Skip to main content

উদাসীন ভকতৰ সত্ৰ সমূহত উৎযাপিত গুৰু কীৰ্তন উৎসৱ

উদাসীন ভকতৰ সত্ৰ সমূহত উৎযাপিত গুৰু কীৰ্তন উৎসৱ 

অসমৰ প্ৰান্তে প্ৰান্তে স্হাপিত বৈষ্ণৱ ধৰ্মাৱলম্বী (best religion in the world) বিভিন্ন কেৱলীয়া ধৰ্মালম্বী বা উদাসীন ভকতৰ সত্ৰ সমূহত উৎযাপিত গুৰু কীৰ্তন উৎসৱ  লগতে আন আন সকলো সত্ৰতে পবিত্ৰ ভাদ মাহত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ তিথি পালন কৰাক ধৰি অসমৰ সত্ৰ অনুষ্ঠান সমূহত পালন কৰা  উৎসৱ সমূহৰ বিষয়ে এই লেখাটিত আলোচনা কৰা হৈছে।
সত্ৰসংস্কৃতি, সত্ৰমানেকি, অসমৰসত্ৰঅনুষ্ঠান


অৱশ্যে, শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ আৰু এই থুলৰ সত্ৰ সমূহত প্ৰতিষ্ঠাপক গুৰু শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ তিথিও শংকৰদেৱ আৰু মাধৱদেৱৰ তিথিৰ দৰেই পালন কৰা হয়। 


উদাসীন ভকতৰ সত্ৰ সমূহত উৎযাপিত গুৰু কীৰ্তন উৎসৱ :

অসমৰ সত্ৰ আৰু নামঘৰ সমূহত চাৰি দিনিয়াকৈ বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা গুৰু কীৰ্তন উৎসৱ সমাপন কৰা হয়।এই চাৰি দিনৰ প্ৰথম দিনটোক -চাউল ভোজনী , দ্বিতীয় দিনটোক থাপনি, তৃতীয় দিনটোক মূল কীৰ্তন মহোৎসৱ আৰু চতুৰ্থ দিনটোক ভাঙনি বোলা হয়।


এই চাৰিওটা দিনত নাম-কীৰ্তনকে আদি কৰি গায়ন-বায়ন, নৃত্য গীত, ওজাপালি ইত্যাদি বিভিন্ন কৃষ্টি সমূহ প্ৰদৰ্শন কৰা হয়। প্ৰতিটো দিনত প্ৰদৰ্শন কৰা বিভিন্ন অনুষ্ঠান সমূহ অতি মনোৰম ।


চাউল ভোজনী :

গুৰু কীৰ্তন মহোৎসৱৰ প্ৰথম দিনটোত সত্ৰৰ যি সকল ভকত-বৈষ্ণৱে গায়ন-বায়ন, নৃত্য,গীতকে আদি কৰি বিভিন্ন অনুষ্ঠান সমূহত প্ৰদৰ্শন কাৰি হিচাপে অংশ লয়,সেই সকলোকে ভোজন কৰিবৰ বা খাবৰ বাবে সত্ৰৰ মূল ভড়ালৰ পৰা চাউল,দালি,তেল আৰু অন্যান্য যাৱতীয় খাদ্য সম্ভাৰ দিয়া হয় বাবেই এই দিনটোক কোৱা হয় চাউল ভোজনী।


এই চাউল ভোজনী দিনাৰ কাৰ্যসূচীক তিনি ভাগত অৰ্থাৎ পূৱা বেলা, বিয়লি বেলা আৰু গধূলি বেলাৰ কাৰ্যসূচী হিচাপে সম্পন্ন কৰা হয় ।


পূৱা বেলা:- প্ৰতি দিনে কৰাৰ দৰে নিত্য প্ৰসঙ্গ কৰা হয়। তাৰ পাছত গুৰু মদ্দন ধেমালি বজাই মান-চোক গোৱা আৰু বজোৱা হয়। ইয়াৰ পাছত ক্ৰমে- কীৰ্তন, ওজাপালি কৰি পূৱা বেলাৰ কর্মৰাজি সমাপন কৰা হয়।


বিয়লি বেলা:- বিয়লি পুনৰ অন্য দিনাৰ দৰে নিত্য প্ৰসঙ্গ কৰি ঝুমুৰা নৃত্য প্ৰদৰ্শন কৰা হয়।

       

গধূলি বেলা:- সত্ৰত প্ৰতি দিনাই সন্ধিয়া বালক ভকত সকলে যি ভটিমা পাঠ কৰে,ঠিক একেই চাউল ভোজনী দিনাৰ সন্ধিয়া বেলাও সেই ভটিমা পাঠ কৰে। ইয়াৰ পাছতে,চোৰ ধেমালি বজাই, প্ৰৱেশৰ গীত অৰ্থাৎ মেলা প্ৰৱেশৰ বাজনা বা বোল বজাই নিত্য প্ৰসঙ্গেৰে গুৰু কীৰ্তন মহোৎসৱৰ প্ৰথম দিনাৰ অৰ্থাৎ চাউল ভোজনী ৰ কাৰ্যসূচী সমাপন কৰা হয়।


থাপনি:

গুৰু কীৰ্তন মহোৎসৱৰ দ্বিতীয়  দিনটোক কোৱা হয়,থাপনি। অৰ্থাৎ যি জনা গুৰুৰ কীৰ্তন মহোৎসৱ পালন কৰা হৈছে, তেখেতৰ দ্বাৰা স্বৰচিত অসমীয়া পুথি আৰু চাৰি শাস্ত্ৰ(দশম,কীৰ্তন, ঘোষা,ৰত্নাৱলী) ভড়ালৰ পৰা কীৰ্তন ঘৰলৈ আনি স্হাপন কৰা হয় কাৰণেই এই দিনটোক থাপনি বোলা হয়।


চাউল ভোজনী দিনাৰ দৰে থাপনি দিনাৰ কাৰ্যাৱলী সমূহকো দিনটোৰ তিনি ভাগত ভাগ কৰি বিভিন্ন অনুষ্ঠানৰ দ্বাৰা অনুষ্ঠিত কৰা হয়।


পুৱা বেলা :- নিত্য  প্ৰসঙ্গৰ সামৰণিৰ পাছত গুৰু মদ্দন ধেমালি বজাই নাদুভঙ্গি নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছত  ক্ৰমে- কীৰ্তন আৰু ওজাপালি প্ৰদৰ্শন কৰি  পুৱা বেলাৰ অনুষ্ঠান সামৰা হয়।

       

বিয়লি বেলা :- বিয়লি প্ৰায় দুই বা তিনি বজাৰ লগে লগে গুৰু জনাৰ স্বৰচিত পুথি আৰু চাৰি শাস্ত্ৰ সত্ৰৰ ভড়ালৰ পৰা আনি কীৰ্তন ঘৰত স্হাপন কৰা হয়।ইয়াৰ পাছতেই,ৰাগ-ৰেপনি ধেমালি বজাই চালি নৃত্য প্ৰদৰ্শন কৰি বিয়লি বেলাৰ অনুষ্ঠান সমাপন কৰা হয়।

আৰু পঢ়িব পাৰে- অসমীয়া জাতিৰ শিৰৰ মুকুট নামঘৰ।

গধূলি বেলা :- গধূলি বেলা পুনৰ অন্য দিনাৰ দৰে বালক ভকত সকলে ভটিমা পাঠ কৰে। ইয়াৰ পাছত ৰাম ধেমালি বজাই প্ৰৱেশৰ গীত গাই বৰ-প্ৰৱেশ নৃত্য প্ৰদৰ্শন কৰা হয়।পুনৰ অন্য দিনা ভটিমাৰ শেষত বজোৱা খোল-তালৰ প্ৰসঙ্গ কৰি নামলগোৱাই নাম কীৰ্তন কৰি সামৰণি কৰাৰ লগে লগে থাপনি দিনাৰ কাৰ্যসূচী যৱনিকা পৰে।


মূল কীৰ্তন মহোৎসৱ:

গুৰু কীৰ্তনৰ তৃতীয় দিনটোক কোৱা হয় মূল কীৰ্তন মহোৎসৱ। কাৰণ এই দিনাই সেই গুৰু জনাই বৈকুণ্ঠৰ পৰা নমাই অনা নৃত্য, গীত ইত্যাদি সমূহ সম্পূৰ্ণ ভাৱে প্ৰদৰ্শন আৰু কীৰ্তন কৰা হয়।সেই কাৰণেই এই দিনটোক মূল কীৰ্তন মহোৎসৱ বোলা হয়।


চাউল ভোজনী আৰু থাপনি দিনাৰ দৰে এই মূল কীৰ্তন মহোৎসৱৰ দিনটোত তিনি ভাগত বিভক্ত কৰাৰ পৰিৱৰ্তে চাৰি ভাগত বিভক্ত কৰি সকলো কাৰ্যসূচী সুন্দৰকৈ পালন কৰা হয়।


পুৱা বেলা :-  পূৱাতেই প্ৰথমে,গুৰু জনাৰ দ্বাৰা স্বৰচিত সকলোখিনি পূৱা গীত গোৱা হয়। ইয়াৰ পাছত (নামত)ঘোষা গাই চাৰিটা কীৰ্তনৰ দিহা-ভাঙ্গনি দি সৱহুৱা প্ৰসঙ্গ কৰা হয়। ইয়াৰ মাজতে ৰূপৰ শৰাই দুখন মাহ প্ৰসাদ,কল,তামোল-পাণ আদিয়ে সজাই ভড়াল ঘৰৰ পৰা আনি কীৰ্তন ঘৰত আসনৰ দুয়ো কাষে স্হাপন কৰা হয়।

নামৰ পাছত চৰিত তোলাৰ শেষত বৰপেটিয়া ধেমালি বজাই ভোজন বাহাৰ নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছত ক্ৰমে- কীৰ্তন, ওজাপালি পৰিৱেশন কৰি পুৱাৰ  কাৰ্যসূচী সম্পন্ন কৰা হয়। 


 আৰু পঢ়িব পাৰে- সত্ৰ সংহতি আৰু চৈধ্য প্ৰসংগ।


গধূলি বেলা :- গধূলি পুনৰ বালক ভকত সকলে ভটিমা পাঠ কৰে। ইয়াৰ পাছত ন-ধেমালি বজাই টিকোনৰ (কেৱল মাত্ৰ সেই দিনা সেই সময়ত গোৱা) গীত গোৱা শেষ কৰি ব্যাহ কীৰ্তন কৰি পুনৰ নিত্য প্ৰসঙ্গ কৰি কীৰ্তন আৰু ওজাপালি প্ৰদৰ্শন কৰা হয়।


ৰাতি বেলা :-ইয়াৰ পাছত, পাঠকে পাঠ পঢ়ে।এই পাঠত চাউল ভোজনী দিনাৰ পৰা মূল কীৰ্তন মহোৎসৱৰ দিনাৰলৈকে পাঠ কৰা সকলো কীৰ্তন একেলগে পাঠ কৰে। ইয়াৰ বিশেষ কাৰণ হ'ল যে উক্ত তিনি দিনে পাঠ কৰা কীৰ্তনত অজানিতে হোৱা ভূল ক্ৰূটি শুদ্ধ ৰূপত  পুনৰাই গোৱা ।





 শেষ ৰাতি :- শেষ ৰাতি প্ৰায় তিনি বজাৰ লগে লগে পুনৰ বৰ-ধেমালি বজাই ঘোষা ধেমালি বজোৱা হয়।এই ঘোষা ধেমালিৰ শেষ হোৱাৰ লগে লগে বিৰহৰ - শ্যাম কমল লোছন গীতেৰে নিত্য প্ৰসঙ্গ কৰি মূল কীৰ্তন মহোৎসৱ দিনাৰ কাৰ্যসূচী সমাপন কৰে।


ভাঙ্গনি :- গুৰু জনাৰ স্বৰচিত পুথি আৰু চাৰি শাস্ত্ৰ বিসৰ্জন দি পুনৰ ভড়ালত থোৱা হয় আৰু এই গুৰু কীৰ্তন মহোৎসৱ ভাগিৰ সামৰণি দিন হোৱা হেতুকে এই দিনটোক ভাঙ্গনি বোলা হয়।


এই ভাঙ্গনি দিনা পুৱা জয় হৰি জয় ৰাম/প্ৰাণ হৰি গৈ'লা এৰি কীৰ্তনৰ দ্বাৰা সন্ত সকলে নিৱন্ধ কৰা বৰ্ণনাৰে ঘোষা গোৱা হয়।

   

ইয়াৰ পাছত যি জনাৰ কীৰ্তন হয়, তেখেতৰ জন্মৰ পৰা বৈকুণ্ঠ গমণলৈকে চৰিত তোলা হয়। অৰ্থাৎ সত্ৰৰ মূল বুঢ়াভকত জনে মূখস্হ ভাৱে গুৰু জনাৰ জীৱন বৃত্তান্ত ৭ ৰ পৰা ৮ ঘন্টাজুৰি কীৰ্তন ঘৰত উপবিষ্ট ভকত সকলক শুনায়।


চৰিত তোলা শেষ হোৱাৰ লগে লগে অসমীয়া পুথি আৰু চাৰি শাস্ত্ৰ পুনৰ ভড়াললৈ নি নিজা ঠাইত থোৱাগৈ হয়। ইয়াৰ পাছতে, নিত্য প্ৰসঙ্গ কৰি চাৰি দিনৰ গুৰু কীৰ্তন মহোৎসৱ কাৰ্যসূচী যৱনিকা পেলায়।


উপৰুক্ত ভাৱেই উদাসীন ভকতৰ সত্ৰ সমূহত উৎযাপিত গুৰু কীৰ্তন উৎসৱ সম্পূৰ্ণ ভক্তি ভাৱে পালন কৰা হয়। হয়তো পৃথিৱীৰ সকলো ধৰ্মৰ religions of the world দৰে ৰীতি-নীতি সমূহ এই সত্ৰ সমূহতো একে থাকিব। লগতে বদলা পদ্ম আতাৰ কীৰ্তনটো কেৱল মাত্ৰ নৃত্য, গীত, ধেমালি (গায়ন-বায়ন) পৰিৱেশনৰ কিছু সাল-সলনি ৰ বাদে বাকী সকলো খিনি অনুষ্ঠান শংকৰদেৱ আৰু মাধৱদেৱৰ কীৰ্তনৰ দৰে একেই ভাৱে প্ৰদৰ্শন কৰা হয়।। 

আৰু পঢ়িব পাৰে- সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ।


Comments

Most Popular

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...