সত্ৰীয়া সংস্কৃতি চৰিত তোলা প্ৰথা
পৰিচয় :
মহাপুৰুষীয়া সত্ৰীয়া সংস্কৃতি চৰিত তোলা প্ৰথা সত্ৰ সমূহৰ নাম প্ৰসংগৰ এক অবিচ্ছেদ্য অংগ। দৈনন্দিন নিত্য প্ৰসংগ সমূহৰ লগতে সত্ৰ সমূহত গুৰু দুজনাৰ লগতে আতা সকলৰ চৰিত বা জীৱন বৃত্তান্ত কথন আৰু শ্ৰৱণ কৰাটো এক পৰম্পৰাগত ভাৱে চলি অহা ৰীতি।যাক সত্ৰীয়া ভাষাত চৰিত তোলা প্ৰথা বুলি কোৱা হয়।
সত্ৰীয়া সংস্কৃতিৰ চৰিত তোলা প্ৰথা :
চৰিত তোলা প্ৰথা কি বুলিলে ক'ব পাৰি যে সত্ৰ সমূহত বা সত্ৰীয়া সংস্কৃতিৰ চৰিত তোলা প্ৰথা অসমত আৰম্ভ হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱৰ পাছত। গুৰু জনাৰ বৈকুন্ঠগামী হোৱাৰ পিছত ভকত বৈষ্ণৱসকলে তাৰাৰ জীৱনৰ বিভিন্ন ঘটনা আৰু গুণ তথা কৰ্ম ৰাজি ইত্যাদি সমূহৰ মৌখিক কথোপকথন আলোচনা কৰিবলৈ লয়।এই আলোচনাৰ আত ধৰি শংকৰদেৱৰ একান্ত শিষ্য মাধৱদেৱে সত্ৰৰ বৈষ্ণৱসকলৰ সমিপে গুৰুৰ চৰিত কবলৈ লয়।
সত্ৰত চৰিত তোলা প্ৰথাৰ আৰম্ভণি :
অসমত চৰিত তোলা প্ৰথা প্ৰথম আৰম্ভ কৰে মহাপুৰুষ মাধৱদেৱে। মাধৱদেৱৰ দেহাৱসানৰ পাছত সত্ৰৰ ভকতসকলে কীৰ্তন ঘৰৰ নিত্য প্ৰসংগৰ লগতে দুজনা গুৰুৰ জীৱনী এই চৰিত তুলিবলৈ লয়। সত্ৰৰ বুঢ়াভকত সকলে গুৰু দুজনাৰ লগতে আন আন বৈষ্ণৱ আতা সকলৰ চৰিত পাঠ কৰে। আৰু কীৰ্তন ঘৰত উপস্হিত বৈষ্ণৱসকলে শ্ৰৱণ কৰে।এনেদৰেই সত্ৰ সমূহত চৰিত তোলা প্ৰথা আজিকোপতি প্ৰচলিত হৈ আছে।
চৰিত পুথিৰ ভাগ :
চৰিত পুথি সমূহৰ বৈশিষ্ট্য :
সত্ৰীয়া সংস্কৃতিৰ চৰিত পুথি সমূহৰ বৈশিষ্ট্য সম্পৰ্কে চাবলৈ গ'লে দেখা যায় যে-
- সহজ সৰল ভাষা প্ৰয়োগ আৰু সাৱলীল শব্দ সংযোগত কম শব্দেৰে বহু অৰ্থ প্ৰকাশ এই চৰিত পুথি সমূহৰ উল্লেখযোগ্য বৈশিষ্ট।
- চুটি চুটি বাক্যৰ দ্বাৰা স্পষ্ট ৰূপত অৰ্থ প্ৰকাশ এই সমূ্হৰ আন এক বিশেষ বৈশিষ্ট্য।
- কথিত ভাষা সমূহৰ প্ৰয়োগ চৰিত পুথিত দেখা যায়। বিশেষকৈ নামনি অসমৰ কিছুমান ভাষা এই চৰিত পুথি সমূহত প্ৰয়োগ প্ৰচুৰ পৰিমাণে দেখা পোৱা যায়।
- ভাষাৰ গাম্ভীযতা চৰিত পুথিৰ আন এটি মূখ্য বৈশিষ্ট্য।
সামৰণি :
সত্ৰীয়া সংস্কৃতি চৰিত তোলা প্ৰথা অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী সত্ৰ সমূহত নিৰবিচ্ছিন্ন ভাৱে প্ৰচলন হৈ আহিছে আৰু হয়তো থাকিবও। বৈষ্ণৱ জীৱনী সাহিত্য বা চৰিত পুথি সমূহ সত্ৰৰ লগতে অসমীয়া সাহিত্যৰ বাবে অমূল্য সম্পদ। এই সমূহৰ মাজতেই অসমৰ অতীতৰ ধৰ্মীয় লগতে সমাজ জীৱনৰ বিভিন্ন দিশ সমূহৰ সম্পৰ্কে জানিব পাৰি।সেয়েহে, এই সম্পদ ৰাজি সুৰক্ষিত কৰি ৰখাৰ প্ৰতিজন সংস্কৃতি প্ৰেমী বা সাহিত্য প্ৰেমীৰ কৰ্তব্য।

Comments
Post a Comment