Skip to main content

ঝুমুৰা-অংকীয়া নাটৰ ৰস

ঝুমুৰা-অংকীয়া নাটৰ ৰস

ঝুমুৰা, অংকীয়ানাটৰৰস, ঝুমুৰাকাকবোলে, ঝুমুৰাকি

পৰিচয়

ঝুমুৰা নাম প্ৰাপ্ত অংকীয়া নাট (Ankia Naat) সমূহ হৈছে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত বাৎসল্য ৰস প্ৰধান নাটক। মহাপুৰুষ শংকৰদেৱৰ পাছতে নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰি এই ধৰ্মক আগুৱাই নিয়াৰ লগতে অসমীয়া নাট্য ভড়াললৈ আগবঢ়োৱা মাধৱদেৱৰ নাট সমূহেই হৈছে ঝুমুৰা।এই আলোচনাটিৰ জৰিয়তে ঝুমুৰা অংকীয়া নাটৰ ৰস সমূহৰ বিষয়ে এটি আভাষ দাঙি ধৰা হৈছে।

    ঝুমুৰা কাক বোলে? :

    ঝুমুৰা কাক বোলে বুলি ক'লে ক'ব পাৰি যে  একোটা  খণ্ড বা ক্ষুদ্ৰ ঘটনাৰ কথাবস্তু যুক্ত নাটককে ঝুমুৰা বোলে। অৰ্থাৎ এই ঝুমুৰা সমূহত একোটা কাহিনী সম্পূৰ্ণ ৰূপত দেখা পোৱা নাযায়। ইয়াৰ পৰিবৰ্তে এনে ধৰণৰ নাটত কেৱল একোটা ক্ষুদ্ৰ ঘটনা বা কথাবস্তু উপস্থাপন কৰা হয়।


    অংকীয়া নাটৰ ৰস :

    অংকীয়া নাটৰ ৰসৰ ক্ষেত্ৰত প্ৰাচীন আলংকাৰিক সকলে উল্লেখ কৰা নাট্যত থকা শৃঙ্গাৰ, হাস্য, কৰুণ, বীৰ, ভয়ানক, অদ্ভূত,ৰৌদ্ৰ,বীভৎস আৰু শান্ত এই নব বিধ ৰসক অংকীয়া নাট সমূহটো সুন্দৰ ভাৱে দেখা পোৱা যায়। কিন্তু মন কৰিবলগীয়া কথা এয়ে যে অংকীয়া নাটত যদিও এই নব বিধ ৰস সন্নিবিষ্ট হৈ আছে তথাপি ভক্তি ৰসক মূখ্য কৰি এই ৰস সমূহ অংকীয়া নাটত ব্যৱহৃত হৈছে।


    অংকীয়া নাটৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ভক্তি ৰসক মূল ৰস হিচাপে লৈ উপৰোক্ত নৱ বিধ ৰসৰ সমাহাৰত অংকীয়া নাট সমূহ ৰচনা কৰিছিল। সেই একে ভক্তি ৰসক শ্ৰেষ্ঠ বা মূখ্য কৰি মহাপুৰুষ মাধৱদেৱে ও তেখেতৰ ঝুমুৰা নাট সমূহ ৰচনা কৰিছিল। মাধৱদেৱৰ নাট সমূহত শ্ৰীকৃষ্ণৰ শিশু তথা বাল্য কালৰ বিভিন্ন ঘটনা সমূহ ফুটি উঠিছে।


    ঝুমুৰা-অংকীয়া নাটৰ ৰস :

    আলংকাৰিক সকলে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা নাট সমূহৰ লগতে কিছু সংখ্যক বৰগীতত বাসৎল্য ৰসৰ সমাহাৰ ঘটিছে বুলি মন্তব্য কৰে। অৱশ্যে,দুয়োজনা গুৰুৰ ৰচিত অংকীয়া নাট বা বৰগীতত এই ৰস সমূহৰ শৃঙ্গাৰাত্মক ভক্তি ৰস,শান্ত ভক্তি ৰস,বাৎসল্য ভক্তি ৰস,দাস্য ভক্তি ৰস আৰু সখিত্ব ভক্তি ৰস হিচাপে প্ৰয়োগ হোৱাৰ পৰিলক্ষিত হয়।


    ঝুমুৰা সমূহৰ ৰস :

    মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহৰ মূল ৰস বাসৎল্য হ'লেও সি ভোজন বাহাৰ আৰু কোটোৰা খেলা আদি নাট সমূহত সখিত্ব ভক্তি ৰস পৰিস্ফুট ৰূপত প্ৰকাশ পোৱা দেখা যায়। ইয়াৰ উপৰিও, অৰ্জুন ভঞ্জন,চোৰ-ধৰা,পিম্পৰা-গুচুৱা এইকেইখন নাটটো বাৎসল্য ভক্তি ৰস মূল ৰস হিচাপে প্ৰয়োগ হোৱা দেখা যায়।


    শিশু তথা ল'ৰালি কালৰ কৃষ্ণৰ দধি মথনি ভাঙি কৰা দুষ্টালি, কৃষ্ণক ধৰিবলৈ মাক যশোদাৰ লটি-ঘটি, কৃষ্ণৰ দুষ্টালিত উপায়ন্তৰ হৈ যশোদাই গালি শপনি পাৰি কৃষ্ণক মাৰিবলৈ খেদি ফুৰা আদি ক্ষুদ্ৰ ঘটনা সমূহে মাধৱদেৱৰ ঝুমুৰা সমূহত বাৎসল্য ভক্তি ৰস হিচাপে স্হান লাভ কৰিছে।


    ইয়াৰ উপৰিও লগৰ লগৰীয়া সকলৰ লগত গৰু চৰোৱা কৃষ্ণৰ চাতুৰী যুক্ত ক্ষুদ্ৰ ঘটনা সম্বলিত ঝুমুৰা সমূহত সখিত্ব ভক্তি ৰস দেখা পোৱা যায়। মাধৱদেৱৰ ঝুমুৰা সমূহৰ মূল উপজীব্য বিষয় শিশু কৃষ্ণৰ বিভিন্ন লীলা মহাত্মা সমূহ । লগতে সেই সমূহৰ সৈতে জড়িত ভিন ভিন ঘটনাৰ সুন্দৰ বৰ্ণনা।


    আৰু পঢ়িব পাৰে- অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য।


    যদিওবা মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহত বাৎসল্য ৰসক দেখা পোৱা যায়। তথাপি স্হায়ীভাৱ আৰু বিভাবৰ ফালে দৃষ্টি ৰাখিলে সেই সকলো ঝুমুৰা নাটৰ ৰসৰ ক্ষেত্ৰত ভক্তি ৰসেই যে মূখ্য স্হান লভিছে,তাক অনুধাৱন কৰিব পাৰি।

    সামৰণি :

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ অংকীয়া নাট সমূহৰ এক অবিচ্ছেদ্য অংগ।যি অসমীয়া জাতিৰ বাবে নাট্য সাহিত্যৰ এক বিশেষ সম্পদ। এই জনা ধৰ্ম গুৰুৰ অৰিহণা অসমীয়া সমাজ জীৱনে কেতিয়াও পাহৰিব নোৱাৰে। এখেতৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠতম পুথি "নামঘোষা" । য'ত এহেজাৰ টা ঘোষা থকাৰ বাবে "হেজাৰীঘোষা' বুলিও কোৱা হয়। এই নামঘোষা অসমৰ প্ৰতি নামঘৰ আৰু গৃহত ৰাখি পাঠ কৰা হয়। এনে ঐশ্বৰিক গুণসম্পন্ন মাধৱদেৱৰ সৃষ্টি ৰাজিক সুন্দৰ ভাৱে শ্ৰৱণ কীৰ্তন কৰাৰ লগতে  এই বিশেষ বৈশিষ্ট্য সম্পন্ন ঝুমুৰা অংকীয়া নাট সমূহৰ অনুশীলন আৰু পৰিবেশনে নিশ্চয় মহাপুৰুষ জনাক সদা-সব্বদা মানৱ জাতিৰ লগত পৰিচয় কৰাই থাকিব। লগতে অসমীয়া নৱপ্ৰজন্মইয়ো এইজনা গুৰুৰ নাট্য সাহিত্যৰ ঝুমুৰা অংকীয়া নাটৰ ৰস পান কৰিবলৈ সুবিধা পাব!!


    আৰু পঢ়িব পাৰে- মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ।



    Comments

    Post a Comment

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...