পৰিচয় :
ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ মাজৰ অন্যতম সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় কৰাই শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃতি লাভ কৰাত অগ্ৰণী ভূমিকা পালন কৰা সত্ৰৰ অন্যতম ব্যক্তি জনেই হৈছে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ সত্ৰীয়া নৃত্য শিল্পী মণিৰাম দত্ত বায়ন মোক্তাৰ আতৈ।যি জনে সেই সময়ত সত্ৰৰ বাহিৰৰ ড° মহেশ্বৰ নেওগ আৰু কেশৱ চাংকাকতিৰ দৰে মহান ব্যক্তিসকলৰ লগত একত্ৰিত হৈ সত্ৰীয়া নৃত্য তথা সত্ৰীয়া সংস্কৃতিৰ সবোত্তম উন্নতিৰ হকে কাম কৰিছিল। এই লেখাটিৰ জৰিয়তে স্বৰ্গীয় বায়ন আতৈৰ জীৱনী সম্পৰ্কে আলোচনা কৰা হৈছে।
মণিৰাম দত্ত বায়ন মোক্তাৰ জন্ম :
সত্ৰীয়া ক'লা সংস্কৃতিৰ একনিষ্ঠ সাধক স্বৰ্গীয় মণিৰাম দত্ত বায়ন মোক্তাৰ আতৈৰ জন্ম হৈছিল অসমীয়া লেখেৰে ১৮০৩ শক ২২ জেঠ শুক্ৰ বাৰে। জন্মৰ স্থান আছিল গোলাঘাট জিলাৰ ৰঙ্গীয়া গাঁৱত।মোক্তাৰ আতৈৰ পিতৃৰ নাম আছিল স্বৰ্গীয় যোগাই বৰ মেধি।মোক্তাৰ আতৈৰ সত্ৰলৈ আগমন আৰু সত্ৰীয়া জীৱন শৈলী :
মোক্তাৰ আতৈৰ সত্ৰলৈ আগমন ঘটে ১৮০৭ শকত মাত্ৰ পাঁচ বছৰ বয়সত। শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ বৈষ্ণৱ ৰূপাই পাঠক আতৈয়ে মোক্তাৰ আতৈক সত্ৰলৈ আনে । অৰ্থাৎ স্বৰ্গীয় ৰূপাই পাঠক আতৈৰ দ্বাৰা মোক্তাৰ আতৈৰ সত্ৰলৈ আগমন ঘটে আৰু এনেদৰেই সত্ৰীয়া জীৱন শৈলীৰ লগত মিলাই বৈষ্ণৱ ধৰ্মৰে সত্ৰত থাকিবলৈ লয়।সংক্ষেপে মোক্তাৰ আতৈৰ জীৱনী:
| সম্পূৰ্ণ নাম | মণিৰাম দত্ত বায়ন মোক্তাৰ। |
| সত্ৰীয়া উপাধি | মোক্তাৰ,বৰবায়ন,পাঠক। |
| জন্মৰ তাৰিখ | ২২ জেঠ ১৮০৩। |
| জন্ম স্থান | গোলাঘাট জিলাৰ ৰঙ্গীয়া গাওঁ। |
| সত্ৰলৈ আগমন | ১৮০৭ শকত। |
| সত্ৰীয়া শিক্ষা | সত্ৰীয়া নৃত্য, গীত, বাদ্য,নামলগোৱা,পাঠক ইত্যাদি। |
| ক'লা প্ৰদৰ্শন | অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত। |
| বঁটা লাভ | সংগীত নাটক অকাডেমী বঁটা ১৯৬৩ চনত। |
| মৃত্যু | ১৮৮৮ শকত ৮৫ বছৰ বয়সত। |
সত্ৰীয়া ক'লা সংস্কৃতিৰ শিক্ষা গ্ৰহণ :
ৰূপাই পাঠক আতৈৰ তত্বাৱধানত থাকি মণিৰাম দত্ত বায়ন মোক্তাৰ আতৈয়ে সত্ৰীয়া পৰম্পৰাগত শিক্ষা অনুসৰি প্ৰথমে গুৰু ভটিমা,দেৱ ভটিমা, গুণমালা,লীলা মালা ইত্যাদি সমূহৰ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পাছতে সত্ৰীয়া নৃত্য, গীত, বাদ্য আৰু নামলগোৱা,পাঠক, ওজাপালি আদিৰ শিক্ষা আৰম্ভ কৰে। কেৱল ১২ (বাৰ) বছৰ বয়সতে উপৰোক্ত সকলো শিক্ষাৰে সুনিপূণ হৈ সত্ৰৰ নিত্য নৈমিত্তক চৈধ্য প্ৰসংগ তথা আন আন অনুষ্ঠানৰ বিষয় বাব চলোৱাৰ দ্বায়িত্ব লয়।সত্ৰৰ বাহিৰত সত্ৰীয়া সংস্কৃতি প্ৰচাৰ :
সত্ৰীয়া সংস্কৃতিৰ এজন সুনিপূণ শিল্পী হিচাপে মণিৰাম দত্ত বায়ন মোক্তাৰ আতৈৰ গুণ গৰিমা আৰু পাৰ্গতালি কথা চৌদিশে বিয়পি পৰিল।ড° মহেশ্বৰ নেওগ, গোবিন্দ বিদ্যাৰ্থী,বিৰেন্দ্ৰ নাথ ফুকন আদি বহু জন কলাপ্ৰেমীয়ে মোক্তাৰ আতৈক সত্ৰীয়া নৃত্য, গীত, বাদ্য ইত্যাদি সমূহ প্ৰচাৰ কৰিবলৈ সত্ৰৰ আবেষ্টনিৰ বাহিৰলৈ উলিয়াই আনিলে।লাহে লাহে যোৰহাট, শিৱসাগৰ,নগাঁও, তেজপুৰ, লক্ষীমপুৰ, গুৱাহাটী আদি অসমৰ বিভিন্ন প্ৰান্তত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ কৰিবলৈ ধৰিলে। অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্বিলং আৰু ভাৰতৰ ৰাজধানী দিল্লী চহৰতো সত্ৰীয়া নৃত্য,গীত,বাদ্য আদিৰ সংস্কৃতিৰ প্ৰচাৰ কৰিবলৈ লয়।
( মোক্তাৰ আতৈয়ে লাভ কৰা সংগীত নাটক অকাডেমী বঁটা, শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ, তিতাবৰত সংৰক্ষিত। )
সন্মান আৰু বঁটা লাভ :
সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মণিৰাম দত্ত বায়ন মোক্তাৰ আতৈয়ে দেশৰ বিভিন্ন প্ৰান্তৰ লোক সকলৰ পৰা বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।১৯৬৩ চনৰ ১০ নবেম্বৰ তাৰিখে ভাৰতৰ দ্বিতীয় জনা ৰাষ্ট্ৰপতি ড° ৰাধাকৃষ্ণণৰ পৰা সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল। সত্ৰীয়া নৃত্যত সংগীত নাটক অকাডেমী বঁটা লাভ কৰা প্ৰথম জন ব্যক্তিয়েই আছিল মণিৰাম দত্ত বায়ন মোক্তাৰ আতৈ।সত্ৰীয়া সংস্কৃতিলৈ অৱদান :
সত্ৰীয়া সংস্কৃতি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰাত এই জনা সত্ৰীয়া সাধকৰ অপৰিসীম ত্যাগ আৰু কষ্ট জড়িত।ড° মহেশ্বৰ নেওগ দেৱৰ চেষ্টা আৰু মোক্তাৰ আতৈৰ বিশাল হৃদয়ৰ পৰিচয়ৰ বাবেই কেশৱ চাংকাকতিৰ দ্বাৰা সত্ৰীয়া নৃত্য আৰু বাদ্যৰ বাজনা বা বোল সমূহ মাত্ৰা অনুসৰি লিপিবদ্ধ কৰিবলৈ সুবিধা হৈছিল।যাৰ বাবেই সত্ৰীয়া পৰম্পৰা থাকে মানে সেই সমূহ সদায় উজ্জীৱিত হৈ থাকিব। সেয়েহে, আজিৰ সত্ৰীয়া সংস্কৃতিয়ে লাভ কৰা ব্যাপক জনপ্ৰিয়তাৰ ক্ষেত্ৰত মণিৰাম দত্ত বায়ন মোক্তাৰ আতৈৰ অৱদান নুই কৰিব নোৱাৰি।মোক্তাৰ আতৈৰ মৃত্যু :
জীৱনৰ শেষ বয়সলৈকে সম্পূৰ্ণ সত্ৰীয়া ৰীতি-নীতিৰ মাজত থাকি, সত্ৰীয়া ক'লা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি ১৮৮৮ শকত ৮৫ বছৰ বয়সত এইজনা মহান সত্ৰীয়া শিল্পী তথা বৈষ্ণৱৰ মৃত্যু হয়। এনে বহুধা গুণ সম্পন্ন বৈষ্ণৱৰ দেহাৱসান কেৱল সত্ৰ বা সত্ৰীয়া সংস্কৃতিলৈকে নহয় সমগ্ৰ অসমবাসীৰ কাৰণে বৃহৎ ক্ষতি।যি ক্ষতি হয়তো অনাগত দিনত কেতিয়াও সম্পূৰ্ণ নহ'ব।সামৰণি :
বৰ্তমান সময়ত সত্ৰীয়া নৃত্য কেৱল সত্ৰ, নামঘৰ বা অন্যান্য ধৰ্মীয় অনুষ্ঠান আদিত ঈশ্বৰ উপাসনাৰ বাবেই নহয়। এই সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় পৰ্যায়ত শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃতি লাভ কৰাৰ লগে লগে মঞ্চাদি বা বিভিন্ন অনুষ্ঠান সমূহত পৰিৱেশ্য কলা হিচাপে স্হান লাভ কৰিছে। যদিও পৰিৱেশ্য কলাৰ অন্তৰ্গত, তথাপি সত্ৰীয়া নৃত্যত জড়িত হৈ আছে আধ্যাত্মিক ভাৱ আৰু দৰ্শন। সেয়েহে,সময়ৰ দোহাই দি নৱ নৱ সৃষ্টিৰ নামত অপভ্ৰংশ কৰাৰ আগতে সত্ৰীয়া নৃত্য শিল্পী মণিৰাম দত্ত বায়ন মোক্তাৰ আতৈৰ দৰে ব্যক্তি সকলৰ ত্যাগৰ প্ৰতি এবাৰ দৃষ্টি নিক্ষেপ কৰাতো সত্ৰীয়া শিল্পী হিচাপে সকলোৰে কৰ্তব্য।।- আৰু পঢ়িব পাৰে- অসমৰ খোল বাদ্যৰ বিভিন্ন অংগ সমূহ।
Comments
Post a Comment