Skip to main content

Posts

Showing posts with the label সত্ৰীয়াওজাপালি

অসমৰ লোক পৰিৱেশ্য কলা । ওজাপালি

অসমৰ লোক পৰিৱেশ্য কলা । ওজাপালি পৰিচয় :  অসমৰ ওজাপালি  প্ৰাচীন কালৰে পৰা প্ৰচলন হৈ অহা সংগীত আৰু নৃত্য সম্বলিত এক বিশেষ ধৰণৰ অৰ্ধ নাটকীয় অনুুষ্ঠান। অসমৰ লোক পৰিৱেশ্য কলা   ওজাপালি  অনুষ্ঠান গীত-নৃত্য আৰু অভিনয়ত পাকৈত এজন ওজা আৰু পালি নামৰ কিছুমান সহযোগীৰ সহায়ত পৰিবেশন কৰা হয়। পৌৰাণিক আখ্যান বা কাহিনী যুক্ত গীত,পদ আদিক ওজাই নৃত্য আৰু অভিনয়ৰ দ্বাৰা নাটকীয় ৰূপ দি ৰসনিষ্পতি ঘটায়। সূচী পত্ৰ ওজাপালি কি ? : ৰাগ -তালযুক্ত গীত পদ, অভিনয়,হস্ত-কৰ্ম,শিৰ-কৰ্ম,গ্ৰীৱা-কৰ্ম, দৃষ্টি ভেদ,গতি,উৎপ্লাৱন,ভ্ৰমৰী ইত্যাদি বহুতো শাস্ত্ৰীয় উপাদানেৰে এই ওজাপালি ( Ojapali )অনুষ্ঠান সমৃদ্ধ যদিও জন বিনোদনৰ অৰ্থে লোক ৰুচিক অধিক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই সংস্কৃতি শাস্ত্ৰীয়তকৈ অসমৰ লোক কলা বা অসমৰ লোক পৰিৱেশ্য কলা   ৰূপতহে বেছি পৰিচিত। ওজাপালি কাক বোলে ? : এজন মূখ্য ওজাই ততোধিক পালিৰ সহযোগত পৌৰাণিক আখ্যান বা কাহিনী যুক্ত গীত,পদ আদিক  নৃত্য আৰু অভিনয়ৰ দ্বাৰা নাটকীয় ৰূপ দি পৰিবেশন কৰা কলাকেই ওজাপালি বোলা হয়। অসমৰ ওজাপালিৰ প্ৰকাৰ বা ভাগ : প্ৰাচীন কালৰে পৰা প্ৰচ...