Skip to main content

সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ

সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ
সত্ৰ, সত্ৰীয়াসংস্কৃতি, সংগীত, সত্ৰীয়ানৃত্য


পৰিচয় : 

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰা একশৰণ ভাগৱতী ধৰ্ম আজিকোপতি ধৰি ৰাখি সমাজ তথা জনগণৰ মংগলৰ বাবে গুৰুজনাৰেই সৃষ্ট নৱবৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতি (Sattriya Culture) আদিক পৰম্পৰা অনুসৰি সু-শৃংখলভাৱে আগুৱাই নিয়াত অসমীয়া জাতীয় জীৱনৰ পৰিচায়ক স্বৰূপ ,সন্ত-মহন্ত সকলৰ ভগৱানৰ উপাসনাৰ স্হলি অসমৰ থান-সত্ৰসমূহৰ ভিতৰতেই অন্যতম তথা সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ।এই লেখাটিত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ খনিৰ ইতিহাস আৰু বৰ্তমান তথা সাংস্কৃতিক আৰু সমসাময়িক সময়ৰ বিভিন্ন সমস্যাৰ লগতে মহাপুৰুষীয়া ধৰ্ম, সংস্কৃতিলৈ সত্ৰ খনিৰ অৱদান সম্পৰ্কে আলোচনা কৰা হৈছে।

    শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠা :

    লক্ষীমপুৰ জিলাৰ বৰনাৰায়ণপুৰৰ,শক্ৰাহীৰ পিতৃ তিতা চোমদাৰ আৰু মাতৃ সত্যাদেৱী আইৰ পুত্ৰ তথা মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী বদলা পদ্ম আতাই ক্ৰমে- শক্ৰাহী,বিহানী,মকালগুৰি,হাতীশাল, ধলপুৰ,হৰিপুখুৰী,কলানী,পচতীয়া,চেচুকা,হমৰা,ডেবেৰাপাৰ,ৰঘূগুৰি,বদলা,জয়কৃষ্ণআতৈভেটি,চুখলি,মুকুন্দ আতৈ ভেটি,কৰদৈগুৰি,ফুলনি,কৰুণা ভূঞাৰ ভেটি নাৰায়ণ আতৈ ভেটি কেচেৰুগুৰি চকলা পোতোকা মোৱামাৰি ভাঙ্গনি ৰামগুৰু আতৈ ভেটি জয়হৰি মূদৈ ভেটি মুৰাৰি আতৈ ভেটি ৰঘুভেটি....আদি থান আৰু সত্ৰ সমূহ স্হাপন কৰি তাৰাৰ জীৱনৰ শেষ বয়সত অৰ্থাৎ ১৫৯৫ শক আঘোন মাহৰ শুক্লা একাদশী তিথি বৃহস্পতিবাৰে পৃথিৱীৰ সৰ্ব বৃহৎ নদীদ্বীপ,এটকা মহন্তৰ স্হান মাজুলীৰ পুৰুষোত্তম বৰুৱাৰ কঠিয়াতলীত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ খনি প্ৰতিষ্ঠা কৰে।

    শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ খনিৰ নামাকৰণ :

    শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ খনিৰ নামাকৰণৰ ক্ষেত্ৰত বিভিন্ন বাখ্যা বা মত পোৱা যায়। 

    যেনে-বদলা পদ্ম আতাৰ দহনাম ক্ৰমে,পদ্ম আতা, গোবিন্দ,ৰূপধৰ,লৱৰনাতি,গোসাই,হৰিৰপো,মাণিক,অমুকাই,উজনীয়াবাপুঘৰ আৰু বদলা বা কমলাকান্ত আতা। সেয়েহে, তাৰাৰ কমলাকান্ত নাম অনুসৰি তাৰাৰ স্হাপিত সত্ৰ কাৰণেই কমলাবাৰী সত্ৰ বোলে।


    সাধু সকলৰ মতে, শ্ৰীকৃষ্ণ ভগৱানে ৰুক্মিণী দেৱীক কুণ্ডিলৰ পৰা হৰণ কৰি নিওতে ৰুক্মিণী দেৱীৰ শিৰৰ(পৰিধান কৰা) কমল ফুল এই ঠাইত পৰিছিল বাবেই কমলাবাৰী হ'ল।


    সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ :

    আন কিছুমানৰ মতে,কমলা মূদৈৰ বাৰীত শ্ৰীমন্ত শংকৰ গুৰুজনা মাধৱদেৱ গুৰুজনা সাত দিন আছিল আৰু থাকোতে সেই ঠাইত এখনি থান হ'ব বুলি গুৰুজনাই বাক্য বুলিছিল কাৰণেই কমলাবাৰী নাম হ'ল।


    শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ খনিৰ বিভাজন :

    ১৫৯৫ শকত বদলা পদ্ম আতাই তাৰাৰ জীৱনৰ শেষ সময়ত প্ৰতিষ্ঠা কৰা এই ঐতিহ্যমণ্ডিত সত্ৰ খনি পাছলৈ প্ৰাকৃতিক দুৰ্যোগত পৰি কেইবাবাৰো স্হান সলনি কৰিব লগা হ'ল।ইয়াৰ মাজতে সত্ৰাধিকাৰ শ্ৰীশ্ৰী কৃষ্ণকান্ত দেৱগোস্বামী প্ৰভূত ঈশ্বৰৰ দিনতে , শ্ৰী শ্ৰী বিষ্ণুদেৱ গোস্বামী প্ৰভূৱে ১৮৩৭ চনত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী নামেৰে এখনি সত্ৰ স্থাপন কৰে। বৰ্তমান শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী প্ৰভূ এই সত্ৰৰ সত্ৰাধিকাৰ হৈ আছে।তাৰ পাছত পুনৰ শ্ৰী শ্ৰী চন্দ্ৰহাস দেৱগোস্বামী প্ৰভূজনাৰ দিনত অৰ্থাৎ ১৯৩৬ চনত শ্ৰী শ্ৰী নতুন কমলাবাৰী নামেৰে মূল কমলাবাৰী সত্ৰৰ পৰা পৃথক হৈ এখনি সত্ৰ প্ৰতিষ্ঠা হয়। শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী প্ৰভূঈশ্বৰ বৰ্তমান এই সত্ৰৰ সত্ৰাধিকাৰ হৈ আছে।


    সত্ৰ খনি তিতাবৰলৈ স্হানান্তৰ : 

    ১৯৭৫ চনৰ প্ৰৱল গড়াখহনীয়াৰ বাবে মূল কমলাবাৰী সত্ৰ খনিৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱকান্তদেৱ গোস্বামী প্ৰভূজনাই তিতাবৰ লৈ স্হানান্তৰ কৰাৰ কথা ভকত সকলক ব্যক্ত কৰে।কিন্তু,ভকত সকলৰ মাজত কিছু মতামতৰ প্ৰভেদ ঘটি তাৰে অল্পসংখ্যক ভকতে মাজুলীতে থকাৰ অভিপ্ৰায়ে ১৯৭৫ চনত শ্ৰী শ্ৰী মধ্য মাজুলী কমলাবাৰী সত্ৰ স্থাপন কৰে আৰু সেই একে চনতে সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱকান্তদেৱ গোস্বামী প্ৰভূজনাই বাকী থকা ভকত সকলক লগত লৈ  ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অন্তৰ্গত, নাগালেণ্ড সীমান্তৱৰ্তী মহিমাবাৰী নামে ঠাইত মূল শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ খনি পুনৰ প্ৰতিষ্ঠা কৰে।


    আৰু পঢ়িব পাৰে- অসমৰ লোক পৰিৱেশ্য কলা ওজাপালি।


    তেতিয়াৰ পৰা বৰ্তমান সময়লৈকে সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱকান্তদেৱ গোস্বামী প্ৰভূজনাৰ লগতে চাৰি বহা ক্ৰমে-(গুৰু আতৈ পুৰুষৰ বহা, দক্ষিণ কুলীয়া কৃষ্ণ আতৈৰ বহা, ভাগৱতী আতৈৰ বহা,আলধৰা আতৈৰ বহা) আৰু প্ৰায় তিনি কুৰি ভকত বৈষ্ণৱে বাহাঘৰ নিৰ্মাণ কৰি মধ্যে কীৰ্তনঘৰ,আতাগৃহ, মহাবীৰ গৃহ আৰু মণিকূটত শ্ৰী শ্ৰী বৈকুণ্ঠনাথ মহাপ্ৰভূ, শ্ৰী শ্ৰী লক্ষ্মীনাথ মহাপ্ৰভূ, শ্ৰী শ্ৰী বৃন্দাৱনচন্দ্ৰ মহাপ্ৰভূ, শ্ৰী শ্ৰী বংশী গোপাল মহাপ্ৰভূ আৰু শ্ৰী শ্ৰী কলীয়া ঠাকুৰ মহাপ্ৰভূ ক স্হাপন কৰি চৈধ্য প্ৰসঙ্গৰে সদায় গুৰুজনাৰ আৰ্হিক শিৰোগত কৰি  ধৰ্মীয় চিন্তাৰে নিজকে আত্মনিয়োগ কৰি ৰাখিছে।


    শংকৰদেৱ-মাধৱদেৱ আৰু বদলা আতাৰ ৰচিত পুথি :

    এই সত্ৰ খনিত গুৰু দুজনাৰ দ্বাৰা ৰচিত পুথি সমূহ যেনে- শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই নিজ হাতেৰে লিখা  'দশম কীৰ্তন', মাধৱদেৱে নিজৰ হাতেৰে লিখা 'ঘোষা', 'ৰত্নাৱলী' আৰু 'নামমালিকা' আদি সংৰক্ষিত হৈ আছে। ইয়াৰ উপৰিও এই সত্ৰ খনিত প্ৰাচীন কালত ৰচিত বহু সাঁচিপাতৰ পুথি সংৰক্ষিত হৈ আছে। ইয়াৰে কিছুমান পুথি বিশেষ সংৰক্ষণৰ বাবে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ত সংগৃহীত কৰি ৰখা হৈছে।


    শংকৰদেৱ-মাধৱদেৱ আৰু বদলা আতাই ব্যৱহাৰ কৰা সামগ্ৰী :

    উপৰুক্ত পুথি সমূহৰ বাদেও তিনিও জনা গুৰুৱে ব্যৱহাৰ কৰা নিত্য ব্যৱহিত সামগ্ৰী সমূহ যেনে - 

    • শংকৰ গুৰু জনাই জপ কৰা মালাধাৰি আৰু সেই মালাধাৰি ভৰাই ৰখা বাকচটি,যাক 'জপা' বুলিও কয়।
    • গুৰুজনাই নাম লওতে ব্যৱহাৰ কৰা মঞ্জিৰা তাল(মালাধাৰি আৰু তালযোৰক একেলগে দুজনা গুৰুৰ "তাল- মালা" বুলি কোৱা হয়)।
    • তিলক লবৰ বাবে চন্দন পিহিবলৈ লোৱা"পটা",পদচিহ্নসহিত"পদশিলা"।
    • তিনিওজনা গুৰুৱে তামোল গুড়ি (খুন্দিবলৈ) ব্যৱহাৰ কৰা"চেপা"(বৰ্তমান খুন্দনা)।


    আহোম ৰজাই সত্ৰ খনিলৈ দিয়া সামগ্ৰী :

    আহোম ৰজা সকলে তেওঁলোকৰ শাসনকালত এই সত্ৰ খনলৈ ভূমি দান দিয়াৰ লগতে আহোম স্বৰ্গদেউ সকলে ব্যৱহাৰ কৰা সাজ এযোৰ, হেংদাং ৪খন, মাটিৰ পটা হিচাপে এখন তামত লিখিত আখৰৰ ফলি আৰু ভূমি দিয়া প্ৰমাণ হিচাপে বহু দৈঘ্য আকাৰৰ এখন ফয়ছলা সত্ৰ খনিত আজিও সংৰক্ষিত হৈ আছে।


    সত্ৰীয়া সংস্কৃতি প্ৰচাৰত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ :

    শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰা সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰা এই সত্ৰ খনিৰ বৈষ্ণৱ সকলে অসম তথা ভাৰতবৰ্ষৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যেনে সুদূৰ ইন্দোনেছিয়া, দক্ষিণ কোৰিয়া আৰু আন আন ৰাষ্ট্ৰ সমূহতো মহাপুৰুষ জনাৰ সৃষ্টি, দৰ্শন, ধৰ্ম বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।এই সত্ৰৰে বহুকেইজন গুণী ভকতে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰত চৰকাৰৰ স্বৰ্ণ পদক লাভ কৰাৰ লগতে সংগীত নাটক অকাডেমী বঁটা,আন আন ৰাষ্ট্ৰীয় বঁটা আৰু ৰাজ্যিক শিল্পী পেঞ্চন আদিৰ দৰে সম্মান লাভ কৰিছে। 


    সত্ৰীয়া নৃত্যৰ বাবে প্ৰথম সংগীত নাটক অকাডেমী বঁটা লাভ কৰা স্বৰ্গীয় মণিৰাম দত্ত বায়ন মোক্তাৰ এই খন সত্ৰৰেই বৈষ্ণৱ আছিল। এই জনা গুণী ভকতৰ পাছত পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়ন,বৰবায়ন টংকেশ্বৰ হাজৰিকা আদি সত্ৰীয়া সংস্কৃতিৰ সাধক সকলেও এই খন সত্ৰতেই সত্ৰীয়া সংগীতৰ শিক্ষা লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিবেশন কৰা লগতে সংগীত নাটক অকাডেমী বঁটা, পদ্মশ্ৰী বঁটা আদি লাভ কৰিবলৈ সক্ষম হৈছে।  বৰ্তমান সময়তো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই সত্ৰৰ বহু কেইজন শিল্পী ভকতে নৱ-প্ৰজন্মক সত্ৰীয়া সংস্কৃতিৰ শিক্ষা প্ৰদান কৰি আছে।


    বৰ্তমান সময়ত চিন্তনীয় বিষয় :

    এনে সত্ৰ সমূহৰ বৰ্তমান সংৰক্ষণৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে। যি সময়ত জীৱ শ্ৰেষ্ঠ মানৱে গ্ৰহ-উপগ্ৰহত বসতি কৰিবলৈ চিন্তা কৰিছে, কম্পিউটাৰ, ম'বাইল সেৱা সমূহৰ দ্বাৰা বিশ্ব ব্ৰহ্মাণ্ডক সংকুচিত কৰি হাতৰ আঙুলিৰ শীৰ্ষত পাবলৈ সক্ষম হৈছে,বিলাসী আৰু উচ্চ অভিলাসে জনমনক বিহ্বল কৰি তুলিছে,ঠিক একেসময়ৰ এই সকল ভকত-বৈষ্ণৱে কিন্তু আজিও একান্ত মনেৰে হৰি ভকতিত নিজকে উচৰ্গা কৰি সমাজ তথা দেশৰ মঙ্গলৰ অৰ্থে উচ্চস্বৰে ভগৱন্তৰ গুণানুকীৰ্তন কৰি থকা সত্বেও গুৰুৰ দিক্ষাহীন ,সদাচাৰ বৰ্জিত, ধৰ্ম হীন এচামে এই সত্ৰ সমূহক ,ভকত সকলক লৈ কিছুমান অহেতুক বাতুলামি বাণীৰে নৱ প্ৰজন্মক বিচলিত কৰিবলৈ দিবা-নৈশ চেষ্টা চলাই আহিছে।


    আনহাতে, আৰ্থিক দিশতো কিছু কিছু সত্ৰৰ ভকত সকল অনাটনৰ সন্মুখীন হৱ লগা হৈছে।যাৰ পৰিপ্ৰেক্ষিতত সত্ৰলৈ নতুনকৈ ল'ৰা আগমন হোৱাতো তেনেই সিমীত হোৱাৰ বাবে ভৱিষ্যতলৈ সত্ৰৰ স্হিতি অন্ধকাৰচন্ন হৈ পৰিছে।


    সেয়েহে, এনে ক্ষেত্ৰত সচেতন শিষ্য সমাজে গুৰু-শিষ্যৰ পৰম্পৰা অটুত ৰাখি অসমীয়া জাতীয় জীৱনৰ বৰঘৰ স্বৰূপ এই সত্ৰ সমূহৰ সু-সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে সত্ৰ সমূহ কাৰোবাৰ ব্যক্তিগত সম্পত্তি বুলি এৰি নিদি অসমীয়া জাতিৰ ধৰ্মীয় সম্পদ হিচাবে সংৰক্ষণ কৰিলেহে গুৰুজনাৰ মহান আদৰ্শ তথা সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ খনিৰ লগতে অন্যান্য সত্ৰ সমূহ জীয়াই থাকিব। তেতিয়া অন্ততঃ পাছৰ প্ৰজন্মই সত্ৰক ডিজিটেল মাধ্যমত খোচৰিবলগীয়া নহ'ব !!!

    সত্ৰীয়ানৃত্য, সত্ৰ, সত্ৰীয়াসংস্কৃতি,সত্ৰীয়াসংগীত

    আৰু পঢ়িব পাৰে- মহাপুৰুষীয়া শৰণ ৰীতি।

    Author – Srimanta Borah

    নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

    Comments

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা ঢোল, পেঁপা, গগনা। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা Assamese musical instruments Dhol Bihu Pepa and Gagana হৈছে অসমীয়া জাতিৰ বাপুতি সাহোন বিহুত ব্যৱহাৰ কৰা তিনিটা মূখ্য বাদ্যযন্ত্ৰ। এই লেখাটিত ঢোল , বিহু পেঁপা আৰু গগণাৰ সম্পৰ্কে বিস্তৃত বৰ্ণনা কৰা হৈছে। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা : ঢোলৰ বিষয়ে : অসমীয়া লোক বাদ্য ঢোল হৈছে অসমীয়া জনজীৱনৰ লগত জড়িত  বাদ্য প্ৰকাৰ musical instruments সমূহৰ ভিতৰত অন্যতম লোকবাদ্য। লোকবিশ্বাস অনুসৰি এই বাদ্য টি কৈলাসৰ পৰা পাণ্ডুনন্দন পার্থই পৃথিৱীলৈ অনা বুলি বিশ্বাস কৰা হয়।অসমীয়া বাদ্যযন্ত্ৰ ঢোল assamese musical instruments dhol অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুৰ এক main musical instrument মুখ্য বাদ্য। এই ঢোলৰ অবিহনে অসমীয়া জাতিয়ে আনন্দ ৰঙৰ উৎসৱ স্বৰূপ ৰঙালী বিহু rongali bihu পালন কৰা অসম্ভৱ। ঢোলৰ প্ৰকাৰ : ঢোলৰ প্ৰকাৰ   বুলিলে দেখা যায় যে অসমৰ ভিন্ন ভিন্ন প্ৰান্তত প্ৰচলিত ঢোল বাদ্য টিক আকাৰ আৰু বজোৱা আনুষ্ঠানিক প্ৰদ্ধতি অনুসৰি মূলতঃ  ৪ চাৰিটা ভাগত ভাগ কৰা হ...