সত্ৰীয়া নৃত্য গীতৰ সাধক টংকেশ্বৰ হাজৰিকা বৰবায়ন
পৰিচয় :
অসমৰ সত্ৰীয়া সংস্কৃতি ৰ অন্যতম সাধক তথা এই সংস্কৃতিৰ এজন অধ্যাপক, গুৰু বৰবায়ন টংকেশ্বৰ হাজৰিকা দেৱ। শৈশৱতে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰলৈ আহি বৰ্তমান পৰ্যন্ত কেৱলীয়া ধৰ্ম আৰু সংস্কৃতিৰ মাজতেই মহাপুৰুষীয়া পৰম্পৰা অনুসৰি এজন বৈষ্ণৱ হিচাপে পৰিচিত।এই লেখাটিৰ জৰিয়তে সত্ৰীয়া নৃত্য গীতৰ সাধক টংকেশ্বৰ হাজৰিকা বৰবায়ন দেৱৰ জীৱনী সম্পৰ্কে অৱগত হ'ব পাৰিম।
জন্ম :
বৰবায়ন টংকেশ্বৰ হাজৰিকা দেৱৰ জন্ম হৈছিল নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰী গাঁৱত ১৩ নবেম্বৰ ১৯৫৬ চনত।
সত্ৰলৈ আগমন :
দুজন ককায়েক আৰু দুগৰাকী ভগ্নী ৰ পাছৰ অৰ্থাৎ পিতৃ-মাতৃৰ কনিষ্ঠ পুত্ৰ টংকেশ্বৰ হাজৰিকা দেৱক মাত্ৰ ৩ বছৰ বয়সতে মাজুলীৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ (বৰ্তমান তিতাবৰ) ৰ বুঢ়াভকত স্বৰ্গীয় ভূগেস্বৰ হাজৰিকা দেৱে সত্ৰলৈ আনে।
সত্ৰীয়া সংস্কৃতিৰ শিক্ষা গ্ৰহণ :
অতি কম বয়সতে বৰবায়ন টংকেশ্বৰ হাজৰিকা দেৱ সত্ৰলৈ আহি , সত্ৰৰ গুণী গুৰু সকলৰ ওচৰত সত্ৰীয়া নৃত্য,খোল বাদ্য, বৰগীত, নাম লগোৱা,ওজা, অংকীয়া নাট আদিৰ শিক্ষা লয়। তেখেতে, ক্ৰমে- পদ্মশ্ৰী-সংগীত নাটক অকাডেমী বঁটা প্ৰাপক গুৰু ঘনকান্ত বৰা বৰবায়ন দেৱৰ লগতে সত্ৰীয়া সংস্কৃতিৰ এজন পৰিচিত গুৰু ৰামেশ্বৰ খাটনীয়াৰ দেৱৰ ওচৰত সত্ৰীয়া নৃত্য আৰু খোল বাদ্যৰ শিক্ষা লয়।
সংক্ষেপে হাজৰিকা দেৱৰ জীৱনী :
| সম্পূৰ্ণ নাম | বৰবায়ন টংকেশ্বৰ হাজৰিকা। |
| জন্মৰ তাৰিখ | ১৩ নবেম্বৰ ১৯৫৬ চন। |
| জন্ম স্থান | নগাঁও জিলাৰ কলিয়াবৰ সোণাৰী গাওঁ। |
| সত্ৰলৈ আগমন | ৩ বছৰ বয়সত। |
| সত্ৰীয়া শিক্ষা | সত্ৰীয়া নৃত্য, খোল বাদ্য,ওজা,নামলগোৱা, পাঠক,অংকীয়া নাট। |
| সত্ৰীয়া উপাধি | বৰবায়ন,নামলগোৱা,নৃত্যাচাৰ্য্য |
| ক'লা প্ৰদৰ্শন | অসমৰ লগতে ভাৰতবৰ্ষৰ দিল্লী, মুম্বাই আদি বিভিন্ন স্থানত। |
| বঁটা লাভ | সংগীত নাটক অকাডেমী বঁটা ২০১৮। |
ইয়াৰ পাছত,বৰগীত বা গায়নৰ শিক্ষা গ্ৰহণ কৰে স্বৰ্গীয় জয়নাথ বৰগায়ন বুঢ়াভকতৰ ওচৰত। ওজা পালিৰ শিক্ষা গ্ৰহণ কৰে অধ্যাপক গুৰু স্বৰ্গীয় সোণাৰাম পাঠক দেৱৰ ওচৰত। ইয়াৰ সমান্তৰালভাৱে বৰবায়ন টংকেশ্বৰ হাজৰিকা দেৱে অংকীয়া নাট,পাঠক আৰু নাম লগোৱাৰ শিক্ষা গ্ৰহণ কৰে স্বৰ্গীয় হৰিনাথ বৰগায়ন দেৱ আৰু স্বৰ্গীয় সোণাৰাম পাঠক দেৱৰ ওচৰত।
সত্ৰীয়া উপাধি লাভ :
সত্ৰীয়া পৰম্পৰা অনুসৰি এজন ভকতে যেতিয়া সত্ৰৰ উপযোগী হোৱাকৈ নৃত্য, গীত, বাদ্য,পাঠক,নামলগোৱা আদি সমূহ সম্পূৰ্ণ নিখুঁত হিচাপে নিজে অকলশৰীয়াকৈ প্ৰদৰ্শন কৰি দেখুৱাব পাৰে, তেতিয়া সেই ভকত জনৰ বিষয় শিক্ষা টোৰ প্ৰতি সম্মান জনাই অধ্যাপকৰ তত্বাৱধানত সমূহ ভকত বৃন্দ আৰু সত্ৰাধিকাৰৰ সাক্ষাতত এটি মহলা(যি বৰ্তমান সময়ৰ পৰীক্ষা)লৈ বৰ উপাধি টি প্ৰদান কৰা হয়। অৰ্থাৎ,বায়ন হ'লে - বৰবায়ন,গায়ন হ'লে- বৰগায়ন, নাম লগোৱা হ'লে- বৰ নাম লগোৱা ... ইত্যাদি উপাধি প্ৰদান কৰে।
বৰবায়ন টংকেশ্বৰ হাজৰিকা দেৱে মাত্ৰ অতি কম সময়ৰ ভিতৰতে সকলো খিনি আয়ত্ত কৰি বৰবায়ন উপাধি লাভ কৰাৰ লগতে সত্ৰৰ ডেকা ভকত সকলক শিক্ষা প্ৰদান কৰিবলৈ অধ্যাপক ৰ দ্বায়িত্ব লাভ কৰে।
বিভিন্ন অনুষ্ঠানৰ উপাধি আৰু বঁটা প্ৰদান :
এজন সত্ৰীয়া সংস্কৃতিৰ অধ্যাপক হিচাপে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে এই জনা সংস্কৃতিৰ সাধকলৈ ভিন্ন ভাৱে উপাধি আৰু বঁটা প্ৰদান কৰিছে। যেনে- Puspanjali Cultural Academy, Guwahati য়ে ১৯৯৯ চনত "নৃত্যাচাৰ্য" উপাধি প্ৰদান কৰে। ইয়াৰ উপৰিও, Jorhat Central Jail-Jorhat ২০০৩চনত, Uzalata Sanskritik Kendra-Sivsagar-২০০৭ চনত, Assam Festival Jorhat-২০০৭ চনত , বৰবায়ন টংকেশ্বৰ হাজৰিকা দেৱক উপাধি আৰু সম্মান প্ৰদান কৰে।
অনুষ্ঠান পৰিবেশন :
এইজনা সংস্কৃতিৰ সাধকে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ৰাজ্যখনৰ উপৰিও ভাৰত বৰ্ষৰ বিভিন্ন জনবহুল নগৰ সমূহ যেনে - Delhi, Mumbai, Bangalore, Kolkata, Chennai, Goa, Shimla, Banaras, Aurangabad, আদিৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো বহু কেইখন দেশত সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শন কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
সত্ৰীয়া সংস্কৃতিৰ শিক্ষা প্ৰদান :
এই জনা অধ্যাপক তথা গুৰুৱে সত্ৰৰ মূল বৰবায়নৰ দ্বায়িত্ব বহন কৰি বৰ্তমান ডেকা ভকত সকলক সত্ৰীয়া নৃত্য গীতৰ শিক্ষা প্ৰদান কৰা উপৰিও অসমৰ বিভিন্ন স্হানত বহুতো অনুষ্ঠান প্ৰতিষ্ঠান বা সত্ৰীয়া সংগীত বিদ্যালয়ত এই সংস্কৃতিৰ শিক্ষা প্ৰদান কৰি আহিছে।
সংগীত নাটক অকাডেমী বঁটা লাভ :
সত্ৰীয়া নৃত্য গীতৰ সাধক টংকেশ্বৰ হাজৰিকা বৰবায়ন দেৱে সত্ৰীয়া সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে গত ২০১৮ বৰ্ষত Ministry of Culture,Govt. Of India ৰ দ্বাৰা প্ৰদান কৰা নৃত্য-গীত-বাদ্য আৰু নাটক আদিৰ ক্ষেত্ৰত Sangeet Natak Academi বঁটা লাভ কৰে।।।
Comments
Post a Comment