অংকীয়া নাট বা অঙ্কীয়া নাটৰ আঙ্গিক আৰু নাট্যশাস্ত্ৰত বৰ্ণিত ৰঙ্গমঞ্চ
ফটো : ভৱকান্ত দেৱ গোস্বামী সত্ৰীয়া সাংস্কৃতিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল।
অঙ্কীয়া নাটৰ আঙ্গিক সমূহ:
(২). ভটিমা : দেৱ-দেৱতা, গুৰু, নৃপতি আদিৰ যশ গুণ মহাত্ম্য প্ৰকাশক ছন্দোবদ্ধ বাণী সমূহকেই ভটিমা বুলিব পাৰি। অঙ্কীয়া নাটত সাধাৰণতে নাটৰ আৰম্ভণি অংশৰ ভটিমাত ৰাম-কৃষ্ণৰ গুণাৱলীকে আদি কৰি কাহিনীৰ চমূ ব্যাখ্যা দাঙি ধৰাৰ লগতে কাহিনীৰ প্ৰয়োজনত কিছুমান চৰিত্ৰৰ মূখত এবিধ ভটিমা দিয়াৰ উপৰিও নাটকৰ শেষত ভৱ সংসাৰ তৰনৰ উপদেশেৰে মুক্তি মঙ্গল নামেৰে আন এবিধ ভটিমা দেখা পোৱা যায়।
(৩). প্ৰস্তাৱনা: প্ৰস্তাৱনা নামটি অঙ্কীয়া নাটত ব্যৱহাৰ কৰা নহয় যদিও সূত্ৰধাৰ জনে প্ৰবেশৰ পৰা "আহে সঙ্গী,আকাশে কি বাদ্য বাজত"বুলি কোৱাৰ পাছত সঙ্গী সকলে "দেৱ দুন্দুভি বাজত" বুলালৈকে,এই সময়খিনিত পৰিবেশিত অংশকেই প্ৰস্তাৱনা বুলি ধৰা হয়।
আৰু পঢ়িব পাৰে- বাৰছোৱা অংকীয়া নাট।
(২).বিন্দু : যাৰ দ্বাৰা নাটকৰ ঘটনাৰ বিচ্ছেদ অপসাৰণ আদি কাৰ্যক বাধা দিয়া হয়,সিয়েই বিন্দু।
(৩). পতাকা : নাটকত বহুলভাৱে চলি যোৱা ঘটনাই হৈছে পতাকা।
(৪).প্ৰকৰী : প্ৰকৰী কাহিনীত বিস্তৃত নহয় যদিও ই চৰিত্ৰ আৰু স্হান কাল বিশেষে ঘটনা হিচাপে প্ৰাধান্য লভে।
অঙ্কীয়া নাটত একাধিক সমাবেশ হৈছে যদিও এই নাটৰ মূল লক্ষ্য কেৱল ভক্তি ৰস সৃষ্টি কৰা। সেয়েহে,এই ভক্তি ৰস সৃষ্টি কৰিবলৈ অঙ্কীয়া নাটত আৰু বহুতো আঙ্গিক উপাদান দেখা পোৱা যায়। সেইসমূহ হৈছে-
(১). গায়ন-বায়ন : গায়ন-বায়ন অঙ্কীয়া নাটৰ কাহিনীৰ অন্তৰ্ভুক্ত কোনো চৰিত্ৰ নহ'লেও ইয়াৰ তাৎপৰ্য কিন্তু অসীম। যিহেতু,নাটৰ আৰম্ভণিৰ পৰা শেষলৈকে গীত, বাদ্য আদি সকলোখিনি এই সকলেই পালন কৰে।
(২).সূত্ৰনাট্য : সূত্ৰধাৰ জন অঙ্কীয়া নাটৰ মূল চৰিত্ৰ ।যাক কেন্দ্ৰ কৰি নাটৰ বাকী সমূহ চৰিত্ৰ সঞ্চালিত হয়। কেতিয়াবা কেতিয়াবা নাটকত দেখুৱাব নোৱাৰা কাৰ্যক এই সূত্ৰধাৰ জনেই সমাজক শুনাই ভকতি মুকুতিৰ পথ নিৰ্দেশনা দিয়ে।
(৩).শ্লোক : পৰম আৰাধ্যা জনাৰ ৰূপ বৰ্ণনাৰ পৰা,নাটকৰ কাহিনীৰ স্বৰূপ তথা পাত্ৰ পাত্ৰীৰ বিৱৰণ এই শ্লোক সমূহতেই ৰখা হয়।
(৪).গীত : নাটৰ কাহিনীৰ মাজে মাজে ভাৱ কাৰ্য ক ছন্দোময়ভাৱে দৰ্শকক বুজোৱাই হৈছে এই গীত সমূহ ৰচনাৰ মূল উদ্দেশ্য। ইয়াৰ মাজতেই পাত্ৰ পাত্ৰীৰ প্ৰবেশ প্ৰস্হান, নৃত্য, যুদ্ধ আদি সম্পন্ন কৰি নাটকক আৰু অধিক সাৱলীল ৰূপত উপস্হাপন কৰা হয়।
(৫). ব্ৰজাৱলী ভাষা : তিনিৰ পৰা ততোধিক ভাষাৰ সমাহাৰত সৃষ্ট এটি ভাষা। শংকৰদেৱে ভাৰতৰ বিভিন্ন ঠাইত বুজিব পৰাকৈ এই ভাষাক সৱল কৰি তুলিছিল।
আৰু পঢ়িব পাৰে- অংকীয়া ভাওনাৰ সূত্ৰধাৰ নৃত্য।
(৬).মূখা : মূখা অঙ্কীয়া নাটৰ এটি প্ৰধান অংগ।সকলো শ্ৰেণীৰ দৰ্শকে যাতে নাটকৰ বিষয়বস্তুৰ জ্ঞান লাভ কৰিব পাৰে ,তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গুৰু জনাই অঙ্কীয়া নাটত মূখা ব্যৱহাৰ কৰিছিল।এই মূখা দুবিধ- আংশিক অঙ্গ ঢকা আৰু সবাঙ্গ ঢকা।
নাট্যশাস্ত্ৰত বৰ্ণিত ৰঙ্গমঞ্চ :
আজিৰ পৰা প্ৰায় এহেজাৰ পাঁচশ বছৰৰ পূৰ্বেই ভাৰতৰ নাটকৰ পৰম্পৰা আৰম্ভ হৈছিল আৰু পৃথিৱীৰ প্ৰথম খন শাস্ত্ৰ তেতিয়াই ৰচনা হৈছিল।এই খন শাস্ত্ৰতেই নাটকৰ মঞ্চ নিৰ্মাণৰ কাৰিকৰী নিৰ্দেশাৱলীৰ পৰা আৰম্ভ কৰি, প্ৰয়োগ পদ্ধতি, কলা-কৌশল, নাট্যাভিনয়ৰ বিভিন্ন আঙ্গিক,ভাৱ-ৰস,নাট ৰচনাৰ বিভিন্ন দিশ সমূহৰ লগতে দৃশ্য-সজ্জা আৰু ৰূপ-সজ্জাৰ বিভিন্ন নিয়ম ইত্যাদিৰে লিখিত আছিল।এই খন শাস্ত্ৰই হৈছে ভৰতমুনিৰ দ্বাৰা ৰচিত নাট্যশাস্ত্ৰ।
উপৰুক্ত ভাৱে কৰাৰ পাছত ৰঙ্গশীৰ্ষ নিৰ্মাণ কৰি তাত কাঠৰ কাম কৰিব লাগে।এই কাম সমূহৰ ভিতৰত যেনে- শিল্পৰ কাম,বহুবিধ কাঠৰ মূৰ্তিও তাত অঙ্কন কৰিব লাগে।
নাট্যমণ্ডপ নিৰ্মাতা সকলে পৰ্বতৰ গুহাকৃতি ,দ্বি-ভূমি সম্পন্ন ধীৰ গতিত বায়ু চলাচল কৰিব পৰা, বাদ্যবৃন্দৰ শব্দৰ হোৱা উপযোগীকৈ তিনিবিধ ৰঙ্গমঞ্চৰ যেনে বি-কৃষ্ট,চতুৰশ্ৰ আৰু ত্ৰ্যশ্ৰ এই তিনি প্ৰকাৰৰ ৰঙ্গমঞ্চৰ ভিতৰত যিকোনো এভাগ নিৰ্মাণ কৰিব লাগে।
সচাকৈ আচৰিত লাগে যে,ইমান বছৰৰ পূৰ্বেই ভৰতমুনিয়ে তেখেতৰ দ্বাৰা ৰচিত নাট্যশাস্ত্ৰ নামৰ গ্ৰন্থত কি সুন্দৰ ভাৱে নাটকীয় সকলো দিশ সামৰি লিপিবদ্ধ কৰি গৈছে।
অংকীয়া নাট বা অঙ্কীয়া নাটৰ আঙ্গিক আৰু নাট্যশাস্ত্ৰত বৰ্ণিত ৰঙ্গমঞ্চ বিষয়ে বহল ভাৱে অধ্যয়ন কৰিলে দেখা যায় যে অংকীয়া নাট এনে প্ৰকাৰৰ নাট য'ত আৰম্ভণিৰ পৰা শেষলৈকে কেৱল ঈশ্বৰৰ বা হৰি নামৰ ধ্বনিকেই শুনা যায়। এনেদৰেই এই আঙ্গিক সমূহৰ যোগেদিয়েই অসমীয়া ধৰ্মীয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৰ সৃষ্টি , জাতীয় নাট্য সম্পদ অঙ্কীয়া নাট সমূহ চিৰযুগমীয়া হৈ থাকিব। আনহাতে,হয়তো ভৰতমুণিৰ নাট্যশাস্ত্ৰ গ্ৰন্থৰ আধাৰতেই সমগ্ৰ ভাৰততে নাটকীয় অনুষ্ঠান তথা ৰঙ্গমঞ্চৰ নিৰ্মাণ আজিও প্ৰচলিত।।
আৰু পঢ়িব পাৰে- মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ।

Comments
Post a Comment