Skip to main content

নৱ ৰস আৰু নৱ ভক্তি

নৱ ৰস আৰু নৱ ভক্তি

নৱ ৰস আৰু নৱ ভক্তি শীৰ্ষক এই লেখাটিত নৃত্যত নৱ ৰস । ৰস কেই প্ৰকাৰৰ আৰু সি সমূহৰ লগতে শংকৰদেৱে সত্ৰীয়া নৃত্যত কিদৰে ভক্তি ৰস সংযোগ কৰি সত্ৰীয়া সংস্কৃতিত ভকতিৰ নিজৰা বোৱাইছে, লগতে নৱ ভক্তি কি? তাৰেই আলোচনা কৰা হৈছে । অসমৰ নৃত্য সমূহৰ ভিতৰত ভাৰতীয় শাস্ত্ৰীয় নৃত্য (Indian classical dance)  ৰূপে স্বীকৃত সত্ৰীয়া নৃত্যটো আন আন শাস্ত্ৰীয় নৃত্য সমূহৰ দৰেই নৱ ৰসৰ সমাৱেশ দেখা পোৱা যায়। এই অসমৰ পৰিৱেশ্য  কলা টিত থকা নৱ বিধ ৰস আৰু নৱ ভক্তিৰ সম্পৰ্কে তলত উল্লেখ কৰা হৈছে।

নৱৰসকি,নৱধাভক্তি, নৱভক্তি


নৱ ৰস বা ৰস ৰ সংজ্ঞা :

নৱ ৰসৰ (Navarasa) সম্পৰ্কে জনাৰ পূৰ্বে আমি জানিব লাগিব,ৰস মানে কি? বা ৰসৰ সম্পৰ্কে। ৰস শব্দৰ অৰ্থ হৈছে স্বাদ। লৌকিক অৰ্থত আমাৰ জিভাৰে আস্বাদিত তিতা,মিঠা, লুণীয়া ইত্যাদি সমূহৰ উপলব্ধিয়েই হ'ল ৰস। সেইদৰে, নৃত্য-গীত নাট্য আদিত পৰিবেশন কৰোতাই শ্ৰোতা দৰ্শকৰ অন্তৰত যি অলৌকিক অনুভূতি জগাই তোলে তাকেই ৰস আখ্যা দিয়া হয়।                  



নৱ ৰসৰ সংখ্যা :

নৃত্য নাট্য ত ৰসৰ সংখ্যা বিভিন্ন জনে ভিন্ন মতে আগবঢ়োৱা পৰিলক্ষিত হয়। নাট্য গুৰু ভৰত মুণিয়ে এই ৰস ৮ প্ৰকাৰৰ বুলি অভিহিত কৰাৰ বিপৰীতে বিশ্ববিখ্যাত আলংকাৰিক বিশ্বনাথৰ মতে উক্ত ৮ প্ৰকাৰৰ লগত বাৎসল্য ৰসৰ সংযোগত ৯ প্ৰকাৰৰ ৰস আৰু অভিনৱ গুপ্তৰ মতে ভৰত মুণিয়ে উল্লেখ কৰা ৮ প্ৰকাৰৰ লগত শান্ত ৰসৰ সংযোগত মুঠ ৯ প্ৰকাৰৰ ৰস আছে।


মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ লগতে আন আন বৈষ্ণৱ আলংকাৰিক সকলে ভক্তি ৰসক মূল হিচাপে অভিহিত কৰি মুঠ ৯ প্ৰকাৰৰ ৰসৰ কথাকেই উল্লেখ কৰা দেখা যায়। সেই নৱ বিধ ৰস হৈছে-

(১). শৃংগাৰ ৰস :- এই ৰসৰ বিষয়ে আলংকাৰিক সকলে কৈছে যে 'শৃংগ' মানে কামোদ্ৰেক আৰু 'আৰ' মানে আগমন। অৰ্থাৎ ৰতি নামৰ স্হায়ী ভাৱটোৰ অনুভৱ কৰাৰ সময়ত নায়ক-নায়িকা আৰু শ্ৰোতা দৰ্শকৰ অন্তৰত যি ভাৱৰ উদয় হয় সিয়েই শৃংগাৰ ৰস। এই ৰসক সকলোৱে বেছি আমোদজনক বুলি ভবাৰ বাবেই আলংকাৰিক সকলে নৱ ৰসৰ ভিতৰত এই ৰসক শ্ৰেষ্ঠ ৰস আৰু আদি ৰস বুলি অভিহিত কৰিছে। শংকৰদেৱৰ কেলিগোপাল নাটত এই ৰসৰ সৰ্বোত্তম সমাহাৰ দেখিবলৈ পোৱা যায়।

 

(২). হাস্য ৰস :- বিকৃত বেশভূষা, বিকৃত আকাৰ,অসংলগ্ন বচন বা কথাৰ দ্বাৰা যি এক হাস্য উৎপত্তি হয়,সেইয়াই হাস্য ৰস। শংকৰদেৱৰ দ্বাৰা ৰচিত ৰামবিজয় নাটকত সীতা সয়ম্বৰ সময়ত ৰজা সকলৰ আচাৰ ব্যৱহাৰত এই ৰস দেখা পোৱা যায়।


আৰু পঢ়িব পাৰে- বাৰছোৱা অংকীয়া নাট।


(৩).কৰুণ ৰস :- প্ৰিয়জনৰ অনিষ্ট প্ৰাপ্তিৰ পৰা হোৱা মানসিক আঘাট জনক চিত্ত বৃত্তি টোৱেই হ'ল শোকৰ স্হায়ীভাৱ । যেতিয়া এই স্হায়ী ভাৱটো প্ৰিয়জনৰ অনুভাৱিত,দৈন্য,মোহ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ উঠে তাকেই কৰুণ ৰস বোলা হয়। শংকৰদেৱৰ কেলিগোপাল নাটত শ্ৰী কৃষ্ণৰ অন্তৰ্ধানৰ পাছত গোপীসকলৰ বিৰহ বেদনাত আকুল হৈ পৰা কাহিনী আৰু ৰামবিজয় নাটকত শ্ৰী ৰামচন্দ্ৰই সীতাক লৈ অয্যোধালৈ প্ৰত্যাগমনৰ সময়ত পথত পৰশুৰামৰ ক্ৰুধাম্বিত ৰূপত সীতাৰ দুখ বেদনা ইত্যাদিত এই ৰস দেখিবলৈ পোৱা যায়। 

               

(৪). ৰৌদ্ৰ ৰস :- খং ৰাগৰ দ্বাৰা উদ্দীপিত হৈ তৰ্জন-গৰ্জন,গৰ্ব আদিৰ দ্বাৰা সঞ্চাৰিত হৈ উঠাকেই ৰৌদ্ৰ ৰস বোলে। শংকৰদেৱৰ ৰামবিজয় নাটকত হৰ ধনু ভংগ কৰাৰ বাবে পৰশুৰামৰ খং আদিত এই ৰস পৰিস্ফুট হোৱা দেখা যায়।



(৫). বীৰ ৰস :- কোনো মহৎ কাৰ্য আদি সম্পাদনৰ ক্ষেত্ৰত উৎসাহৰ দ্বাৰা উদ্দীপিত হৈ অনুভাৱিত গৰ্ব, বিতৰ্ক, ৰোমাঞ্চ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ আস্বাদিত হ'লে, তাকে বীৰ ৰস বোলা হয়। শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটত ৰুক্মবীৰৰ চৰিত্ৰ টিত এই ৰসৰ সমাহাৰ দেখা পোৱা যায়।

 


(৬). ভয়ানক ৰস :- উদ্দীপিত কম্পন,পলায়ন আদিৰ দ্বাৰা অনুভাৱিত আৰু ত্ৰাস, উদ্বেগ আদিৰ দ্বাৰা সঞ্চাৰিত হ'লে তাকেই ভয়ানক ৰস বোলা হয়। শংকৰদেৱৰ ৰামবিজয় নাটকত শ্ৰী ৰামচন্দ্ৰৰ লগত ৰজা সকলৰ যুদ্ধত এই ৰসৰ প্ৰয়োগ দেখা যায়।



(৭).বীভৎস ৰস :- ঘৃণা,দোষ,গ্লানি আদিৰ দ্বাৰা উদ্দীপিত হৈ নাকমূখ কোচোৱা কাৰ্যই হ'ল বীভৎস ৰস। শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটত ৰুক্মবীৰৰ কৃষ্ণ নিন্দা শুনি  ৰুক্মিণীৰ অৱস্থাত এই ৰসৰ সমাহাৰ দেখা পোৱা যায়।



(৮). অদ্ভূত ৰস :- কোনো বস্তু দেখি বিস্ময়ত শিহৰিত হোৱা,কম্পিত হোৱা আদি দ্বাৰা অনুভাৱিত হোৱা কাৰ্যক অদ্ভূত ৰস বোলে। শংকৰদেৱৰ ৰামবিজয় আৰু আন আন অংকীয়া নাট সমূহত এই ৰস বিদ্যমান।



(৯). শান্ত ৰস :- পৃথিৱীৰ পৰিদৃশ্যমান বস্তৰ প্ৰতি বৈৰাগ্য অৱলম্বন কৰি ভগৱানক চিন্তা কৰাই হল শান্ত ৰস। শংকৰদেৱৰ সকলো নাটকত এই ৰস সৰ্বোত্তম দেখা পোৱা যায়।

আৰু পঢ়িব পাৰে- ঝুমুৰা অংকীয়া নাটৰ ৰস।

শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিত নৱ ৰস :

 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট সত্ৰীয়া নৃত্য নাট্যত উপৰোক্ত নৱ বিধ ৰস সুন্দৰ ভাৱে দেখা পোৱা যায় যদিও সেই সকলো ৰসৰেই মূল হ'ল ভক্তি ৰস।  এই ভক্তি ৰসক মূখ্য কৰি ওপৰত উল্লেখিত নৱ ৰসৰ প্ৰয়োগৰ দ্বাৰা গুৰুজনাই সত্ৰীয়া নৃত্য গীত বা সত্ৰীয়া সংস্কৃতি ত আধ্যাত্মিক ভাৱ সঞ্চাৰ কৰি ভগৱানৰ প্ৰতি প্ৰগাঢ় প্ৰেম আৰু ভক্তি ভাৱ জগাই তোলাৰ লগতে মানৱ জাতিৰ উত্তৰণৰ পথ প্ৰশস্ত কৰি থৈ গৈছে।


নৱ ভক্তি :

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পোন্ধৰশ শতিকাতেই চৈধ্য শাস্ত্ৰ,ওঠৰ পুৰাণ,গীতা, ভাগৱত,মহাভাৰত আদি অলেখ শাস্ত্ৰ অধ্যয়ন কৰি 'এক দেৱ এক সেৱ ,এক বিনে নাই কেৱ' মূলতত্ব উদ্ধাৰ কৰি কৃষ্ণক ভজিবলৈ কৈ গৈছে।


গুৰুজনাই অলেখ শাস্ত্ৰ অধ্যয়ন কৰি তাৰ পৰা সাৰ বস্ত উদ্ধাৰ কৰি কীৰ্তন,দশম, গুণমালা, ভক্তি ৰত্নাকৰ,নিমিনৱ সিদ্ধ সংবাদ আদি ধৰ্মতত্ব মূলক গ্ৰন্থ ৰচনা কৰি ভক্তিৰ পথ দেখোৱাই কলিৰ মনুষ্যৰ তৰণৰ উপায় সুন্দৰ ভাৱে দি গৈছে।

   

শ্ৰীমন্ত শংকৰদেৱে ঈশ্বৰ উপাসনাৰ মূল মন্ত্ৰ হিচাপে শ্ৰৱণ,কীৰ্তন,স্মৰণ,পদসেৱন,অৰ্চন,বন্দন,দাস্য, সখিত্ব আৰু আত্ম নিবেদন এই নববিধ বা নবধা ভক্তি দেখুৱাই গৈছে।

নবধা ভক্তিৰ বিৱৰণ:- এই নবধা ভক্তি সমূহ হল ক্ৰমে-

(১).শ্ৰৱণ:- শ্ৰৱণ হৈছে শুনা অৰ্থাৎ বিপৰীত মূখি জনে কোৱা বা গোৱা কথাখিনি শুনাৰ কাৰ্যই হল শ্ৰৱণ।শ্ৰৱণ ভক্তিৰ দ্বাৰা শুক মুনিৰ মূখে ভাগৱত পাঠ শুনি ৰজা পৰীক্ষিতে ব্ৰক্ষ্ম জ্ঞান লাভ কৰি মুক্তি লভিছিল।

  

এই শ্ৰৱণ ছয় প্ৰকাৰৰ যেনে-

(ক)শুকৰ শ্ৰৱণ:-গাহৰিয়ে অমৃত এৰি বিষ্ঠা বিচৰা । অৰ্থাৎ নাম বা কীৰ্তন কৰিবলৈ গৈ লোকৰ বদগুণ বিলাক শুনি ভাল পোৱা।


(খ)কাক শ্ৰৱণ:- কাউৰী সদৃশ। খাদ্যৰ বাবে লোকৰ চোতালত কাউৰীয়ে কোলাঢ়ল কৰাদি কেৱল কোঢ়াল কৰি ধৰ্ম চৰ্চা নুশুনি ভাল পোৱা লোক।


(গ) ব্ৰ্যাঘ্ৰ শ্ৰৱণ:-বাঘৰ দৰে গুজৰি গুমৰি থকা।যি কেৱল দ্বন্দ কাজিয়া কৰি ধৰ্মীয় সভাত বিশৃংখল কৰি ফুৰে।


(ঘ)বৈল্য শ্ৰৱণ:-বলদ গৰুৰ দৰে ভোকাতুৰ।যি কেৱল ধৰ্ম সভাতো খোৱাটোকেই প্ৰাধান্য দিয়ে।


(ঙ)হংস শ্ৰৱণ:-গাখীৰ আৰু পানী একেলগে থকা পাত্ৰ এটাত ৰাজহংসই পানী আৰু গাখীৰ বেলেগ বেলেগ কৈ বুটলাৰ দৰে ধৰ্ম কামত বেয়া সমূহ ত্যাগ কৰি ভাল গ্ৰহণ কৰা ব্যক্তি।


(চ)মীন শ্ৰৱণ:-মাছৰ দৰে শেলুৱৈয়ে আবৃত পানীত থাকিও নিজৰ অহিংসা নীতিৰে দুই ওঠ লৰাই থকাদি বেয়াৰ মাজত থাকিও ভাল সমূহ গ্ৰহণ কৰিব পৰা ব্যক্তি এই শ্ৰৱণৰ অন্তৰ্গত।



(২)কীৰ্তন ভক্তি:- বিভিন্ন ধৰণৰ ধৰ্ম গ্ৰন্থ সমূহ অকলশৰীয়াকৈ বা সমূহীয়াকৈ গোৱা বা পাঠ কৰায়েই কীৰ্তন ভক্তি। শংকৰদেৱৰ মতে কীৰ্তন পদ্ধতি পাচ প্ৰকাৰৰ। যেনে-মানস,বিড়,নিবিড়,পাং আৰু উপাংগ। মহামুনি নাৰদে সকলোতে অহনিশে ভগৱন্তৰ গুণানুকীৰ্তন কৰি কীৰ্তন ভক্তি কৰিছিল।


(৩).স্মৰণ ভক্তি:- ভগৱানৰ ৰূপ,নাম চিন্তনেই হৈছে স্মৰণ ভক্তি।মূখে ৰাম নাম লৈ হৃদয়ত ভগৱান ৰ ৰূপ ধাৰণ কৰাই হল স্মৰণ ।এই ভক্তিৰ দ্বাৰা প্ৰহ্লাদে নাৰায়ণৰ নাম হৃদয়ত স্মৰণ কৰি মুক্তি লভিছিল।


(৪).পদসেৱন ভক্তি:- ভগৱানৰ যিকোনো  ৰূপ, মূৰ্তি পৰিচৰ্যা কৰা কাৰ্য ই হ'ল পদসেৱন। ৰজা অম্বৰীষে পদসেৱন ভক্তিৰ দ্বাৰা মুকুতি লাভ কৰিছিল।


(৫).অৰ্চন ভক্তি :- ভগৱানৰ যিকোনো ৰূপ কল্পনা কৰি বিধিমতে সেৱা ধৰায়েই হ'ল অৰ্চন ভক্তি।এই ভক্তিৰ দ্বাৰাই গজেন্দ্ৰই গ্ৰাহৰ পৰা মুক্তি লভিছিল।


(৬).বন্দন ভক্তি:- ভগৱানৰ গুণ,মহিমা, লীলা আদিক স্মৰণ কৰি স্ততি, প্ৰাৰ্থনা আৰু নিবেদন আদি কৰা কাৰ্য ই হ'ল বন্দন ভক্তি।এই ভক্তিত অক্ৰুৰ উল্লেখযোগ্য।


(৭).দাস্য ভক্তি:- ভগৱন্তক গৰাকী বা স্বামী আৰু নিজকে তাৰাৰ দাস হিচাপে  ভাৱি কৰা সেৱা উপাসনাকে দাস্য ভক্তি বোলা হয়।মহাভক্ত উদ্ধৱে ভগৱন্তৰ চৰণ চিন্তাৰ বাদে কোনো ফল আশা নকৰি দাস্য ভক্তিৰ শ্ৰেষ্ঠ বুলি খ্যাতি লভিলে।


(৮).সখিত্ব ভক্তি:- ভক্তই ভগৱানক নিজৰ সখা বা মিত্ৰ বা বন্ধু ভাৱে সেৱা উপাসনা কৰাকে সখিত্ব ভক্তি বোলে।এই ভক্তিৰ শ্ৰেষ্ঠ উদাহৰণ হ'ল দ্বাপৰ যুগৰ কৃষ্ণাঅৰ্জুন। অৰ্জুনে এই সখিত্ব ভক্তিৰ দ্বাৰা মুক্তি লাভ কৰিছিল।



(৯).আত্ম নিবেদন:- নিজৰ মন প্ৰাণ আত্মা সকলো কেৱল ভগৱানতেই অৰ্পন কৰি কৰা ভক্তিয়েই হ'ল আত্ম নিবেদন ভক্তি।মহা পৰাক্ৰমী দানবীৰ বলি ৰজাই এই ভক্তিৰ জৰিয়তে মুক্তি লাভ কৰিছিল।

 

  উপৰুক্ত নববিধ বা নবধা ভক্তি ৰ দ্বাৰাই কলিৰ মনুষ্যৰ সমাজে দুদিনীয়া শৰীৰৰ জ্বালাৰ পৰা মুক্তি লাভ কৰি ভগৱন্তৰ পৰম সুখ আনন্দ আশীৰ্বাদ হিচাপে লাভ কৰি নিজকে পৰম সুখত ৰাখিব পাৰে।

যি আমাৰ সকলোৰে গুৰু ৰো গুৰু পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম তথা সৃষ্টিৰ মাজত এই নৱ ৰস আৰু নৱ ভক্তি সুন্দৰ ভাৱে তাৰাৰ আধ্যাত্মিক দৰ্শনৰ মাজত উপলব্ধি কৰিব পৰা যায়।।

আৰু পঢ়িব পাৰে- মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ।

Comments

Most Popular

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...