সত্ৰ সংহতি আৰু চৈধ্য প্ৰসংগ
পৰিচয় :
সত্ৰ কাক বোলে? :
সত্ৰৰ বিভাজন আৰু সংহতি গঠন :
সংহতি কি বা সংহতি কাক বোলে বা সংহতিৰ অৰ্থ হৈছে যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ প্ৰয়াণৰ পাছত বিভিন্ন কাৰণত নৱবৈষ্ণৱ ধৰ্মৰ মূল গুৰি ধৰোতা সত্ৰ সমূহত বহুতো বেমেজালিৰ সৃষ্টি হয়।যাৰ ফলশ্ৰুতিত এই সত্ৰ সমূহ (৪)চাৰিটা গোট বা সংঘত বিভক্ত হয়। এই গোট বা সংঘ সমূহকেই সংহতি বোলা হয়।
এই চাৰিটা হ'ল-
১. | পুৰুষ সংহতি। |
২. | ব্ৰক্ষ্ম সংহতি। |
৩. | নিকা সংহতি। |
৪. | কাল সংহতি। |
(১). পুৰুষ সংহতি:
(২).ব্ৰক্ষ্ম সংহতি :
বৈষ্ণৱ ধৰ্মৰে পালিত দামোদৰ দেৱ আৰু বংশী গোপাল আতাৰ অনুগামী বা সৃষ্ট গোটটিয়েই হ'ল ব্ৰক্ষ্ম সংহতি।
(৩).নিকা সংহতি :
মহাপুৰুষ মাধৱদেৱৰ গাৰ বদলেৰে ধৰ্ম প্ৰচাৰ কৰা বদলা পদ্ম আতা আৰু মথুৰা দাস বুঢ়া আতা আদিৰ অনুগামী গোট সমূহেই হ'ল নিকা সংহতি।
(৪).কাল সংহতি :
ভৱানী পুৰীয়া গোপাল আতাৰ অনুগামী গোটটিয়েই হ'ল কাল সংহতি।
চৈধ্য প্ৰসংগ :
অসমৰ চাৰি সংহতিত বিভক্ত সত্ৰ সমূহৰ নীতি-নিয়ম সমূহ যদিও ভিন্ন ভিন্ন তথাপি কিন্তু লক্ষ্য একেটাই। সেইয়া হৈছে ভগৱানক উপাসনা কৰি জীৱকুলৰ মুক্তিৰ পথ প্ৰশস্ত কৰা। সেয়েহে,এই সত্ৰ সমূহত ভগৱানক উপাসনা কৰিবৰ বাবে চৈধ্য প্ৰসংগ নামেৰে চৈধ্যটা প্ৰসঙ্গেৰে দিনজোৰা কাৰ্য সদা সৰ্বদা পালন কৰি অহা হৈছে।এই চৈধ্যটা প্ৰসংগক , পুৱা প্ৰসংগ, বিয়লি প্ৰসংগ আৰু গধূলি প্ৰসংগ নামেৰে তিনি অংশত ভাগ কৰি মুঠ চৈধ্যটা স্যাংখিক ৰূপত কাৰ্যকৰী কৰা হয়। অসমৰ সত্ৰ সমূহত দিনজোৰা কাৰ্যসূচীৰে পালন কৰি অহা নিত্য নৈমিত্তিক চৈধ্য টি প্ৰসংগকে চৈধ্য প্ৰসংগ বুলি কোৱা হয়।
( প্ৰকাশযোগ্য যে,১৪ টি প্ৰসঙ্গৰ পৰিবৰ্তে ১৫,১৬ বা ততোধিক নোহোৱা কাৰণ হল যে -এই বিশ্বব্ৰহ্মাণ্ডৰ ১৪ লোক ভূ-মণ্ডলৰ যেনে- স্বৰ্গ লোক, ব্ৰক্ষ্ম লোক,শিৱ লোক, পিতৃ লোক ইত্যাদি আৰু তললৈ পাতাল,সুতলৈ ৰসাতল-তলাতল ইত্যাদি এই সকলৰ মঙ্গলৰ অৰ্থে ১৪ প্ৰসঙ্গ কৰা হয়।)।
পূৱা প্ৰসংগ সমূহ :
(২). ভটিমা :- পূৱা গীতৰ পাছতেই "প্ৰাতু সময়ে যশোৱা জননী "..... শীৰ্ষক বা তেনে অন্য ভটিমা গোৱা হয়।এই ভটিমা সত্ৰত প্ৰচলিত আন আন ভটিমাৰ দৰে সত্ৰৰ বালক ভকত সকলে নাগায়।এই ভটিমাক নামলগোৱা জনে অকলে গায়।এই ভটিমাৰ বিষয়বস্তু হল-কৃষ্ণ বলৰামক মাক যশোদাই দাম,সুদাম,বসুদাম আদি লগৰীয়াই মাতিছে, সেয়েহে উঠা দামুৰী বিলাকক লৈ বৃন্দাবনত চৰাবলৈ যোৱা ইত্যাদি।
(৩). উপদেশ:- উপদেশ শংকৰদেৱৰেই সৃষ্ট পদ্যৰ সদৃশ এবিধ ৰচনা। কেনেদৰে জীৱই হৰি ভকতিৰ দ্বাৰা মুক্তি লাভ কৰিব পাৰে,তাৰ উদাহৰণ স্বৰূপেই হ'ল উপদেশ।
(৪).নাম:- নামলগোৱাই ঘোষা গাই শেষ কৰিলেই পাঠকে পাঠৰ পৰা কীৰ্তন লগাই দিয়ে আৰু নামলগোৱা বা কীৰ্তন ঘৰত বহি থকা ভকত সকলে তাক দোহাৰি বা পুনৰাই গায়।এই কীৰ্তন শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তনৰ পৰা গোৱা হয়।
(৫).পাঠ:- কীৰ্তন বা নাম সামৰাৰ লগে লগে পাঠকে পাঠৰ পঢ়ে। শংকৰদেৱৰ দ্বাৰা পদবন্ধিত ভাগৱতৰ পৰা শ্যমন্ত হৰণ বা কংস বধ আদিক এক বিশেষ সুৰত অহিৰ ৰাগত এই পাঠ সমাপন কৰা হয়।
বিয়লি প্ৰসংগ সমূহ :
(৬).আগপাঠ (৭).শেহপাঠ :- এই দুইবিধ প্ৰসঙ্গতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পদ-ভাগৱত খনকে খণ্ড খণ্ড হিচাপে পাঠ বা পঢ়া হয়।
(৮). নাম :- এই নাম বিয়লি প্ৰসঙ্গ বা তিনি পৰৰ প্ৰসঙ্গ নামেৰেও জনা যায়।এই নাম বৰ চুটিকৈ গোৱা হয়। কোৱা হয়,ৰজাই নাম লোৱা শুনিলে ৰাজৰোষত পেলাই নচচা শূলত দিব বুলি ভয়তে লাহে লাহে চমূকৈ গাইছিল।যাৰ বাবেই অন্যবেলাৰ নামৰ তুলনাত এই নাম অতি চমু।
(৯). উপদেশ :-উপদেশ শংকৰদেৱৰেই সৃষ্ট পদ্যৰ সদৃশ এবিধ ৰচনা। কেনেদৰে জীৱই হৰি ভকতিৰ দ্বাৰা মুক্তি লাভ কৰিব পাৰে,তাৰ উদাহৰণ স্বৰূপেই হ'ল উপদেশ। গুৰুজনাই বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি তাৰ সাৰমম্ম খিনি লৈ ৰচনা কৰা বাণী।
গধূলিৰ প্ৰসংগ সমূহ :
(১০).ভটিমা :- গধূলি সত্ৰৰ সৰু সৰু বালক ভকত সকলে কীৰ্তন ঘৰত উত্তৰা- দক্ষিণাকৈ পথালিকৈ শাৰী পাতি পূৱ-মূৱাকৈ গুৰু আসনৰ দিশে বহি গুৰু ভটিমা,দেৱ ভটিমা, গুণমালা,লীলা মালা আদিক পদ্য আকাৰত এক বিশেষ সুৰত পৰিবেশন কৰে।
(১১).প্ৰসঙ্গ :-এই প্ৰসঙ্গ নাম প্ৰসঙ্গৰ দৰে বৰতাল লৈ কৰা প্ৰসঙ্গৰ বিপৰীতে খোল আৰু সৰু তালৰ সহযোগত কৰা দৈনন্দিন প্ৰসঙ্গ।এই প্ৰসঙ্গত এখন ধেমালী আৰু এটি গীত বহুতো তালৰ সহযোগত পৰিবেশন কৰা হয়।
(১২). নাম :- প্ৰসঙ্গৰ পাছতে নামলগোৱাই তাল বজাই সদায় নাম লোৱা এক নিত্যকম্ম। য'ত, কীৰ্তন ঘৰত উপবিষ্ট আন আন ভকত সকলে হাতেৰে চাপৰি বজায় গাই সহযোগ কৰে।
(১৩). কীৰ্তন:- পাঠকে এক বিশেষ ধৰণৰ সুৰত গোৱা কীৰ্তনৰ অংশ।
(১৪).পাঠ :- কীৰ্তন আৰু নামৰ শেষত পাঠকে পাঠ পঢ়ে। শংকৰদেৱৰ দ্বাৰা পদবন্ধিত ভাগৱতৰ পৰা শ্যমন্ত হৰণ বা কংস বধ আদিক এক বিশেষ সুৰত এই পাঠ কৰি দিনটোৰ চৈধ্য প্ৰসঙ্গৰ যৱনিকা পেলোৱা হয়।
অন্যান্য: উক্ত চৈধ্য প্ৰসঙ্গৰ বাদেও ভাদ মাহৰ গুৰু দুজনা আৰু বদলা পদ্ম আতাৰ তিথিত তিনিদিনীয়াকৈ বিভিন্ন সত্ৰীয়া নৃত্য, গীত, অংকীয়া ভাওনা ইত্যাদি পৰিবেশন কৰা হয়।
সামৰণি:
শ্ৰীমন্ত শঙ্কৰদেৱৰ সৃষ্টি একশৰণ ভাগৱতী নাম ধৰ্মৰ বাহক এই সত্ৰ সমূহে আজিও গুৰুজনাৰ আদৰ্শ আৰু নীতি নিয়ম শিৰোগত কৰি অসমীয়া সমাজত বৈষ্ণৱ ধৰ্ম (best religion in the world) আৰু আদৰ্শক জীয়াই ৰাখিবলৈ সক্ষম হৈছে।অসমীয়া জাতীয় জীৱনৰ শিৰৰ মুকুট স্বৰূপ এই সত্ৰ সমূহে অনাদি অনন্ত কাললৈ এনেদৰেই শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ সৃষ্টিৰাজিক বিশ্ববাসীৰ সন্মূখত পৰিচয় কৰাই আমাক অসমীয়া হিচাপে গৌৰৱ বঢ়াব যদিহে আমি সকলোৱে মিলি এই সত্ৰ সংহতি আৰু চৈধ্য প্ৰসংগ সমূহৰ সংৰক্ষণৰ ব্যৱস্থা কৰোঁ।নহ'লে ,কালৰ গতিত গুৰু জনা হেৰাই যোৱাৰ দৰে তাৰাৰ সৃষ্টিৰাজিৰ মাজত জীৱন্ত হৈ থকা সত্ৰ সমূহো এদিন নাইকীয়া হৈ যাব !!!!

Dhunia...
ReplyDeleteThank You For Your Beautiful Comment 😊
DeleteVaal lagil Pohi...
ReplyDeleteধুনীয়া 👌
ReplyDeleteThanks 🙏
Delete