সত্ৰ সংস্কৃতিত প্ৰচলিত উপাধি তথা ৰীতি-নীতি সমূহ
সত্ৰ সমাজত সত্ৰীয়া শিক্ষা নীতি :
সত্ৰ অসমীয়া ধৰ্ম বিশ্বাসী লোক সকলৰ বাবে শিৰস্হান স্বৰূপ।সত্ৰই সকলো শ্ৰেণীৰ লোকক সমভাৱে ধৰ্ম জ্ঞান প্ৰদান কৰে। ইয়াৰ লগতে সত্ৰ সমূহে দৈনন্দিন জীৱনত বৈষ্ণৱ ধৰ্মক সাৰোগত কৰি সমাজৰ উন্নতিৰ হকে ঈশ্বৰৰ উপাসনাৰ বাবে চৈধ্য প্ৰসংগ নীতি সদা-সব্বদা পালন কৰি আহিছে।এই ৰীতি-নীতি সমূহৰ মাজত সত্ৰ সমূহত সত্ৰীয়া সংস্কৃতিৰ শিক্ষা পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ আহিছে।
এজন বালকক সত্ৰলৈ আনি মহাপুৰুষীয়া নিয়ম অনুযায়ী শৰণ ভজন দিয়াই বয়স অনুসৰি সত্ৰীয়া শিক্ষা সমূহ প্ৰদান কৰে সত্ৰৰ গুণী জ্ঞানী ভকত সকলে। এনে ক্ষেত্ৰত অৱশ্যে সত্ৰ সমূহত প্ৰচলিত এফাকি কথন মনকৰিবলগীয়া।যেনে-"মাত বলী গায়ন,বাহু বলী বায়ন"। অৰ্থাৎ সত্ৰত প্ৰয়োজনীয় সকলো শিক্ষাৰ লগতে মন কৰা যায় যে যি জন বালক ভকতৰ মাত বা কন্ঠ ডাঙৰ হোৱাৰ উপৰিও শুনিবলৈ শুৱলা হয় তেওঁক গায়ন বা গাব পৰা শিক্ষা সমূহ দিয়া হয়।
আনহাতে,উদ্যমি বাহু বলী বালক ভকত সকলক বায়নৰ যেনে খোল আদিৰ শিক্ষা দিয়া হয়। অৱশ্যে, মনোবল আৰু বুদ্ধিমত্তাৰ বলত কোনো কোনোৱে সকলো শিক্ষা গ্ৰহণ কৰিব পাৰে।এনে ক্ষেত্ৰত সত্ৰই কোনো বালককে বাধা আৰোপ নকৰে। বৰঞ্চ শিক্ষা প্ৰদানত দুগুণ উৎসাহেৰে আগবঢ়াই নিয়ে। শিক্ষা গ্ৰহণ কৰি উপযুক্ত বয়সত পাৰ্গত হৈ উঠা ভকত সকলক শিক্ষা প্ৰদান কৰা অধ্যাপক জনাৰ তত্বাৱধানত সমূহ ভকত বৈষ্ণৱ আৰু সত্ৰাধিকাৰৰ উপস্থিতিত সত্ৰৰ অধিকাৰৰ চ'ৰাত ম'হলা (পৰীক্ষা) লৈ গুণ অনুসাৰে উপাধি প্ৰদান কৰে।
সত্ৰীয়া উপাধি সমূহ :
অসমৰ সত্ৰ সমাজত প্ৰচলিত সত্ৰীয়া উপাধি সমূহ একো একোজন সত্ৰৰ বৈষ্ণৱ বা ভকতৰ বাবে জীৱনৰ অমূল্য সম্পদ। ইয়াৰ বাবে বহু কষ্টৰ উপৰিও বহু ত্যাগ কৰিবলগীয়া হয়।এই উপাধি সমূহ হ'ল-
সত্ৰাধিকাৰ : সত্ৰৰ মূৰব্বী তথা ধৰ্ম যেনে শৰণ ভজন দি দিক্ষিত কৰিব পৰা হ'লে সমূহ ভকত বৈষ্ণৱে উপযুক্ত বুলি ভাৱিলে সত্ৰাধিকাৰ নিৰ্মালি প্ৰদান কৰে। অৱশ্যে কোনো কোনো সত্ৰত বংশানুক্ৰমিক ভাৱধাৰাৰ প্ৰচলন দেখা যায়।
বুঢ়াভকত : আধ্যাত্মিক দিশত গুণসম্পন্ন ভকত বৈষ্ণৱক সমূহ ভকত আৰু অধিকাৰে এই উপাধি প্ৰদান কৰে।
বায়ন : সত্ৰীয়া সংগীতৰ মূখ্য বাদ্য ৰূপে পৰিচিত খোল বাদ্যৰ শিক্ষা গ্ৰহণ কৰি অল্প সংখ্যক বাজনা বজাই সত্ৰত প্ৰসংগ চলাব পৰা হলে এই বায়ন উপাধি প্ৰদান কৰে।
সৰুদহৰীয়া বায়ন : বায়ন শিক্ষা গ্ৰহণ কৰি অল্প সংখ্যক ধেমালিৰ লগতে খোল প্ৰসংগ চলাব পাৰিলে এই উপাধি প্ৰদান কৰে।
বৰদহৰীয়া বায়ন : সৰুদহৰীয়া বায়ন উপাধি লৈ সত্ৰৰ খোল প্ৰসংগ চলাব পাৰিলেই এই উপাধি প্ৰদান কৰে।
বৰবায়ন : খোল বাদ্যৰ সকলো শিক্ষা গ্ৰহণ কৰি পাৰ্গত হৈ সত্ৰৰ সকলো খোল প্ৰসংগ স্বাধীন ভাৱে অকলশৰে চলাব পাৰিলেই এই উপাধি প্ৰদান কৰে।
গায়ন : গায়নৰ ক্ষেত্ৰত উপৰোক্ত বায়নৰ ক্ষেত্ৰত দেখা পোৱা ক্ৰম অনুসৰি প্ৰদ্ধতিৰেই উপাধি সমূহ প্ৰদান কৰা দেখা যায়।
নামলগোৱা : সত্ৰত প্ৰচলিত নিত্য প্ৰসংগ সমূহৰ মূখ্য নাম প্ৰসংগৰ মূল নাম লোৱা জনকেই নামলগোৱা বোলা হয়।এই শিক্ষাত নামলগোৱা,বৰ নামলগোৱা আদি উপাধি প্ৰদান কৰা হয়।
বৰ-নটুৱা : এজন সত্ৰৰ লৰাই সৰুৰে পৰা সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰি সত্ৰীয়া নৃত্য শিক্ষাত পাৰ্গত হৈ এই বৰ-নটুৱা উপাধি লাভ কৰে।
আৰু পঢ়িব পাৰে- অসমৰ লোক পৰিৱেশ্য কলা ওজাপালি।
পাঠক : কীৰ্তন,ভাগৱত,ৰত্নাৱলী আদি সমূহৰ ভিন্ন ভিন্ন সুৰত পাঠ কৰি নাম প্ৰসংগ চলাব পাৰিলেই এই উপাধি প্ৰদান কৰে।
ইয়াৰ উপৰিও ঘাই দেউৰী,পালি দেউৰী,বৰা ইত্যাদি বহুতো উপাধি সত্ৰ সমূহত প্ৰচলন হৈ আহিছে।যি সমূহে সত্ৰ পৰিচালিত হোৱাত নিজৰ নিজৰ দ্বায়িত্ব সূচাৰুৰূপে পালন কৰি আহিছে।
সত্ৰীয়া ৰীতি-নীতি :
সত্ৰ সৃষ্টি হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা। অৱশ্যে গুৰু জনাই সত্ৰ নামাকৰণ কৰা নাছিল।তাৰাই থান হিচাপে স্হাপন কৰা বিভিন্ন ধৰ্মীয় উপাসনাৰ ঠাই বা স্হল সমূহকেই পাছৰ জনসমাজে সত্ৰ নামেৰে নামাকৰণ কৰে।সত্ৰ মানে হৈছে- সৎলোকৰ বসতি স্হল। অৰ্থাৎ জনসমাজৰ মংগলৰ অৰ্থে ভগবানৰ উপাসনাৰ বাবে য'ত সন্ত-মহন্ত সকলে বসবাস কৰি একান্ত চিত্ৰে ঈশ্বৰৰ নাম কীৰ্তন কৰি থাকে,সেইয়াই হৈছে সত্ৰ।
অসমৰ সংস্কৃতি পৰম্পৰাত সত্ৰীয়া ৰীতি-নীতি :
অসমৰ সংস্কৃতি আৰু পৰম্পৰাত সত্ৰীয়া ৰীতি-নীতি সমূহে অসমীয়া জাতিৰ পৰিচয়ৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰি আহিছে।সত্ৰ সমূহৰ কিছুমান বিশেষ ৰীতি-নীতি আছে।যি সমূহ সময়ৰ গতিৰ ধাৰা সলনি হোৱাৰ দৰে কিন্তু সলনি নহয়।এই ৰীতি-নীতি আৰু পৰম্পৰাৰ মাজেদি সত্ৰ সমূহ জনসমাজত জীৱন্ত ৰূপত সদায় বিদ্যমান।
আনহাতে,সত্ৰ সমূহত সজ আৰু ফুৰা নামৰ এক বিশেষ ধৰণৰ নীতি আছে। অৰ্থাৎ সজ মানে হৈছে স্নান বিধি সম্পন্ন কৰি নিজৰ বাহাৰ ঘৰতে কোনো লেতেৰা বা সত্ৰ ৰ বাহিৰৰ বয়-বস্তু নোচোৱা আৰু ফুৰা মানে হৈছে বাহিৰৰ বয়-বস্তু তথা সকলো বাহিৰৰ বা লেতেৰা বয়-বস্তু চুব পৰা এক অৱস্হা।
আৰু পঢ়িব পাৰে- সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ।
অৱশ্যে এই ৰীতি-নীতিৰ বাবে বহু জনে সত্ৰ সংস্কৃতিৰ ওপৰত বিৰূপ মনোভাৱ প্ৰকাশ কৰে যদিও এই ৰীতি-নীতি সম্পূৰ্ণ বিজ্ঞানসন্মত। কাৰণ বাহিৰৰ পৰা আহিলে বিভিন্ন ধৰণৰ বিজাণু আমাৰ শৰীৰত লাগি অহাৰ শংকা থাকে।যাৰ বাবে সত্ৰৰ ভকতসকলে বাহিৰৰ লোক সকলক নুচোৱে । কিন্তু স্নান কৰি যদি ভিতৰৰ বস্ত্ৰ পৰিধান কৰে তেতিয়া ,সেই ব্যক্তি জনক সজ হিচাপে ধৰা হয় আৰু তেওঁ আন আন ভকত বৈষ্ণৱ সকলক চুব পাৰে।
এই ৰীতি-নীতি সমূহৰ সমান্তৰালভাৱে সত্ৰ সমূহে অসমৰ সংস্কৃতি আৰু পৰম্পৰাৰ ক্ষেত্ৰটো এক সুকীয়া স্থান লাভ কৰি আহিছে।সত্ৰ সমূহত পালন কৰা বিভিন্ন ধৰ্মীয় উৎসৱ সমূহ ইয়াৰ জীৱন্ত প্ৰমান।এই উৎসৱ সমূহত পালন কৰা পৰম্পৰা অনুসৰি গীত, নৃত্য, বাদ্যৰ লগতে অসমীয়া জাতিৰ হিয়াৰ আমঠু ভাওনা ইত্যাদি intercultural communication সমূহ বছৰৰ বিভিন্ন সময়ত পৰিবেশন কৰা হয়।
এনেদৰেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একশৰণ ভাগৱতী নামধৰ্মৰে দীক্ষিত organizational culture সত্ৰ সংস্কৃতিত প্ৰচলিত উপাধি তথা ৰীতি-নীতি সমূহ সম্পূৰ্ণ নিখুঁত ভাৱে চলি আহিছে। আৰু অনাগত দিনতো অক্ষুন্ন ভাৱে প্ৰচলিত হৈ অসমৰ সংস্কৃতি, পৰম্পৰাৰ tradition ক্ষেত্ৰত নিজৰ বলিষ্ঠ ভূমিকা পালন কৰি যাবলৈ সক্ষম হ'ব।।
আৰু পঢ়িব পাৰে- সত্ৰ সমূহত গুৰু কীৰ্তন মহোৎসৱ।

Comments
Post a Comment