Skip to main content

অভিনয় প্ৰকাৰ সহ প্ৰয়োগ

অভিনয় প্ৰকাৰ সহ প্ৰয়োগ 
অভিনয়,অভিনয়কেইপ্ৰকাৰ, অভিনয়কাকবোলে

পৰিচয়

অভিনয় কাক বোলে বুলি ক'লে ক'ব পাৰি যে এজনে আন এজন ব্যক্তিৰ অঙ্গি-ভঙ্গি,আচাৰ ব্যৱহাৰ আদিৰ হুবহু একে কৰি প্ৰদৰ্শন কৰাকেই অভিনয় বোলা হয়। অৰ্থাৎ ভাৱ ৰূপক এক গতিৰ মাধ্যমেৰে শ্ৰোতা দৰ্শকৰ অন্তৰলৈ নি ৰস নিস্পতি ঘটালেই তাক অভিনয় বোলা হয়। এই লেখাটিত অভিনয় প্ৰকাৰ সহ প্ৰয়োগ কেনেদৰে অভিনয়ত দেখা যায়, সেই বিষয়ে আলোচনা কৰা হৈছে।

    অভিনয় কেই প্ৰকাৰ আৰু কি কি?

    শাস্ত্ৰীয় নৃত্য ৰূপে খ্যাত অন্য সমূহ নৃত্যৰ দৰে সত্ৰীয়া নৃত্য ধাৰাটো চাৰি বিধ বা চাৰি প্ৰকাৰ  অভিনয় (Acting) প্ৰয়োগ হোৱা দেখা যায়।সেই কেইটা হৈছে...
     ১.আঙ্গিক।  ২.বাচিক।
     ৩.আহায্য ।  ৪.সাত্বিক।

    অভিনয় প্ৰকাৰ সহ প্ৰয়োগ

    উপৰোক্ত চাৰি বিধ অভিনয়ৰ প্ৰকাৰ সমূহৰ লগতে প্ৰয়োগ বিধি সমূহ হৈছে-

    (১)আঙ্গিক অভিনয় :

    অংগ,প্ৰতংগ আৰু উপাংগৰ প্ৰয়োগত বা এই কেইটাৰ সহায়ত কৰা অভিনয়কেই আঙ্গিক অভিনয় বোলা হয়।

    আৰু পঢ়িব পাৰে- অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য।


    এই আঙ্গিক অভিনয় আকৌ তিনি প্ৰকাৰ, যেনে- মুখজ,শৰীৰ আৰু চেষ্টাকৃত।

    মুখজ অভিনয় হৈছে চকুৰ চেলাউৰি, চকুৰ পতা, চকুৰ মণি,নাক,ওঁঠ,থুতৰি,মুখ আদি উপাংগৰ সহায়ত সমাধা হোৱা অভিনয়।

    শিৰ,বুকু,শৰীৰৰ দুয়ো কাষ,নিতম্ব,হাত আৰু ভৰিৰ সহায়ত কৰা অভিনয় ৰ নামেই শৰীৰ অভিনয়।

    আনহাতে, সৰ্ব শৰীৰৰ সহায়েৰে সম্পন্ন কৰা অভিনয়েই হৈছে,চেষ্টাকৃত অভিনয়।

    (২).বাচিক অভিনয় :

    যেতিয়া কথা বা শব্দ বা বাক্য ব্যৱহাৰ কৰি যিকোনো অভিনয় সমাপন কৰা হয়, তেতিয়া সেই অভিনয়ক বাচিক অভিনয় বোলা হয়।
    এই অভিনয়ৰ, প্ৰয়োগ নাটকত সংলাপ বা বাক বা কথন আদি ব্যৱহাৰত দেখা যায়।


    (৩).আহায্য অভিনয় :

    সাধাৰণতে, সাজ-পোছাক, অলংকাৰ আদিৰ সহায়ত সম্পন্ন কৰা অভিনয়েই হৈছে আহায্য অভিনয়।

    নাট্যশাস্ত্ৰৰ প্ৰণেতা ভৰত মুণিয়ে এই আহায্য অভিনয়ক পুস্ত, অলংকাৰ,অংগৰচনা আৰু সঞ্জীৱ নামেৰে পুনৰ চাৰি ভাগত বিভক্ত কৰিছে।

    • পুস্ত :- বাঁহ,কাঠ আদিৰে নিৰ্মাণ কৰা বস্তু ।
    • অলংকাৰ:- গহনা আদিৰে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ ।
    • অংগৰচনা:- মুখমণ্ডল আৰু দেহৰ কাপোৰ ব্যৱহাৰ নকৰা অংশত প্ৰয়োগ কৰা ৰং বৰণ।

    • সঞ্জীৱ:- বিভিন্ন ধৰণৰ কৃত্ৰিম পশু-পক্ষীৰ অৱতাৰণা।


    (৪).সাত্বিক অভিনয় :

    সমাহিত মনেৰে ৰজ: আৰু তম:ভাৱৰ পৰিবৰ্তে সত্ব ভাৱৰ সহায়ত কৰা অভিনয়কেই সাত্ত্বিক অভিনয় বোলে।

    এই সাত্বিক ভাৱ ৮ প্ৰকাৰৰ যেনে-
    • ১/স্তম্ভ(সংজ্ঞাহীন) 
    • ২/স্বেদ(ঘাম ওলোৱা)
    • ৩/ৰোমাঞ্চ (শৰীৰৰ নোম ঠিয় হোৱা)
    • ৪/স্বৰভঙ্গ(মাত গলগলীয়া হোৱা)
    • ৫/বেপথু(ঘন ঘনকৈ উশাহ লোৱা)
    • ৬/বৈবণ্য(মুখ শেতা পৰা)
    • ৭/অশ্ৰু(চকুৰ পানী) আৰু
    • ৮/প্ৰলয়(নিচেষ্ট হৈ মাটিত পৰা)। 

    আনহাতে,সাত্বিক অভিনয় ২প্ৰকাৰৰ। সেইয়া হৈছে ক্ৰমে...

    (১).লোক ধৰ্মী অভিনয় :

    অনাড়ম্বৰী, স্বাভাৱিক তথা বাস্তৱ আৰু লোক মনৰ ওচৰ চপাই কৰা অভিনয়।

    (২)নাট্য ধৰ্মী অভিনয় :

    বাস্তৱতাৰ উদ্ধলৈ গৈ আড়ম্বৰী তথা ৰীতি পূৰ্ণ ভাৱে যি অভিনয় কৰা হয়,সিয়েই নাট্য ধৰ্মী অভিনয়।

    সামৰণি:

    এনেদৰেই শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে নাট্য বিধিৰ লগতো অভিনয় সম্পন্ন কৰা হয়। সেই একে সমূহ ৰীতি-নীতি তথা বিধিক মানিয়েই সত্ৰীয়া নৃত্যত, অংকীয়া নাট সমূহত অভিনয় প্ৰকাৰ সহ প্ৰয়োগ কৰা দেখা যায়।।


    Comments

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...