Skip to main content

বাৰছোৱা অংকীয়া নাট

বাৰছোৱা অংকীয়া নাট

অংকীয়ানাট, শংকৰদেৱৰ,নাটক,বাৰছোৱা,

পৰিচয়

অসমীয়া নাটকৰ উৎপত্তি হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা। যি সমূহ নাটকক পাছলৈ অংকীয়া নাট নামেৰে অভিহিত কৰা হয়। শংকৰদেৱৰ লগতে মহাপুৰুষ মাধৱদেৱে ও অংকীয়া নাট বৰগীত আদি ৰচনা কৰে।এই আলোচনাটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱ দেৱৰ বাৰছোৱা অংকীয়া নাট সমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে।


    বাৰছোৱা অংকীয়া নাট :

    বাৰছোৱা অংকীয়া নাট কাক বোলে বা বাৰছোৱা অংকীয়া নাট মানে কি বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ একক অংক বিশিষ্ট ব্ৰজাৱলী ভাষা যুক্ত বাৰ খন  অংকীয়া নাটককেই বাৰছোৱা অংকীয়া নাট বোলা হয়। শ্ৰীমন্ত শংকৰদেৱৰ ছয়খন আৰু মাধৱদেৱৰ ছয়খন মুঠ বাৰ খন নাটকক একেলগে বাৰছোৱা বুলি কোৱা হয়।

    শংকৰদেৱৰ অংকীয়া নাট কেইখন :

    ১/কালি দমন নাট ।        ২/পত্নী প্ৰসাদ নাট ।
    ৩/কেলিগোপাল নাট ।    ৪/ৰুক্মিণী হৰণ নাট ।
    ৫/পাৰিজাত হৰণ নাট ।  ৬/ ৰাম বিজয় নাট ।

    মাধৱদেৱৰ ঝুমুৰা নাট কেইখন :

    ১/অজ্জুন ভঞ্জন নাট।     ২/চোৰধৰা নাট।
    ৩/পিম্পৰা গুচোৱা নাট।  ৪/ভূমি লেটোৱা নাট।
    ৫/ভোজন বাহাৰ নাট।     ৬/ভূষণ হেৰোৱা নাট।

    বাৰছোৱা অংকীয়া নাট সমূহ :

    ৰচনা ৰীতি অনুসৰি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ছয়খনি নাটককেই পূৰ্ণাংগ অংকীয়া নাট হিচাপে ধৰা হয়। ইয়াৰ বিপৰীতে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত অজ্জুন ভঞ্জন নাট খনিৰ বাদে বাকী নাট কেওখিনিক ঝুমুৰা নামেৰে জনা যায়।যত নাটৰ সম্পূৰ্ণ কাহিনীৰ পৰিবৰ্তে একোটা ক্ষুদ্ৰ ঘটনা বা কথাবস্তু উপস্থাপন কৰা হয়।তলত বাৰ খন নাটকৰ বিষয়ে বৰ্ণনা কৰা হৈছে।


    শংকৰদেৱৰ নাটক সম্পৰ্কে আলোচনা :

    শংকৰদেৱৰ নাটক সম্পৰ্কে আলোচনা কৰা বুলিলে ক'ব পাৰি যে শংকৰদেৱৰ ছয়খন নাটকৰ ভিতৰত ৰামায়ণৰ মূলনায়ক ৰামক কেন্দ্ৰ কৰি লিখা ৰাম বিজয় নাট খনিৰ বাদে বাকী পাঁচখন নাট কৃষ্ণক কেন্দ্ৰ কৰি ৰচনা কৰিছে।

    ১) কালি দমন নাট :
    শ্ৰী মদ্ভাগৱত মহাপুৰাণৰ দশম অধ্যায়ৰ পৰা কালি দমন নাটৰ কাহিনী ভাগ লোৱা হৈছে। ইয়াত শিশু কৃষ্ণৰ অলৌকিক শক্তি ভকতৰ অন্তৰত চুব পৰাকৈ তেওঁৰ কৰ্ম, প্ৰভাৱ আদি বৰ্ণনা কৰা উপৰিও পাপৰ ৰূপ কালি নাগক পূণ্য ৰূপ কৃষ্ণই দমণ কৰাই হৰি ভক্তিৰ শক্তি প্ৰদৰ্শন কৰা হৈছে।

    নাট খনিত গীতৰ সংখ্যা তেৰ টাৰ বিপৰীতে ৰাগৰ সংখ্যা এঘাৰ টা। শ্লোকৰ সংখ্যা বাইশ টা আৰু ভটিমা পয়াৰ চাৰি টা। লগতে,তালৰ সংখ্যা মুঠ পাঁচ খন দেখা পোৱা যায়।

    ২) পত্নী প্ৰসাদ নাট :

    পত্নী প্ৰসাদ নাট খনি ভাগৱতত বৰ্ণনা কৰা কাহিনী ফালৰ পৰা চালে কালি দমন নাটৰ পাছত ৰচনা কৰা যেন লাগে যদিও ৰচনা ফালৰ পৰা পণ্ডিত সকলে কালি দমন নাটৰ আগত ৰচনা কৰা বুলি ক'ব খোজে।এই নাট খনিৰ কাহিনী ভাগ শ্ৰী মদ্ভাগৱত পুৰাণৰ দশম স্কন্ধৰ পৰা লোৱা হৈছে।নাট খনিত কৃষ্ণ ভক্তি ৰস দেখা যায়।

    গীতৰ ক্ষেত্ৰত নাট খনিত আঠ টা গীত থকাৰ বিপৰীতে সাত টা ৰাগ ইয়াত দেখা পোৱা যায়। আনহাতে, শ্লোক আৰু ভটিমা দুয়োটাৰে দুটাকৈ মুঠ চাৰিটা শ্লোক আৰু ভটিমা নাট খনিত আছে।তাল এই নাটত মুঠ চাৰি খন।


    ৩) কেলিগোপাল নাট :

    এই নাটক খনিৰ বিষয় বস্তু প্ৰধানকৈ ভাগৱত পুৰাণৰ দশম স্কন্ধৰ অন্তৰ্গত যদিও বিষ্ণু পুৰাণ আৰু ব্ৰহ্মবৈবৰ্ত পুৰাণ আদিৰ পৰাও আংশিক তথ্য নাট খনি ৰচনাত দেখা পোৱা যায়। ইয়াৰ উপৰিও "গীত-গোবিন্দ" ৰো প্ৰভাৱ নাট খনিত স্পষ্ট।নাট খনিত কৃষ্ণ ভক্তি ৰস দেখা পোৱা যায়।

    এই নাটত একত্ৰিশ টা গীত আৰু পোন্ধৰ টা ৰাগ থকাৰ উপৰিও ২৫ টা শ্লোক,দুটা ভটিমা দেখা যায়। লগতে,তালৰ ক্ষেত্ৰত মুঠ চাৰি খন তাল দেখা যায়।

    ৪) ৰুক্মিণী হৰণ নাট :

    ৰুক্মিণী হৰণ নাটখন গুৰু জনাই ভাগৱত পুৰাণ, বিষ্ণু পুৰাণ আদিৰ পৰা কাহিনী লৈ ৰচনা কৰা। এইখন নাটকতো নৱ ৰসৰ সমাহাৰ দেখিলেও মূলত ভক্তিক মূখ্য ৰস হিচাপে স্হান দিয়া হৈছে।নাট খনিত গীতৰ সংখ্যা একত্ৰিশ টা আৰু ৰাগৰ সংখ্যা পোন্ধৰ টা। আনহাতে, শ্লোকৰ সংখ্যা তিৰাল্লিশ টা হোৱাৰ লগতে ইয়াত চাৰিটা ভটিমা আছে।নাট খনিত তাল সাত খন ব্যৱহাৰ হোৱা দেখা যায়।

    ৫) পাৰিজাত হৰণ নাট :

    এই খন নাটক ভাগৱতৰ কাহিনী কেন্দ্ৰিক যদিও ইয়াত বিষ্ণু পুৰাণ,হৰি বংশৰ প্ৰভাৱ দেখা যায়। লগতে শংকৰদেৱৰ নিজা সৃজনীশীল নাটক খনত স্পষ্ট। গীতৰ সংখ্যা নাটক খনত ওঠৰ টা হোৱাৰ বিপৰীতে ৰাগৰ সংখ্যা হ'ল চৈধ্য টা। আনহাতে,চৌৰাল্লিশ টা শ্লোক সমৃদ্ধ এইখন নাটকত ভটিমা হ'ল সাতটা।তাল ইয়াত পাচ খন দেখা যায়।

    ৬) ৰাম বিজয় নাট :

    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শেষ বয়সৰ একমাত্ৰ ৰামায়ণৰ কাহিনী যুক্ত নাট খনিয়েই হৈছে ৰাম বিজয় নাট।এই নাট খনৰ কাহিনীভাগ ৰামায়ণৰ আদিকাণ্ডৰ পৰা লোৱা।নাটখনত বিশ টা গীতৰ লগতে ন'টা ৰাগ আছে। ইয়াৰ উপৰিও শ্লোকৰ সংখ্যা হ'ল সাতত্ৰিশ টা আৰু ভটিমা আছে চাৰিটা।তাল ইয়াত ছয় খন ব্যৱহাৰ হোৱা দেখা যায়।

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা :

    শংকৰদেৱৰ পাছতে মহাপুৰুষ মাধৱদেৱে ও নাটক ৰচনা কৰিছিল। অৱশ্যে এই সমূহৰ ভিতৰত কেৱল অজ্জুন ভঞ্জন নাট খনিৰ বাহিৰে বাকী আটাইকেইখন নাটককেই ঝুমুৰা বুলি কোৱা হয়। কাৰণ সি সমূহত একোটা সম্পূৰ্ণ কাহিনী দেখা নাযায়। য'ত কেৱল একোটা ক্ষুদ্ৰ ঘটনা বা কথাবস্তু উপস্থাপন কৰা হৈছে। সেয়েহে এই সমূহক ঝুমুৰা বোলা হয়।

    মাধৱদেৱৰ ঝুমুৰা সমূহৰ বিষয়ে পঢ়িবলৈ ক্লিক কৰিব পাৰে- মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ।

    সামৰণি :

    মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত বাৰছোৱা অংকীয়া নাট অসমৰ সত্ৰীয়া সংস্কৃতিৰ লগতে অসমীয়া নাট্য সাহিত্যৰ বাবে আপুৰুগীয়া সম্পদ।যি চন্দ্ৰ সূৰ্য থকালৈকে পৃথিৱীত জিলিকি থাকিব। কেৱল নিষ্ঠা আৰু পৰম্পৰাৰে এই সম্পদ ৰাজি সুৰক্ষিত কৰি ৰখাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰা গুৰু দুজনাৰ মহান অৱদান আমি সকলোৱে জীয়াই ৰাখিব লাগিব।।

    Comments

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...