Skip to main content

মাতৃভাষা ভাওনা ও ধূৰা ভাওনা

মাতৃভাষা ভাওনা ও ধূৰা ভাওনা

ভাওনা কি, অসমীয়া ভাওনা, ভাওনা সংস্কৃতি

মাতৃভাষা ভাওনা ও ধুৰা ভাওনা হৈছে অসমীয়া ভাওনা ৰ দুটা ভাগ। ভাওনা সংস্কৃতি জন্ম হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা আজিৰ পৰা পাঁচশ বছৰৰো পূৰ্বে। এই লেখাটিত ভাওনাৰ দুয়োটা ভাগৰ লগতে ফৌজীয়া নাট ভাওনাৰ সম্পৰ্কে আলোচনা কৰা হৈছে। 


    ভাওনা কি ? :



    ভাওনা কি বা ভাওনা শব্দৰ অৰ্থ হৈছে ভাৱ বা ভাও দিয়া। অৰ্থাৎ এজনে আনজনৰ চৰিত্ৰক হুবহু অনুকৰণ কৰি প্ৰকাশ কৰা।বহল ভাৱে চালে ভাওনা শব্দই নাটকীয় কাহিনীৰ চৰিত্ৰৰ অভিনয়ক বুজায়। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে যি সমূহ ব্ৰজাৱলী ভাষা যুক্ত নাট ৰচনা কৰিছিল, সেই নাট সমূহত অভিনয় বা ভাও কৰা পৰাই ভাওনা শব্দটি প্ৰচলিত হবলৈ ধৰে। শংকৰদেৱে তাৰাৰ নাটৰ অভিনয় বুজোৱা অৰ্থত যাত্ৰা, লীলা, বিহাৰ,নাট,নাটক, ভাওনা, নৃত্য আদি বিভিন্ন নামৰ প্ৰয়োগ কৰা দেখা যায়।


    ইয়াৰ উপৰিও সাম্প্ৰতিক সময়ত শংকৰ-মাধৱৰ দ্বাৰা ৰচিত নাট সমূহৰ বাহিৰেও তাৰা সৱৰ নাটৰ আৰ্হিত ৰচনা কৰা নাটৰ অভিনয়কো ভাওনা বুলিয়েই কোৱা হয়।মন কৰিবলগীয়া কথা এইয়ে যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাট সমূহক অংকীয়া নামাকৰণ কৰি বাকী নাট সমূহক ভাওনা নাট বুলি কোৱা হয়। অৱশ্যে ভাওনা নাট মহাপুৰুষ গুৰু জনাৰ সৃষ্টি বাবেই  সকলোতে  মহাপুৰুষীয়া নাট বুলি কোৱা প্ৰথা বৰ্তমান প্ৰচলিত হৈছে।


    ভাওনা নাটৰ ভাগ :

    বৰ্তমান সময়ত ভাওনাৰ নাট সমূহৰ ভাষা আৰু কলা কৌশলৰ ওপৰত ভিত্তি কৰি ভাওনাৰ নাট সমূহক ভিন্ন ভিন্ন নামেৰে অভিহিত কৰা হৈছে।যেনে- অংকীয়া ভাওনা, মাতৃভাষাৰ ভাওনা,ধুৰা ভাওনা আৰু ফৌজীয়া ভাওনা ইত্যাদি। ইয়াৰ বাহিৰেও অসমৰ কোনো কোনো ঠাই তথা অঞ্চল বিশেষে খুলীয়া ভাওনা আৰু ঢুলীয়া ভাওনা নামৰ দুটা অদ্ধনাটকীয় ভাওনা অনুষ্ঠানৰো প্ৰচলন দেখিবলৈ পোৱা যায়।


    মাতৃভাষা ভাওনা ও ধূৰা ভাওনা 



    মাতৃভাষা ভাওনা :

    মাতৃভাষা ভাওনাৰ নাট সাধাৰণতে অংকীয়া নাটৰ আৰ্হিত ৰচনা কৰা। কেৱল নাটৰ ভাষা অংকীয়া নাটৰ ব্ৰজাৱলী ভাষাৰ পৰিবৰ্তে বিশুদ্ধ অসমীয়া ভাষা হয়। ভাওনাৰ জনপ্ৰিয়তা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অধিক নাটকৰ প্ৰয়োজন হোৱাত এই মাতৃভাষাৰ ভাওনা নাটৰ সৃষ্টি হয়। লগতে, ৰজা ঘৰৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ লোকক আকৰ্ষণ কৰিবলৈ তথা জনসাধাৰণক ভাওনাৰ মাধ্যমেৰে আৰু অধিক মনোৰঞ্জন দিবলৈ অষ্টাদশ শতিকাৰ আগভাগত এই শ্ৰেণীৰ নাট ভাওনাৰ ৰচনা আৰম্ভ হয়।


    সেয়েহে, যদিও অংকীয়া নাটৰ আৰ্হিত এই নাট সমূহৰ ৰচনা তথাপি অংকীয়া নাটৰ সকলো ক'লা কৌশল বা ৰীতি-নীতি এই মাতৃভাষাৰ ভাওনাত দেখা নাযায়। আনহাতে, অংকীয়া নাট সমূহ ৰচনা হৈছিল ব্ৰজাৱলী ভাষাত ।যি ভাষা সকলোৰে বোধগম্য নহয়। সেয়েহে,বহল কথিত ভাষাত ৰচিত মাতৃভাষাৰ ভাওনাৰ নাট সমূহ হ'ল একপ্ৰকাৰৰ সৰলীকৃত ৰূপ।


    মাতৃভাষা ভাওনাৰ বৈশিষ্ট্য :

    মাতৃভাষা ভাওনাৰ কাহিনী সাধাৰণতে ৰামায়ণ, মহাভাৰত আৰু পুৰাণ আদিৰ পৰা লোৱা। দ্বিতীয়তে, আধ্যাত্মিক আৰু তাত্বিক ভাৱক জনমানসত প্ৰচাৰ কৰাতকৈ মাতৃভাষা ভাওনা সমূহত মনোৰঞ্জনৰ দিশত অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়। তৃতীয়তে, মাতৃভাষা ভাওনাত যুদ্ধ-বিগ্ৰহ, হত্যা-বধ আদিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। চতুৰ্থতে, মাতৃভাষা ভাওনাৰ নাটত ঘটনাৰ উপস্থাপন আৰু চৰিত্ৰ সৃষ্টিৰ ওপৰত কোনো বিশেষ মৌলিকতা দেখা নাযায়।


    পঞ্চমতে, মাতৃভাষা ভাওনাৰ নাটত নান্দী শ্লোক আৰু কাহিনী বৰ্ণনা শ্লোক সম্পূৰ্ণ ৰূপত পোৱা নাযায়।কোনো কোনো নাট্যকাৰে নান্দী শ্লোকৰ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিলেও সৰহ সংখ্যক নাটকতেই অনুকৰণ অথবা অৰ্থ হীন নিমিলা দেখা যায়।ষষ্ঠতে, দেখা যায় যে বেছিভাগ মাতৃভাষাৰ ভাওনা নাটেই পূৰ্ববৰ্তী নাট্যকাৰ সকলৰ ৰচনাৰ অনুকৰণ।

    সপ্তমতে,ভাওনাত ব্যৱহৃত অন্যতম মুখ্য উপাদান নৃত্যৰ প্ৰয়োগ মাতৃভাষা ভাওনাত প্ৰায়েই দেখা পোৱা নাযায়। নাটৰ আৰম্ভণিতে সূত্ৰধাৰ নৃত্যৰ প্ৰয়োগ হয় যদিও , নৃত্য টিৰ আধ্যাত্মিক ভাৱ আৰু ব্যৱহাৰিক ভাৱক সম্পূৰ্ণৰূপে ব্যাঘাত হনা হে এই শ্ৰেণীৰ নাটত বৰ্তমান পৰিলক্ষিত হয়।


    অষ্টমতে, অংকীয়া নাট ভাওনাৰ মূখ্য চৰিত্ৰ সূত্ৰধাৰৰ মাতৃভাষা ভাওনাৰ নাটত ভূমিকা একেবাৰে নগন্য।নাটৰ কাহিনী উপস্থাপন কৰি শেষলৈকে আগবঢ়াই নিয়াত সূত্ৰধাৰ জনৰ একো কৰণীয় দেখা নাযায়।


    আৰু পঢ়িব পাৰে- শংকৰ-মাধৱৰ অংকীয়া নাটৰ বৈশিষ্ট্য।


    নৱমতে, গীত মাতৰ ক্ষেত্ৰত বৰ্তমান মাতৃভাষাৰ ভাওনা সমূহত কোনো ধৰা বন্ধা ৰাগ তাল বা ৰীতি-নীতি দেখা নাযায়।নাট সমূহত ৰাগ তালৰ নিদিষ্ট নিদৰ্শন দিয়া থাকে যদিও প্ৰায়সংখ্যক ভাওনাত সেই সমূহ মানি চলা নহয়। আনহাতে,বহুৱা বা তেনে কৌতুক চৰিত্ৰ প্ৰয়োগ কৰি লঘু হাস্যৰস সৃষ্টি কৰা মাতৃভাষা নাট ভাওনা সমূহৰ অন্যতম বিশেষত্ব।

    মাতৃভাষা ভাওনাৰ নাটৰ ভাষা যদিও অসমীয়া তথাপি সূত্ৰধাৰ চৰিত্ৰ টিত ব্ৰজাৱলী ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও নাটৰ সংলাপ সমূহত ভাষাৰ গাম্ভীযতা অতি কম।


    ধুৰা ভাওনা :

    ধুৰা ভাওনা অংকীয়া নাট ভাওনাৰ এটি পৰিবৰ্তিত ৰূপ। ঊনবিংশ শতিকাৰ আগভাগত অসমত এই শ্ৰেণীৰ নাট ভাওনাৰ সৃষ্টি হয়।ধুৰা মানে ধৰণী। অংকীয়া নাটৰ সূত্ৰধাৰৰ দৰে এজন শিল্পীয়ে নাটৰ আত ধৰি কাহিনী আগবঢ়ায় নিয়ে বাবেই এই শ্ৰেণীৰ নাট ভাওনাৰ নাম ধুৰা ভাওনা হয়। এই শ্ৰেণীৰ নাট প্ৰথমে বাংলা বা বঙালী ভাষাত ৰচিত হৈছিল যদিও পাছলৈ অসমীয়া ভাষাত ৰচনা কৰা পৰিলক্ষিত হয়।


    ধুৰা ভাওনাত সাধাৰণতে সংলাপ সমূহ গদ্যৰ বিপৰীতে পদ বা পয়াৰ মাধ্যমেৰে লিখা হয়। সূত্ৰধাৰৰ কাৰ্যাৱলীও গীতৰ আধাৰতেই পৰিবেশিত হয়।মন কৰিবলগীয়া কথা টো হ'ল যে ধুৰা ভাওনাত সূত্ৰধাৰ চৰিত্ৰ টো যদিও থাকে কিন্তু সেইয়া অংকীয়া সূত্ৰধাৰ চৰিত্ৰ টো তুলনাত সম্পূৰ্ণ পৃথক যেন লাগে। অংকীয়া নাটত সূত্ৰধাৰৰ সাজ-পোছাক যিদৰে কৰা হয় ধুৰা ভাওনাত তাৰ বিপৰীত পোছাক পৰিধান কৰা দেখা যায়।

    ধুৰাই হাতত এডাল চোঁৱৰ লৈ ঘূৰাই ঘূৰাই গীতৰ সহায়ত নাট পৰিচালনা কৰে। এই ধুৰা ভাওনাত অংকীয়া নাটৰ কথা সূত্ৰৰ দৰে এবিধ সূত্ৰ থাকে,যাক সূচনা বুলি কোৱা হয়। গীতৰ আৰম্ভণিতে ধুৰাই অংকীয়া নাটৰ ভাওনা পৰিবেশনৰ দৰে প্ৰথমে ৰাগ দি পাছত গীত পৰিৱেশন কৰে। কিন্তু এই ৰাগক বঙলুৱা ৰাগ বুলিহে কোৱা হয়। আনহাতে গীতৰ সুৰৰ ক্ষেত্ৰত ধুৰা ভাওনাত ব্যৱহৃত সুৰ সমূহ কোমল । কোনো কোনো ক্ষেত্ৰত অসমীয়া লোক গীতৰ সুৰৰ দৰেও হোৱা পৰিলক্ষিত হয়। সেই বাবেই সাধাৰণ দৰ্শকক এই সুৰে সহজে আকৰ্ষণ কৰে।


    আৰু পঢ়িব পাৰে- অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য।


    অসমত বহু বছৰলৈকে ধুৰা ভাওনাই বিশেষ জনপ্ৰিয়তা লাভ কৰি আহিছিল। কিন্তু বৰ্তমান নৱ প্ৰজন্মৰ উৎসাহিত যোৱ সমাজত ভাওনাৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে ধুৰা ভাওনা পাতিবলৈ এৰিছে।তাৰ পৰিবৰ্তে মাতৃভাষাৰ ভাওনা যথেষ্ট পৰিমাণে অনুষ্ঠিত কৰা দেখা গৈছে।

    ফৌজীয়া নাট ভাওনা :

    ভাওনাৰ নতুনত্বৰ ঢৌৱে যুৱ মানসিকতালৈ অনা পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি কম বেছি পৰিমাণে অংকীয়া নাটৰ আধাৰতে ঊনবিংশ শতিকাৰ আগভাগত ফৌজীয়া নাট ভাওনাৰ জন্ম হয়।ফৌজ মানে দল। অৰ্থাৎ বহুজন লোক একগোট হৈ এটা দল বান্ধি আৰম্ভ কৰা নাট্য পৰিবেশন।যাক ফৌজীয়া বুলি ক'ব পাৰি।


    ফৌজীয়া নাট সমূহ গীত প্ৰধান। তথাপি কিন্তু এই গীতৰ সুৰ শংকৰ-মাধৱৰ ৰচিত গীতৰ সুৰৰ পৰা কিছু পৃথক। যিহেতু এই শ্ৰেণীৰ ভাওনাৰ গীতত বন্ধা ৰাগ ব্যৱহাৰ কৰা হয়।তাল প্ৰয়োগৰ ক্ষেত্ৰতো অংকীয়া নাটত ব্যৱহাৰ নকৰা কিছুমান তাল ফৌজীয়া ভাওনাত ব্যৱহৃত হয়। আনহাতে ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত ফৌজীয়া নাট সমূহত ব্ৰজাৱলী, সংস্কৃত, অসমীয়া, হিন্দী আদি এক সংমিশ্ৰণ মূলক ভাষা ব্যৱহাৰ কৰা দেখা যায়।

    শেষত এটা কথা ক'ব পাৰি যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে যি মহান আদৰ্শ আগত লৈ ভাওনা সৃষ্টি কৰিছিল। সেই আদৰ্শত কিন্তু বৰ্তমান সময়ত কেতিয়াবা কেতিয়াবা বিকৃত ৰূপ দেখিবলৈ নোপোৱা নহয়।ভাওনাই এতিয়া উজনি অসমৰ সকলোতে এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।অতিজৰ গাঁৱৰ বৰসৱাহত নামঘৰে নামঘৰে আয়োজিত ভাওনা আজি প্ৰতিযোগিতাৰ নামত বিভিন্ন স্থানত সঘনাই পৰিবেশিত হ'বলৈ ধৰিছে।যাৰ বাবে কেতিয়াবা কেতিয়াবা আধ্যাত্মিক ভাৱ আৰু দৰ্শনত ব্যাঘাত হোৱাও পৰিলক্ষিত হয়।



    তথাপি ভাওনাৰ এই উত্তৰণে নৱ প্ৰজন্মৰ মাজত এই সংস্কৃতিৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাও দেখা গৈছে। পূৰ্বৰ গাঁৱৰ বয়োজেষ্ঠ সকলৰ কান্ধত দেখা খোল বাদ্যটি বৰ্তমান আমাৰ ডেকা চামৰ কান্ধতো দেখা গৈছে। অসমৰ থলুৱা বাদ্য যন্ত্ৰ খোল,তাল ইত্যাদি সমূহৰ প্ৰশিক্ষণ আদিও বাহিছে।

     

    ভাওনাৰ এই উত্তৰণত আকৌ কেতিয়াবা কোনো কোনো শিল্পীয়ে নিজৰ আৰ্থিক অনাটন দূৰ কৰি জীৱিকা অৰ্জন কৰিবলৈও সক্ষম হৈছে। কোনো কোনোৱে মহাপুৰুষীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবেও মাতৃভাষা ভাওনা ও ধূৰা ভাওনা দৰে অসমীয়া সংস্কৃতিৰ চচ্ছা কৰি আহিছে।।

    অসমীয়া ভাওনা, ভাওনা সংস্কৃতি, ভাওনা কি

    আৰু পঢ়িব পাৰে- মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ।


    Author – Srimanta Borah

    নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

    Comments

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...