Skip to main content

অংকীয়া ভাওনাৰ সূত্ৰধাৰ নৃত্য

অংকীয়া ভাওনাৰ সূত্ৰধাৰ নৃত্য

সূত্ৰধাৰ, অংকীয়ানাট, সূত্ৰধাৰনৃত্য, অসমৰভাওনা

পৰিচয় : 

শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট অঙ্কীয়া নাট ভাওনাৰ মূখ্য চৰিত্ৰ টিয়েই হৈছে সুত্ৰধাৰ।এই সুত্ৰধাৰ জনে নৃত্য- গীত- শ্লোক ইত্যাদিৰ সহায়ত দৰ্শকক একোখন নাটৰ সবিশেষ অল্প  সময়ৰ ভিতৰতেই অভিনয় কৰি বুজাই দিয়াৰ লগতে শেষলৈকে উপস্থিত থাকি মূখ্য ভূমিকা পালন কৰি মুক্তি মঙ্গল ভটিমাৰে নাটৰ যৱনিকা পেলায়।এই লেখাটিত অংকীয়া ভাওনাৰ সূত্ৰধাৰ নৃত্য তথা চৰিত্ৰ টিৰ  সম্পৰ্কে বিষয়ে আলোচনা কৰা হৈছে।

    সূত্ৰধাৰ :

    একোখন অংকীয়া ভাওনা বা একোখন নাটৰ আদিৰ পৰা অন্তলৈকে থাকি অভিনয় কৰা চৰিত্ৰ সমূহ আৰু নাট উপভোগ কৰা দৰ্শকৰ মাজত এক যোগসূত্ৰ ধৰি ৰখাৰ কাৰণেই ,এখন ভাওনা বা নাটৰ এই মূখ্য চৰিত্ৰ টোক সূত্ৰধাৰ বোলা হয় আৰু বিভিন্ন আধ্যাত্মিক ভাৱৰ অভিনয় আৰু নৃত্য পৰিৱেশন কৰা হেতু সূত্ৰধাৰ জনে পৰিৱেশন কৰা নৃত্য টোক কোৱা হয় "সূত্ৰধাৰ নৃত্য"।

    অংশবিশেষে সূত্ৰধাৰ নৃত্যৰ ভাগ :

    সূত্ৰধাৰ নৃত্য যদিও এটাই , কিন্তু এই একেটি নৃত্যক কেইটিমান অংশত চাৰি ভাগত ভাগ কৰি পৰিৱেশন কৰা হয়।সেই ভাগ চাৰিটা হল যেনে-

    • প্ৰৱেশৰ নৃত্য 
    • ৰাগৰ নৃত্য 
    • গতৰ বা গীতৰ নৃত্য আৰু 
    • শ্লোকৰ নৃত্য।

    (১). প্ৰৱেশৰ নৃত্য : সূত্ৰধাৰ জনে গায়ন-বায়ন শেষ কৰাৰ লগে লগে অগ্নিগড় তলেৰে মংগল ধ্বনিৰ অবসানে খিত।খিতি।তাক।দেই।দাও।ss খোলৰ বাজনা বা বোলত বিশেষ ভঙ্গিমাৰে নৃত্য কৰি থাথা।থাক ...বোলৰ নৃত্য লৈকে যি সমূহ নৃত্য প্ৰদৰ্শন কৰে,সেই সমূহকেই সূত্ৰধাৰ নৃত্যৰ প্ৰৱেশৰ নৃত্য বুলি কোৱা হয়।


    (২).ৰাগৰ নৃত্য : সাৰেঙ্গ ৰাগৰ পৰা আৰম্ভ কৰি প্ৰথম শ্লোক আৰু অপিচৰ শেষত নচা নৃত্য লৈকে এই অংশক কোৱা হয় ৰাগৰ নৃত্য।


    (৩).গতৰ নৃত্য : গতৰ বা গীতৰ অংশ নৃত্য হৈছে, সূত্ৰধাৰ জনে নান্দী গীতৰ পাছত অথ-ভটিমা অভিনয় সহ পৰিৱেশন কৰি প্ৰদৰ্শন কৰা এখন বিশেষ প্ৰকাৰৰ নৃত্য। যেনে-জিধিনাক।জিন্ঠাতাও বা ধগিতাধগি।তাধগা... ইত্যাদি।


    (৪). শ্লোকৰ নৃত্য : সূত্ৰধাৰ জনে নাটৰ মূল বিষয়বস্তু নৃত্য আৰু অভিনয়ৰ দ্বাৰা দৰ্শকক অৱগত কৰি "আ:ওহি পৰম পুৰুষ মিলল মিলল " বুলি কৈ পূৰ্বৰ নৃত্য সমূহতকৈ বেলেগ বোলৰ খোলৰ চাপৰত কিছু দ্ৰুত লয়ত কৰা নৃত্যাংশই হৈছে শ্লোকৰ নৃত্য। যেনে-দ্ৰিৰিম।দ্ৰিৰিম .... ইত্যাদি।


    ভাওনাৰ সুত্ৰধাৰ নৃত্য আৰু তাত্বিক অৰ্থ : 

    সাধাৰণতে ভাওনাৰ সূত্ৰধাৰ নৃত্য কৰা সূত্ৰধাৰ জন কেৱল নৃত্য বিষয়ত পাৰ্গত হ'লেই  যে তেওঁ এজন পূৰ্ণাঙ্গ সূত্ৰধাৰ এনে নহয়। এই সূত্ৰধাৰ জন নৃত্য বিদ্যাত পাৰ্গত হোৱাৰ লগতে আৰু বহুতো গুণৰ অধিকাৰী হ'ব লাগিব। যেনে- গীত মাতৰ ওপৰত অভিজ্ঞতা থকাৰ লগতে তাল মান আৰু স্পষ্ট বানান উচ্চাৰণ কৰিব পৰা হ'ব লাগে।


    আৰু পঢ়িব পাৰে- অভিনয প্ৰকাৰ সহ প্ৰয়োগ।


    যিহেতু,নাটত দেখুৱাব নোৱাৰা কিছুমান চিত্ৰ এই সূত্ৰধাৰজনে ই দৰ্শকক অৱগত কৰি কাহিনী আগুৱাই নিব লগা হয়। তাত্বিক অৰ্থ ৰ ফালৰ পৰা চালে এই সূত্ৰধাৰ চৰিত্ৰ টিয়েই একোখন নাটৰ প্ৰাণ স্বৰূপ।যি দৰে প্ৰাণৰ অৱিহনে এটি জীৱ সম্পূৰ্ণ স্হিৰ হৈ পৰে,ঠিক এজন ভাল সূত্ৰধাৰৰ অৱিহনেও একোখন নাট সুন্দৰ ভাৱে উপস্হাপন হ'ব নোৱাৰে। 

    সূত্ৰধাৰ জনেই নিজৰ দক্ষ পৰিচালনাৰ দ্বাৰা একো একোখন নাট ভাওনাক উচ্চ নান্দনিক ৰূপত উপস্হাপন কৰাই নাট উপভোগ কাৰী সকলৰ মনত ভগৱানৰ লীলা মহাত্মা কথা সোৱৰাই আধ্যাত্মিক ভাৱৰ উদ্বেগ ঘটোৱাত মূখ্য ভূমিকা পালন কৰে।


    সহৃদয় দৰ্শকৰ মনত ৰাম কৃষ্ণৰ সেৱা মনোভাৱ জাগ্ৰত কৰি মুক্তি মংগল ভটিমা পাঠেৰে অৱশেষত ভকতি মুকুতিৰ পথ দেখুৱাই একোখন নাটৰ যৱনিকা ঘোষণা কৰি ভক্তিৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰে এই সূত্ৰধাৰ জনেই সেয়েহে,এখন ভাওনাত এজন সূত্ৰধাৰৰ ভূমিকা তাত্বিক অৰ্থ ফালৰ পৰাও অতি গুৰুত্বপূৰ্ণ।


    সূত্ৰধাৰ নৃত্যৰ সাজ-পোছাক :

    সাজ পোছাকৰ ক্ষেত্ৰত সাধাৰণতে সূত্ৰধাৰ জনে কঁকালৰ পৰা ভৰিৰ লৈকে বগা লহঙা বা ঘূৰি, ডিঙিৰ পৰা কঁকাললৈকে হাত দীঘল কোচ দিয়া (মিৰ্জাই) চোলা,পিঠিত কোণা কৰি দুই বাহুৰ ওপৰেদি আঠুলৈকে পৰা দীঘল পটি,শিৰত এখন জকমকিয়া (চুৰণী)বগা কাপোৰৰ ওপৰত (মোগলাই)পাগৰ সদৃশ এটি টূপিৰ লগতে কাণত উণ্টি,ডিঙিত মতামণি আৰু হাতত ৰূপৰ গামখাৰু বা মুঠি খাৰু ব্যৱহাৰ কৰা হয়।


    অৱশ্যে, ভাওনাৰ বাহিৰে কেৱল সূত্ৰধাৰ নৃত্য বুলি পৰিৱেশন কৰোঁতে কিছু কিছু ঠাইত কিছুমান নৃত্য প্ৰদৰ্শন কৰা ব্যক্তিয়ে লহঙা বা ঘূৰি পিন্ধাৰ পৰিৱৰ্তে ধূতি পৰিধান কৰাও বৰ্তমান দেখা পোৱা যায়।


    বৰ্তমান সমস্যা :

    সাজ পোছাকৰ ক্ষেত্ৰত যি দৰে আউল লাগিছে তেনেদৰে নৃত্যৰ ক্ষেত্ৰতো এই সূত্ৰধাৰ নৃত্যত বিবিধতাই নতুন শিকাৰু সকলক বিপাঙত পেলাইছে। বৰ্তমান, ভাওনা অসমত অধিক জনপ্ৰিয় হৈ উঠাত অল্প শিকাৰু কিছুমানে এই মহান আধ্যাত্মিক ভাৱ সম্পন্ন সূত্ৰধাৰ নৃত্য ধাৰাটিক ইয়াৰ গ্রাম্ভীৰ্যতাৰ পৰা আতৰাই বেছি মনোৰঞ্জন মূলক কৰি পৰিবেশন কৰা দেখা যায়।


    সামৰণি :

    ইয়াৰ উপৰিও অসমৰ বহু ঠাইত এতিয়াও সূত্ৰধাৰৰ নামত কিছুমান বহুৱালি নৃত্যৰ প্ৰচলনে এই নৃত্য ধাৰাটিৰ মাজত বিভেদতা বঢ়াই এক বিশৃংখল নৃত্য ধাৰাৰ সৃষ্টি কৰিব লাগিছে সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্গত এই অংকীয়া ভাওনাৰ সূত্ৰধাৰ নৃত্য টি ভাওনাৰো যে এক অবিচ্ছেদ্য অংগ,সেই কথা সকলোৱে মনোযোগ দি এই নৃত্য পৰিৱেশন কৰিলেহে ইয়াৰ স্বকীয়তা ৰক্ষা হ'ব।।।

    সূত্ৰধাৰ, অংকীয়ানাট, সূত্ৰধাৰনৃত্য,অসমৰভাওনা

    আৰু পঢ়িব পাৰে- মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ।




    Author – Srimanta Borah

    নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

    Comments

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা ঢোল, পেঁপা, গগনা। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা Assamese musical instruments Dhol Bihu Pepa and Gagana হৈছে অসমীয়া জাতিৰ বাপুতি সাহোন বিহুত ব্যৱহাৰ কৰা তিনিটা মূখ্য বাদ্যযন্ত্ৰ। এই লেখাটিত ঢোল , বিহু পেঁপা আৰু গগণাৰ সম্পৰ্কে বিস্তৃত বৰ্ণনা কৰা হৈছে। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা : ঢোলৰ বিষয়ে : অসমীয়া লোক বাদ্য ঢোল হৈছে অসমীয়া জনজীৱনৰ লগত জড়িত  বাদ্য প্ৰকাৰ musical instruments সমূহৰ ভিতৰত অন্যতম লোকবাদ্য। লোকবিশ্বাস অনুসৰি এই বাদ্য টি কৈলাসৰ পৰা পাণ্ডুনন্দন পার্থই পৃথিৱীলৈ অনা বুলি বিশ্বাস কৰা হয়।অসমীয়া বাদ্যযন্ত্ৰ ঢোল assamese musical instruments dhol অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুৰ এক main musical instrument মুখ্য বাদ্য। এই ঢোলৰ অবিহনে অসমীয়া জাতিয়ে আনন্দ ৰঙৰ উৎসৱ স্বৰূপ ৰঙালী বিহু rongali bihu পালন কৰা অসম্ভৱ। ঢোলৰ প্ৰকাৰ : ঢোলৰ প্ৰকাৰ   বুলিলে দেখা যায় যে অসমৰ ভিন্ন ভিন্ন প্ৰান্তত প্ৰচলিত ঢোল বাদ্য টিক আকাৰ আৰু বজোৱা আনুষ্ঠানিক প্ৰদ্ধতি অনুসৰি মূলতঃ  ৪ চাৰিটা ভাগত ভাগ কৰা হ...