অংকীয়া ভাওনাৰ সূত্ৰধাৰ নৃত্য
পৰিচয় :
সূত্ৰধাৰ :
অংশবিশেষে সূত্ৰধাৰ নৃত্যৰ ভাগ :
সূত্ৰধাৰ নৃত্য যদিও এটাই , কিন্তু এই একেটি নৃত্যক কেইটিমান অংশত চাৰি ভাগত ভাগ কৰি পৰিৱেশন কৰা হয়।সেই ভাগ চাৰিটা হল যেনে-
- প্ৰৱেশৰ নৃত্য
- ৰাগৰ নৃত্য
- গতৰ বা গীতৰ নৃত্য আৰু
- শ্লোকৰ নৃত্য।
(১). প্ৰৱেশৰ নৃত্য : সূত্ৰধাৰ জনে গায়ন-বায়ন শেষ কৰাৰ লগে লগে অগ্নিগড় তলেৰে মংগল ধ্বনিৰ অবসানে খিত।খিতি।তাক।দেই।দাও।ss খোলৰ বাজনা বা বোলত বিশেষ ভঙ্গিমাৰে নৃত্য কৰি থাথা।থাক ...বোলৰ নৃত্য লৈকে যি সমূহ নৃত্য প্ৰদৰ্শন কৰে,সেই সমূহকেই সূত্ৰধাৰ নৃত্যৰ প্ৰৱেশৰ নৃত্য বুলি কোৱা হয়।
(২).ৰাগৰ নৃত্য : সাৰেঙ্গ ৰাগৰ পৰা আৰম্ভ কৰি প্ৰথম শ্লোক আৰু অপিচৰ শেষত নচা নৃত্য লৈকে এই অংশক কোৱা হয় ৰাগৰ নৃত্য।
(৩).গতৰ নৃত্য : গতৰ বা গীতৰ অংশ নৃত্য হৈছে, সূত্ৰধাৰ জনে নান্দী গীতৰ পাছত অথ-ভটিমা অভিনয় সহ পৰিৱেশন কৰি প্ৰদৰ্শন কৰা এখন বিশেষ প্ৰকাৰৰ নৃত্য। যেনে-জিধিনাক।জিন্ঠাতাও বা ধগিতাধগি।তাধগা... ইত্যাদি।
(৪). শ্লোকৰ নৃত্য : সূত্ৰধাৰ জনে নাটৰ মূল বিষয়বস্তু নৃত্য আৰু অভিনয়ৰ দ্বাৰা দৰ্শকক অৱগত কৰি "আ:ওহি পৰম পুৰুষ মিলল মিলল " বুলি কৈ পূৰ্বৰ নৃত্য সমূহতকৈ বেলেগ বোলৰ খোলৰ চাপৰত কিছু দ্ৰুত লয়ত কৰা নৃত্যাংশই হৈছে শ্লোকৰ নৃত্য। যেনে-দ্ৰিৰিম।দ্ৰিৰিম .... ইত্যাদি।
ভাওনাৰ সুত্ৰধাৰ নৃত্য আৰু তাত্বিক অৰ্থ :
আৰু পঢ়িব পাৰে- অভিনয প্ৰকাৰ সহ প্ৰয়োগ।
যিহেতু,নাটত দেখুৱাব নোৱাৰা কিছুমান চিত্ৰ এই সূত্ৰধাৰজনে ই দৰ্শকক অৱগত কৰি কাহিনী আগুৱাই নিব লগা হয়। তাত্বিক অৰ্থ ৰ ফালৰ পৰা চালে এই সূত্ৰধাৰ চৰিত্ৰ টিয়েই একোখন নাটৰ প্ৰাণ স্বৰূপ।যি দৰে প্ৰাণৰ অৱিহনে এটি জীৱ সম্পূৰ্ণ স্হিৰ হৈ পৰে,ঠিক এজন ভাল সূত্ৰধাৰৰ অৱিহনেও একোখন নাট সুন্দৰ ভাৱে উপস্হাপন হ'ব নোৱাৰে।
সূত্ৰধাৰ জনেই নিজৰ দক্ষ পৰিচালনাৰ দ্বাৰা একো একোখন নাট ভাওনাক উচ্চ নান্দনিক ৰূপত উপস্হাপন কৰাই নাট উপভোগ কাৰী সকলৰ মনত ভগৱানৰ লীলা মহাত্মা কথা সোৱৰাই আধ্যাত্মিক ভাৱৰ উদ্বেগ ঘটোৱাত মূখ্য ভূমিকা পালন কৰে।
সহৃদয় দৰ্শকৰ মনত ৰাম কৃষ্ণৰ সেৱা মনোভাৱ জাগ্ৰত কৰি মুক্তি মংগল ভটিমা পাঠেৰে অৱশেষত ভকতি মুকুতিৰ পথ দেখুৱাই একোখন নাটৰ যৱনিকা ঘোষণা কৰি ভক্তিৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰে এই সূত্ৰধাৰ জনেই সেয়েহে,এখন ভাওনাত এজন সূত্ৰধাৰৰ ভূমিকা তাত্বিক অৰ্থ ফালৰ পৰাও অতি গুৰুত্বপূৰ্ণ।
সূত্ৰধাৰ নৃত্যৰ সাজ-পোছাক :
সাজ পোছাকৰ ক্ষেত্ৰত সাধাৰণতে সূত্ৰধাৰ জনে কঁকালৰ পৰা ভৰিৰ লৈকে বগা লহঙা বা ঘূৰি, ডিঙিৰ পৰা কঁকাললৈকে হাত দীঘল কোচ দিয়া (মিৰ্জাই) চোলা,পিঠিত কোণা কৰি দুই বাহুৰ ওপৰেদি আঠুলৈকে পৰা দীঘল পটি,শিৰত এখন জকমকিয়া (চুৰণী)বগা কাপোৰৰ ওপৰত (মোগলাই)পাগৰ সদৃশ এটি টূপিৰ লগতে কাণত উণ্টি,ডিঙিত মতামণি আৰু হাতত ৰূপৰ গামখাৰু বা মুঠি খাৰু ব্যৱহাৰ কৰা হয়।
অৱশ্যে, ভাওনাৰ বাহিৰে কেৱল সূত্ৰধাৰ নৃত্য বুলি পৰিৱেশন কৰোঁতে কিছু কিছু ঠাইত কিছুমান নৃত্য প্ৰদৰ্শন কৰা ব্যক্তিয়ে লহঙা বা ঘূৰি পিন্ধাৰ পৰিৱৰ্তে ধূতি পৰিধান কৰাও বৰ্তমান দেখা পোৱা যায়।
বৰ্তমান সমস্যা :
সাজ পোছাকৰ ক্ষেত্ৰত যি দৰে আউল লাগিছে তেনেদৰে নৃত্যৰ ক্ষেত্ৰতো এই সূত্ৰধাৰ নৃত্যত বিবিধতাই নতুন শিকাৰু সকলক বিপাঙত পেলাইছে। বৰ্তমান, ভাওনা অসমত অধিক জনপ্ৰিয় হৈ উঠাত অল্প শিকাৰু কিছুমানে এই মহান আধ্যাত্মিক ভাৱ সম্পন্ন সূত্ৰধাৰ নৃত্য ধাৰাটিক ইয়াৰ গ্রাম্ভীৰ্যতাৰ পৰা আতৰাই বেছি মনোৰঞ্জন মূলক কৰি পৰিবেশন কৰা দেখা যায়।
সামৰণি :
ইয়াৰ উপৰিও অসমৰ বহু ঠাইত এতিয়াও সূত্ৰধাৰৰ নামত কিছুমান বহুৱালি নৃত্যৰ প্ৰচলনে এই নৃত্য ধাৰাটিৰ মাজত বিভেদতা বঢ়াই এক বিশৃংখল নৃত্য ধাৰাৰ সৃষ্টি কৰিব লাগিছে সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্গত এই অংকীয়া ভাওনাৰ সূত্ৰধাৰ নৃত্য টি ভাওনাৰো যে এক অবিচ্ছেদ্য অংগ,সেই কথা সকলোৱে মনোযোগ দি এই নৃত্য পৰিৱেশন কৰিলেহে ইয়াৰ স্বকীয়তা ৰক্ষা হ'ব।।।

Comments
Post a Comment