পৰিচয় :
শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠা :
শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ খনিৰ নামাকৰণ :
শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ খনিৰ নামাকৰণৰ ক্ষেত্ৰত বিভিন্ন বাখ্যা বা মত পোৱা যায়।
যেনে-বদলা পদ্ম আতাৰ দহনাম ক্ৰমে,পদ্ম আতা, গোবিন্দ,ৰূপধৰ,লৱৰনাতি,গোসাই,হৰিৰপো,মাণিক,অমুকাই,উজনীয়াবাপুঘৰ আৰু বদলা বা কমলাকান্ত আতা। সেয়েহে, তাৰাৰ কমলাকান্ত নাম অনুসৰি তাৰাৰ স্হাপিত সত্ৰ কাৰণেই কমলাবাৰী সত্ৰ বোলে।
সাধু সকলৰ মতে, শ্ৰীকৃষ্ণ ভগৱানে ৰুক্মিণী দেৱীক কুণ্ডিলৰ পৰা হৰণ কৰি নিওতে ৰুক্মিণী দেৱীৰ শিৰৰ(পৰিধান কৰা) কমল ফুল এই ঠাইত পৰিছিল বাবেই কমলাবাৰী হ'ল।
সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ :
আন কিছুমানৰ মতে,কমলা মূদৈৰ বাৰীত শ্ৰীমন্ত শংকৰ গুৰুজনা মাধৱদেৱ গুৰুজনা সাত দিন আছিল আৰু থাকোতে সেই ঠাইত এখনি থান হ'ব বুলি গুৰুজনাই বাক্য বুলিছিল কাৰণেই কমলাবাৰী নাম হ'ল।
শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ খনিৰ বিভাজন :
১৫৯৫ শকত বদলা পদ্ম আতাই তাৰাৰ জীৱনৰ শেষ সময়ত প্ৰতিষ্ঠা কৰা এই ঐতিহ্যমণ্ডিত সত্ৰ খনি পাছলৈ প্ৰাকৃতিক দুৰ্যোগত পৰি কেইবাবাৰো স্হান সলনি কৰিব লগা হ'ল।ইয়াৰ মাজতে সত্ৰাধিকাৰ শ্ৰীশ্ৰী কৃষ্ণকান্ত দেৱগোস্বামী প্ৰভূত ঈশ্বৰৰ দিনতে , শ্ৰী শ্ৰী বিষ্ণুদেৱ গোস্বামী প্ৰভূৱে ১৮৩৭ চনত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী নামেৰে এখনি সত্ৰ স্থাপন কৰে। বৰ্তমান শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী প্ৰভূ এই সত্ৰৰ সত্ৰাধিকাৰ হৈ আছে।তাৰ পাছত পুনৰ শ্ৰী শ্ৰী চন্দ্ৰহাস দেৱগোস্বামী প্ৰভূজনাৰ দিনত অৰ্থাৎ ১৯৩৬ চনত শ্ৰী শ্ৰী নতুন কমলাবাৰী নামেৰে মূল কমলাবাৰী সত্ৰৰ পৰা পৃথক হৈ এখনি সত্ৰ প্ৰতিষ্ঠা হয়। শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী প্ৰভূঈশ্বৰ বৰ্তমান এই সত্ৰৰ সত্ৰাধিকাৰ হৈ আছে।
সত্ৰ খনি তিতাবৰলৈ স্হানান্তৰ :
১৯৭৫ চনৰ প্ৰৱল গড়াখহনীয়াৰ বাবে মূল কমলাবাৰী সত্ৰ খনিৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱকান্তদেৱ গোস্বামী প্ৰভূজনাই তিতাবৰ লৈ স্হানান্তৰ কৰাৰ কথা ভকত সকলক ব্যক্ত কৰে।কিন্তু,ভকত সকলৰ মাজত কিছু মতামতৰ প্ৰভেদ ঘটি তাৰে অল্পসংখ্যক ভকতে মাজুলীতে থকাৰ অভিপ্ৰায়ে ১৯৭৫ চনত শ্ৰী শ্ৰী মধ্য মাজুলী কমলাবাৰী সত্ৰ স্থাপন কৰে আৰু সেই একে চনতে সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱকান্তদেৱ গোস্বামী প্ৰভূজনাই বাকী থকা ভকত সকলক লগত লৈ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অন্তৰ্গত, নাগালেণ্ড সীমান্তৱৰ্তী মহিমাবাৰী নামে ঠাইত মূল শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ খনি পুনৰ প্ৰতিষ্ঠা কৰে।
আৰু পঢ়িব পাৰে- অসমৰ লোক পৰিৱেশ্য কলা ওজাপালি।
তেতিয়াৰ পৰা বৰ্তমান সময়লৈকে সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱকান্তদেৱ গোস্বামী প্ৰভূজনাৰ লগতে চাৰি বহা ক্ৰমে-(গুৰু আতৈ পুৰুষৰ বহা, দক্ষিণ কুলীয়া কৃষ্ণ আতৈৰ বহা, ভাগৱতী আতৈৰ বহা,আলধৰা আতৈৰ বহা) আৰু প্ৰায় তিনি কুৰি ভকত বৈষ্ণৱে বাহাঘৰ নিৰ্মাণ কৰি মধ্যে কীৰ্তনঘৰ,আতাগৃহ, মহাবীৰ গৃহ আৰু মণিকূটত শ্ৰী শ্ৰী বৈকুণ্ঠনাথ মহাপ্ৰভূ, শ্ৰী শ্ৰী লক্ষ্মীনাথ মহাপ্ৰভূ, শ্ৰী শ্ৰী বৃন্দাৱনচন্দ্ৰ মহাপ্ৰভূ, শ্ৰী শ্ৰী বংশী গোপাল মহাপ্ৰভূ আৰু শ্ৰী শ্ৰী কলীয়া ঠাকুৰ মহাপ্ৰভূ ক স্হাপন কৰি চৈধ্য প্ৰসঙ্গৰে সদায় গুৰুজনাৰ আৰ্হিক শিৰোগত কৰি ধৰ্মীয় চিন্তাৰে নিজকে আত্মনিয়োগ কৰি ৰাখিছে।
শংকৰদেৱ-মাধৱদেৱ আৰু বদলা আতাৰ ৰচিত পুথি :
এই সত্ৰ খনিত গুৰু দুজনাৰ দ্বাৰা ৰচিত পুথি সমূহ যেনে- শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই নিজ হাতেৰে লিখা 'দশম কীৰ্তন', মাধৱদেৱে নিজৰ হাতেৰে লিখা 'ঘোষা', 'ৰত্নাৱলী' আৰু 'নামমালিকা' আদি সংৰক্ষিত হৈ আছে। ইয়াৰ উপৰিও এই সত্ৰ খনিত প্ৰাচীন কালত ৰচিত বহু সাঁচিপাতৰ পুথি সংৰক্ষিত হৈ আছে। ইয়াৰে কিছুমান পুথি বিশেষ সংৰক্ষণৰ বাবে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ত সংগৃহীত কৰি ৰখা হৈছে।
শংকৰদেৱ-মাধৱদেৱ আৰু বদলা আতাই ব্যৱহাৰ কৰা সামগ্ৰী :
- শংকৰ গুৰু জনাই জপ কৰা মালাধাৰি আৰু সেই মালাধাৰি ভৰাই ৰখা বাকচটি,যাক 'জপা' বুলিও কয়।
- গুৰুজনাই নাম লওতে ব্যৱহাৰ কৰা মঞ্জিৰা তাল(মালাধাৰি আৰু তালযোৰক একেলগে দুজনা গুৰুৰ "তাল- মালা" বুলি কোৱা হয়)।
- তিলক লবৰ বাবে চন্দন পিহিবলৈ লোৱা"পটা",পদচিহ্নসহিত"পদশিলা"।
- তিনিওজনা গুৰুৱে তামোল গুড়ি (খুন্দিবলৈ) ব্যৱহাৰ কৰা"চেপা"(বৰ্তমান খুন্দনা)।
আহোম ৰজাই সত্ৰ খনিলৈ দিয়া সামগ্ৰী :
আহোম ৰজা সকলে তেওঁলোকৰ শাসনকালত এই সত্ৰ খনলৈ ভূমি দান দিয়াৰ লগতে আহোম স্বৰ্গদেউ সকলে ব্যৱহাৰ কৰা সাজ এযোৰ, হেংদাং ৪খন, মাটিৰ পটা হিচাপে এখন তামত লিখিত আখৰৰ ফলি আৰু ভূমি দিয়া প্ৰমাণ হিচাপে বহু দৈঘ্য আকাৰৰ এখন ফয়ছলা সত্ৰ খনিত আজিও সংৰক্ষিত হৈ আছে।
সত্ৰীয়া সংস্কৃতি প্ৰচাৰত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ :
শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰা সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰা এই সত্ৰ খনিৰ বৈষ্ণৱ সকলে অসম তথা ভাৰতবৰ্ষৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যেনে সুদূৰ ইন্দোনেছিয়া, দক্ষিণ কোৰিয়া আৰু আন আন ৰাষ্ট্ৰ সমূহতো মহাপুৰুষ জনাৰ সৃষ্টি, দৰ্শন, ধৰ্ম বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।এই সত্ৰৰে বহুকেইজন গুণী ভকতে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰত চৰকাৰৰ স্বৰ্ণ পদক লাভ কৰাৰ লগতে সংগীত নাটক অকাডেমী বঁটা,আন আন ৰাষ্ট্ৰীয় বঁটা আৰু ৰাজ্যিক শিল্পী পেঞ্চন আদিৰ দৰে সম্মান লাভ কৰিছে।
সত্ৰীয়া নৃত্যৰ বাবে প্ৰথম সংগীত নাটক অকাডেমী বঁটা লাভ কৰা স্বৰ্গীয় মণিৰাম দত্ত বায়ন মোক্তাৰ এই খন সত্ৰৰেই বৈষ্ণৱ আছিল। এই জনা গুণী ভকতৰ পাছত পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়ন,বৰবায়ন টংকেশ্বৰ হাজৰিকা আদি সত্ৰীয়া সংস্কৃতিৰ সাধক সকলেও এই খন সত্ৰতেই সত্ৰীয়া সংগীতৰ শিক্ষা লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিবেশন কৰা লগতে সংগীত নাটক অকাডেমী বঁটা, পদ্মশ্ৰী বঁটা আদি লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়তো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই সত্ৰৰ বহু কেইজন শিল্পী ভকতে নৱ-প্ৰজন্মক সত্ৰীয়া সংস্কৃতিৰ শিক্ষা প্ৰদান কৰি আছে।
বৰ্তমান সময়ত চিন্তনীয় বিষয় :
এনে সত্ৰ সমূহৰ বৰ্তমান সংৰক্ষণৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে। যি সময়ত জীৱ শ্ৰেষ্ঠ মানৱে গ্ৰহ-উপগ্ৰহত বসতি কৰিবলৈ চিন্তা কৰিছে, কম্পিউটাৰ, ম'বাইল সেৱা সমূহৰ দ্বাৰা বিশ্ব ব্ৰহ্মাণ্ডক সংকুচিত কৰি হাতৰ আঙুলিৰ শীৰ্ষত পাবলৈ সক্ষম হৈছে,বিলাসী আৰু উচ্চ অভিলাসে জনমনক বিহ্বল কৰি তুলিছে,ঠিক একেসময়ৰ এই সকল ভকত-বৈষ্ণৱে কিন্তু আজিও একান্ত মনেৰে হৰি ভকতিত নিজকে উচৰ্গা কৰি সমাজ তথা দেশৰ মঙ্গলৰ অৰ্থে উচ্চস্বৰে ভগৱন্তৰ গুণানুকীৰ্তন কৰি থকা সত্বেও গুৰুৰ দিক্ষাহীন ,সদাচাৰ বৰ্জিত, ধৰ্ম হীন এচামে এই সত্ৰ সমূহক ,ভকত সকলক লৈ কিছুমান অহেতুক বাতুলামি বাণীৰে নৱ প্ৰজন্মক বিচলিত কৰিবলৈ দিবা-নৈশ চেষ্টা চলাই আহিছে।
আনহাতে, আৰ্থিক দিশতো কিছু কিছু সত্ৰৰ ভকত সকল অনাটনৰ সন্মুখীন হৱ লগা হৈছে।যাৰ পৰিপ্ৰেক্ষিতত সত্ৰলৈ নতুনকৈ ল'ৰা আগমন হোৱাতো তেনেই সিমীত হোৱাৰ বাবে ভৱিষ্যতলৈ সত্ৰৰ স্হিতি অন্ধকাৰচন্ন হৈ পৰিছে।
সেয়েহে, এনে ক্ষেত্ৰত সচেতন শিষ্য সমাজে গুৰু-শিষ্যৰ পৰম্পৰা অটুত ৰাখি অসমীয়া জাতীয় জীৱনৰ বৰঘৰ স্বৰূপ এই সত্ৰ সমূহৰ সু-সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে সত্ৰ সমূহ কাৰোবাৰ ব্যক্তিগত সম্পত্তি বুলি এৰি নিদি অসমীয়া জাতিৰ ধৰ্মীয় সম্পদ হিচাবে সংৰক্ষণ কৰিলেহে গুৰুজনাৰ মহান আদৰ্শ তথা সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ খনিৰ লগতে অন্যান্য সত্ৰ সমূহ জীয়াই থাকিব। তেতিয়া অন্ততঃ পাছৰ প্ৰজন্মই সত্ৰক ডিজিটেল মাধ্যমত খোচৰিবলগীয়া নহ'ব !!!

Comments
Post a Comment