Skip to main content

violin music with violin lessons ভায়োলিন বা বেহেলাৰ শিক্ষা

violin music with violin lessons ভায়োলিন বা বেহেলাৰ শিক্ষা

violin music with violin lessons ভায়োলিন বা বেহেলাৰ শিক্ষা শীৰ্ষক এই লেখাটিত বিনা জাতীয় বাদ্যযন্ত্ৰ, ভায়োলিন কি তথা ভায়োলিন মিউজিক বা বেহেলাৰ সুৰ আদিৰ বিষয়ে সংক্ষিপ্ত আলোচনা আগবঢ়োৱা হৈছে।

violinbow,violinmusic, ভায়োলিনকি,বেহেলাৰসুৰ


Violin music বা বেহেলাৰ ইতিহাস :

violin music বা বেহেলাৰ জন্ম সম্পৰ্কে বিভিন্ন গ্ৰন্থত ভিন্ন ভিন্ন মত দেখা পোৱা যায়। খ্ৰীষ্টীয় একাদশ শতাব্দীত Arab আৰৱৰ rebec যন্ত্ৰৰ অনুকৰণেৰে Italy ইটালীত ভায়োলিনৰ আৰ্হিৰ viol ভিয়ল যন্ত্ৰটো প্ৰথম নিৰ্মিত হয়। আৰু সমগ্ৰ Europe ইউৰোপত প্ৰচলিত হয়।


violin বা বেহেলাৰ নিৰ্মাণ প্ৰদ্ধতিত ভাৰতীয় অমৃতি নামৰ যন্ত্ৰটোৰ অনুকৰণ কৰা হৈছে বুলি স্বৰ্গীয় ক্ষেত্ৰমোহন গোস্বামী দেৱৰ ৰচিত সংগীত ষাৰ গ্ৰন্থত প্ৰমাণ পোৱা যায়। তথাপি এটা কথা মানিবই লাগিব যে ভাৰতীয় কোনো বাদ্যযন্ত্ৰৰ অনুকৰণত  violin বেহেলা যন্ত্ৰটো নিৰ্মান কৰা হলেও বৰ্তমান ভায়োলিনৰ ৰূপ আৰু ধ্বনি violin music সুন্দৰ উৎকষতাৰ বাবে Europe ইউৰোপেই বিনা জাতীয় বাদ্যযন্ত্ৰ ভায়োলিন যন্ত্ৰটোৰ আৱিষ্কাৰকৰ গৰ্ববোধ কৰিব পাৰে।


ষোড়শ শতাব্দীত লম্বাদি প্ৰদেশৰ সাল নগৰৰ artist গামপডিৰ দ্বাৰা নিৰ্মিত violin আৰু সেই সময়ৰ সমসাময়িক France ত নৱম চাৰ্লছৰ ৰাজত্বকালত শিল্পী অমিটি নিৰ্মিত ভায়োলিন আকৃতি তথা নিৰ্মাণ প্ৰদ্ধতিত কিছু যে পৰিবৰ্তন হৈছে , সেইটো গামপডি দ্বাৰা নিৰ্মিত উন্নত মানৰ বেহেলা বা violin ত দেখা যায়। বৰ্তমান সময়ত এন্টনি ষ্ট্ৰাডিভাৰিৰ সামান্য পৰিবৰ্তনে বেহেলাৰ ধ্বনিক আগতকৈ অধিক সুন্দৰ কৰি তোলে।


violin bow তথা বেহেলাৰ বিভিন্ন অংগ সমূহ :

বেহেলাৰ প্ৰধান অংশটো শুকান কাঠৰ পাতল পট্টিৰ দ্বাৰা নিৰ্মাণ কৰা হয়। ইয়াৰ প্ৰধান ভাগ দুটা।বেলী বা ড্ৰাম Belly আৰু Finger board ফিংগাৰ বোৰ্ড। এই Belly ক ধ্বনিকোষ আৰু Finger board ক দণ্ড বোলা হয়। ইয়াৰ উপৰিভাগত থকা তাৰ সমূহক আঙুলিৰ সহায়ত বজোৱা হয়।

Finger board খন আকৌ দুটা ভাগত বিভক্ত।যেনে,তলৰ গোলাকাৰ অংশটোক কোৱা হয় ধাড়ি আৰু ওপৰৰ সমতল ভাগক আঙুলীহান বোলা হয়। ফোপোলা বেলীৰ চাৰিওফালে কাঠৰ অংশবোৰক ৰিবছ্ বা ছাইডছ্ ribs or sides বোলা হয়। আনহাতে,Finger board ৰ মিল অংশ ধাড়িৰ লগত সংযুক্ত হৈ থাকে তাক নেক neck বোলে।


বেলীৰ তবলীৰ দুই ফালে ইংৰাজী এফ আকাৰৰ যি দুটা ছিদ্ৰ থাকে তাক ছাউণ্ড হোলছ sound holes বোলা হয়।তবলীৰ ওপৰৰ মধ্যৱৰ্তী স্হানত এডোখৰ পাতল কাঠৰ টুকুৰা লগোৱা থাকে তাক ব্ৰীজ bridge বোলে। ইয়াৰ উপৰিও ব্ৰীজৰ তলত তবলীৰ তলিত লগোৱা কাঠৰ টুকুৰা ক ছাউণ্ড পোষ্ট sound post বোলে।


আৰু পঢ়িব পাৰে- হাৰমনিয়াম বাদ্যযন্ত্ৰ । harmonium music for classical singing


একোখন বেহেলাৰ শেষ অংশত এডোখৰ কাঠৰ সৰু টুকুৰা থাকে। সেই টুকুৰা ক কোৱা হয় টেলপিছ tailpiece। ইয়াৰ লগত চাৰিডাল তাৰৰ এক প্ৰান্ত বন্ধা হয়।Tailpiece বন্ধা তাৰৰ ওপৰত চাৰিটা স্ক্ৰু থাকে।এইকেইটাকে এডজাষ্টাৰ Adjuster বোলে।বেহেলাৰ বা ভায়োলিনৰ তলৰ বুটামৰ দৰে কাঠৰ গোজ আকাৰত দেখা টেলপিছ টনা অংশটিক বাটন Button বোলে।


Violin এখন বজোৱা সময়ত যত ধৰি ৰখা ঠুটৰি chin অংশক চিনৰেষ্ট chin rest বোলে। আনহাতে,বেহেলাৰ যিফালে তাৰ বন্ধাৰ বাবে কাণ থাকে,তাক হেড বা স্ক্ৰুল scroll বোলা হয়।কাঠৰ দ্বাৰা নিৰ্মিত যি ছাবিৰ সহায়ত বেহেলাৰ তাৰ টান বা ঢিলা কৰা হয়, তাক কোৱা হয় peg পেগ।পেগৰ গোলাকাৰ সৰু অংশৰ দণ্ড ছিদ্ৰৰ মাজত লগোৱা টোক নাট nut বোলে। দণ্ডৰ শেষ অংশটোৰ নাম হ'ল peg box.


violin bow বা ছড়ি :

বেহেলাত তাৰৰ আঘাত কৰি বজোৱাৰ বাবে কাঠেৰে তৈয়াৰী দীঘল ছড়ি ব্যৱহাৰ কৰা হয়।যাক ইংৰাজীত ষ্টীক bow বোলা হয়।যাক সকলোৱে violin bow বোলে। এই ছড়িৰ মূৰৰ তলত ফ্ৰক থাকে।ছড়িৰ চুলি বিলাকক টান বা ঢিলা কৰাৰ বাবে ছড়িৰ মূৰত এই স্ক্ৰু ৰখা হয়।এই ছড়িৰ তলত ঘোঁৰাৰ নেজৰ এগোছা চুলি থাকে।যাক bow hair বোলা হয়।

বেহেলাৰ সুৰ প্ৰদ্ধতি :

বেহেলাৰ সুৰ উলিয়াবলৈ ইয়াত চাৰিডাল তাৰ থাকে। এই চাৰি ডাল তাৰৰ এক প্ৰান্ত tailpiece ত বন্ধা হয় আৰু তাৰ চাৰিডালক ব্ৰীজৰ ওপৰেৰে দণ্ডৰ শেষ অংশত স্হিত কাণৰ সৈতে সংযুক্ত কৰা হয়।এই তাৰ চাৰিডালক বিভিন্ন সুৰত মিলোৱা হয়। violin notes বা সুৰ বান্ধিবলৈ প্ৰথম তাৰ ডালক E , দ্বিতীয় A , তৃতীয় D , আৰু চতুৰ্থ ডালক G বোলা হয়।

সামৰণি :
violin music with violin lessons ভায়োলিন বা বেহেলাৰ শিক্ষা ৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ কৈ প্ৰাশ্চাত্য দেশ সমূহ বেছি আগবঢ়া।সময়ৰ লগে লগে সংগীতৰ বহল চচ্ছাৰ বাবে বৰ্তমান ভাৰততো এই বাদ্যৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে দেখা যায়। অৱশ্যে উপযুক্ত শিক্ষাগুৰুৰ দ্বাৰা দিয়া violin lessons ৰ অবিহনে বেহেলা বা ভায়োলিন শিক্ষা সম্ভৱ নহয়।।

Comments

Post a Comment

Most Popular

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...