অসমীয়া জাতিৰ শিৰৰ মুকুট নামঘৰ
পৰিচয় :
নামঘৰ কি ? :
নামঘৰ কি? বুলিলে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ উদ্দেশ্যে প্ৰতিষ্ঠিত এটি গৃহ। য'ত আধ্যাত্মিক নৃত্য, নাট্য, গীত আদি ক'লা সংস্কৃতিৰ চৰ্চা কৰাৰ লগতে অনেক মাংগলিক উৎসৱাদি পালন কৰাৰ উপৰিও সমাজ একোখনৰ বিভিন্ন ধৰণৰ আলাপ আলোচনা,বাদ বিবাদ সমাধান আদিও কৰা হয়।নামঘৰৰ উৎপত্তি :
আনহাতে, নামঘৰ উৎপত্তি সম্পৰ্কে ড° লক্ষীনন্দন বৰাদেৱে তেখেতৰ গ্ৰন্থ 'যাকেৰি নাহিকে উপাম' নামৰ গ্ৰন্থত প্ৰকাশ কৰিছে যে শংকৰদেৱে মহেন্দ্ৰ কন্দলী টোলত শিক্ষা সাং কৰি গৃহলৈ অহাত বংশ পৰিয়ালৰ লোক তথা গাঁৱৰ ৰাইজে তাৰাৰ মুখপদ্মৰ পৰা প্ৰভূ ভগৱন্তৰ গুণ মহিমা শুনিবলৈ অহা লোকেৰে তাৰাৰ মাৰল গৃহত বহিবলৈ ঠায়ে নোযোৰা হোৱাত এটি আহল বহল মুকলি ঘৰৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত কৰিলে। ৰাইজৰ সহযোগত কীৰ্তন ঘৰৰ ভেঁটি বন্ধা হ'ল।পূৱ মূৰে উত্তৰা-দক্ষিণাকৈ মণিকূট নিৰ্মাণ কৰা হ'ল। এনেদৰেই এই উপাসনাৰ গৃহ নিৰ্মিত হ'ল আৰু এই গৃহ ভাগিয়েই হৰিমন্দিৰ, কীৰ্তন ঘৰ বা নামঘৰ নামেৰে অসমীয়া সমাজত পৰিচিত হৈ আহিছে।
নামঘৰৰ প্ৰধান অংগ সমূহ আৰু ইসমূহৰ নিৰ্মাণ প্ৰণালী :
শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা এটি পূৰ্ণাংগ নামঘৰৰ প্ৰধান অংগ সমূহ হৈছে-১. | মূলগৃহ বা কীৰ্তন ঘৰ। |
২. | মণিকূট। |
৩. | ছো-ঘৰ। |
৪. | বাট চ'ৰা বা কৰাপাট। |
মূলগৃহ বা কীৰ্তন ঘৰ :
নামঘৰৰ মণিকূটৰ ফালৰ পৰা প্ৰথম কোঠালীৰ খুটা যোৰৰ উত্তৰ ফালৰ খুটাটোক লাই খুটা বোলা হয়।যাক গুৰু খুটা বুলিও কোৱা হয়। কাৰণ এই খুটাত প্ৰতিষ্ঠিত আসনত গুৰুস্হানীয় ব্যক্তিয়ে আসন লয়। নামঘৰৰ এই মূলগৃহ ভাগতেই সদা-সব্বদা পালনীয় চৈধ্য প্ৰসংগ সমূহীয়া নাম-প্ৰসঙ্গ,নাট-ভাওনা আদিৰ প্ৰদৰ্শন কৰা হয়।
মণিকূট :
আমহী ঘৰ ভাগত ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধৰ সাৰ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা 'গুণমালা' পুথি ভাগি শ্ৰদ্ধা আৰু ভক্তি সহকাৰে প্ৰতিষ্ঠা কৰা হয়।সত্য,শৌচ, ক্ষমা আৰু দয়া ধৰ্মৰ এই চাৰি খুটিৰ আধাৰত আসনৰ চাৰিচৰণ,প্ৰতি চৰণৰ তলত উদ্ধক্ৰমত চাৰিটা কাছ আৰু তাৰ ওপৰত একোটাকৈ হাতী যাৰ ওপৰত একোটাকৈ সিংহ ক্ষোদিত কৰা হয়। ইয়াৰ তাৎপৰ্য হ'ল সংযমৰ প্ৰতীক কাছই ভক্ত সকলক ইন্দ্ৰিয় দমণ কৰি সংযম হৈ ভকতি কৰাৰ কথা সূচাইছে। আনহাতে,পাপ আৰু অহংকাৰৰ প্ৰতীক মন মাতংগ হস্তীক নামৰূপী সিংহই দমন কৰি মুক্তি দিয়াৰ কথা সূচায়। সেয়েহে,ভক্ত সকলে মনৰ সকলো আশা আকাংক্ষা মায়া মোহ আঁতৰ কৰি দশইন্দ্ৰিয় দমণৰ দ্বাৰা হৰি গুণ নাম শ্ৰৱণ কীৰ্তনৰ জৰিয়তে বশ কৰি ভগৱন্তৰ চৰণত আশ্ৰয় লৈ ভক্তি কৰি মুক্তি লভিবলৈ যত্ন কৰিব লাগে।
ছো-ঘৰ :
ছো-ঘৰ হ'ল নামঘৰৰ আন এটি মূখ্য অংগ।এই ঘৰ টি বিশেষকৈ নামঘৰত অনুষ্ঠিত কৰা ভাওনা আদিৰ বাবে ভাৱৰীয়া সকলৰ সাজ-পোছাক আদিৰ বাবে ব্যৱহাৰ কৰা হয়। অৱশ্যে, আজিকালি নামঘৰৰ বিভিন্ন উৎসৱ আদিৰ বাবে ৰন্ধা বহা ইত্যাদি সমূহো এই ছো-ঘৰতেই সম্পাদন হয়।বাট চ'ৰা বা কৰাপাট :
নামঘৰৰ পশ্চিম দ্বাৰৰ দিশত নামঘৰলৈ সোমোৱাকৈ বাটৰ মূৰত এটি সৰু ঘৰ সজা হয়।এই সৰু ঘৰ ভাগিৰ নামেই হ'ল বাট চ'ৰা বা কৰাপাট।এই কৰাপাটতেই আমন্ত্ৰিত গুণী জ্ঞানী সজ্জন সকলক আদৰণি জনোৱা হয়।সামৰণি :
অসমীয়া জাতিৰ শিৰৰ মুকুট নামঘৰ হ'ল ঈশ্বৰপ্ৰেমী ধৰ্মপ্ৰাণ ভক্ত বৈষ্ণৱ সকলৰ মিলনৰ তীৰ্থভূমি।ইহকাল পৰকালত জীৱৰ শান্তি আৰু মুক্তিৰ বাবে একত্ৰিত হৈ ঈশ্বৰ ভগৱানৰ গুণানুকীৰ্তন কৰাৰ একমাত্ৰ কেন্দ্ৰস্থল। ইয়াৰ উপৰিও অসমীয়া জাতিৰ ক'লা সংস্কৃতি সাধনৰ নাট্যশাল এই নামঘৰ।এই নামঘৰৰ মজিয়াতে বিভিন্ন সামাজিক সমস্যা সমাধান, প্ৰতিৰোধ কৰি গ্ৰাম্য অঞ্চলত বিভিন্ন প্ৰকাৰৰ উন্নয়নমূলক কামৰ আঁচনি লৈ গাওঁ বা অঞ্চলটোৰ উন্নতি সাধন কৰিব পাৰি। মহাপুৰুষ জনাই মানৱ জীৱন উত্তৰণ ঘটাই এখন সুন্দৰ সমাজ গঢ়ি তোলাৰ আদৰ্শৰে যি নামঘৰ প্ৰতিষ্ঠা কৰিছিল, সেই আদৰ্শ শিৰোগত কৰি সমাজত ঐক্য-শান্তি আৰু প্ৰগতিৰ হকে নামঘৰৰ প্ৰতি মনোযোগ দিয়াটো আমাৰ পৰম কৰ্তব্য।।- আৰু পঢ়িব পাৰে- মহাপুৰুষীয়া শৰণ ৰীতি।

Comments
Post a Comment