Skip to main content

Posts

Showing posts with the label চৈধ্যপ্ৰসংগ

সত্ৰ সংহতি আৰু চৈধ্য প্ৰসংগ

 সত্ৰ সংহতি আৰু চৈধ্য প্ৰসংগ পৰিচয় :  সত্ৰ হৈছে এনে এক অনুষ্ঠান য'ত ভগৱানৰ গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তন আদিৰ দ্বাৰা সমাজৰ উন্নতিৰ হকে আধ্যাত্মিক তথা ধাৰ্মিক ভাৱধাৰাক ( religions of the world)  জনমানসত বিস্তাৰ কৰা হয়। আনহাতে,এই সত্ৰ সমূহত সত্ৰীয়া সংস্কৃতি যেনে সত্ৰীয়া নৃত্য ,গীত, বাদ্য, ভাওনা আদিৰ দ্বাৰা ভগৱন্তৰ লীলা সমূহ প্ৰচাৰ কৰি মূকুতিৰ পথ প্ৰশস্ত কৰা হয়।এই আলোচনাটিৰ জৰিয়তে সত্ৰ সংহতি আৰু চৈধ্য প্ৰসঙ্গ সমূহৰ বিষয়ে অৱগত হ'ব পাৰিম। সূচী পত্ৰ সত্ৰ কাক বোলে? : সত্ৰ মানে কি বা সত্ৰ বুলিলে কি বুজা বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু তাৰাসৱৰ অনুগামী বৈষ্ণৱ সন্ত সকলে একশৰণ ভাগৱতী নামধৰ্ম ( best religion in the world)  প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে কৃষ্ণ, বিষ্ণু ভগৱানৰ উপাসনা কৰিবৰ হেতু যিসমূহ ক্ষেত্ৰ বা থান স্হাপন কৰিছিল, তাকেই সত্ৰ বোলা হয়। সত্ৰৰ বিভাজন আৰু সংহতি গঠন  : সংহতি কি  বা সংহতি কাক বোলে বা সংহতিৰ অৰ্থ  হৈছে যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ প্ৰয়াণৰ পাছত বিভিন্ন কাৰণত নৱবৈষ্ণৱ ধৰ্মৰ...

অসমীয়া জাতিৰ শিৰৰ মুকুট নামঘৰ

অসমীয়া জাতিৰ শিৰৰ মুকুট নামঘৰ পৰিচয় : বৈষ্ণৱ ধৰ্ম তথা অসমীয়া জাতিৰ শিৰৰ মুকুট স্বৰূপ ' নামঘৰ ' অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ।এই নামঘৰ বাদ দি এখন সুস্হ অসমীয়া সমাজ মুঠেই আশা কৰিব নোৱাৰি। নৱবৈষ্ণৱ ভক্তি ধৰ্মৰ গুৰি ধৰোতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া জাতীয় জীৱনৰ ধৰ্মীয়, সামাজিক তথা ক'লা-সংস্কৃতিৰ উত্তৰণৰ মহান উদ্দেশ্য লৈ নামঘৰ প্ৰতিষ্ঠা কৰিছিল।এই লেখাটিৰ জৰিয়তে অসমীয়া জাতিৰ শিৰৰ মুকুট নামঘৰ আৰু ইয়াৰ আধ্যাত্মিক দৰ্শনৰ লগতে বিভিন্ন অংগ সমূহৰ বিষয়ে আলোচনা কৰা হৈছে। সূচী পত্ৰ নামঘৰ কি ? : নামঘৰ কি ? বুলিলে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ উদ্দেশ্যে প্ৰতিষ্ঠিত এটি গৃহ। য'ত আধ্যাত্মিক নৃত্য, নাট্য, গীত আদি ক'লা সংস্কৃতিৰ চৰ্চা কৰাৰ লগতে অনেক মাংগলিক উৎসৱাদি পালন কৰাৰ উপৰিও সমাজ একোখনৰ বিভিন্ন ধৰণৰ আলাপ আলোচনা,বাদ বিবাদ সমাধান আদিও কৰা হয়। নামঘৰৰ উৎপত্তি : নামঘৰ সৃষ্টি বা উৎপত্তি সম্পৰ্কে অসমীয়া সমাজত ভকত বৈষ্ণৱ সকলৰ মাজত মতভেদ দেখা যায়। অৱশ্যে বিভিন্ন জন সমাজৰ অনুকৰণীয় ব্যক্তিয়ে ...