ঝুমুৰা । মাধৱদেৱৰ অংকীয়া নাটৰ ৰস
ফটো : নিকুমণি,জিজ্ঞাসা,দিক্ষাশ্ৰী ( তিতাবৰ)। |
ঝুমুৰা কাক বোলে :
অংকীয়া নাটৰ ৰস :
আনহাতে, অংকীয়া নাট সমূহৰ উদ্দেশ্য লৌকিকতা বিশিষ্ট ৰস সৃষ্টি কৰা নহয়। ইয়াৰ বিপৰীতে ভক্তি ৰসৰ দ্বাৰা ভগৱৎ তত্ব দৰ্শন আৰু পৰমাৰ্থিক জ্ঞান প্ৰদান কৰি শ্ৰোতা দৰ্শকৰ অন্তৰত ভকতিৰ ভাৱ সঞ্চাৰ কৰা হৈছে অংকীয়া নাট সমূহৰ উদ্দেশ্য।
অংকীয়া নাটৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ভক্তি ৰসক মূল ৰস হিচাপে লৈ উপৰোক্ত নৱ বিধ ৰসৰ সমাহাৰত অংকীয়া নাট সমূহ ৰচনা কৰিছিল। সেই একে ভক্তি ৰসক শ্ৰেষ্ঠ বা মূখ্য কৰি মহাপুৰুষ মাধৱদেৱে ও তেখেতৰ ঝুমুৰা নাট সমূহ ৰচনা কৰিছিল। মাধৱদেৱৰ নাট সমূহত শ্ৰীকৃষ্ণৰ শিশু তথা বাল্য কালৰ বিভিন্ন ঘটনা সমূহ ফুটি উঠিছে।
শংকৰদেৱ বা মাধৱদেৱে কেৱল ঈশ্বৰৰ অৱতাৰ বিশেষকহে তেওঁলোকৰ দ্বাৰা ৰচিত নাট সমূহত প্ৰধান চৰিত্ৰ ৰূপে গ্ৰহণ কৰিছে।যত ঈশ্বৰৰ লীলা, মহাত্মা ভক্তি ৰসৰ মাধ্যমেৰে জগতত প্ৰকাশ কৰিছে।
আৰু পঢ়িব পাৰে- মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ।
আলংকাৰিক সকলে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা নাট সমূহৰ লগতে কিছু সংখ্যক বৰগীতত বাসৎল্য ৰসৰ সমাহাৰ ঘটিছে বুলি মন্তব্য কৰে। অৱশ্যে,দুয়োজনা গুৰুৰ ৰচিত অংকীয়া নাট বা বৰগীতত এই ৰস সমূহৰ শৃঙ্গাৰাত্মক ভক্তি ৰস,শান্ত ভক্তি ৰস,বাৎসল্য ভক্তি ৰস,দাস্য ভক্তি ৰস আৰু সখিত্ব ভক্তি ৰস হিচাপে প্ৰয়োগ হোৱাৰ পৰিলক্ষিত হয়।
মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা বা অংকীয়া নাট সমূহেই হওক বা শংকৰদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাট সমূহেই হওক, মুঠতে দুই জনা গুৰুৰ অংকীয়া নাটত ভক্তি ৰসেই মূল ৰস হিচাপে স্হান লাভ কৰিছে। যদিওবা শৃঙ্গাৰ,বীৰ,কৰুণ, ভয়ানক,হাস্য,ৰৌদ্ৰ,বীভৎস, অদ্ভূত আৰু শান্ত ৰসৰ সমাবেশত নাট সমূহৰ কথাবস্তুৰ বিকাশ ঘটিছে।
তথাপি কিন্তু, নাটৰ সেই কথাবস্তুক ক্ৰিয়াশীল কৰি তুলিছে ভক্তি ৰসেহে। কাৰণ, ঈশ্বৰৰ যশ-গুণ কীৰ্তনৰ উদ্দেশ্যে ৰচিত অংকীয়া নাট সমূহৰ অন্ত ভাগত সজীৱ হৈ থকা মূখ্য ভাৱ টিয়েই হৈছে ভক্তি ভাৱ।যৰ পৰা সৃষ্টি হৈছে ভক্তি ৰস।
ঝুমুৰা । মাধৱদেৱৰ অংকীয়া নাটৰ ৰস
ঝুমুৰা সমূহৰ ৰস :
শিশু তথা ল'ৰালি কালৰ কৃষ্ণৰ দধি মথনি ভাঙি কৰা দুষ্টালি, কৃষ্ণক ধৰিবলৈ মাক যশোদাৰ লটি-ঘটি, কৃষ্ণৰ দুষ্টালিত উপায়ন্তৰ হৈ যশোদাই গালি শপনি পাৰি কৃষ্ণক মাৰিবলৈ খেদি ফুৰা আদি ক্ষুদ্ৰ ঘটনা সমূহে মাধৱদেৱৰ ঝুমুৰা সমূহত বাৎসল্য ভক্তি ৰস হিচাপে স্হান লাভ কৰিছে।
ইয়াৰ উপৰিও লগৰ লগৰীয়া সকলৰ লগত গৰু চৰোৱা কৃষ্ণৰ তামুলী যুক্ত ক্ষুদ্ৰ ঘটনা সম্বলিত ঝুমুৰা সমূহত সখিত্ব ভক্তি ৰস দেখা পোৱা যায়। মাধৱদেৱৰ ঝুমুৰা সমূহৰ মূল উপজীব্য বিষয় শিশু কৃষ্ণৰ বিভিন্ন লীলা মহাত্মা সমূহ । লগতে সেই সমূহৰ সৈতে জড়িত ভিন ভিন ঘটনাৰ সুন্দৰ বৰ্ণনা।
যদিওবা মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহত বাৎসল্য ৰসক দেখা পোৱা যায়। তথাপি স্হায়ীভাৱ আৰু বিভাবৰ ফালে দৃষ্টি ৰাখিলে সেই সকলো ঝুমুৰা নাটৰ ৰসৰ ক্ষেত্ৰত ভক্তি ৰসেই যে মূখ্য স্হান লভিছে,তাক অনুধাৱন কৰিব পাৰি।
সামৰণি :
ফটো : নিলাভ আৰু দেৱজিৎ (তিতাবৰ)। |

Comments
Post a Comment