Skip to main content

অসমৰ লোক পৰিৱেশ্য কলা । ওজাপালি

অসমৰ লোক পৰিৱেশ্য কলা । ওজাপালি

ওজাপালি কি, ওজাপালি কাক বোলে, অসমৰ লোক পৰিৱেশ্য কলা, সত্ৰীয়া ওজাপালি


পৰিচয় : 

অসমৰ ওজাপালি প্ৰাচীন কালৰে পৰা প্ৰচলন হৈ অহা সংগীত আৰু নৃত্য সম্বলিত এক বিশেষ ধৰণৰ অৰ্ধ নাটকীয় অনুুষ্ঠান। অসমৰ লোক পৰিৱেশ্য কলা ওজাপালি অনুষ্ঠান গীত-নৃত্য আৰু অভিনয়ত পাকৈত এজন ওজা আৰু পালি নামৰ কিছুমান সহযোগীৰ সহায়ত পৰিবেশন কৰা হয়। পৌৰাণিক আখ্যান বা কাহিনী যুক্ত গীত,পদ আদিক ওজাই নৃত্য আৰু অভিনয়ৰ দ্বাৰা নাটকীয় ৰূপ দি ৰসনিষ্পতি ঘটায়।




    ওজাপালি কি ?:

    ৰাগ -তালযুক্ত গীত পদ, অভিনয়,হস্ত-কৰ্ম,শিৰ-কৰ্ম,গ্ৰীৱা-কৰ্ম, দৃষ্টি ভেদ,গতি,উৎপ্লাৱন,ভ্ৰমৰী ইত্যাদি বহুতো শাস্ত্ৰীয় উপাদানেৰে এই ওজাপালি (Ojapali)অনুষ্ঠান সমৃদ্ধ যদিও জন বিনোদনৰ অৰ্থে লোক ৰুচিক অধিক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই সংস্কৃতি শাস্ত্ৰীয়তকৈ অসমৰ লোক কলা বা অসমৰ লোক পৰিৱেশ্য কলা  ৰূপতহে বেছি পৰিচিত।


    ওজাপালি কাক বোলে ?:

    এজন মূখ্য ওজাই ততোধিক পালিৰ সহযোগত পৌৰাণিক আখ্যান বা কাহিনী যুক্ত গীত,পদ আদিক  নৃত্য আৰু অভিনয়ৰ দ্বাৰা নাটকীয় ৰূপ দি পৰিবেশন কৰা কলাকেই ওজাপালি বোলা হয়।


    অসমৰ ওজাপালিৰ প্ৰকাৰ বা ভাগ :

    প্ৰাচীন কালৰে পৰা প্ৰচলন হৈ অহা ওজাপালি ৰ প্ৰতি লক্ষ্য কৰিলে  অসমৰ ওজাপালিক দুটা ভাগত দেখা পোৱা যায়। সেই ওজাপালিৰ দুটা ভাগৰ নাম যেনে- 

    ১.ব্যাহগোৱা ওজাপালি আৰু 

    ২.সুকন্নানী ওজাপালি।


    ইয়াৰ উপৰিও অসমত সত্ৰীয়া ওজাপালি নামেৰে

    প্ৰচলিত পৌৰাণিক ওজাপালি অনুষ্ঠান টি ব্যাহগোৱা ওজাপালিৰ পৰা উদ্ভৱ হোৱাৰ কাৰণে এই ওজাপালিক পৃথকে ভাগ কৰা নহয়।


    (১)ব্যাহগোৱা ওজাপালি :

    ব্যাহগোৱা ওজাপালিক বিয়াহৰ ওজাপালি নামেৰেও জনা যায়।এই    ব্যাহগোৱা নামটো ' ব্যাস' শব্দৰ পৰা উৎপন্ন।এইভাগ ওজাপালিত প্ৰধানকৈ মহষি্ ব্যাসৰ দ্বাৰা বিৰচিত মহাভাৰতৰ পদ সমূহ গোৱা হয় কাৰণেই ইয়াক ব্যাহগোৱা ওজাপালি বোলা হয়। 


    আনহাতে,এই ওজাপালি প্ৰাচীন বৈষ্ণৱ তান্ত্ৰিক বাসুদেৱ পূজা বা ' গৌন্ধ চৌপৰী সভা' ৰ লগত জড়িত। ইয়াত শাস্ত্ৰীয় সংগীত (Classical music) আৰু নৃত্যৰ বহুতো উপাদান দেখা পোৱা যায়। এই ওজাপালিত কমেও ২৮টি ৰাগৰ প্ৰয়োগ হয়।ৰাগৰ ধাৰাটো পূৰ্বাঞ্চলীয় ৰাগ সংগীতৰ ধাৰা। ইয়াৰ উপৰিও, ৰাগৰ লগতে ৰাগস্বৰূপ বা মালিতা গোৱাৰ প্ৰথা্ ইয়াত দেখা পোৱা যায়। ৰাগসমূহ বা,হে,ঋ,তা,না-না আদি স্তোভাক্ষৰৰ দ্বাৰা আৰম্ভ হয়।আনহাতে,তালৰ ক্ষেত্ৰত এই ওজাপালিত -চাব তাল,চৌতাল,জিকৰী,লেচেৰী আদি ভিন ভিন তাল ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।


    সংগীতৰ ক্ষেত্ৰত এই ওজাপালি পাঁচটা বিশেষ ক্ৰমৰ ওপৰত প্ৰতিষ্ঠিত। যেনে-

    (১)গুৰুমন্দলী বা গইদ(২)পাতনি গীত (৩)বিষ্ণু পদ  (৪)সংগীতালাপ (৫)ঝুনা বা সামৰনি।


    আনহাতে, পৰিবেশন কৰোঁতে এই ওজাপালিক পাঁচটা ভাগত বিভক্তকৰি লোৱা হয়, যেনে-(১)ৰাগ(২) মালিতা (৩) দিহা (৪)চলনা আৰু (৫)পদ। 


    নৃত্যাংশত, এই ওজাপালিৰ ভংগি,গতি ভেদ,  দৃষ্টি ভেদ, গ্ৰীৱা ভেদ 

    আদি শাস্ত্ৰীয় উপাদান সুন্দৰ ভাৱে দেখা পোৱা যায়। এই নৃত্যৰ উপাদান সমূহকো পাঁচটা ভাগত বিভক্ত কৰা হৈছে,যেনে- 

    (১)বুলন(গতি)(২)চাৱন(দৃষ্টি)(৩)ওৰা(ভংগি)(৪)লয় আৰু  (৫) মূদ্ৰা।


    বুলন সমূহ হ'ল যেনে- অশ্ব,সিংহ,হস্তী,মৈৰা,হংস,ভাটৌ,ধুপুনী,চালনী বুলন ইত্যাদি।


    চালনা বা দৃষ্টিৰ ক্ষেত্ৰত- বগুলা,নেউলা,ভাটো,দেৱতা,মদন চকু,ঘেটা চকু আদি সমূহ ইয়াৰ দৃষ্টি ভেদ আৰু গ্ৰীৱা ভেদ।


    এই ওজাপালিত,থোকা তাল দ্ৰুতলয়ত বজোৱা হয় আৰু নৃত্যাংশত ১৮খন খোলা,৩৮খন বন্ধা,২৬খন চালনী মূদ্ৰা বা হস্ত প্ৰয়োগ হয়।


    এই ওজাপালিৰ এটি বৈশিষ্ট্য হ'ল যে, ইয়াত অৱনদ্ধ  বাদ্যৰ পৰিবৰ্তে খুটিতালেই প্ৰধান বাদ্য।


    পোছাকৰ ক্ষেত্ৰত , বগা পাগুৰি,চাপকন চোলা,ঘূৰীয়াজামা,চাদৰ আৰু টঙালি ব্যৱহাৰ কৰা হয়।


    (২).সুকন্নানী ওজাপালি :

    সুকন্নানী ওজাপালি মনসা পূজাৰ লগত জড়িত এটি অনুষ্ঠান।সুকবি নাৰায়ণৰ দ্বাৰা বিৰচিত মনসা গীত বা পদ্ম পূৰাণৰ আখ্যানৰ আধাৰত এই শ্ৰেণীৰ ওজাপালি পৰিবেশন কৰা হয়।সুকন্নানী সুকবি নাৰায়ণৰে চদ্ম নাম। আনহাতে,মনসা পূজাক মাৰৈ বা ৰংপূজা নামেৰেও জনা যায়।ই প্ৰধানকৈ এক লোক অনুষ্ঠান।


    এই ওজাপালিত ৰাগতকৈ দিহা,পদ আৰু ঝুনাৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰা দেখা পোৱা যায়।গীতত ৰাগ থাকিলেও সেইসমূহক ৰাগৰ পৰিবৰ্তে'ধোৱা'বুলি কোৱা হয়।


    এই ওজাপালি পাঁচটা ভাগত বিভক্ত, যেনে--- 

    (১)বন্দনা (২)মালিতা (৩)দিহা (৪)পদ আৰু  (৫)ঝুনা। ইয়াত ওজা আৰু পালিৰ মাজত কথোপকথনৰ মাত্ৰা অধিক।জাগৰ,মালতী গীত, সংহাৰ মূদ্ৰা,সাপৰ ভংগিমা আদি এই ওজাপালিৰ মূল বৈশিষ্ট্য।



    ইয়াৰ উপৰিও,জণজাতীয় আচাৰ ৰীতি, কলাত্মক উপাদান আদি সমূহৰ সমাহাৰ ঘটাত এই শ্ৰেণীৰ ওজাপালিত জয়ঢ়োলৰ প্ৰচলন ঘটিবলৈ ধৰিলে।এই জয়ঢ়োলৰ বাদনক বাজি বোলা হয়।বাদিৰ আকৌ ১০ প্ৰকাৰৰ বাদন ভেদ আছে। ইয়াৰ বাদেও জনজাতি সকলৰ দেওধনী নাচ,মেচা-মেচনী নাচ,ধন তোলা নাচ,কছাৰী নাচ আদি বিভিন্ন নৃত্য ভংগী সনিবিষ্ট হৈ আছে।


    পোছাকৰ ক্ষেত্ৰত,ভূনি বা

    পাটৰ চুৰীয়া,চাপকন বা খাৰী কূতা্,বগা চাদৰ,কুহুম বা মৈৰাচলীয়া পাগুৰি,ৰঙাফোট আদি সুকন্নানী ওজাপালিত পৰিধান কৰা হয়।


    (৩). সত্ৰীয়া ওজাপালি :

    সত্ৰীয়া ওজাপালি প্ৰাক শংকৰী যুগৰ পৰা অসমত  প্ৰচলিত হৈ অহা ব্যাহগোৱা ওজাপালিৰ পৰাই উদ্ভূত এটি ওজাপালি ভাগ। প্ৰকৃততে ,এই ওজাপালি ব্যাহগোৱা ওজাপালিৰ এক সত্ৰীয়া ৰূপান্তৰ।সত্ৰীয়া ওজাপালি স্বকীয় মহিমাৰে মহিমামণ্ডিত। ইয়াত অৱধাৰিত হৈ থকা স্বকীয় বৈশিষ্ট্য সমূহ তলত উল্লেখ কৰা ধৰণেৰে উপলব্ধি কৰিব পৰা যায়।যেনে-

    • সত্ৰীয়া ওজাপালি এজন ওজা আৰু একৰ পৰা ততোধিক পালি সহযোগত গঠিত।
    • এই ওজাপালিয়ে মহাপুৰুষ দুজনাই বিৰচন কৰা সাহিত্যৰ পৰা কাহিনীৰ সম্বল আৰু গীত পদ সমূহ গ্ৰহণ কৰে। কেতিয়াবা কেতিয়াবা ৰামায়ণ, মহাভাৰত,ভাগৱত,পূৰাণ আদিৰ পৰাও কাহিনীৰ সম্বল গ্ৰহণ কৰা হয়।  
    • এই ওজাপালিত ৰাগ সংগীতৰ অনুধাৱন কঠোৰ ভাৱে কৰা হয়।এই ৰাগ সমূহ বন্ধা ৰাগ নামেৰে পৰিচিত।ৰাগসমূহ হে-ৰে-ঋ,তা-নে-না ইত্যাদি কিছুমান বৰ্ণৰ আধাৰত পৰিবেশন কৰা হয়। 
    • গীতৰ মাজে মাজে শুদ্ধ নাচৰ প্ৰয়োগ এই ওজাপালিত দেখা পোৱা যায়। 
    • হস্তৰ প্ৰয়োগ ইয়াৰ বিশেষ লক্ষ্যনীয়। আনহাতে, সত্ৰীয়া নৃত্যত ব্যৱহাৰ কৰা হস্ত সমূহৰ লগত ওজাপালিৰ হস্তৰ কিছু প্ৰভেদ আছে। 
    • গীতৰ মাজে মাজে কথনৰ ব্যৱস্থা থাকে। ইয়াতেই আত ধৰি ওজাই কাহিনী বিস্তাৰ কৰে।
    • ভৰিৰে তাল দেখুওৱা আৰু তালৰ ছেৱত নৃত্য কৰা ইয়াৰ বিশেষ বৈশিষ্ট। 
    • বাদ্যৰ নামত কেৱল খুটিতাল ব্যৱহাৰ কৰা হয়।
    • কৃষ্ণ ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদনেই এই ওজাপালিৰ চৰম লক্ষ্য।


    সত্ৰীয়া ওজাপালিৰ প্ৰদৰ্শনৰ ক্ৰম :

    সত্ৰীয়া ওজাপালিক পাঁচটা ভাগত ভাগ কৰি পৰিবেশন কৰা হয়। যেনে-(১)ৰাগ দিয়া (২) শ্লোক (৩)গীত(৪) দিহা আৰু (৫)পদ গোৱা বা ঠিয় পাতন।

    আনহাতে,ঠিয়পাতনৰ আকৌ ৭ৰপৰা ততোধিক উপৰিভাগ আছে। যেনে-(১)ৰাগ মালিতা (২)চাৰোণ (৩)বাদ্যখিয়ালী (৪)ধূৰা (৫)পদ জুৰি (৬)বানা আৰু (৭) উপদেশ  ইত্যাদি।


    সত্ৰীয়া ওজাপালিৰ সাজ-পোছাক :

    এই ওজাপালিত  অধোবাস হিচাপে ওজাই মূগা বা পাটৰ বা কপাহী চুৰীয়া পিন্ধৰ লগতে পালি সকলে কপাহী চুৰীয়া পিন্ধে।উদ্ধবাস হিচাপে ওজাই হাত চুটি জালদাৰ চোলা পিন্ধে।তাৰ উপৰে এখন শুভ্ৰ চাদৰ পিঠিৰলৈকে পেলাই দুই আগ দুই কান্ধৰ ওপৰেদি আনি সন্মূখৰলৈকে আঠুপ্যযন্ত লোৱা হয়।শিৰস্তান হিচাপে পাগুৰি,বকুল ফুলৰ মালা ৰ লগতে ডিঙিত কাঠৰ মালা বা মতামণি,কাণত উন্টি,হাতত গাম খাৰু আৰু ভৰিত নূপুৰ ব্যৱহাৰ কৰা হয়।।


    সামৰণি :

    অসমৰ লোক পৰিৱেশ্য কলা সমূহৰ ভিতৰত ওজাপালি অন্যতম। বৰ্তমান সময়ত কেৱল মুষ্টিমেয় অঞ্চলত এই ওজাপালি পৰিবেশন হৈ আহিছে। সেয়েহে, এই পৌৰাণিক কলা সংস্কৃতি অসমৰ লোক পৰিৱেশ্য কলা  ওজাপালি ৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰা এই কলা সংস্কৃতিক সংৰক্ষণ কৰাত সকলো কলাপ্ৰেমীয়ে সহযোগ কৰিব লাগিব।।



    Author – Srimanta Borah

    নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

    Comments

    1. Muk Ujjal kak bule answer tu diboparibone

      ReplyDelete

    Post a Comment

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা ঢোল, পেঁপা, গগনা। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা Assamese musical instruments Dhol Bihu Pepa and Gagana হৈছে অসমীয়া জাতিৰ বাপুতি সাহোন বিহুত ব্যৱহাৰ কৰা তিনিটা মূখ্য বাদ্যযন্ত্ৰ। এই লেখাটিত ঢোল , বিহু পেঁপা আৰু গগণাৰ সম্পৰ্কে বিস্তৃত বৰ্ণনা কৰা হৈছে। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা : ঢোলৰ বিষয়ে : অসমীয়া লোক বাদ্য ঢোল হৈছে অসমীয়া জনজীৱনৰ লগত জড়িত  বাদ্য প্ৰকাৰ musical instruments সমূহৰ ভিতৰত অন্যতম লোকবাদ্য। লোকবিশ্বাস অনুসৰি এই বাদ্য টি কৈলাসৰ পৰা পাণ্ডুনন্দন পার্থই পৃথিৱীলৈ অনা বুলি বিশ্বাস কৰা হয়।অসমীয়া বাদ্যযন্ত্ৰ ঢোল assamese musical instruments dhol অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুৰ এক main musical instrument মুখ্য বাদ্য। এই ঢোলৰ অবিহনে অসমীয়া জাতিয়ে আনন্দ ৰঙৰ উৎসৱ স্বৰূপ ৰঙালী বিহু rongali bihu পালন কৰা অসম্ভৱ। ঢোলৰ প্ৰকাৰ : ঢোলৰ প্ৰকাৰ   বুলিলে দেখা যায় যে অসমৰ ভিন্ন ভিন্ন প্ৰান্তত প্ৰচলিত ঢোল বাদ্য টিক আকাৰ আৰু বজোৱা আনুষ্ঠানিক প্ৰদ্ধতি অনুসৰি মূলতঃ  ৪ চাৰিটা ভাগত ভাগ কৰা হ...