Skip to main content

সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্গত চালি নৃত্য তথা চালি নৃত্যৰ ভাগ সমূহ Sattriya Nritya Chali

সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্গত চালি নৃত্য তথা চালি নৃত্যৰ ভাগ সমূহ। Sattriya Nritya Chali

চালিনাচ, সত্ৰীয়ানৃত্য, SattriyaDance, ChaliNritya
ফটো : বৃষ্টিনা দত্ত ( তেলগৰম )

সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্গত চালি নৃত্য তথা চালি নৃত্যৰ ভাগ সমূহ। Sattriya Nritya Chali nach is a female dance part of Sattriya dance.it is lashya dharmi.এই লেখাটিত চালি নৃত্য তথা ইয়াৰ ভাগ সমূহৰ সম্পৰ্কে আলোচনা কৰা হৈছে।


চালি নাচৰ উৎপত্তি :

মহাপুৰুষ মাধৱদেৱে নামনিৰ বৰপেটা সত্ৰত ৰঙ্গিয়াল গৃহ সাজি ল'ৰাক মহিলাৰ সাজ-পোছাক অলংকাৰ আদি পৰিধান কৰোৱাই চালি নৃত্যৰ প্ৰদৰ্শন কৰিছিল। আৰু তাৰ পৰাই চালি নাচৰ উৎপত্তি হৈছিল। As per Gurucharita katha, Madhavdeva made the Rangiyal Griha and composed this dance at Barpeta where the dancer were male in female costumes.

    চালি নৃত্যৰ সৃষ্টিৰ ক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱ কোচ ৰজাৰ ৰোষত পৰিবলগীয়া হৈছিল। উল্লেখযোগ্য যে যেতিয়া মাধৱদেৱে ল'ৰাক ছোৱালী সজাই ৰঙ্গিয়াল গৃহত এই নৃত্য কৰাইছিল, তেতিয়া ৰজাৰ কিছুমান লগুৱাই দেখা পাই ৰজাৰ আগত গোচৰ দিলেগৈ যে মাধৱদেৱে সত্ৰ অনুষ্ঠানত ছোৱালী নচোৱাই আছে।


    এই কথা শুনি ৰজাই সৈন্যসকলক পঠাই মাধৱদেৱৰ লগতে সকলোকে বন্দি কৰি লৈ যায়। ৰাজসভাত বিচাৰ হোৱাত ছোৱালী নহয়, ল'ৰা বুলি জনাত তেওঁলকক মুক্তি কৰি দিয়ে।


    চালি নৃত্যৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষাৰ হৰমোহন অধ্যায়ত উল্লেখ কৰিছে যে- পিন্ধি শাৰী খোন্টাজলি যেন মৌ'ৰা ধৰে চালি। অৰ্থাৎ সোকোমল, মধুৰ তথা লাস্য ধৰ্মী বৈশিষ্ট্য হৈছে এই চালি নাচৰ মূল ।


    চালি নৃত্যৰ মূল সম্পৰ্কে আকৌ কোৱা হয় যে নাৰদ মুনি বৈকুণ্ঠলৈ যাওতে ছালিক্য নৃত্য প্ৰদৰ্শন কৰিছিল। যৰ পৰা এই নৃত্য উৎপত্তি বুলি কোৱা হয়।


    তৃতীয়তে কোৱা হয় ভগৱান শিশু কৃষ্ণই বৃন্দাবনত গৰু চাৰোতে এই নৃত্য নাচিছিল।যৰ পৰা চালি নৃত্যৰ উৎপত্তি বুলি কোনো কোনো গ্ৰন্থত উল্লেখ পোৱা যায়।


    চালি নৃত্যৰ ভাগ সমূহ :

    সত্ৰীয়া পৰিৱেশ্য কলা চালি নৃত্যক সাধাৰণতে দুটা মূল ভাগত ভাগ কৰা হৈছে।যেনে শুদ্ধ চালি আৰু ৰজাঘৰীয়া চালি নৃত্য। শুদ্ধ চালি নৃত্যৰ আকৌ তিনিটা অংশত বিভক্ত । যেনে ৰামদানি অংশ, গীতৰ অংশ আৰু মেলা অংশ। আনহাতে, ৰজাঘৰীয়া চালি নৃত্যৰ কেৱল দুটা অংশত বিভক্ত কৰা হৈছে।যেনে ৰামদানি অংশ আৰু গীতৰ অংশ।Chali Nritya is divided into three parts Ramdani,Gitar and Mela Nach. Rajaghariya is divided into two parts like Ramdani and Gitar (songs).


    চালি নৃত্য সাংখ্যিক হিচাপে মুঠ ১২ খন।তাৰে ৮ খনক কোৱা হয় শুদ্ধ চালি আৰু ৪ খনক কোৱা হয় ৰজাঘৰীয়া চালি নৃত্য। The Chali Nritya has twelve Ramdani Part. Among them, eight are known as Suddha Chali nach and other four are known as Rajaghariya Chali Nritya.


    চালি নৃত্য সমূহৰ নাম :

    চালি নৃত্য সমূহৰ মুঠ ১২ খনৰে ৮ খনক চাৰিটা ভাগত নামাকৰণ কৰা হৈছে। সেই নাম সমূহ হৈছে ১ নং আৰু ২ নং চালি নৃত্য দুখনক কোৱা হয় হাজোৱলীয়া ৰামদানি। ৪ নং আৰু ৭ নং ৰামদানিক কোৱা হয় কলাকটীয়া ৰামদানি। ৫ নং আৰু ৬ নং ৰামদানিক কোৱা হয় সৰু ৰামদানি।শেষৰ ৩ নং আৰু ৮ নং ৰামদানিক কোৱা হয় বৰ ৰামদানি।


    আনহাতে, ৰজাঘৰীয়া চালি নৃত্য সমূহৰ প্ৰথম খনক কোৱা হয় চাৰিখনীয়া তালৰ বা মিশ্ৰ তালৰ ৰামদানি। দ্বিতীয় খনক কোৱা হয় যতি তালৰ ৰামদানি। তৃতীয় খনক কোৱা হয় চুতা তালৰ ৰামদানি আৰু শেষত চতুৰ্থ খনক কোৱা হয় ব্ৰক্ষ্ম তালৰ ৰামদানি।


    কোনো কোনো সত্ৰত হাজোত শিকি অনা কাৰনেই হাজোৱলীয়া ৰামদানি তথা মাধৱদেৱ কলাকটাত থাকোতে তৈয়াৰ কৰা নৃত্য কাৰনে কলাকটীয়া ৰামদানি বুলি কোৱা হয়।


    ৰামদানি, গীতৰ,মেলাত তালৰ প্ৰয়োগ :

    তালৰ প্ৰয়োগৰ ক্ষেত্ৰত চালি নৃত্যৰ  ৰামদানি অংশত থুকনি তাল,চুতা তাল বা এক তাল ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত চালি নৃত্যৰ দ্বিতীয় অংশ হ'ল গীতৰ ভাগ। গীতৰ লগত দুই ধৰণৰ তাল প্ৰয়োগ হয়। সেইয়া হৈছে এক তাল আৰু পৰি তাল। তৃতীয়তে, মেলা অংশত এক তাল বা চুতা তাল ব্যৱহাৰ কৰা হয়। চালি নৃত্যৰ গীতত  সাধাৰণতে বৰগীত আৰু অংকীয়া গীতত গোপীসকলৰ কাৰ্য আৰু ভাৱ অনুভূতিৰ প্ৰকাশক  গীত সমূহ গোৱা হয়।


    চালি নৃত্যৰ সাজ-পোছাক

    চালি নৃত্যৰ সাজ-পোছাক সাধাৰণতে মহিলাৰ দৰে।খোপা মূৰৰ ওপৰত বান্ধি ওৰণাৰে ঢাকি মূখখন উলিয়াই ঠুটৰিৰ তলত বতিয়াৰে বান্ধি লোৱা হয়। গীত বাজনা নৃত্য একেলগে শেষ হয়।


    শৰীৰৰ ওপৰ অংশত মখমলৰ চোলা।তাৰ ওপৰেদি দুই বাহুৰ ওপৰেদি পাছফাললৈকে পৰাকৈ দুটা দীঘল ফুলাম পটি।ককালৰ পৰা ভৰিলৈকে দীঘল লহঙা বা ঘুৰি।তাৰ ওপৰত ককালত ৰিহা আৰু দীঘল টঙালি ব্যৱহাৰ কৰা হয়।


    শুদ্ধ আৰু ৰজাঘৰীয়া চালি নৃত্যৰ পাৰ্থক্য :

    শুদ্ধ চালি নৃত্য আৰু ৰজাঘৰীয়া চালি নৃত্যৰ সাজ-পোছাক অলংকাৰ আদি সম্পূৰ্ণ একেই যদিও নাচৰ ক্ষেত্ৰত কিছুমান পাৰ্থক্য আছে।যেনে- 

    • শুদ্ধ চালি নৃত্যৰ গীতত ঘাটৰ অংশত মূখ্য সচাৰ নাচ নাচি বাকী গামান অংশত একেটা বোলতে নৃত্য নচাৰ পৰিবৰ্তে ৰজাঘৰীয়া চালি নৃত্যত গীতৰ আৰম্ভৰে পৰা একেলগে শেষ হয়।

    • দ্বিতীয়তে,চালি নাচৰ বোল সমূহৰ লগত ৰজাঘৰীয়া চালি নৃত্যৰ বোল সমূহ নিমিলে। চালি নৃত্যৰ ধে,দাও আদিৰ বাজনাৰ পৰিবৰ্তে ৰজাঘৰীয়া নাচত নৌ,দাং,তিন ইত্যাদি বোলৰ ব্যৱহাৰ কৰা হয়।

    • তৃতীয়তে, শুদ্ধ চালি নৃত্যৰ লগত ব্যৱহাৰ কৰা খোল বাদ্যৰ পৰিবৰ্তে ৰজাঘৰীয়া চালিত মৃদংগ ব্যৱহাৰ কৰা হয়। অৱশ্যে, আজিকালি খোলত নচোৱাও পৰিলক্ষিত হয়।

    • চতুৰ্থতে, শুদ্ধ চালি নৃত্যৰ গীত সমূহ মেলা ৰাগত পৰিবেশন কৰাৰ পৰিৱৰ্তে ৰজাঘৰীয়া চালি নৃত্যৰ গীত সমূহ বন্ধা ৰাগত পৰিবেশন কৰা হয়। সেই কাৰণে মূল ৰাগ তালৰ কেতিয়াবা কেতিয়াবা সলনি কৰিব লগীয়া হয়।


    আৰু পঢ়িব পাৰে- সত্ৰীয়া নৃত্য উৎপত্তি আৰু ক্ৰমবিকাশ।


    যেনে- ড° মহেশ্বৰ নেওগ আৰু কেশৱ চাংকাকতী দেৱৰ সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ তাল শীৰ্ষক গ্ৰন্থ খনিত উল্লেখ কৰা মতে  দেখু জগত গুৰু কানু আৱত গীতটি মালছিৰি ৰাগত ৰূপক তালত,বা জয়ছিৰি ৰাগত ৰূপগঞ্জল তালত,হৰিপদ পেখয়ে নপাৱলি মাই গীতটি পূৰ্বী ৰাগত সৰু বষম তালত গোৱা হয়।


    আনহাতে,এই সখী চলহু বহুৰি গৌৰী গোকুলে গোহাৰি গীতটি ব্ৰক্ষ্ম তালত তথা চিন্তিত গোপিনী পেখিয়ে নৈৰাশ চুতা তালত গোৱা হয়। ইয়াৰ উপৰিও ওৰে সখী পেখু পেখুৰে হামাৰি জীৱন কানু যতি তালত আৰু গোৱাৰিণী কৈছন কলঙ্ক হামাৰি চাৰিখনীয়া তালত গোৱা বা বজোৱা হয়।


    সামৰণি conclusion :

    সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্গত চালি নৃত্য তথা চালি নৃত্যৰ ভাগ সমূহ। Sattriya Nritya Chali নৃত্য সমূহ সত্ৰীয়া সংস্কৃতিৰ এক অন্যতম প্ৰধান লাস্য ধৰ্মী নৃত্য। After Mahapurusha Madhavdeva, one of his disciple Badola Padma aata continue to propagate the Sattriya culture.এনেদৰেই বদলা পদ্ম আতাই প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ পৰা এই চালি নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈ বৰ্তমান পৰিচয় গঢ়িবলৈ সক্ষম হৈছে।।

    ChaliNritya, SattriyaDance, চালিনৃত্য
    ফটো : বৃষ্টিনা,জাগ্ৰিতি আৰু জ্যোতিকা।

    আৰু পঢ়িব পাৰে- অসমৰ সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ।



    Comments

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

    অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...