নৰহৰি বুঢ়া ভকতৰ সৃষ্টি অসমৰ নৃত্য ভোৰতাল নৃত্য
ফটো : সত্ৰীয়া নৃত্যৰ ছাত্ৰী, যোৰহাট |
ভোৰতাল নৃত্যৰ পৰিচয় :
বাৰেৰহনীয়া সংস্কৃতিৰে ভৰপূৰ অসমৰ নৃত্য সমূহৰ ভিতৰত অন্যতম এটি মনোৰম অসমীয়া সংস্কৃতি হ'ল নৰহৰি বুঢ়া ভকতৰ সৃষ্টি অসমৰ নৃত্য ভোৰতাল নৃত্য Dance Of Assam, Bhortall Nritya। নামনি অসমৰ বৰপেটা সত্ৰত নৰহৰি বুঢ়াভকত আৰু মহানন্দ সূত্ৰধাৰ আদিয়ে এই তাল সহিত বিভিন্ন ভঙ্গীমা যুক্ত নৃত্য টি কামৰূপ অঞ্চল সমূহত প্ৰচলন হৈ থকা বীৰ নামৰ আধাৰত সৃষ্টি কৰিছিল।
ভোৰতাল নৃত্যৰ বৈশিষ্ট্য :
ভোৰতাল নৃত্য টি দুই পৰা দহ,বাৰ বা ততোধিক শিল্পীয়ে দলীয় ভাৱে প্ৰদৰ্শন কৰে।নাগাৰা বাদ্য যন্ত্ৰৰ চেৱে চেৱে ভোৰতাল নামৰ তাল ঘূৰাই ভিন্ন প্ৰকাৰৰ ভঙ্গী মাৰে নৃত্য প্ৰদৰ্শন কৰাটো এই কৃষ্টি ৰাজিৰ মূখ্য বৈশিষ্ট্য।
এই নৃত্য টিত আটাইতকৈ মন কৰিবলগীয়া বৈশিষ্ট্য টি হ'ল যে ভোৰতাল নৃত্য পৰিবেশন কাৰী সকলে তাল বজোৱাৰ চেও ধৰি নৃত্য পৰিবেশন কৰে। অৰ্থাৎ তালত আঘাত নকৰে। ইয়াৰ পৰিবৰ্তে তালৰ যি শব্দ হয়, সেইয়া বাদ্য যন্ত্ৰ সংগত কাৰী সকলেহে বজায়।
ভোৰতাল নৃত্যৰ লক্ষণসমূহ :
এই নৃত্য টিৰ প্ৰধান লক্ষণ হ'ল হাতেৰে তাল ঘূৰোৱা। জটিল দেহভঙ্গীমাৰে বিভিন্ন পাক আৰু ভঙ্গীমা যুক্ত উঠা-বহা আদিৰে মঞ্চ পৰিক্ৰমা কৰা। ইয়াৰ উপৰিও দুই হাতেৰে তাল সহিত ভিন্ন হস্ত প্ৰদৰ্শন যেনে মুজুৰা,হায়ৰে,প্ৰণাম আদি ।
সত্ৰীয়া নৃত্যৰ মাটি আখৰা ব্যৱহাৰ এই নৃত্য টিৰ এটি বিশেষ লক্ষণ। ওৰা চতা,বহা চতা,মোৰোপা উপৰিও বৰ্তমান পৰিবেশনত বিভিন্ন মাটি আখৰা এই ভোৰতাল নৃত্যত প্ৰয়োগ কৰা দেখা যায়।
ভোৰতাল নৃত্যৰ আহার্য :
আহার্যৰ dresses and jewellery ক্ষেত্ৰত দেখা যায় যে এই নৃত্যত কঁকালৰ পৰা ওপৰৰ অৰ্থাৎ ডিঙিলৈকে বগা ৰঙৰ কুৰটা আৰু কঁকালৰ পৰা ভৰি লৈকে বগা ৰঙৰ ধুতি ব্যৱহাৰ কৰা হয়।শিৰত সত্ৰীয়া গায়ন-বায়নত পৰিধান কৰা পাগুৰী আৰু তাৰ অগ্ৰ ভাগত বকুল ফুলৰ মালা পৰিধান কৰে।
ইয়াৰ উপৰিও শৰীৰত ডিঙিৰ পৰা কঁকালৰ তললৈকে পৰাকৈ এখনি চেলেং কাপোৰ পিঠি ফালৰ পৰা কেৰেপিয়াকৈ দুই কান্ধৰ ওপৰেদি ব্যৱহাৰ কৰে।
সামৰণি :
অসমৰ নৃত্য dance of Assam সমূহৰ অন্যতম নৰহৰি বুঢ়া ভকতৰ সৃষ্টি অসমৰ নৃত্য ভোৰতাল নৃত্য ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত এতিয়াও উজনি অসমৰ নালাগে সমগ্ৰ অসমৰ বহু লোক অজ্ঞ। সংস্কৃতিৰ সাধক তথা শিল্পী সকলে এই নৃত্য টিৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবাঢ়ি আহিলে , নিশ্চয় নৃত্যটিয়ে অসমৰ সংস্কৃতি ৰ অন্যতম অংগ হিচাপে চৌদিশে সমাদৃত হোৱাৰ লগতে প্ৰচাৰ লাভ কৰিব।।

Comments
Post a Comment