Skip to main content

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

ঝুমুৰা কি, ঝুমুৰা বুলিলে কি বুজা, ঝুমুৰা বৈশিষ্ট্য

পৰিচয় :

মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই ঝুমুৰা সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন।


    ঝুমুৰা কাক বোলে :

    শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।

     

               সেয়েহে ঝুমুৰা কাক বোলে বা ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে,"একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়।


    ঝুমুৰা সমূহৰ নাম:

    মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল- 

    • অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট। 
    • চোৰধৰা নাট। 
    • পিম্পৰা গুচোৱা নাট। 
    • ভূমি লেটোৱা নাট আৰু 
    •  ভোজন বেহাৰ নাট।
    উপৰুক্ত,নাট সমূহৰ বাদেও আৰু কেইখনমান নাট মাধৱদেৱে লিখা বুলি কোনো কোনো লোকে কয় যদিও বৰ্তমান সেইসমূহ পাবলৈ নাই।অন্যহাতে, কিছুমান নাটৰ ৰচনাভঙ্গী , ভাষাৰ প্ৰয়োগ আদি সমূহ ভালদৰে চালে সেইসমূহ মাধৱদেৱৰ দ্বাৰা ৰচিত নাট নহয় যেনহে বুলি ভাষাবিদ সকলে মন্তব্য কৰিছে।


    ঝুমুৰা সমূহৰ বিচাৰ:

    "অৰ্জুন ভঞ্জন"নাটক খনি মাধৱদেৱে ভাগৱতৰ দশম স্কন্ধৰ অন্তৰ্গত নৱমত বৰ্ণিত কাহিনীৰ আধাৰত ৰচনা কৰা। কেৱল মাত্ৰ নন্দ-যশোদাৰ মাজত হোৱা খণ্ড যুদ্ধ খন এই পুথিৰ অন্তৰ্গত নহয়। আনহাতে,নাটখনৰ নান্দীশ্লোক সহ বাকী চাৰিটা শ্লোক বিল্ব মঙ্গল বা লীলা শুকৰ দ্বাৰা ৰচিত"কৃষ্ণ কণ্ণামৃত"বা তেনে পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।


            "ভোজন বাহাৰ" ঝুমুৰা খনিৰ কাহিনী ভাগ হ'ল ভাগৱতৰ দশম স্কন্ধৰ ত্ৰয়োদশ অধ্যায়ৰ অন্তৰ্গত।তাতে মাধৱদেৱে নিজৰ মৌলিকতা প্ৰকাশ কৰিছে।

    ইয়াৰ পাছত,"চোৰধৰা","পিম্পৰা গুচোৱা"আৰু"ভূমি লেটোৱা"নাটৰ মূল হ'ল "কৃষ্ণ কণ্ণামৃত"।


    ঝুমুৰা সমূহৰ বিষয়বস্তু:

    (১). অৰ্জুন ভঞ্জন:

    এই ঝুমুৰা খনৰ মূল বিষয়বস্তু হল- অৰ্জুন গছ ভঙ্গ কৰা । তথাপিও কৃষ্ণই মাক যশোদাৰ ওচৰত কৰা ভেম,
    ৰোহ,অভিমান আদিৰ বিপৰীতে যশোদাৰ লৈ লৈ থৈ থৈ হোৱা অৱস্হাৰ আকৰ্ষণ আদিও সুন্দৰ হৃদয় পৰশা।দুগ্ধ খাবলৈ নোপোৱাৰ কাৰণেই কৃষ্ণই মথন ভাঙি দধি খাই বান্দৰ আদিয়ে খালে বুলি কৈ শাস্তি স্বৰূপে যশোদাই গৰু পাঘে মেৰাই উড়ালত বন্ধন কৰিলে।


    আনহাতে ,ৰছী দুই আঙুলৰ নাটনি কৰোৱাই ঈশ্বৰত্ব দেখুৱাই শেষত অৰ্জুন গছ ভাঙি নলকুবেৰক মুক্তি কৰিলে জগতৰ ঈশ্বৰ শিশু কৃষ্ণই।যাৰ পৰিণতিত নন্দ যশোদাৰ মাজত খণ্ড যুদ্ধৰ সূত্ৰপাত হৈ নাটৰ সামৰণি পৰিছে।


    (২).চোৰধৰা:

    এই নাটত এফালে লৱণু চুৰ কৰি ধৰা পৰা কৃষ্ণই গোপীসকলৰ মাজত নৃত্য কৰিছে। আনফালে দিনটো ঘৰলৈ নহা কৃষ্ণক বিচাৰি ভাগৰি পৰা যশোদাই অৱশেষত গোপী এগৰাকী মূখেৰে কৃষ্ণৰ সংবাদ পাই কৃষ্ণৰ কাষলৈ গৈ কোলাত তুলি লৈ গোপীসকলৰ নানাভাৱে গালি পাৰি পুত্ৰ কৃষ্ণক ঘৰলৈ আনি স্নান কৰাই দধি,দুগ্ধ,ঘৃত,মৌ আদিৰে ভোজন কৰাই মাতৃস্নেহৰ নিদৰ্শন দাঙি ধৰিছে।


    (৩).পিম্পৰা গুচোৱা:

    মাধৱদেৱৰ দ্বাৰা ৰচিত বাৎসল্য ৰসেৰে ভৰপূৰ এই নাটকখনত শিশু কৃষ্ণৰ দুষ্টালি ফুটি উঠিছে।নিজে লৱণু চোৰ কৰি খাই ধৰা পৰা কৃষ্ণই চোৰৰ অপযশ মিছাকৈ জাপি দিছে গোপীসকলৰ ওপৰত।যাৰ বাবে গোপীসকলে পুনৰ কৃষ্ণক দোষাৰোপ কৰিছে। ইয়াৰ উপৰিও, পুত্ৰৰ স্নেহত বলীয়া যশোদাই গোপীসকলক কৰা তিৰস্কাৰ আৰু কৃষ্ণৰ ভেম,অভিমান আদি এই নাটৰ বিষয়বস্তু।


    (৪). ভূমি লেটোৱা:

    ভূমি লেটোৱা ঝুমুৰা নাট খনিত কৃষ্ণই লৱণু খাই শেষ কৰাত মাক যশোদাক দেখি আন কোনোবাই খালে বুলি কৈ পুনৰ মাকৰ পৰা লৱণু বিচাৰি খায়।বান্দৰ, মেকুৰীয়ে লৱণু খোৱাৰ কথাকে বিস্বাস কৰি মাকে পুতেকক কৰা আদৰ-সাদৰৰ যোগেদি যশোদা চৰিত্ৰটি সহজ-সৰল ৰূপে দৰ্শকৰ সন্মুখত সুন্দৰ ভাৱে ফুটি উঠিছে।


    (৫).ভোজন বেহাৰ:

    এই নাটখনে শেষ পৰিণতি নৌ-পাওতেই যৱনিকা পৰাত নাটখন আধৰুৱা হৈ ৰয়।সিকিয়াত নিয়া দধি-ভাত ভোজন কৰি বৃন্দাবনত খেলা কৰা, ভক্ত নাৰদ আহি বৃন্দাবনতে জগতৰ ঈশ্বৰ শিশু কৃষ্ণ প্ৰভূক দৰ্শন কৰি কৃতাৰ্থ হোৱা কাৰ্যয়েই ইয়াৰ মূল বিষয়বস্তু।



    সামৰণি:

    মুঠতে, মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ ত শিশু কৃষ্ণৰ বালকসূলভ ক্ৰিয়াকলাপ ,লঘু বিষয়বস্তু, সুমধুৰ বাক্যৰস আৰু বাৎসল্য ভাৱৰ প্ৰাধান্যতাই মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহক এক বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে আৰু অনাদি কাললৈ তেখেতৰ সৃষ্টিৰাজিয়ে তেখেতক বৈষ্ণৱ সাহিত্যৰ লগতে অসমীয়া সমাজতো চিৰযুগমীয়া কৰি ৰাখিব।।।

    ঝুমুৰা কি, ঝুমুৰা বুলিলে কি বুজা, ঝুমুৰা বৈশিষ্ট্য


    Author – Srimanta Borah

    নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

    Comments

    Post a Comment

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা ঢোল, পেঁপা, গগনা। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা Assamese musical instruments Dhol Bihu Pepa and Gagana হৈছে অসমীয়া জাতিৰ বাপুতি সাহোন বিহুত ব্যৱহাৰ কৰা তিনিটা মূখ্য বাদ্যযন্ত্ৰ। এই লেখাটিত ঢোল , বিহু পেঁপা আৰু গগণাৰ সম্পৰ্কে বিস্তৃত বৰ্ণনা কৰা হৈছে। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা : ঢোলৰ বিষয়ে : অসমীয়া লোক বাদ্য ঢোল হৈছে অসমীয়া জনজীৱনৰ লগত জড়িত  বাদ্য প্ৰকাৰ musical instruments সমূহৰ ভিতৰত অন্যতম লোকবাদ্য। লোকবিশ্বাস অনুসৰি এই বাদ্য টি কৈলাসৰ পৰা পাণ্ডুনন্দন পার্থই পৃথিৱীলৈ অনা বুলি বিশ্বাস কৰা হয়।অসমীয়া বাদ্যযন্ত্ৰ ঢোল assamese musical instruments dhol অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুৰ এক main musical instrument মুখ্য বাদ্য। এই ঢোলৰ অবিহনে অসমীয়া জাতিয়ে আনন্দ ৰঙৰ উৎসৱ স্বৰূপ ৰঙালী বিহু rongali bihu পালন কৰা অসম্ভৱ। ঢোলৰ প্ৰকাৰ : ঢোলৰ প্ৰকাৰ   বুলিলে দেখা যায় যে অসমৰ ভিন্ন ভিন্ন প্ৰান্তত প্ৰচলিত ঢোল বাদ্য টিক আকাৰ আৰু বজোৱা আনুষ্ঠানিক প্ৰদ্ধতি অনুসৰি মূলতঃ  ৪ চাৰিটা ভাগত ভাগ কৰা হ...