Skip to main content

হাৰমনিয়াম বাদ্যযন্ত্ৰ । harmonium music for classical singing

হাৰমনিয়াম বাদ্যযন্ত্ৰ । harmonium music for classical singing

হাৰমনিয়াম বাদ্যযন্ত্ৰ । harmonium music হৈছে সংগীত শিক্ষাৰ্থী বা গান গোৱা শিল্পী সকলৰ বাবে এটি অপৰিহাৰ্য বাদ্যযন্ত্ৰ (musical instruments)। একোখন best harmonium হ'লে সংগীতৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত হাৰমনিয়ামৰ দ্বাৰা স্বৰ সমূহৰ অভ্যাস কৰিবলৈ শিক্ষাৰ্থী একোজনৰ যথেষ্ট সুবিধা হয়। বিশেষকৈ শাস্ত্ৰীয় গায়ন classical singing ৰ বাবে Indian classical vocalist সকলে এই হাৰমনিয়াম বাদ্যযন্ত্ৰৰ ব্যৱহাৰ কৰা দেখা যায়।


harmonium, harmoniumprice, harmoniumonline
          ফটো: সান্তনা ৰেগন (তিয়ক)।


হাৰমনিয়াম বাদ্যযন্ত্ৰত স্বৰৰ ভাগ :

হাৰমনিয়াম বাদ্যযন্ত্ৰৰ শিক্ষাৰ ক্ষেত্ৰত তিনিটা ভাগ থাকে।প্ৰথম ভাগটোক উদাৰা বা মন্দ্ৰ সপ্তক বোলা হয়। দ্বিতীয় ভাগ টোক মুদাৰা বা মধ্য সপ্তক বোলা বিপৰীতে তৃতীয় ভাগটোক কোৱা হয় তাৰ বা তাৰ সপ্তক। অৱশ্যে সকলো হাৰমনিয়াম তে এই তিনিটা সপ্তকৰ স্বৰৰ উপৰিও আৰু কিছুমান স্বৰ অতিৰিক্ত দিয়া থাকে।


হাৰমনিয়াম বাদ্যযন্ত্ৰৰ শিক্ষা :

আজিকালি harmonium online মাধ্যমেৰে ও শিক্ষা প্ৰদান কৰা দেখা যায়। কিন্তু মন কৰিবলগীয়া কথা এই যে শিক্ষা online বা offline যি মাধ্যমৰ জৰিয়তে নহওঁক কিয়,উপযোক্ত প্ৰণালীগত প্ৰশিক্ষণ নহ'লে কোনো শিক্ষা গ্ৰহণ কৰা সম্ভৱ নহয়।  vocal music classes ৰ বাবে হাৰমনিয়াম বাদ্যযন্ত্ৰৰ ব্যৱহাৰ অধিক প্ৰয়োজন হয়। হাৰমনিয়াম বাদ্যযন্ত্ৰৰ একোটা সপ্তকত সাত টাকৈ শুদ্ধ আৰু পাচ টাকৈ বিকৃত স্বৰ মুঠ ১২ টা স্বৰ থাকে। অৰ্থাৎ একোটা সপ্তকত সাতোটা শুদ্ধ স্বৰ যেনে- সা,ৰে,গ,ম,প,ধ,নি আৰু পাঁচোটা বিকৃত শুদ্ধ স্বৰ- ৰে (ৰে),কোমল গ (গ), তীব্ৰ ম (ম),কোমল ধ (ধ) আৰু কোমল নি (ন)। এইকেইটা স্বৰ লগ লাগি একোটা সপ্তক সম্পূৰ্ণ হয়।


উপৰোক্ত ভাৱে হাৰমনিয়ামত তিনিটা সপ্তকত শুদ্ধ আৰু বিকৃত মুঠ ১২ টাকৈ ৩৬ টা স্বৰ থাকে। মধ্য সপ্তকৰ স্বৰ সমূহৰ বাদে মন্দ্ৰ আৰু তাৰ সপ্তকৰ স্বৰ সমূহক লিখিত ভাৱে বুজাবলৈ বিন্দুৰ দৰে চিহ্ন দিয়া হয়।মন্দ্ৰ সপ্তকৰ স্বৰ বুজাবলৈ স্বৰৰ তলত এটা বিন্দু দিব লাগে।আৰু তাৰ সপ্তকৰ স্বৰ বুজাবলৈ স্বৰৰ ওপৰত এটা বিন্দু দিব লাগে।


আৰু পঢ়িব পাৰে- অসমৰ বাদ্যযন্ত্ৰ খোল বাদ্য শিক্ষা।


হাৰমনিয়াম কিবোর্ড প্ৰদ্ধতি :

হাৰমনিয়াম কিবোর্ড harmonium keyboard ত তিনিওটা সপ্তকৰ ক্ৰমগতি অনুযায়ী প্ৰথম বগা পৰ্দাটো 'সা',কাষৰ ক'লা পৰ্দাটো কোমল ৰে, তাৰ কাষৰ বগা পৰ্দাটো শুদ্ধ ৰে, তাৰ কাষৰ ক'লা পৰ্দাটো কোমল গ,তাৰ কাষৰ বগা পৰ্দাটো শুদ্ধ গ, তাৰ কাষৰ বগা পৰ্দাটো শুদ্ধ ম, ক'লা পৰ্দাটো তীব্ৰ ম,কাষৰ বগা পৰ্দাটো প, কাষৰ ক'লা পৰ্দাটো কোমল ধ,বগা পৰ্দাটো শুদ্ধ ধ, কাষৰ ক'লা পৰ্দাটো নি আৰু বগা পৰ্দাটো শুদ্ধ নি। শেষৰ নি পৰ্যন্ত একোটা সম্পূৰ্ণ সপ্তক। এনেদৰে তাৰ সপ্তকৰ 'সা' ৰ পৰা তাৰ সপ্তকৰ স্বৰ সমূহ ধ্বনিত হয়।


হিন্দুস্থানী আৰু পাশ্চাত্য সংগীত :

ভাৰতীয় হিন্দুস্থানী পদ্ধতিৰ Hindustani classical system লগত পাশ্চাত্য সংগীত western music ৰ western singing মিল আছে যদিও কিছু বিষয়ত অমিল দেখা নোপোৱাও নহয়। হাৰমনিয়াম পৰ্দা অনুসৰি পাশ্চাত্য স্বৰ সমূহ হ'ল C,D,E,F,G,A,B. আনহাতে, পাশ্চাত্য সংগীতত হাৰমনিয়ামৰ কলা পৰ্দাক sharp আৰু বগা পৰ্দাক flat বোলা হয়।


পাশ্চাত্য সংগীত পদ্ধতিমতে একোটা সপ্তকৰ ১২ টা স্বৰৰ স্হাপনা এনে ধৰণৰ- C,C sharp,D,D sharp,E, F,F sharp, G, G sharp, A, A sharp,B. আনহাতে ভাৰতীয় সংগীত Indian music পদ্ধতিমতে মন্দ্ৰ, মধ্য আৰু তাৰ এই তিনিটা সপ্তকৰ দৰে পাশ্চাত্য পদ্ধতিৰো তিনিটা Tone আছে। যেনে- Major Tone,Minor Tone আৰু Semi Tone ক্ষেত্ৰত ভাৰতীয় সংগীত পদ্ধতিৰ সৈতে পাশ্চাত্য সংগীতৰ স্বৰ স্হাপনৰ যথেষ্ট মিল আছে যদিও ব্যৱহাৰিক পদ্ধতি কিন্তু একে নহয়।



ভাৰতীয় পদ্ধতিত গায়ক-গায়িকা Singers সকলে নিজৰ কন্ঠ অনুসৰি যিকোনো  পৰ্দা এটিকেই 'সা' ৰূপে অৱলম্বন কৰি গাব পাৰে। অৱলম্বন কৰা 'সা' স্বৰটোক মধ্য সপ্তকৰ 'সা' ৰূপে গ্ৰহণ কৰি সেই অনুৰূপে পৰৱৰ্তী ৰে,গ,ম,প,ধ,নি আদি তিনিও সপ্তকত ব্যৱহাৰ কৰিব পাৰে। কিন্তু পাশ্চাত্য পদ্ধতিত western style ত নিদিষ্ট পৰ্দা সলনি নকৰে।



হাৰমনিয়ামত স্বৰৰ অনুশীলন :

সংগীত music সাধনা কৰি পৰিবেশন কৰিবলৈ হলে স্বৰৰ অনুশীলন কৰাটো অত্যন্ত আৱশ্যক। অন্যথা সাত স্বৰৰ সাধনা নকৰাকৈ কোনো গীত পৰিৱেশন কৰা সম্ভৱ নহয়। ভাৰতীয় সংগীতৰ সকলো প্ৰকাৰৰ সুৰৰ music tune ৰচনা এই স্বৰ সমূহৰ ওপৰত প্ৰতিষ্ঠিত।


লোক সংগীতৰ বা ধ্ৰুপদী সংগীতৰ ,যি ধাৰাৰ গায়ক নহওঁক কিয় স্বৰ সাধনাৰ অবিহনে কোনো আকৰ্ষনীয় সংগীত পৰিবেশন কৰিব নোৱাৰে। সেয়েহে একোজন সংগীত শিক্ষাৰ্থী music student ৰ প্ৰথম কৰ্তব্য হ'ল স্বৰ সমূহৰ শুদ্ধভাৱে অনুশীলন practice কৰা।



হাৰমনিয়াম বাদ্যযন্ত্ৰ । harmonium music for classical singing বাবে স্বৰ সাধনা কৰোঁতে শিক্ষাৰ্থী জনে প্ৰথমে নিজৰ বাদ্য যন্ত্ৰ হাৰমনিয়াম ত harmonium musical instrument ত সুবিধা অনুসৰি কোনো (সা) গ্ৰহণ কৰি স্পষ্ট, গম্ভীৰ তথা মধুৰ সুৰে উচ্চাৰণ কৰি ক্ৰমান্বয়ে ওপৰৰ সা লৈ আৰোহ আৰু তললৈ অৱৰোহ  কৰিব লাগে।।

আৰু পঢ়িব পাৰে- অসমৰ খোল বাদ্যৰ বিভিন্ন অংগ সমূহ।

Comments

Post a Comment

Most Popular

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...