পৰিচয় :
ঝুমুৰা কাক বোলে? :
ঝুমুৰা কাক বোলে বুলি ক'লে ক'ব পাৰি যে একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাৰ কথাবস্তু যুক্ত নাটককে ঝুমুৰা বোলে। অৰ্থাৎ এই ঝুমুৰা সমূহত একোটা কাহিনী সম্পূৰ্ণ ৰূপত দেখা পোৱা নাযায়। ইয়াৰ পৰিবৰ্তে এনে ধৰণৰ নাটত কেৱল একোটা ক্ষুদ্ৰ ঘটনা বা কথাবস্তু উপস্থাপন কৰা হয়।
অংকীয়া নাটৰ ৰস :
অংকীয়া নাটৰ ৰসৰ ক্ষেত্ৰত প্ৰাচীন আলংকাৰিক সকলে উল্লেখ কৰা নাট্যত থকা শৃঙ্গাৰ, হাস্য, কৰুণ, বীৰ, ভয়ানক, অদ্ভূত,ৰৌদ্ৰ,বীভৎস আৰু শান্ত এই নব বিধ ৰসক অংকীয়া নাট সমূহটো সুন্দৰ ভাৱে দেখা পোৱা যায়। কিন্তু মন কৰিবলগীয়া কথা এয়ে যে অংকীয়া নাটত যদিও এই নব বিধ ৰস সন্নিবিষ্ট হৈ আছে তথাপি ভক্তি ৰসক মূখ্য কৰি এই ৰস সমূহ অংকীয়া নাটত ব্যৱহৃত হৈছে।
অংকীয়া নাটৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ভক্তি ৰসক মূল ৰস হিচাপে লৈ উপৰোক্ত নৱ বিধ ৰসৰ সমাহাৰত অংকীয়া নাট সমূহ ৰচনা কৰিছিল। সেই একে ভক্তি ৰসক শ্ৰেষ্ঠ বা মূখ্য কৰি মহাপুৰুষ মাধৱদেৱে ও তেখেতৰ ঝুমুৰা নাট সমূহ ৰচনা কৰিছিল। মাধৱদেৱৰ নাট সমূহত শ্ৰীকৃষ্ণৰ শিশু তথা বাল্য কালৰ বিভিন্ন ঘটনা সমূহ ফুটি উঠিছে।
ঝুমুৰা-অংকীয়া নাটৰ ৰস :
আলংকাৰিক সকলে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা নাট সমূহৰ লগতে কিছু সংখ্যক বৰগীতত বাসৎল্য ৰসৰ সমাহাৰ ঘটিছে বুলি মন্তব্য কৰে। অৱশ্যে,দুয়োজনা গুৰুৰ ৰচিত অংকীয়া নাট বা বৰগীতত এই ৰস সমূহৰ শৃঙ্গাৰাত্মক ভক্তি ৰস,শান্ত ভক্তি ৰস,বাৎসল্য ভক্তি ৰস,দাস্য ভক্তি ৰস আৰু সখিত্ব ভক্তি ৰস হিচাপে প্ৰয়োগ হোৱাৰ পৰিলক্ষিত হয়।
ঝুমুৰা সমূহৰ ৰস :
মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহৰ মূল ৰস বাসৎল্য হ'লেও সি ভোজন বাহাৰ আৰু কোটোৰা খেলা আদি নাট সমূহত সখিত্ব ভক্তি ৰস পৰিস্ফুট ৰূপত প্ৰকাশ পোৱা দেখা যায়। ইয়াৰ উপৰিও, অৰ্জুন ভঞ্জন,চোৰ-ধৰা,পিম্পৰা-গুচুৱা এইকেইখন নাটটো বাৎসল্য ভক্তি ৰস মূল ৰস হিচাপে প্ৰয়োগ হোৱা দেখা যায়।
শিশু তথা ল'ৰালি কালৰ কৃষ্ণৰ দধি মথনি ভাঙি কৰা দুষ্টালি, কৃষ্ণক ধৰিবলৈ মাক যশোদাৰ লটি-ঘটি, কৃষ্ণৰ দুষ্টালিত উপায়ন্তৰ হৈ যশোদাই গালি শপনি পাৰি কৃষ্ণক মাৰিবলৈ খেদি ফুৰা আদি ক্ষুদ্ৰ ঘটনা সমূহে মাধৱদেৱৰ ঝুমুৰা সমূহত বাৎসল্য ভক্তি ৰস হিচাপে স্হান লাভ কৰিছে।
ইয়াৰ উপৰিও লগৰ লগৰীয়া সকলৰ লগত গৰু চৰোৱা কৃষ্ণৰ চাতুৰী যুক্ত ক্ষুদ্ৰ ঘটনা সম্বলিত ঝুমুৰা সমূহত সখিত্ব ভক্তি ৰস দেখা পোৱা যায়। মাধৱদেৱৰ ঝুমুৰা সমূহৰ মূল উপজীব্য বিষয় শিশু কৃষ্ণৰ বিভিন্ন লীলা মহাত্মা সমূহ । লগতে সেই সমূহৰ সৈতে জড়িত ভিন ভিন ঘটনাৰ সুন্দৰ বৰ্ণনা।
আৰু পঢ়িব পাৰে- অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য।
যদিওবা মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহত বাৎসল্য ৰসক দেখা পোৱা যায়। তথাপি স্হায়ীভাৱ আৰু বিভাবৰ ফালে দৃষ্টি ৰাখিলে সেই সকলো ঝুমুৰা নাটৰ ৰসৰ ক্ষেত্ৰত ভক্তি ৰসেই যে মূখ্য স্হান লভিছে,তাক অনুধাৱন কৰিব পাৰি।
সামৰণি :
মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ অংকীয়া নাট সমূহৰ এক অবিচ্ছেদ্য অংগ।যি অসমীয়া জাতিৰ বাবে নাট্য সাহিত্যৰ এক বিশেষ সম্পদ। এই জনা ধৰ্ম গুৰুৰ অৰিহণা অসমীয়া সমাজ জীৱনে কেতিয়াও পাহৰিব নোৱাৰে। এখেতৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠতম পুথি "নামঘোষা" । য'ত এহেজাৰ টা ঘোষা থকাৰ বাবে "হেজাৰীঘোষা' বুলিও কোৱা হয়। এই নামঘোষা অসমৰ প্ৰতি নামঘৰ আৰু গৃহত ৰাখি পাঠ কৰা হয়। এনে ঐশ্বৰিক গুণসম্পন্ন মাধৱদেৱৰ সৃষ্টি ৰাজিক সুন্দৰ ভাৱে শ্ৰৱণ কীৰ্তন কৰাৰ লগতে এই বিশেষ বৈশিষ্ট্য সম্পন্ন ঝুমুৰা অংকীয়া নাট সমূহৰ অনুশীলন আৰু পৰিবেশনে নিশ্চয় মহাপুৰুষ জনাক সদা-সব্বদা মানৱ জাতিৰ লগত পৰিচয় কৰাই থাকিব। লগতে অসমীয়া নৱপ্ৰজন্মইয়ো এইজনা গুৰুৰ নাট্য সাহিত্যৰ ঝুমুৰা অংকীয়া নাটৰ ৰস পান কৰিবলৈ সুবিধা পাব!!
আৰু পঢ়িব পাৰে- মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ।

Sundar Article...
ReplyDeleteThanks...
Delete