰ পৰিবৰ্তে সুনিপুণ গুৰুৰ ওচৰত সম্পূৰ্ণ শিক্ষাৰ আয়ত্ব কৰি লৈ খোল বাদ্যৰ শিক্ষা ললেহে বাদ্য ভাগিৰ লগতে বাজনা সমূহ সংৰক্ষিত হৈ থাকিব।।

Comments
Post a Comment