পৰিচয় :
বৰগীত মানে কি ? :
বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।
অৰ্থাৎ বৰগীত কাক বোলে বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়।
বৰগীতৰ ভাষা :
ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নামৰ এক বিশেষ কৃত্ৰিম ভাষাই বৰগীত সমূহত মূখ্য স্হান লাভ কৰিছে। সেয়েহে,বৰগীতৰ ভাষা সম্পৰ্কত কব পাৰি যে হিন্দী,উড়িয়া, বঙালী, মৈথিলী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণৰ ফলত সৃষ্টি হোৱা ব্ৰজাৱলী ভাষাতেই বৰগীত ৰচনা হৈছিল।
বৰগীতৰ সংখ্যা :
সাংখ্যিক হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা হ'ল ২৪০ টা। কিন্তু বৰপেটা সত্ৰৰ কমলা গায়ন নামৰ ভকত জনাই আওৰাবলৈ নিয়াৰ পাছত বনপুৰা জুইত পোৰাৰ পাছত কেৱল মাত্ৰ ৩৪ টা বৰগীত থাকে। ইয়াৰ পাছত শংকৰদেৱে মনৰ দুখত আৰু বৰগীত ৰচনা নকৰি তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱক ৰচনা কৰিবলৈ কয়।গুৰু বাক্য পালন কৰি মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰে।
বৰগীতৰ ভাগ :
বৰগীত সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা ৰস আৰু ভাৱৰ ওপৰত নিৰিক্ষণ কৰিলে ইয়াক মুঠ ৬ টা ভাগত ভগাব পাৰি। সেই ভাগ সমূহ হৈছে-
১.লীলা।২.বিৰহ।৩.বিৰক্তি।৪.পৰমার্থ।৫.চৌয্য আৰু ৬.চাতুৰী।বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ
বৰগীতৰ বৈশিষ্ট্য :
- (১). বিষয়বস্তুৰ সংযমশীলতা, অৰ্থাৎ বৰগীত সমূহৰ বিষয় সমূহৰ মাজত ভক্তি ৰসক মূখ্য কৰি বিষ্ণুক উপাস্য দেৱতা হিচাপে দেখুওৱা বাদে ইয়াত অন্য বিষয়ক স্হান দিয়া হোৱা নাই।
- (২). ভাষাৰ ক্ষেত্ৰত সমসাময়িক সমাজ জীৱনত প্ৰচলিত ভাষাৰ বিপৰীতে মানুহৰ মনত আধ্যাত্মিক ভাৱ সঞ্চাৰ কৰিব পৰা কৃত্ৰিম ভাষা ব্ৰজাৱলী ভাষাত বৰগীত সমূহ ৰচনা কৰা হৈছে।
- (৩).সুৰৰ ক্ষেত্ৰত নিদিষ্ট ৰাগ-তাল ব্যৱহাৰ কৰি বৰগীত সমূহক ৰচনা কৰাৰ লগতে পৰিবেশন কৰিবলৈও নিদিষ্ট সুৰ বান্ধি দিয়া হৈছে।
- (৪). চৈধ্য প্ৰসংগত এই বৰগীত সমূহ বিভিন্ন ভাগত পৰিবেশন কৰিব পৰাকৈ সিবিলাকৰ স্হান নিৰূপণ কৰা বৰগীতৰ অন্যতম বৈশিষ্ট্য।
- (৫). দিনটোৰ সময় খিনিক বিভিন্ন ভাগত বিভক্ত কৰি কি কি বৰগীত কোন সময়ত পৰিবেশন কৰা হয় বা কৰিলে শুনিবলৈ শুৱলা হয় তাক সুন্দৰ ভাৱে বৰগীত সমূহৰ ৰচনাত দেখা পোৱা টো ইয়াৰ এক বিশেষ বৈশিষ্ট্য।
বৰগীতৰ লক্ষণ :
- বৰগীতত ব্যৱহাৰ কৰা ভাষা।যাক ব্ৰজাৱলী ভাষা বুলি কোৱা হয়।
- শাস্ত্ৰীয় ৰাগ তালৰ সমাহাৰ বৰগীতত দেখা পোৱা আন এটি লক্ষণ।
- ঈশ্বৰৰ মহাত্মা প্ৰকাশ।
- বৰগীতত উল্লেখ থকা সকলো ৰসৰ ওপৰত ভক্তি ৰসক মূখ্য স্হান দি ৰচনা কৰা বৰগীত সমূহৰ বিশেষ লক্ষণ।
- নামধৰ্ম প্ৰচাৰ কৰা ইয়াৰ আন এটি লক্ষণ।
- বৰগীত সমূহত মূখ্যত ভক্তি প্ৰকাশেই ইয়াৰ মূল লক্ষণ।
শংকৰদেৱৰ বৰগীতৰ বৈশিষ্ট্য :
মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য :
সামৰণি :
বিষয়বস্তুৰ মহত্ব,ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্যতা তথা কল্পনাৰ সংযমেৰে মহাপুৰুষ গুৰু দুজনাৰ দ্বাৰা ৰচিত বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ সমূহৰ বাবে এই গীত সমূহে সমসাময়িক আন আন শাস্ত্ৰীয় স্বৰযুক্ত গীত সমূহৰ পৰা পৃথক ৰূপত উপস্থাপিত হৈ উচ্চ আসন লাভ কৰিছে।যাৰ বাবে সাধাৰণ ভাৱে প্ৰচলিত গীত ৰ পৰিবৰ্তে বৰগীত ৰূপে খ্যাতি লভিবলৈ সক্ষম হৈছে।।
আৰু পঢ়িব পাৰে- অসমৰ লোক পৰিৱেশ্য কলা ওজাপালি।

সুন্দৰ,সচাই উপকৃত হলো.... ধন্যবাদ
ReplyDeleteসচাকৈ বহুত ভাল লাগিছে।।
ReplyDeleteধন্যবাদ.... আমাৰ লেখা সমূহৰ পৰা যদি উপকৃত হৈছে, তেন্তে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব... ধন্যবাদ 🤗
Deleteলিখনি খিনি পঢ়ি বহুত নজনা কথা জনিলোঁ । আগলৈ ও আশা থাকিল
ReplyDeleteধন্যবাদ.... আমাৰ লেখা সমূহৰ পৰা যদি উপকৃত হৈছে, তেন্তে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব... ধন্যবাদ 🤗
Deleteধন্যবাদ, আপোনালোকৰ সুন্দৰ মতামত সমূহৰ বাবে...🙏
ReplyDeleteসুন্দৰ লিখনি।ভাল লাগিল আৰু বহু উপকৃত হলো ।কৃষ্ণ
ReplyDeleteধন্যবাদ...পঢ়ি উপকৃত হ'লে বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব...🤗
ReplyDeleteবৰগীতত কি কি বাদ্য যন্ত্ৰ বজোৱা হয়
ReplyDeleteঅতি সুন্দৰকৈ ব্যাখ্যা
ReplyDeleteধন্যবাদ.... সুন্দৰ মন্তব্যৰ বাবে...✍️💝
Delete