Skip to main content

Posts

Showing posts with the label অসমৰসত্ৰীয়াসংস্কৃতি

সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ

সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ পৰিচয় :  মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰা একশৰণ ভাগৱতী ধৰ্ম আজিকোপতি ধৰি ৰাখি সমাজ তথা জনগণৰ মংগলৰ বাবে গুৰুজনাৰেই সৃষ্ট নৱবৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতি  (Sattriya Culture) আদিক পৰম্পৰা অনুসৰি সু-শৃংখলভাৱে আগুৱাই নিয়াত অসমীয়া জাতীয় জীৱনৰ পৰিচায়ক স্বৰূপ ,সন্ত-মহন্ত সকলৰ ভগৱানৰ উপাসনাৰ স্হলি অসমৰ থান-সত্ৰসমূহৰ ভিতৰতেই অন্যতম তথা সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ ।এই লেখাটিত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ খনিৰ ইতিহাস আৰু বৰ্তমান তথা সাংস্কৃতিক আৰু সমসাময়িক সময়ৰ বিভিন্ন সমস্যাৰ লগতে মহাপুৰুষীয়া ধৰ্ম, সংস্কৃতিলৈ সত্ৰ খনিৰ অৱদান সম্পৰ্কে আলোচনা কৰা হৈছে। সূচী পত্ৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠা  : লক্ষীমপুৰ জিলাৰ বৰনাৰায়ণপুৰৰ,শক্ৰাহীৰ পিতৃ তিতা চোমদাৰ আৰু মাতৃ সত্যাদেৱী আইৰ পুত্ৰ তথা মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী বদলা পদ্ম আতাই ক্ৰমে- শক্ৰাহী,বিহানী,মকালগুৰি,হাতীশাল, ধলপুৰ,হৰিপুখুৰী,কলানী,পচতীয়া,চেচুকা,হমৰা,ডেবেৰাপাৰ,ৰঘূগুৰি,বদলা,জয়কৃষ্ণআতৈভেটি,চুখলি,মুকুন্দ আতৈ ভেটি,কৰ...

সত্ৰীয়া নৃত্য গীতৰ সাধক টংকেশ্বৰ হাজৰিকা বৰবায়ন

সত্ৰীয়া নৃত্য গীতৰ সাধক টংকেশ্বৰ হাজৰিকা বৰবায়ন পৰিচয় :  অসমৰ সত্ৰীয়া সংস্কৃতি ৰ অন্যতম সাধক তথা এই সংস্কৃতিৰ এজন অধ্যাপক, গুৰু বৰবায়ন টংকেশ্বৰ হাজৰিকা দেৱ। শৈশৱতে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰলৈ আহি বৰ্তমান পৰ্যন্ত কেৱলীয়া ধৰ্ম আৰু সংস্কৃতিৰ মাজতেই মহাপুৰুষীয়া পৰম্পৰা অনুসৰি এজন বৈষ্ণৱ হিচাপে পৰিচিত।এই লেখাটিৰ জৰিয়তে সত্ৰীয়া নৃত্য গীতৰ সাধক টংকেশ্বৰ হাজৰিকা বৰবায়ন দেৱৰ জীৱনী সম্পৰ্কে অৱগত হ'ব পাৰিম। সূচী পত্ৰ জন্ম :  বৰবায়ন টংকেশ্বৰ হাজৰিকা দেৱৰ জন্ম হৈছিল নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰী গাঁৱত ১৩ নবেম্বৰ ১৯৫৬ চনত। সত্ৰলৈ আগমন : দুজন ককায়েক আৰু দুগৰাকী ভগ্নী ৰ পাছৰ অৰ্থাৎ পিতৃ-মাতৃৰ কনিষ্ঠ পুত্ৰ টংকেশ্বৰ হাজৰিকা দেৱক মাত্ৰ ৩ বছৰ বয়সতে মাজুলীৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ (বৰ্তমান তিতাবৰ) ৰ বুঢ়াভকত স্বৰ্গীয় ভূগেস্বৰ হাজৰিকা দেৱে সত্ৰলৈ আনে। সত্ৰীয়া সংস্কৃতিৰ শিক্ষা গ্ৰহণ : অতি কম বয়সতে বৰবায়ন টংকেশ্বৰ হাজৰিকা দেৱ সত্ৰলৈ আহি , সত্ৰৰ গুণী গুৰু সকলৰ ওচৰত সত্ৰীয়া নৃত্য ,খোল বাদ্য, বৰগীত, নাম লগোৱা,ওজা, অংকীয়া নাট আদিৰ শিক্ষা লয়। তেখেতে, ক্ৰমে- পদ্মশ্ৰী-সংগীত নাটক...

অসমৰ সত্ৰীয়া সংস্কৃতি । সত্ৰীয়া নৃত্য সমূহ

অসমৰ সত্ৰীয়া সংস্কৃতি । সত্ৰীয়া নৃত্য সমূহ পৰিচয় : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পঞ্চদশ শতিকাৰ শেষভাগত অথবা ষোড়শ শতিকাৰ প্ৰথম ভাগত অংকীয়া ভাওনাৰ দ্বাৰা সৃষ্টি কৰা অসমৰ সত্ৰীয়া সংস্কৃতি ৰ অন্তৰ্গত নৃত্য ধাৰা টিয়েই হৈছে সত্ৰীয়া নৃত্য। মহাপুৰুষ জনাই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই নৃত্য ধাৰাটিক গঢ়ি তুলিছিল। বৰ্তমান সত্ৰীয়া নৃত্য  ভাৰতৰ শাস্ত্ৰীয় নৃত্য ধাৰা সমূহৰ অন্যতম এক স্বীকৃতি প্ৰাপ্ত নৃত্য হিচাপে স্হান লাভ কৰিবলৈ সক্ষম হৈছে।এই আলোচনাটিত  অসমৰ সত্ৰীয়া সংস্কৃতি সত্ৰীয়া নৃত্য সমূহ ৰ বিষয়ে আৰু ইয়াৰ শিক্ষণ প্ৰণালীৰ সম্পৰ্কে  উল্লেখ কৰা হৈছে। সূচী পত্ৰ সত্ৰীয়া নৃত্য শিক্ষা   :  সত্ৰীয়া পৰম্পৰা অনুসৰি এজন বালক ভকতে সত্ৰলৈ আহি প্ৰথমে গুণমালা, ভটিমা আদিৰ শিক্ষা লোৱাৰ লগতে গুৰুৰ ওচৰত সত্ৰীয়া নৃত্যৰ শিক্ষাও গ্ৰহণ কৰিব লাগে। যিহেতু,এই  সত্ৰীয়া   নৃত্য শব্দটিৰ মাজত বহু কেইখন নৃত্য সোমাই আছে। সেয়েহে,সকলো খিনি নৃত্য সম্পূৰ্ণ ভাৱে আয়ত্ব কৰিবলৈ এক দিঘলীয়া সময় অতিক্ৰম কৰিব লগা হয়। আনহাতে,সৰু কালৰ পৰা এই নৃত্যৰ শিক্ষা গ্ৰহণ কৰিলে ...