Skip to main content

ভাৰতীয় শাস্ত্ৰীয় সংগীত সত্ৰীয়া সংগীত তথা বৰগীত সমূহত ৰাগৰ প্ৰয়োগ

ভাৰতীয় শাস্ত্ৰীয় সংগীত সত্ৰীয়া সংগীত তথা বৰগীত সমূহত ৰাগৰ প্ৰয়োগ

সত্ৰীয়া সংগীত, সত্ৰীয়া সংস্কৃতি, অসমীয়া সংস্কৃতি


ভাৰতীয় শাস্ত্ৰীয় সংগীত সত্ৰীয়া সংগীত তথা বৰগীত সমূহত ৰাগৰ প্ৰয়োগ শীৰ্ষক এই আলোচনাটিত সত্ৰীয়া সংগীতত প্ৰচলিত ৰাগ সমূহৰ নাম তথা ৰাগ পৰিৱেশন বিধি আৰু ৰাগৰ ভাগ (types of raaga in music) সম্পৰ্কে আলোচনা কৰা হৈছে। লগতে,সময় অনুযায়ী ৰাগ সমূহৰ পৰিবেশন প্ৰক্ৰিয়া বিষয়েও আলোচনা আগবঢ়োৱা হৈছে।



ভাৰতীয় শাস্ত্ৰীয় সংগীত সত্ৰীয়া সংগীত তথা বৰগীত সমূহত ৰাগৰ প্ৰয়োগ :

সত্ৰীয়া সংগীত হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অন্তৰ্গত এটি ভাগ। যিহেতু সত্ৰীয়া নৃত্য ই শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।ভাৰত বৰ্ষৰ অনান্য শাস্ত্ৰীয় সংগীত সমূহত প্ৰয়োগ হোৱা ৰাগ সমূহৰ দৰে অসমীয়া নৃত্য সত্ৰীয়াটো বৰগীত বা অংকীয়া নাটৰ গীত (song) আৰু অন্যান্য গীত বিলাকত ৰাগ প্ৰয়োগৰ ক্ষেত্ৰত কেইটামান বিশেষ ৰীতি মানি চলা হয়।যেনে- নিদিষ্ট ৰাগ নিদিষ্ট সময়ত গোৱা বা পৰিবেশন কৰা হয়। অৰ্থাৎ বৰগীত সমূহত পূৱা পৰিবেশন কৰিলে পূৱা বেলাত বান্ধি থোৱা ৰাগৰ গীত আৰু বিয়লি বা গধূলি সময়ত পৰিবেশন কৰিলে সেই সময়ত বান্ধি থোৱা ৰাগৰ অনুসৰি গীত পৰিৱেশন কৰাৰ বিধি সত্ৰীয়া সংগীতত দেখা যায়।

অৱশ্যে নাটৰ গীতত উপৰুক্ত ৰীতি বা নিয়ম নাখাটে। কিয়নো, নাটৰ গীত সমূহ কাহিনী সংলগ্ন। সেয়েহে, কাহিনীয়ে দাবী কৰা মতেই একোখন নাটত গীতৰ প্ৰয়োগ হয়। একোটা নিদিষ্ট ৰাগৰ গীতে নিদিষ্ট ভাৱৰ উন্মেষ ঘটায়।যাৰ বাবে অঙ্কীয়া নাটসমূহত নিদিষ্ট ভাৱৰ প্ৰকাশ কৰিবৰ কাৰণে নিৰ্দিষ্ট ৰাগৰ গীত বন্ধা থাকে।যেনে- অহিৰ ৰাগ টি বিৰহ,কৰুণা আদি ভাৱ প্ৰকাশ কৰা গীতত প্ৰয়োগ হয়।আশোৱাৰী ৰাগ উচ্চ মানদণ্ডৰ চৰিত্ৰৰ প্ৰবেশৰ গীতৰ লগত প্ৰয়োগ হয়। লীলা,বিৰহ,কাকূতি আদি ভাৱ প্ৰকাশৰ ক্ষেত্ৰত প্ৰযোজ্য।


সেইদৰে, কল্যাণ ৰাগ নাটকৰ সামৰণি গীতত বিহাৰ, বিনোদন আদি ভাৱ প্ৰকাশৰ গীতৰ লগত প্ৰয়োগ হয়। কানাড়া ৰাগ প্ৰধান ভাৱে পাত্ৰ প্ৰবেশ- প্ৰস্হান,যুদ্ধ আদি গীতত ব্যৱহাৰ কৰা হয়।কামোদ ৰাগৰ প্ৰয়োগ কাৰুণ্য,চোৰ-চাতুৰী,আদি ভাৱ প্ৰকাশক গীতৰ লগত প্ৰয়োগ কৰা হয়।কেদাৰ ৰাগ কৰুণা,বিৰহ,বিলাপ,ৰতি আদি ভাৱৰ গীতৰ লগত প্ৰয়োগ হয়।কৌ ৰাগ দুখ, চিন্তা আদি ভাৱ সূচক গীতত ব্যৱহাৰ কৰা হয়।



গৌৰী ৰাগ ক্ৰন্দন,কাতৰতা,দুখ,কেলি আদি ভাৱ প্ৰকাশ কৰা গীতত প্ৰয়োগ হয়।তুড় ৰাগ যুদ্ধ, বীৰত্ব প্ৰকাশক গীতৰ লগত প্ৰয়োগ হয়।ধনশ্ৰী ৰাগ প্ৰবেশৰ গীতৰ লগতে ৰূপ বৰ্ণনা,যাত্ৰা, প্ৰস্হান,বিৰহ আদি ভাৱৰ গীতৰ লগত প্ৰয়োগ হয়। বসন্ত ৰাগ স্তুতি, ভক্তি আদি ভাৱ প্ৰকাশ গীতত ব্যৱহাৰ হয়।বেলোৱাৰ ৰাগ প্ৰবেশৰ গীতৰ লগতে কাৰুণ্য,দুখ, চিন্তা,বিৰহ, লীলা-কেলি আদি ভাৱ প্ৰকাশৰ গীতৰ লগত প্ৰয়োগ হয়।ভাটিয়ালী ৰাগ বন্দনা, লীলা,বিহাৰ,চাতুৰী আদি ভাৱ প্ৰকাশ কৰা গীতত প্ৰয়োগ হয়


আৰু পঢ়িব পাৰে- বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ।


মাহুৰ আৰু শ্ৰী ৰাগ প্ৰস্হান,যাত্ৰা,খেলান আদি ভাৱ প্ৰকাশৰ গীতত ব্যৱহাৰ হয়। সেইদৰে শ্ৰীগান্ধাৰ কাৰুণ্য,বিৰহ,প্ৰেমভাৱ,প্ৰসন্নতা প্ৰকাশক গীতত ব্যৱহাৰ কৰা হয়।সাৰেং ৰাগ নাটকৰ নান্দীশ্লোক ,যুদ্ধ, বীৰত্ব,আদি ভাৱ প্ৰকাশৰ গীতৰ লগত প্ৰয়োগ হয়।সিন্ধুৰা গোসাঁই প্ৰবেশ,গীতৰ লগতে বিহাৰ আৰু খেলান আদি ভাৱ প্ৰকাশৰ গীতৰ লগত প্ৰয়োগ হয়।সুহাই ৰাগ নাটৰ নান্দী গীতত ,ঘোষা ধেমালিৰ গোৱা ঘোষাত, স্ত্ৰী- প্ৰবেশৰ গীতত প্ৰয়োগ হোৱাৰ লগতে স্ত্ৰী-সুলভ ভংগিমা,কৰুণ ভাৱত,বিনয়, কৌতুক, আনন্দ, মধুৰ আদি ভাৱ প্ৰকাশৰ গীতৰ লগত প্ৰয়োগ হয়।


সময় অনুযায়ী ৰাগৰ প্ৰয়োগ :

ৰাগ একোটাক কেতিয়া,কোন সময়ত গোৱা হয়, এই সম্পৰ্কে প্ৰাচীন শাস্ত্ৰসমূহত নিদিষ্ট বিধি বিধান লিপিবদ্ধ কৰি থোৱা আছে।ঠিক সেইদৰে সত্ৰীয়া সংগীতৰ লগতো নিদিষ্ট ৰাগৰ গীত নিদিষ্ট সময়ত গোৱা বা পৰিবেশন কৰা ৰীতি প্ৰচলন হৈ আহিছে।দিনটোক ৫ ভাগত ভাগ কৰি এই ৰাগ সমূহ বা গীত সমূহৰ পৰিবেশন কৰা হয়।


যেনে- (১). পূৱা ফেহুজালি দিয়াৰ পৰা দুপৰীয়া লৈকে-  এই সময়ছোৱাত অহিৰ, কল্যাণ,কৌ, পূৰ্বী,ললিত,শ্যাম,শ্যামগড়া আদি ৰাগৰ গীত পৰিৱেশন কৰা হয়। দুপৰীয়া পৰা সন্ধিয়ালৈ-  কেদাৰ,গান্ধাৰ, গৌৰী, বসন্ত,তুড়-বসন্ত,ভাটিয়ালী,তুড়-ভাটিয়ালী, ধনশ্ৰী,বৰাড়ী, মাহুৰ, শ্ৰী ইত্যাদি ৰাগ সম্বলিত গীত পৰিৱেশন কৰা হয়। সন্ধিয়া-আশোৱাৰী,সাৰেং আদিৰ ৰাগৰ প্ৰয়োগৰ পৰিবৰ্তে ,ৰাতি- কানাড়া,মল্লাৰ,নাট,সুহাই,সিন্ধুৰা আদি ৰাগৰ প্ৰয়োগ আৰু পুৱতি নিশা - কামোদ,ভূপালি আদি‌ ৰাগৰ প্ৰয়োগ কৰা হয়।

সত্ৰীয়া সংগীতত ৰাগ পৰিবেশন বিধি :

সত্ৰীয়া সংগীতত ৰাগ সমূহ বিশেষ ধৰণৰ প্ৰকাৰে পৰিবেশন কৰা হয়।যাক ৰাগ দিয়া বা ৰাগ টনা বুলি কোৱা হয়। আগতে শাস্ত্ৰীয় নিয়ম অনুসৰি ৰাগৰ আধাৰ স্বৰূপে কিছুমান স্তোভাক্ষৰ যেনে আ,তা,না,ঋ,হে,ৰে,ৰি দ্বাৰা ৰাগৰ পৰিবেশন কৰা হৈছিল। পাছলৈ কিছুমান সত্ৰ অনুষ্ঠানত কৃষ্ণ,শংকৰ, গুৰু,হৰি,ৰাম আদি শব্দেৰে ৰাগ দিবলৈ ধৰে।


ৰাগ পৰিৱেশন বিধি অনুযায়ী সত্ৰীয়া সংগীতত সব্বমূঠ ৫ প্ৰকাৰ ভাগেৰে ভাগ কৰা হয়।যেনে পণ্ডিত ড° জগন্নাথ মহন্ত দেৱৰ সত্ৰীয়া নৃত্য গীত বাদ্যৰ হাতপুথি শীৰ্ষক গ্ৰন্থত উল্লেখিত তথ্য অনুযায়ী শাস্ত্ৰীয় বিভাজনৰ ওপৰত প্ৰতিষ্ঠিত এই ভাগ ৫ কৰা হ'ল- উগাৰ,হুকাৰ,তাৰ,ঘোৰ আৰু মর্দন।



উগাৰ হৈছে ৰাগালাপ আৰম্ভ কৰা ভাগটোৰ নাম।এই অংশত পৰিবেশন কৰিবলৈ একোটা ৰাগৰ মূখ্য স্বৰ সমূহৰ আভাস দিয়া হয়। কোনো কোনো সত্ৰই ইয়াক ঘৰ বুলি কোৱা ৰীতিও প্ৰচলিত হৈ আছে।যত ৰাগ ৰূপৰ এটা স্পষ্ট ধাৰণা পৰিস্ফুট হৈ উঠে। এই অংশৰ পৰাই একোটা ৰাগক বিস্তাৰ কৰি তোলা আৰম্ভ হয়।


হুকাৰ হৈছে একোটা ৰাগৰ দ্বিতীয় ভাগ। এই ভাগত ৰাগৰ স্বৰ (notation) কিছু পৰিমাণে ওপৰলৈ উঠে আৰু তাৰপৰাই তাৰ সপ্তকৰ দিশে গতি কৰে। আনহাতে,তাৰ অংশত ৰাগ একোটি পৰিবেশনত একেবাৰে ওপৰলৈ উঠে। এই সম্পূৰ্ণ ভাগ বা অংশ টি তাৰ সপ্তকৰ ওপৰত প্ৰধান ভাৱে নিৰ্ভৰশীল হয় আৰু ইয়াত স্বৰৰ গতি ক্ষিপ্ৰ হৈ উঠে।সাধাৰণতে এই তাৰ অংশক তোলনি দিয়া বুলি কোৱা হয়। যিহেতু এই অংশত ৰাগালাপৰ লগত ৰাগ তালনি বজোৱা হয়।



ঘোৰ অংশত ৰাগ একোটি ক্ৰমান্বয়ে মন্দ্ৰ সপ্তকৰ দিশে নামি আহে আৰু স্বৰ ক্ৰমে তললৈ নামে। একেবাৰে শেষৰ মর্দন অংশত পৰিবেশন কৰি থকা ৰাগ টিৰ পৰিসমাপ্তি ঘটে। আৰু এই অংশত ৰাগৰ স্বৰ (notation of raaga) লাহে লাহে তললৈ নামে। এনেদৰেই সত্ৰীয়া সংগীতত ৰাগ সমূহ পৰিবেশন কৰা হয়।


সত্ৰীয়া সংগীতত মেলা আৰু বন্ধা ৰাগ :

সত্ৰীয়া সংগীতত ৰাগ সমূহক মূলতঃ দুটা ভাগত বিভক্ত কৰি সত্ৰ সমূহত পৰিবেশন কৰা হয়।তাৰে এটা হৈছে মেলা ৰাগ আৰু আনটো হ'ল বন্ধা ৰাগ। মেলা ৰাগ সমূহ সাধাৰণতে বৰগীত আৰু নাটৰ গীত সমূহত গীতৰ লগত পৰিবেশন কৰা হয়।


আনহাতে, শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ প্ৰয়াণৰ পাছত সত্ৰ সমূহে সত্ৰীয়া ৰাগ সংগীতক পৰিবৰ্তিত সমাজ ব্যৱস্থাৰ লগত মিলিব পৰাকৈ তথা এই সংগীতক (music) অধিক জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াসেৰে কিছুমান নতুন ৰাগৰ সৃষ্টি কৰে। এই ৰাগ সমূহকেই বন্ধা ৰাগ হিচাপে জনা যায়। অৱশ্যে কোনো কোনো সত্ৰই এই ৰাগ সমূহক বন্ধা ৰাগ বুলি আখ্যায়িত নকৰিলেও কমলাবাৰী থুলৰ সত্ৰ সমূহে এই শ্ৰেণীৰ ৰাগ সমূহক শ্ৰেণীৰ ৰাগ সমূহক বন্ধা ৰাগ ৰূপে স্বীকৃতি দিয়ে।

বন্ধা ৰাগ বুলি কোৱা কাৰণ হ'ল যে এই ৰাগ সমূহৰ প্ৰয়োগ নিদিষ্ট সীমাবদ্ধ ভাৱত নিবন্ধিত। গতিকে বন্ধা ৰাগ শব্দটি কেৱলমাত্ৰ কমলাবাৰী থুলত প্ৰচলিত ৰাগৰ এটি ভাগ। তথাপি পিছলৈ বিভিন্ন সত্ৰ সমূহত অবাচীন ৰূপত সৃষ্টি হোৱা ৰাগ সমূহকো বুজোৱা দেখা যায়।


বন্ধা ৰাগ সমূহ মহাপুৰুষ গুৰু দুজনাই সৃষ্টি কৰা ৰাগ সমূহতকৈ সৰল। উল্লেখযোগ্য যে মেলা ৰাগ সমূহক দিয়া মৰ্যদা কিন্তু বন্ধা ৰাগ সমূহক দিয়া নহয়। বন্ধা ৰাগৰ প্ৰয়োগ বিশেষকৈ ওজাপালি তথা শংকৰোত্তৰ নাটৰ লগতে নাচৰ গীত সমূহত দেখা যায়। বন্ধা ৰাগৰ নামৰ ক্ষেত্ৰত দেখা যায় যে বন্ধা ৰাগ সমূহৰ পৃথক নামাকৰণ আছে যদিও কিছুসংখ্যক ৰাগৰ নাম কিন্তু গুৰু দুজনাৰ সৃষ্টি ৰাগৰ সৈতে একে।



আৰু পঢ়িব পাৰে- সত্ৰ সংহতি আৰু চৈধ্য প্ৰসংগ।


পৃথক নামাকৰণৰ ৰাগ সমূহ হল চালেঙি, পাহাৰীয়া,জয়শ্ৰী,মালশ্ৰী,আৰাহনা,পৰজ,ৰামগিৰি,দেশাগ ইত্যাদি। আনহাতে গুৰু দুজনাৰ ৰাগৰ সৈতে একে নামৰ ৰাগ সমূহ হল ধনশ্ৰী,বড়াৰী,কামোদ,ভূপালী,আশোৱাৰী,শ্ৰী-গান্ধাৰ ইত্যাদি। সেয়েহে একেটা গীতকে মেলা আৰু বন্ধা দুয়োটা ৰাগতে পৰিবেশন কৰাও দেখা যায়। অৱশ্যে বিশুদ্ধ ৰূপত পৰিবেশন কৰা বৰগীত বা সত্ৰীয়া সংগীতৰ লগত এই বন্ধা ৰাগৰ ব্যৱহাৰ কৰা নহয়।


সত্ৰীয়া সংগীতৰ ৰাগৰ ভাগ :

সত্ৰীয়া সংগীতৰ ৰাগ সমূহক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা দেখা যায়।যেনে মেলা ৰাগ আৰু বন্ধা ৰাগ। কেতিয়াবা কেতিয়াবা সত্ৰীয়া সংগীতত (in Sattriya music) বহু খিনি ৰাগ যুগ্ম ভাৱে প্ৰয়োগ কৰা ৰীতিও দেখিবলৈ পোৱা যায়।যেনে- তুড়-বসন্ত,নাট-মল্লাৰ,শ্ৰী-গান্ধাৰ,শ্ৰী-পয়াৰ আদি। অৱশ্যে মন কৰিবলগীয়া কথা এই যে যুগ্ম ভাৱে প্ৰয়োগ কৰা ৰাগৰ (raaga) ক্ষেত্ৰত প্ৰতিটো ৰাগৰ নিজা নিজা স্বৰৰ কোনো পৰিবৰ্তন নোহোৱাকৈ কেৱল দুয়োটা ৰাগৰ স্বৰ যোগ হয়।ভাৰতীয় শাস্ত্ৰীয় সংগীত সত্ৰীয়া সংগীত তথা বৰগীত সমূহত ৰাগৰ প্ৰয়োগ উপৰুক্ত ভাৱেই চলি আহিছে আৰু নিৰবিচ্ছিন্ন ভাৱে প্ৰচলিত হৈ থাকিব।।

সত্ৰীয়া সংগীত, বৰগীত, অসমীয়া সংস্কৃতি, অংকীয়া নাট


আৰু পঢ়িব পাৰে- অসমৰ লোক পৰিৱেশ্য কলা ওজাপালি।

Author – Srimanta Borah

নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

Comments

Most Popular

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা

অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা ঢোল, পেঁপা, গগনা। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা Assamese musical instruments Dhol Bihu Pepa and Gagana হৈছে অসমীয়া জাতিৰ বাপুতি সাহোন বিহুত ব্যৱহাৰ কৰা তিনিটা মূখ্য বাদ্যযন্ত্ৰ। এই লেখাটিত ঢোল , বিহু পেঁপা আৰু গগণাৰ সম্পৰ্কে বিস্তৃত বৰ্ণনা কৰা হৈছে। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা : ঢোলৰ বিষয়ে : অসমীয়া লোক বাদ্য ঢোল হৈছে অসমীয়া জনজীৱনৰ লগত জড়িত  বাদ্য প্ৰকাৰ musical instruments সমূহৰ ভিতৰত অন্যতম লোকবাদ্য। লোকবিশ্বাস অনুসৰি এই বাদ্য টি কৈলাসৰ পৰা পাণ্ডুনন্দন পার্থই পৃথিৱীলৈ অনা বুলি বিশ্বাস কৰা হয়।অসমীয়া বাদ্যযন্ত্ৰ ঢোল assamese musical instruments dhol অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুৰ এক main musical instrument মুখ্য বাদ্য। এই ঢোলৰ অবিহনে অসমীয়া জাতিয়ে আনন্দ ৰঙৰ উৎসৱ স্বৰূপ ৰঙালী বিহু rongali bihu পালন কৰা অসম্ভৱ। ঢোলৰ প্ৰকাৰ : ঢোলৰ প্ৰকাৰ   বুলিলে দেখা যায় যে অসমৰ ভিন্ন ভিন্ন প্ৰান্তত প্ৰচলিত ঢোল বাদ্য টিক আকাৰ আৰু বজোৱা আনুষ্ঠানিক প্ৰদ্ধতি অনুসৰি মূলতঃ  ৪ চাৰিটা ভাগত ভাগ কৰা হ...