পত্নী প্ৰসাদ নাটক তথা পত্নী প্ৰসাদ নাটকৰ কাহিনী ও সংলাপ ।
পত্নী প্ৰসাদ নাটক তথা পত্নী প্ৰসাদ নাটকৰ কাহিনী ও সংলাপ শীৰ্ষক এই লেখাটিত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত পত্নী প্ৰসাদ নাট খনিৰ বিষয়ে জানিব পাৰিম। ইয়াত নাট খনিৰ সংলাপ, কাহিনী তথা গীত, ভটিমা আদি কৰি সকলো দিশৰ ওপৰত আলোচনা কৰা হৈছে।
পত্নী প্ৰসাদ নাটকৰ এটি ছবি |
পত্নী প্ৰসাদ নাটক :
পত্নী প্ৰসাদ নাটক খনি যথেষ্ট সৰু। আনহাতে, পত্নী প্ৰসাদ নাটকৰ কাহিনী ভাগ পাছৰ কাৰনে পূৰ্বৰ ৰচনা সত্বেও ধাৰাবাহিকতা ৰক্ষা কৰা হৈছে।পত্নী প্ৰসাদ কাৰ ৰচনা বুলিলে ক'ব লাগিব যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ ধুঞাহাট বেলগুৰি সত্ৰত থাকোঁতে এই নাট খন ৰচনা কৰিছিল।
নাটক খনিৰ ৰচনাকাল ১৫২৬ খৃষ্টাব্দ।নাটক খনিৰ প্ৰথম অভিনয় মহাপুৰুষ মাধৱদেৱৰ মাকৰ শ্ৰাদ্ধানুষ্ঠানত বৰপেটাৰ বাৰাদি নামেৰে ঠাইত কৰা হয় বুলি কোৱা হয়।
কাহিনীৰ ক্ষেত্ৰত শ্ৰীমদ্ভাগৱত পুৰাণৰ দশম স্কন্ধৰ তেইশ অধ্যায়ৰ পৰা পত্নী প্ৰসাদ নাটকৰ কাহিনী ভাগ লোৱা হৈছে। ভগৱান শ্ৰীকৃষ্ণক মূখ্য হিচাপে লৈ নাট খনিত কৃষ্ণ ভক্তি ৰসকে প্ৰতিপন্ন কৰা দেখা পোৱা যায়।
সংক্ষেপে পত্নী প্ৰসাদ নাট :
- ৰাগৰ প্ৰয়োগ নাটক খনিত সাতোটা । সেই সমূহ হৈছে- কানাড়া,আশোৱাৰী, শ্ৰী, ধনশ্ৰী,বেলোৱাৰ, গৌৰী আৰু শ্যাম ৰাগ।
- অংকীয়া নাটৰ এটি মূখ্য বিশেষত্ব হৈছে ইয়াৰ গীত সমূহ। পত্নী প্ৰসাদ নাটক খনিয়ো ইয়াৰ ব্যতিক্ৰম নহয়। সৰু নাটক যদিও গীতৰ ক্ষেত্ৰত পত্নী প্ৰসাদত আঠ টা গীত দেখা যায়।
- অংকীয়া নাটৰ আন এটি বৈশিষ্ট্য শ্লোকৰ প্ৰয়োগ। এই শ্লোক পত্নী প্ৰসাদ নাটক খনিত মুঠ দুটা।
- গীতৰ তালৰ ক্ষেত্ৰত পত্নী প্ৰসাদ নাটক খনিত মুঠ ৪ চাৰি খন তাল প্ৰয়োগ কৰা হৈছে। সেই কেইখন হ'ল ক্ৰমে - এক তাল,পৰি তাল,ৰূপক তাল আৰু চুটকলা তাল।
পত্নী প্ৰসাদ নাটকৰ কাহিনী :
এনেতে গোপবালক সকলে ভোক-পিয়াহত আতুৰ হৈ কৃষ্ণ-বলৰামক উদ্দেশ্য কৰি কয় যে হে ৰাম কৃষ্ণ, তোমালোকেই আমাৰ পৰম জীৱন।আমি আজি ৰাতিপুৱাও আহাৰ নাখালো। লগতো দধি দুগ্ধ অন্ন একো নানিলো। এতিয়া বৰ ভোক লাগিছে।ভোক নিবাৰণৰ কিবা এটা উপায় চিন্তা কৰা।(হে ৰাম কৃষ্ণ!তোহো হামাৰ পৰম জীৱন।আজু পৰভাতে ভোজন কৰয়ে নাহি।হামো জনি অন্ন সঙ্গে নাহি আনলো।খুধায়ে পৰম পীড়িত হুয়াছি।ইহা জানি খুধা নিবাৰণ উপায় চিন্তহ।)
তেতিয়া,বালক সকলৰ কথা শুনি কৃষ্ণই হাসি হাসি কলে যে কাষৰে সৌ আশ্ৰমত ব্ৰাক্ষ্মণ সকলে যজ্ঞ কৰি আছে।বেদ, শাস্ত্ৰত পাৰ্গত সেই ব্ৰাহ্মণ সকলৰ সন্মূখত দাদা (বলৰাম) আৰু মোৰ নাম কৈ অন্ন বিচাৰাগৈ।
কৃষ্ণৰ কথা শুনি বালক সকলে ব্ৰাক্ষ্মণ সকলৰ ওচৰত নমস্কাৰ জনাই - হে গুৰু সৱ! তোৰাসৱ পৰম পণ্ডিত।যজ্ঞ দানব্ৰতে পৰম নিৰ্মল হুয়াছ।ওহি অশোক মূলে গোপগণ সহিত ৰাম কৃষ্ণ পৰম খুধাতুৰ হুয়া অন্ন প্ৰাৰ্থি পঠাৱল।যব শ্ৰদ্ধা আছয় অন্ন বেঞ্জন প্ৰচুৰ দেৱ।অন্নদানে যেন পুণ্য আপুনে জানহ,অজ্ঞানক শিখাৱত।তোৰাসৱক আগে হামো কি কি কহব বুলি কৰযোৰে অন্ন ভিক্ষা কৰে।
গোপ সকলে এনেদৰে বাৰম্বাৰ ব্ৰাহ্মণ সকলক কাতৰ প্ৰাৰ্থনা কৰাৰ পাছত চন্দ্ৰ ভাৰতী নামৰ এজন ব্ৰাক্ষ্মণে অহংকাৰ কৰি ৰাম কৃষ্ণ বা বালক সকলক নানা ভাৱে ককৰ্থনা কৰি অন্ন নিদিয়াকৈ বালক সকলক ঘুৰাই পঠিয়ায়।
আৰু পঢ়িব পাৰে- অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য।
তেতিয়া,বালক সকল পুনৰ ৰাম কৃষ্ণৰ ওচৰলৈ আহি কবলৈ ধৰে-হে কৃষ্ণ তোহাক ককৰ্থনা কয়ল।হেন অবৈষ্ণৱক থানে পঠাৱল।আৰা কাৰ্ম্মগৰ্বে পৰম দাম্ভিক।তোহাৰ কথাক গণয়ে নাহি।
বালক সকলৰ কথা শুনি কৃষ্ণই তেওঁলোকক এইবাৰ ব্ৰাক্ষ্মণ সকলৰ পত্নী অৰ্থাৎ ব্ৰাক্ষ্মণী সকলৰ ওচৰত অন্ন বিচাৰিবলৈ কয়।বালক সকলেও ব্ৰাক্ষ্মণী সকলক অন্ন বিচাৰি কয় যে- আহে মাতা সৱ ! ওহি ৰামকৃষ্ণ বালকসৱ সহিত ওহি অশোক মূলে থিক।পৰম খুধাতুৰ হুয়া তোৰাসৱত অন্ন প্ৰাৰ্থি পঠাৱল।
অৰ্থাৎ,হে মাতা সকল, সেই ৰাম কৃষ্ণ বালক সকলৰ লগত সেই অশোক গছৰ তলতে আছে।ভোক আৰু পিয়াহত আতুৰ হৈ আপোনালোকৰ পৰা আহাৰ বিচাৰি পঠাইছে। আৰু বালক সকলৰ পৰা ৰাম কৃষ্ণৰ কথা শুনি ব্ৰাক্ষ্মণী সকলে কয় যে- হে বালক সৱ!সোহি নন্দ নন্দন কৃষ্ণক হামো ওহি চক্ষুয়ে দেখব।
এই বুলি পৰম সুগন্ধি অন্ন,বেঞ্জন, পিঠা-পনা,পৰমান্ন আৰু বহুবিধ ৰস বিচিত্ৰ পাত্ৰত লৈ কৃষ্ণ আৰু বালক সকলক দিবলৈ আগবাঢ়ে। কিন্তু ব্ৰাক্ষ্মণ সকলে বহু বাধা দিবলৈ যত্ন কৰে যদিও কৃষ্ণৰ প্ৰতি থকা ভক্তি প্ৰেমত ব্ৰাক্ষ্মণী সকলে গৈ কৃষ্ণৰ ওচৰত অন্ন বেঞ্জন আগবঢ়াই সেৱা জনায়।
পত্নী প্ৰসাদ নাটক তথা পত্নী প্ৰসাদ নাটকৰ কাহিনী ও সংলাপ :
তেতিয়া কৃষ্ণই তেওঁলোকক উদ্দেশ্য কৰি কয় যে হে ব্ৰাক্ষ্মণী সকল তোমালোক বহত ভাগ্যৱতী। পুত্ৰ,বান্ধৱ তথা স্বামীৰ বাধাকো নেওচি আমাক চাবলৈ আহিলা। তোমালোকৰ ভকতৰ সদৃশ লক্ষণযুক্তা। কাৰণ প্ৰকৃত ভকত সকলে নিস্কাম ভাৱে আমাক বন্দনা কৰে। তেনেদৰে তোমালোকেও তোমালোকৰ প্ৰেম ভক্তিয়ে আমাক বশ্য কৰিলা। এতিয়া তোমালোক ব্ৰাক্ষ্মণ সকলৰ যজ্ঞ স্হানলৈ যোৱা।
কিন্তু, ব্ৰাক্ষ্মণী সকলে কৃষ্ণক এৰি যাবলৈ অমান্তি হয়। তেওঁলোকে কৃষ্ণক প্ৰাৰ্থনা কৰি কয়- হে কৃষ্ণ,তোহো ভকত বৎসল।বেদত শাস্ত্ৰত হামো শুনৈছি ভকতৰ নষ্ট নাহি।সোহি বচন সফল কৰহ।হামাক তেজব নাহি।সোহি পতি পুত্ৰ সৱে হামাক থান নাহি দেৱব।হামো গৃহে কমনে বঞ্চব।মোহাৰি চৰণ নিৰ্মাল্য তুলসী তাহেক শিৰে ধৰিকহো দাসি হুয়া ৰহব।
তেতিয়া, কৃষ্ণই দেৱতা সকলক মাতি ব্ৰাক্ষ্মণী সকলক নিৰ্ভয় প্ৰদান কৰি কয় যে ব্ৰাক্ষ্মণী সকল,দূৰত থাকিও শ্ৰৱণ, কীৰ্তন ভক্তিৰ দ্বাৰা আমাক যি দৰে বশ্য কৰিব পাৰি,কাষত থাকিও সেইদৰে ভক্তি কৰিব নোৱাৰি।যি দৰে অমৃত খাই খাই মুখত ভাল নোপোৱা হয়। সেয়েহে, তোমালোক শীঘ্ৰে ওভটি যোৱা।
কৃষ্ণই পুনৰ তেওঁ লোকক আশীষ নিৰ্মালি প্ৰসাদ ৰূপে দি নিজা ঘৰলৈ পঠায় যদিও ব্ৰাক্ষ্মণী সকলৰ কেৱল কৃষ্ণৰ প্ৰতি ভকতি দেখি ব্ৰাক্ষ্মণ সকলেও নিজকে কৰা অহংকাৰৰ কাৰনে ধিক্কাৰ দি কৃষ্ণৰ চৰণত শৰণাপন্ন হয়। কৃষ্ণই ও সকলোকে আশীৰ্বাদৰ নিৰ্মালি প্ৰসাদ প্ৰদান কৰি গকুললৈ গমণ কৰে।
পত্নী প্ৰসাদ নাটকৰ চৰিত্ৰ সমূহ :
ইয়াৰ উপৰিও ব্ৰাক্ষ্মণ সকলৰ ভিতৰত এজনক চন্দ্ৰ ভাৰতী আৰু এজনক বৃদ্ধ ব্ৰাক্ষ্মণ ৰূপে গুৰুজনাই নাট ভাগিত চৰিত্ৰৰ ক্ষেত্ৰত উল্লেখ কৰিছে। প্ৰধান চৰিত্ৰ ভগৱান শিশু কৃষ্ণক লৈয়েই নাট খনিৰ কাহিনী আগুৱাই গৈছে।
পত্নী প্ৰসাদ নাটকৰ সংলাপ :
সৰু নাট হ'লেও পত্নী প্ৰসাদ অংকীয়া নাট খনিত মহাপুৰুষ জনাই সংলাপতকৈ সূত্ৰৰ উপস্থাপন বেছি কৰিলেও কাহিনী ভাগ সুন্দৰ ৰূপত ফুটাই তুলিছে।যি অংকীয়া নাট ভাওনাৰ বিশেষ বৈশিষ্ট।
সামৰণি :
পত্নী প্ৰসাদ নাটকৰ এটি ছবি |

Comments
Post a Comment