Skip to main content

সংগীতত তাল আৰু লয়ৰ আৱশ্যকতা


সংগীতত তাল আৰু লয়ৰ আৱশ্যকতা

পৰিচয় : 

গীত, বাদ্য আৰু নৃত্য এই তিনিও কলাৰ সমন্বয়ত সৃষ্টি হয় সংগীত (music)। সেয়েহে, সংগীত বুলি ক'লে তাল আৰু লয়ৰ সমাহাৰ নিশ্চয় থাকিবই। এই লেখাটিৰ জৰিয়তে সংগীতত তাল আৰু লয়ৰ আৱশ্যকতা সম্পৰ্কে আলোচনা কৰা হৈছে।


    সংগীতৰ সংজ্ঞা :

    সংগীত বুলিলে গীত, বাদ্য আৰু নৃত্যৰ সংমিশ্ৰণ দেখা যায়। তথাপি এই তিনিটা ক'লাৰ ভিতৰত গীতেই প্ৰধান বুলি প্ৰাচীন কালৰ পৰা মানি অহা হৈছে। যিহেতু নৃত্য বাদ্যৰ অধীন, বাদ্য গীতৰ অধীন। সেয়েহে গীতৰ প্ৰাধান্য হেতু এই বিদ্যাৰ নাম হ'ল "সংগীত"। 


    সেয়েহে, সংগীতৰ সংজ্ঞা কি বুলি ক'লে আমি ক'ব পাৰোঁ যে গীত, বাদ্য আৰু নৃত্য এই তিনিও ক'লাৰ সমন্বয়ক একেলগে সংগীত বোলা হয়।

    সংগীতত তাল আৰু লয়ৰ আৱশ্যকতা :

    সংগীতত তাল rhythm in music আৰু লয়ৰ আৱশ্যকতা সম্পৰ্কে জনাৰ আগতে আমি জানিব লাগিব তালৰ সম্পৰ্কে। অৰ্থাৎ তাল মানে কি? তাল শব্দৰ অৰ্থ হৈছে প্ৰতিষ্ঠা।তাল শব্দটো তল্ ধাতুৰ পৰা আহিছে। অৰ্থাৎ যিহৰ ওপৰত গায়ন,বাদন আৰু নৃত্যৰ প্ৰতিষ্ঠা হয় তাৰ কাৰ্যৰ হিচাপকে তাল বোলা হয়।


    যিদৰে সংগীতৰ নাদৰ পৰা শ্ৰুতি,শ্ৰুতিৰ পৰা স্বৰ আৰু স্বৰৰ পৰা ৰাগৰ উৎপত্তি।ঠিক সেইদৰে কালৰ পৰা লয়,লয়ৰ পৰা মাত্ৰা আৰু মাত্ৰাৰ পৰা তালৰ জন্ম হৈছে। তাল মঞ্জৰী পুথিৰ মতে শিৱৰ তাণ্ডৱৰ পৰা আদি অক্ষৰ 'তা' আৰু পাৰ্বতীৰ লাস্যৰপৰা 'ল' অক্ষৰ লৈ তাল শব্দৰ সৃষ্টি।

    সংগীতত তালৰ আৱশ্যকতা :

    গীত,বাদ্য আৰু নৃত্য এই তিনিও টা ক'লাৰ আধাৰেই হ'ল তাল। সংগীত তালৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে, তাল অবিহনে সংগীত কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। আনহাতে বেতালত প্ৰয়োগ হোৱা সংগীতো কেতিয়াও সুমধুৰ হ'ব নোৱাৰে। তাল দেখাবলৈ সংগীতত হাতত চাপৰি বজাই দেখুওৱা হয়,যাক তালি বোলা হয়। আনহাতে য'ত চাপৰি নবজোৱাকৈ কেৱল ইঙ্গিতৰ দ্বাৰা দেখুওৱা হয় তাক কোৱা হয় খালি বা শুদা।

    সংগীতত লয়ৰ আৱশ্যকতা :

    কালৰ সমান্তৰাল গতিৰ পৰিমাপক লয় বোলা হয় আৰু গায়ন বাদনৰ পৰিমাপকেই তাল বোলা হয়। ইয়াৰ পৰাই বুজা যায় যে সংগীতত লয় আৰু তালৰ আৱশ্যকতা কিমান বেছি। কিয়নো লয় অবিহনে তাল হ'ব নোৱাৰে।যাৰ বাবে সংগীতত লয়ৰ গুৰুত্ব সবাতোকৈ বেছি।এই লয়ক মূল তিনিটা ভাগত ভাগ কৰা হয়।যেনে -

    • বিলম্বিত লয়। 
    • মধ্য লয় আৰু 
    • দ্ৰুত লয়।


    বিলম্বিত লয়ৰ গতি ধীৰ হয়।যেতিয়া বিলম্বিত লয়ৰ গতি দুগুণ হয়, তেতিয়া সেই লয়ক মধ্য লয় আৰু মধ্য লয়ৰ দুগুণক দ্ৰুত লয় বোলা হয়।

    সামৰণি :

    মানৱ সভ্যতাৰ আৰম্ভণি লগে লগে হয়তো সংগীতৰো জন্ম। সেয়েহে, পৃথিৱীত হয়তো এনে লোক নাই যি সংগীতক ভাল নাপায়। একোটা সুমধুৰ সংগীতৰ ধ্বনিয়ে দুখ-বেজাৰ সকলো পাহৰাই আনন্দ দিয়াৰ লগতে মন মগজুক শান্তি প্ৰদান কৰে। সেয়েহে,সংগীতত তাল আৰু লয়ৰ আৱশ্যকতা অতিকৈ প্ৰয়োজনীয়। যিহেতু,তাল আৰু লয় হীন সংগীত কেতিয়াও সুমধুৰ হ'ব নোৱাৰে আৰু মানুহৰ মনত সাজ বহুৱাব নোৱাৰে। গতিকে সকলোৱে আকোঁৱালি ল'ব পৰাকৈ তাল আৰু লয়ৰ সমাহাৰত সৃষ্টি কৰা সংগীতেই 'চিৰসেউজ' ৰূপত সকলোৰে হৃদয়ত বাজি থাকে আৰু থাকিবও।।



    Author – Srimanta Borah

    নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

    Comments

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা ঢোল, পেঁপা, গগনা। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা Assamese musical instruments Dhol Bihu Pepa and Gagana হৈছে অসমীয়া জাতিৰ বাপুতি সাহোন বিহুত ব্যৱহাৰ কৰা তিনিটা মূখ্য বাদ্যযন্ত্ৰ। এই লেখাটিত ঢোল , বিহু পেঁপা আৰু গগণাৰ সম্পৰ্কে বিস্তৃত বৰ্ণনা কৰা হৈছে। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা : ঢোলৰ বিষয়ে : অসমীয়া লোক বাদ্য ঢোল হৈছে অসমীয়া জনজীৱনৰ লগত জড়িত  বাদ্য প্ৰকাৰ musical instruments সমূহৰ ভিতৰত অন্যতম লোকবাদ্য। লোকবিশ্বাস অনুসৰি এই বাদ্য টি কৈলাসৰ পৰা পাণ্ডুনন্দন পার্থই পৃথিৱীলৈ অনা বুলি বিশ্বাস কৰা হয়।অসমীয়া বাদ্যযন্ত্ৰ ঢোল assamese musical instruments dhol অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুৰ এক main musical instrument মুখ্য বাদ্য। এই ঢোলৰ অবিহনে অসমীয়া জাতিয়ে আনন্দ ৰঙৰ উৎসৱ স্বৰূপ ৰঙালী বিহু rongali bihu পালন কৰা অসম্ভৱ। ঢোলৰ প্ৰকাৰ : ঢোলৰ প্ৰকাৰ   বুলিলে দেখা যায় যে অসমৰ ভিন্ন ভিন্ন প্ৰান্তত প্ৰচলিত ঢোল বাদ্য টিক আকাৰ আৰু বজোৱা আনুষ্ঠানিক প্ৰদ্ধতি অনুসৰি মূলতঃ  ৪ চাৰিটা ভাগত ভাগ কৰা হ...