অসমৰ লোক পৰিৱেশ্য কলা । ওজাপালি
পৰিচয় :
ওজাপালি কি ?:
ৰাগ -তালযুক্ত গীত পদ, অভিনয়,হস্ত-কৰ্ম,শিৰ-কৰ্ম,গ্ৰীৱা-কৰ্ম, দৃষ্টি ভেদ,গতি,উৎপ্লাৱন,ভ্ৰমৰী ইত্যাদি বহুতো শাস্ত্ৰীয় উপাদানেৰে এই ওজাপালি (Ojapali)অনুষ্ঠান সমৃদ্ধ যদিও জন বিনোদনৰ অৰ্থে লোক ৰুচিক অধিক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই সংস্কৃতি শাস্ত্ৰীয়তকৈ অসমৰ লোক কলা বা অসমৰ লোক পৰিৱেশ্য কলা ৰূপতহে বেছি পৰিচিত।
ওজাপালি কাক বোলে ?:
এজন মূখ্য ওজাই ততোধিক পালিৰ সহযোগত পৌৰাণিক আখ্যান বা কাহিনী যুক্ত গীত,পদ আদিক নৃত্য আৰু অভিনয়ৰ দ্বাৰা নাটকীয় ৰূপ দি পৰিবেশন কৰা কলাকেই ওজাপালি বোলা হয়।
অসমৰ ওজাপালিৰ প্ৰকাৰ বা ভাগ :
প্ৰাচীন কালৰে পৰা প্ৰচলন হৈ অহা ওজাপালি ৰ প্ৰতি লক্ষ্য কৰিলে অসমৰ ওজাপালিক দুটা ভাগত দেখা পোৱা যায়। সেই ওজাপালিৰ দুটা ভাগৰ নাম যেনে-
১.ব্যাহগোৱা ওজাপালি আৰু
২.সুকন্নানী ওজাপালি।
প্ৰচলিত পৌৰাণিক ওজাপালি অনুষ্ঠান টি ব্যাহগোৱা ওজাপালিৰ পৰা উদ্ভৱ হোৱাৰ কাৰণে এই ওজাপালিক পৃথকে ভাগ কৰা নহয়।
(১)ব্যাহগোৱা ওজাপালি :
ব্যাহগোৱা ওজাপালিক বিয়াহৰ ওজাপালি নামেৰেও জনা যায়।এই ব্যাহগোৱা নামটো ' ব্যাস' শব্দৰ পৰা উৎপন্ন।এইভাগ ওজাপালিত প্ৰধানকৈ মহষি্ ব্যাসৰ দ্বাৰা বিৰচিত মহাভাৰতৰ পদ সমূহ গোৱা হয় কাৰণেই ইয়াক ব্যাহগোৱা ওজাপালি বোলা হয়।
আনহাতে,এই ওজাপালি প্ৰাচীন বৈষ্ণৱ তান্ত্ৰিক বাসুদেৱ পূজা বা ' গৌন্ধ চৌপৰী সভা' ৰ লগত জড়িত। ইয়াত শাস্ত্ৰীয় সংগীত (Classical music) আৰু নৃত্যৰ বহুতো উপাদান দেখা পোৱা যায়। এই ওজাপালিত কমেও ২৮টি ৰাগৰ প্ৰয়োগ হয়।ৰাগৰ ধাৰাটো পূৰ্বাঞ্চলীয় ৰাগ সংগীতৰ ধাৰা। ইয়াৰ উপৰিও, ৰাগৰ লগতে ৰাগস্বৰূপ বা মালিতা গোৱাৰ প্ৰথা্ ইয়াত দেখা পোৱা যায়। ৰাগসমূহ বা,হে,ঋ,তা,না-না আদি স্তোভাক্ষৰৰ দ্বাৰা আৰম্ভ হয়।আনহাতে,তালৰ ক্ষেত্ৰত এই ওজাপালিত -চাব তাল,চৌতাল,জিকৰী,লেচেৰী আদি ভিন ভিন তাল ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।
সংগীতৰ ক্ষেত্ৰত এই ওজাপালি পাঁচটা বিশেষ ক্ৰমৰ ওপৰত প্ৰতিষ্ঠিত। যেনে-
(১)গুৰুমন্দলী বা গইদ(২)পাতনি গীত (৩)বিষ্ণু পদ (৪)সংগীতালাপ (৫)ঝুনা বা সামৰনি।
আনহাতে, পৰিবেশন কৰোঁতে এই ওজাপালিক পাঁচটা ভাগত বিভক্তকৰি লোৱা হয়, যেনে-(১)ৰাগ(২) মালিতা (৩) দিহা (৪)চলনা আৰু (৫)পদ।
নৃত্যাংশত, এই ওজাপালিৰ ভংগি,গতি ভেদ, দৃষ্টি ভেদ, গ্ৰীৱা ভেদ
আদি শাস্ত্ৰীয় উপাদান সুন্দৰ ভাৱে দেখা পোৱা যায়। এই নৃত্যৰ উপাদান সমূহকো পাঁচটা ভাগত বিভক্ত কৰা হৈছে,যেনে-
(১)বুলন(গতি)(২)চাৱন(দৃষ্টি)(৩)ওৰা(ভংগি)(৪)লয় আৰু (৫) মূদ্ৰা।
বুলন সমূহ হ'ল যেনে- অশ্ব,সিংহ,হস্তী,মৈৰা,হংস,ভাটৌ,ধুপুনী,চালনী বুলন ইত্যাদি।
চালনা বা দৃষ্টিৰ ক্ষেত্ৰত- বগুলা,নেউলা,ভাটো,দেৱতা,মদন চকু,ঘেটা চকু আদি সমূহ ইয়াৰ দৃষ্টি ভেদ আৰু গ্ৰীৱা ভেদ।
এই ওজাপালিত,থোকা তাল দ্ৰুতলয়ত বজোৱা হয় আৰু নৃত্যাংশত ১৮খন খোলা,৩৮খন বন্ধা,২৬খন চালনী মূদ্ৰা বা হস্ত প্ৰয়োগ হয়।
এই ওজাপালিৰ এটি বৈশিষ্ট্য হ'ল যে, ইয়াত অৱনদ্ধ বাদ্যৰ পৰিবৰ্তে খুটিতালেই প্ৰধান বাদ্য।
পোছাকৰ ক্ষেত্ৰত , বগা পাগুৰি,চাপকন চোলা,ঘূৰীয়াজামা,চাদৰ আৰু টঙালি ব্যৱহাৰ কৰা হয়।
(২).সুকন্নানী ওজাপালি :
সুকন্নানী ওজাপালি মনসা পূজাৰ লগত জড়িত এটি অনুষ্ঠান।সুকবি নাৰায়ণৰ দ্বাৰা বিৰচিত মনসা গীত বা পদ্ম পূৰাণৰ আখ্যানৰ আধাৰত এই শ্ৰেণীৰ ওজাপালি পৰিবেশন কৰা হয়।সুকন্নানী সুকবি নাৰায়ণৰে চদ্ম নাম। আনহাতে,মনসা পূজাক মাৰৈ বা ৰংপূজা নামেৰেও জনা যায়।ই প্ৰধানকৈ এক লোক অনুষ্ঠান।
এই ওজাপালিত ৰাগতকৈ দিহা,পদ আৰু ঝুনাৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰা দেখা পোৱা যায়।গীতত ৰাগ থাকিলেও সেইসমূহক ৰাগৰ পৰিবৰ্তে'ধোৱা'বুলি কোৱা হয়।
এই ওজাপালি পাঁচটা ভাগত বিভক্ত, যেনে---
(১)বন্দনা (২)মালিতা (৩)দিহা (৪)পদ আৰু (৫)ঝুনা। ইয়াত ওজা আৰু পালিৰ মাজত কথোপকথনৰ মাত্ৰা অধিক।জাগৰ,মালতী গীত, সংহাৰ মূদ্ৰা,সাপৰ ভংগিমা আদি এই ওজাপালিৰ মূল বৈশিষ্ট্য।
ইয়াৰ উপৰিও,জণজাতীয় আচাৰ ৰীতি, কলাত্মক উপাদান আদি সমূহৰ সমাহাৰ ঘটাত এই শ্ৰেণীৰ ওজাপালিত জয়ঢ়োলৰ প্ৰচলন ঘটিবলৈ ধৰিলে।এই জয়ঢ়োলৰ বাদনক বাজি বোলা হয়।বাদিৰ আকৌ ১০ প্ৰকাৰৰ বাদন ভেদ আছে। ইয়াৰ বাদেও জনজাতি সকলৰ দেওধনী নাচ,মেচা-মেচনী নাচ,ধন তোলা নাচ,কছাৰী নাচ আদি বিভিন্ন নৃত্য ভংগী সনিবিষ্ট হৈ আছে।
পোছাকৰ ক্ষেত্ৰত,ভূনি বা
পাটৰ চুৰীয়া,চাপকন বা খাৰী কূতা্,বগা চাদৰ,কুহুম বা মৈৰাচলীয়া পাগুৰি,ৰঙাফোট আদি সুকন্নানী ওজাপালিত পৰিধান কৰা হয়।
(৩). সত্ৰীয়া ওজাপালি :
সত্ৰীয়া ওজাপালি প্ৰাক শংকৰী যুগৰ পৰা অসমত প্ৰচলিত হৈ অহা ব্যাহগোৱা ওজাপালিৰ পৰাই উদ্ভূত এটি ওজাপালি ভাগ। প্ৰকৃততে ,এই ওজাপালি ব্যাহগোৱা ওজাপালিৰ এক সত্ৰীয়া ৰূপান্তৰ।সত্ৰীয়া ওজাপালি স্বকীয় মহিমাৰে মহিমামণ্ডিত। ইয়াত অৱধাৰিত হৈ থকা স্বকীয় বৈশিষ্ট্য সমূহ তলত উল্লেখ কৰা ধৰণেৰে উপলব্ধি কৰিব পৰা যায়।যেনে-
- সত্ৰীয়া ওজাপালি এজন ওজা আৰু একৰ পৰা ততোধিক পালি সহযোগত গঠিত।
- এই ওজাপালিয়ে মহাপুৰুষ দুজনাই বিৰচন কৰা সাহিত্যৰ পৰা কাহিনীৰ সম্বল আৰু গীত পদ সমূহ গ্ৰহণ কৰে। কেতিয়াবা কেতিয়াবা ৰামায়ণ, মহাভাৰত,ভাগৱত,পূৰাণ আদিৰ পৰাও কাহিনীৰ সম্বল গ্ৰহণ কৰা হয়।
- এই ওজাপালিত ৰাগ সংগীতৰ অনুধাৱন কঠোৰ ভাৱে কৰা হয়।এই ৰাগ সমূহ বন্ধা ৰাগ নামেৰে পৰিচিত।ৰাগসমূহ হে-ৰে-ঋ,তা-নে-না ইত্যাদি কিছুমান বৰ্ণৰ আধাৰত পৰিবেশন কৰা হয়।
- গীতৰ মাজে মাজে শুদ্ধ নাচৰ প্ৰয়োগ এই ওজাপালিত দেখা পোৱা যায়।
- হস্তৰ প্ৰয়োগ ইয়াৰ বিশেষ লক্ষ্যনীয়। আনহাতে, সত্ৰীয়া নৃত্যত ব্যৱহাৰ কৰা হস্ত সমূহৰ লগত ওজাপালিৰ হস্তৰ কিছু প্ৰভেদ আছে।
- গীতৰ মাজে মাজে কথনৰ ব্যৱস্থা থাকে। ইয়াতেই আত ধৰি ওজাই কাহিনী বিস্তাৰ কৰে।
- ভৰিৰে তাল দেখুওৱা আৰু তালৰ ছেৱত নৃত্য কৰা ইয়াৰ বিশেষ বৈশিষ্ট।
- বাদ্যৰ নামত কেৱল খুটিতাল ব্যৱহাৰ কৰা হয়।
- কৃষ্ণ ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদনেই এই ওজাপালিৰ চৰম লক্ষ্য।
সত্ৰীয়া ওজাপালিৰ প্ৰদৰ্শনৰ ক্ৰম :
সত্ৰীয়া ওজাপালিক পাঁচটা ভাগত ভাগ কৰি পৰিবেশন কৰা হয়। যেনে-(১)ৰাগ দিয়া (২) শ্লোক (৩)গীত(৪) দিহা আৰু (৫)পদ গোৱা বা ঠিয় পাতন।
আনহাতে,ঠিয়পাতনৰ আকৌ ৭ৰপৰা ততোধিক উপৰিভাগ আছে। যেনে-(১)ৰাগ মালিতা (২)চাৰোণ (৩)বাদ্যখিয়ালী (৪)ধূৰা (৫)পদ জুৰি (৬)বানা আৰু (৭) উপদেশ ইত্যাদি।
সত্ৰীয়া ওজাপালিৰ সাজ-পোছাক :
এই ওজাপালিত অধোবাস হিচাপে ওজাই মূগা বা পাটৰ বা কপাহী চুৰীয়া পিন্ধৰ লগতে পালি সকলে কপাহী চুৰীয়া পিন্ধে।উদ্ধবাস হিচাপে ওজাই হাত চুটি জালদাৰ চোলা পিন্ধে।তাৰ উপৰে এখন শুভ্ৰ চাদৰ পিঠিৰলৈকে পেলাই দুই আগ দুই কান্ধৰ ওপৰেদি আনি সন্মূখৰলৈকে আঠুপ্যযন্ত লোৱা হয়।শিৰস্তান হিচাপে পাগুৰি,বকুল ফুলৰ মালা ৰ লগতে ডিঙিত কাঠৰ মালা বা মতামণি,কাণত উন্টি,হাতত গাম খাৰু আৰু ভৰিত নূপুৰ ব্যৱহাৰ কৰা হয়।।
সামৰণি :

Muk Ujjal kak bule answer tu diboparibone
ReplyDelete