Skip to main content

classical singing or singing voice training on Tanpura । তানপুৰাত কন্ঠ সাধনা

classical singing or singing voice training on Tanpura  । তানপুৰাত কন্ঠ সাধনা

classical singing or singing voice training on Tanpura  । তানপুৰাত কন্ঠ সাধনা শীৰ্ষক এই লেখাটিত  classical singing শাস্ত্ৰীয় গায়নৰ বাবে তানপুৰা বাদ্যযন্ত্ৰৰ সহায়ত কিদৰে কন্ঠ সাধনা কৰিব পাৰি,তাৰ বিষয়ে আলোচনা কৰা হৈছে।
classicalsinging,vocaltraining, vocalist,indiancalassicalmusic, tanpura
                ফটো: দিপ্তী বৰুৱা (ডিব্ৰুগড় )

যিকোনো শিক্ষাৰ্থী বা গায়ক-গায়িকা তথা Indian classical vocalist ভাৰতীয় শাস্ত্ৰীয় গায়ক সকলৰ বাবে কন্ঠ সাধনাৰ বাবে তানপুৰা হৈছে এবিধ উৎকৃষ্ট বাদ্য। যিহেতু, হাৰমনিয়ামৰ প্ৰতিটো স্বৰ নিজা পৰিধিৰ মাজতে সীমাবদ্ধ হোৱাৰ কাৰণে শ্ৰুতি, স্পৰ্শ স্বৰ আদি হাৰমনিয়াম বাদ্যযন্ত্ৰত প্ৰদৰ্শন কৰা সম্ভৱ নহয়। ইয়াৰ উপৰিও হাৰমনিয়াম ৰ স্বৰে কন্ঠৰ পৰা নিৰ্গত হোৱা স্বৰক স্পষ্টকৰণত বাধা জন্মায়।

সেয়েহে, হাৰমনিয়ামত কৈ তানপুৰাত কন্ঠ সাধনা কৰা বেছি ভাল লাগে।তানপুৰাত স্বৰ সাধনা কৰিলে সপ্তকৰ স্বতন্ত্ৰ বোধ জন্মে আৰু প্ৰতিটো স্বৰৰ ওপৰত কন্ঠ প্ৰতিষ্ঠিত হয়।


তানপুৰা বাদ্যযন্ত্ৰৰ নিৰ্মাণ :

তানপুৰা বাদ্যযন্ত্ৰ কাঠ আৰু লাউৰ খোলাৰে নিৰ্মাণ কৰা হয়। সোঁফালৰ তলৰ অংশ তানপুৰা লাউৰ পৰা বনোৱা হয়। বাকী সকলো অংশ কাঠৰ দ্বাৰা নিৰ্মিত।লাউৰ দ্বাৰা সজ্জিত গোলাকাৰ অংশটোক তুম্বা বোলা হয়। আনহাতে,সোফালৰ দীঘলকৈ থকা অংশ ফোপোলা কাঠেৰে নিৰ্মিত অংশক দাণ্ড বোলা হয়। এই অংশৰ একেবাৰে শীৰ্ষত তাৰ কেইডাল পকাই থবৰ বাবে চাৰিটা খুটি থাকে।

তুম্বাৰ এফালে চাৰিডাল তাৰ বান্ধি লোৱা হয় আৰু এই তাৰ কেইডাল তুম্বাৰ ওপৰত থকা ব্ৰীজ অথবা জুৱাৰীৰ ওপৰেদি দীঘলীয়া অংশৰ সমান্তৰালকৈ আনটো মূৰত থকা আন এখন ব্ৰীজৰ ওপৰেদি আনি খুটিত বন্ধা হয়। এই খুটি কেইডাল ঘূৰাই পকাই তাৰডালৰ সুৰ tune কম বেছি কৰিব পাৰি।জুৱাৰীৰ চাৰিডাল তাৰৰেই সূতা লগোৱা হয়। সেই সূতাকেইডালেই ঝংকাৰ তোলে।সূতাকেইডালৰ ক্ষেত্ৰত ৰেশমী সূতা হ'লে ঝংকাৰ বেছি ধুনীয়া হয়।


singing voice training on Tanpura  । তানপুৰাত কন্ঠ সাধনা :

তানপুৰা বাদ্যযন্ত্ৰৰ প্ৰথমডাল তাৰ মন্দ্ৰ সপ্তকৰ পঞ্চম, দ্বিতীয় আৰু তৃতীয় তাৰডাল তাৰ সপ্তকৰ ষড়জ আৰু চতুৰ্থ ডাল তাৰ সপ্তকৰ ষড়জ হিচাপে মিলোৱা হয়। যদিও বিভিন্ন জন ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞই Indian classical vocalist বিভিন্ন ধৰণে তাৰ মিলায়, তানপুৰাত স্বৰ মিলোৱা সহজসাধ্য নহয়। এই ক্ষেত্ৰত সূক্ষ্ম স্বৰজ্ঞান আৰু তীক্ষ্ণ শ্ৰৱণ শক্তিৰ অতি প্ৰয়োজন হয়।শিক্ষাৰ্থী বা গায়ক সকলে এই ক্ষেত্ৰত vocal music classes সমূহত এই ক্ষেত্ৰত অধিক মনোযোগ দিয়া অতি আৱশ্যক।


তানপুৰা লৈ গায়ক বা শিক্ষাৰ্থী সকলে যি স্কেলত গান গায় singing সেই স্বৰত দ্বিতীয় আৰু তৃতীয় তাৰডাল মিলোৱা আৱশ্যক। যিহেতু, এই দুডাল তাৰত বান্ধি লোৱা স্বৰটোক মধ্য সপ্তকৰ ষড়জ অৰ্থাৎ 'সা' ৰূপে মান্য কৰা হয়।


ইয়াৰ উপৰিও সংগীত music ত এনে বহু ৰাগ আছে য'ত প্ৰথম 'প' স্বৰ ব্যৱহাৰ কৰা নহয়। এনে কিছুমান ৰাগৰো প্ৰয়োগ আছে য'ত পঞ্চম ও মধ্যম এই দুয়োটা স্বৰৰেই প্ৰাধান্য নাই।এনে ৰাগ raag সমূহত এইডাল তাৰ নিষাদ অথবা গান্ধাৰ স্বৰত বান্ধিব লাগে।


তানপুৰা ভাগ :

তানপুৰা বাদ্যযন্ত্ৰ instruments সাধাৰণতে দুবিধ আছে।এবিধ পুৰুষৰ বাবে আৰু আনবিধ মহিলা সকলৰ বাবে। যিহেতু, পুৰুষ আৰু মহিলাৰ কন্ঠস্বৰ একে নহয়। সেইদৰে তাৰ মিলোৱাতো সামান্য পাৰ্থক্য আছে। পুৰুষৰ তানপুৰাত জোড়ী তাৰ মধ্য 'সা' ত মিলোৱা হয়। দুয়োবিধ তানপুৰাৰ প্ৰথম তিনিডাল তাৰ ষ্টীলৰ আৰু চতুৰ্থ ডাল তাৰ পিতলৰ হয়।

কন্ঠ সাধনা  :

কন্ঠ সাধনা singing voice training কৰিবলৈ তানপুৰা সুন্দৰ ভাৱে মিলাই ল'ব লাগে। তাৰ পাছত 'সা' আৰু 'প' স্বৰৰ আধাৰত লাহে লাহে সা,ৰে,গ,ম,প,ধ, নি,সা শুদ্ধ স্বৰৰ দ্বাৰা আৰোহ-অৱৰোহ কৰিব লাগে। এনেদৰে শুদ্ধ সাতোটা স্বৰৰ সম্পূৰ্ণ ভাৱে আয়ত্ত কৰাৰ পাছত তীব্ৰ আৰু কোমল স্বৰ সমূহৰ অনুশীলন practice কৰিব লাগে।

উপসংহাৰ conclusion :

এইদৰে, শুদ্ধ আৰু বিকৃত ১২ টা স্বৰৰ পূৰ্ণ জ্ঞান লাভ কৰি লৈ সহজ গীত সমূহৰ গোৱা singing উচিত। শেষত ক'ব পাৰি যে তানপুৰা বাদ্যযন্ত্ৰৰ সহায়ত সুন্দৰ ভাৱে গীত পৰিবেশন কৰিবলৈ classical singing or singing voice training on Tanpura   তানপুৰাত কন্ঠ সাধনা কৰি স্বৰসমূহৰ ওপৰত সম্পূৰ্ণৰূপে জ্ঞান থাকিব লাগিব। তেতিয়াহে, তানপুৰা ত সংগীত পৰিবেশন বা মঞ্চত অনুষ্ঠান live concert সহজসাধ্য হ'ব।।

আৰু পঢ়িব পাৰে- অসমৰ বাদ্যযন্ত্ৰ খোল বাদ্য শিক্ষা।


Comments

Most Popular

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...