শৰণ মানে কি ?:
শৰণৰ সংজ্ঞা বা শৰণ মানে কি? বুলিলে একে এষাৰতে ক'ব পাৰি যে শৰণ হৈছে ভক্তি জগতৰ মূল প্ৰৱেশ দ্বাৰ। বিভিন্ন সন্ত-মহন্ত,ভকত বৈষ্ণৱ তথা পণ্ডিত সকলে শৰণৰ সংজ্ঞা ভিন্ন ভাৱে আগবঢ়োৱা দেখা যায়। শ্ৰী শ্ৰী তীৰ্থনাথ গোস্বামী দেৱৰ মতে শৰণৰ 'শ' শব্দই আত্মা, 'ৰ' শব্দই বেগ অৰ্থাৎ গতি আৰু 'ণ' শব্দই জ্ঞান বা চৈতন্য বুজায়। অৰ্থাৎ সদ গুৰুৰ সহায়ত জীৱ, আত্মা আৰু পৰমাত্মাৰ জ্ঞান লাভ কৰি আত্মাৰ মুক্তিৰ হকে ঈশ্বৰৰ চৰণত আশ্ৰয় লোৱাকে শৰণ বোলা হয়।
শৰণৰ লক্ষ্য আৰু উদ্দেশ্য :
এজন সদ গুৰুৰ সহায়ত পৰমাত্মাৰ জ্ঞান লাভ কৰি গুৰু,দেৱ,নাম,ভকতৰ পৰিচয় আহৰণ কৰি ৰিপু সমূহক দমন আৰু দশ ইন্দ্ৰিয়ক পৰাভূত কৰি কায় বাক্য মনে ভগৱানৰ চৰণত শৰণ লৈ পূৰ্ণ জীৱন নিৰ্বাহৰ লগতে আত্মাৰ মুক্তি পথ সুগম কৰাটোৱেই হ'ল শৰণৰ মূল লক্ষ্য আৰু উদ্দেশ্য।যাৰ দ্বাৰা মানুহে প্ৰকৃত সত্যক উপলব্ধি কৰাৰ লগতেআধ্যাত্মিক জগতৰ লগতো পৰিচয় হয়।
ঈশ্বৰত শৰণ কিয় ল'ব লাগে ?:
ঈশ্বৰৰ চৰণত শৰণ কিয় ল'ব লাগে ? যিহেতু নাস্তিক সকলে প্ৰশ্ন কৰে , ঈশ্বৰ যদি আছে তেন্তে কিয় দেখা পোৱা নাযায়! এই প্ৰশ্নটিৰ উত্তৰত স্বামী বিবেকানন্দই কৈছিল যে আকাশত তৰা বিলাক সদায় উলাই থাকে। কিন্তু দিনৰ আকাশত দেখা পোৱা নাযায়। সেইবুলি ক'ব জানো পাৰি আকাশত তৰা নাই বুলি! যিদৰে সূৰ্য অস্ত গ'লে আকাশত তৰা বিলাক দেখিবলৈ পোৱা যায়,ঠিক তেনেদৰে আমাৰ মনৰ পৰা মায়া মোহ দূৰ কৰিব পাৰিলেই ঈশ্বৰক দৰ্শন পোৱা যায়।
ঈশ্বৰ ভগৱানৰ সম্পৰ্কত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কৈছে- "স্ৰষ্টাৰো স্ৰষ্টা তুমি সৰ্বদ্ৰষ্টা উদ্ধাৰি ধৰিলা ভূমি।জীৱৰ নিয়ন্তা পৰম আত্মা মৃত্যুৰো অন্তক তুমি।।" আনহাতে, মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে - "প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ।সমস্তৰে আত্মা হৰি পৰম বান্ধৱ।।" গতিকে,এই পদ বা ঘোষা কেইফাকিৰ দ্বাৰা ঈশ্বৰ যে সকলোতে বিৰাজমান হৈ পৰমাত্মা ৰূপে স্হিতি লৈ আছে, সেইয়া সুস্পষ্ট ভাৱে দেখা পোৱা যায়।
সেয়েহে,সেইজনা প্ৰকৃতি পুৰুষ নিয়ন্তা,দুখ সুখৰ গৰাকী , সৃষ্টি স্হিতি তথা প্ৰলয়ৰ অধিকাৰী অনন্ত ঈশ্বৰৰ চৰণত মানৱ শৰীৰ আৰু আত্মাৰ মুক্তিৰ হকে কায় বাক্য মনে শৰণ ল'ব লাগে। আধ্যাত্মিক দৰ্শনৰ পৰা চালে দেখা যায় যে এই মায়াময় ক্ষন্তেকীয়া জীৱন পথত ঈশ্বৰৰ চৰণত শৰণ লৈ মুক্তি পথ সুগম কৰিবলৈ শৰণ ল'ব লাগে।
শৰণ কেতিয়া ল'ব লাগে ? :
শৰণ কেতিয়া বা কিমান বয়সত ল'ব লাগে , এই সম্পৰ্কে কোনো নিয়ম নাই যদিও শৰণৰ ৰীতি-নীতি সমূহৰ বিষয়ে জানি সেই সমূহ মানিব পৰা অৱস্থাত ল'ব পাৰিলে উপযোগী হয়।ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱই পাচ বছৰ বয়সতে হৰি চৰণত শৰণ লৈ শ্ৰেষ্ঠ বৈষ্ণৱৰ শাৰীত স্হান লাভ কৰাৰ কথা ভাগৱত শাস্ত্ৰত উল্লেখ আছে।এই শৰণৰ দ্বাৰা দেহ মন পবিত্ৰ হয় আৰু জীৱই জীৱনৰ সত্যক উপলব্ধি কৰিব পাৰে। সেয়েহে,বুজন বয়সত শৰণ ল'বলৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱেও উপদেশ দিছে।
শৰণৰ উপকাৰিতা :
শৰণ গ্ৰহণ কৰি জীৱনৰ সদগতি আৰু আত্মাৰ মুক্তি লাভ কৰিব পাৰি। এজন শৰণীয়াই শৰণ গ্ৰহণৰ সময়ত লাভ কৰা গুৰু প্ৰদত্ত সম্পদ সমূহে তেওঁক বাস্তৱ জীৱনত বহু উপকাৰ সাধন কৰে। আনহাতে,শৰণৰ গ্ৰহণে দেহ মন পবিত্ৰ কৰে।
শৰণৰ উৎপত্তি :
ভক্তি জগতৰ মূল প্ৰৱেশ দ্বাৰ এক শৰণ ব্যৱস্থাটো যেতিয়াৰ পৰাই যেনেকৈয়ে উৎপত্তি হৈ প্ৰচলন নহওক কিয় নৱ বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে যে শৰণ ব্যৱস্থাৰ আনুষ্ঠানিক ৰূপ দিলে সেই কথা সকলোৰে স্বীকৃত।গুৰু জনাই 'এক শৰণ নাম ধৰ্ম' ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে তাৰাৰ অনুগামী সকলৰ দ্বাৰা পাছত শৰণৰ সু-ব্যৱস্থা কৰিলেও পৰৱৰ্তী কালত গুৰুজনা বৈকুন্ঠী হোৱাৰ পিছত পদ মৰ্যদা,জাতি ভেদ আদি গুৰু ধৰ্মত বিভিন্ন আউল লাগি চাৰি সংহতিৰ সৃষ্টি হ'ল।
প্ৰত্যেক সংহতিয়ে নিজা ৰীতি-নীতি প্ৰবৰ্তন কৰি নিজা মতে শৰণ দিয়াৰ ব্যৱস্থা কৰে।যি বৰ্তমান সুচাৰুৰূপে চলি আহিছে আৰু অসমৰ শতাধিক সত্ৰ ই অসমৰ গাঁৱে-ভূৱে,নগৰে-চহৰে শৰণ ব্যৱস্থাৰ প্ৰসাৰ কৰি আহিছে।
সামৰণি :
বৰ্তমান আধুনিক যুগৰ বিজ্ঞান, প্ৰযুক্তি বিদ্যা তথা বিশ্বায়নৰ সময়তো আধ্যাত্মিক চিন্তা চৰ্চাৰ উৎকৰ্ষ সাধন হোৱাৰ বিপৰীতে বাস্তৱবাদী বিজ্ঞানসন্মত আৱিস্কাৰ প্ৰতি মানুহৰ আস্হা দিনক দিনে বৃদ্ধি পাই আহিছে। কিন্তু এটা কথা আমি পাহৰি গ'লে নহ'ব যে ধৰ্ম আৰু বিজ্ঞান এটা মূদ্ৰাৰ দুটা পিঠি সদৃশ। কিন্তু, আধুনিক বিলাসী সামগ্ৰীৰ প্ৰতি আমি যিমান আকৃষ্ট হৈছোহক তাৰ তুলনাত একেটা মূদ্ৰাৰ আনটো পিঠি অৰ্থাৎ আধ্যাত্মিক দিশ ধৰ্মৰ প্ৰতি যেন সকলোৱে পিঠি দিবলৈ লৈছোঁ।যাৰ পৰিণতিৰ স্বৰূপে সমাজত অন্যায়,অনীতি, হিংসাত্মক ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।যাৰ বাবে সামাজিক বিশৃংখলতাই দেখা দিছে।
সেয়েহে, মহাপুৰুষীয়া শৰণ ৰীতি ব্যৱস্থাৰ দ্বাৰা নৱপ্ৰজন্মৰ সবতোপ্ৰকাৰৰ উন্নতি সাধন কৰাৰ লগতে সমাজৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ বাবে সমাজৰ গুণী-জ্ঞানী,সন্ত-মহন্ত, ভকত বৈষ্ণৱ সকলে পথ নিৰ্দেশনা দিয়াতো কৰ্তব্য । তেতিয়াহে, এই ধৰাতে সৰগ ৰচনা কৰিব পৰাটো সম্ভৱপৰ হব।।
কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ।
ReplyDelete