Skip to main content

মাটি আখৰা সহিত সত্ৰীয়া নৃত্যৰ হস্ত । Mati Akhora

মাটি আখৰা সহিত সত্ৰীয়া নৃত্যৰ হস্ত । Mati Akhora

মাটি আখৰা সহিত সত্ৰীয়া নৃত্যৰ হস্ত Mati Akhora with hand gestures of Sattriya dance শীৰ্ষক এই লেখাটিত মাটি আখৰা কাক বোলে, সত্ৰীয়া নৃত্যৰ হস্ত সমূহ কি, এই সম্পৰ্কে আলোচনা কৰা হৈছে।

মাটি আখৰা মানে কি :

মাটি আখৰা mati akhora হৈছে সত্ৰীয়া নৃত্যৰ পূৰ্ব্ব পাঠ। অৰ্থাৎ, সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰাৰ পূৰ্বে শিক্ষাৰ্থী জনৰ শৰীৰ টিক নৃত্যৰ উপযোগী কৰি তুলিবৰ বাবে এই মাটি আখৰাৰ প্ৰশিক্ষণ training দিয়া হয়।যিদৰে, কোনো এটি ভাষাৰ শিক্ষাৰ বাবে ব্যাকৰণ জনাটো আৱশ্যক, ঠিক সেইদৰে সত্ৰীয়া নৃত্যৰ শিক্ষাৰ বাবেও মাটি আখৰা শিক্ষা লোৱাতো নিতান্তই প্ৰয়োজনীয়।
matiakhora,handgestures,মাটিআখৰা,হস্ত

মাটি আখৰা কাক বোলে:

মাটিক আলম হিচাপে লৈ শৰীৰৰ অংগ-প্ৰতংগ আৰু উপাঙ্গ সমূহৰ সঞ্চালন কৰি শৰীৰৰ শিথিলতাক দূৰ কৰি নৃত্যৰ উপযোগী কৰি তুলিবৰ বাবে সত্ৰীয়া নৃত্য শিক্ষাৰ পূৰ্বে যি সমূহ নৃত্য dance আৰু ব্যায়াম excercise ভঙ্গিমাৰ অভ্যাস practice (আখৰা)কৰা হয় তাকেই মাটি আখৰা বোলা হয়।


মাটি আখৰাৰ প্ৰকাৰ:

মাটি আখৰা সমূহক প্ৰধানকৈ দুটা অংশত two parts ভাগ কৰিব পাৰি। যেনে-নৃত্যৰ  ভঙ্গিমা অংশ আৰু ব্যায়াম ভঙ্গিমা অংশ। আনহাতে, এই দুই অংশক আকৌ ৮ টি ভাগত ভাগ কৰি সাংখিক হিচাপে ৬৪ টাত(কমলাবাৰী সত্ৰ মতে) বিভক্ত divide কৰা হৈছে।


মাটি আখৰাৰ প্ৰয়োজনীয়তা:

মাটি আখৰাৰ শিক্ষাৰ অবিহনে এজন বা একোগৰাকী নৃত্য শিল্পীৰ dance artist সত্ৰীয়া নৃত্যৰ বাবে শৰীৰ টি উপযোগী হৈ নুঠে আৰু শৰীৰৰ  শিঠিলতা দূৰ নহয়। সেয়েহে,সত্ৰীয়া নৃত্য শিক্ষাৰ প্ৰথমে মাটি আখৰা ৰ শিক্ষা গ্ৰহণ কৰা অতিকৈ প্ৰয়োজন।


মাটি আখৰা সমূহৰ নাম :

মাটি আখৰাৰ সংখ্যাৰ ক্ষেত্ৰত বা নামাকৰণৰ দিশত অসমৰ বিভিন্ন ঠাইত থকা মহাপুৰুষীয়া সত্ৰ সমূহত বেলেগ বেলেগ দেখা যায়। যেনে, কোনো কোনো ক্ষেত্ৰ বিশেষে এই সংখ্যা ১০০ ৰো অধিক দেখা পোৱা পৰিবৰ্তে মূল কমলাবাৰী সত্ৰৰ মতে কিন্তু মুঠ ৬৪ খনহে পোৱা গৈছে।সেই সমূহ হৈছে ক্ৰমে.................(১) পুৰুষ-প্ৰকৃতি ওৰা (২)ওৰাত বহা-উঠা (৩) ওৰা চতা (৪)বহা চতা (৫)উদ্ধ চতা (৬)মোৰোপা (৭)জলক (৮)ঠিয় মুৰুকা (৯)বহি মুৰুকা (১০)যাতনি (১১)চলনা (১২) পানী সিচা (১৩)ককিলাখোচা (১৪)হাড় ভঙা (১৫)হাত পকোৱা (১৬)পচলা তোলা (১৭)খহকি (১৮)ছত্ৰাৱলী(১৯)বাঘজাপ(২০)বেংজাপ আৰু


আৰু পঢ়িব পাৰে- সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য আৰু ইতিহাস।


(২১)কেটেলা (২২)চিটিকা (২৩)পদ চালনা (২৪)হাত-ভৰিৰ চালনা(২৫)শাৰীপাক(২৬)আকলপাক(২৭)গেৰিপাক(২৮)থিতা পাক(২৯)চেৰেকি পাক (৩০)কাতি পাক(৩১) টুকুৰা পাক(৩২)উধা চেৰেকি পাক (৩৩)উৰ পাক(৩৪)উৰ পাক টুকুৰা (৩৫)ঠেংমেলা টুকুৰা পাক(৩৬)ওৰাত জাপ(৩৭) পুৰুষ পাক(৩৮) প্ৰকৃতি পাক(৩৯) গেৰুৱা চোৱা (৪০)সন্মূখলৈ চতা (৪১)হাত সলোৱা (৪২)এটিয়া ভৰিৰ পাক(৪৩)বুকু চোৱা (৪৪)তিনিটিয়া জলক (৪৫)চাৰিটিয়া জলক (৪৬) সিংহ জলক (৪৭)আঠু লন (৪৮)ঠিয় লন (৪৯)ম'ৰাই পানী খোৱা (৫০)কাছ বান্ধ (৫১)কাছই পানী খোৱা (৫২)তমাল মোচৰা (৫৩)কামি টনা (৫৪)তেল টূপি(৫৫)চিৎখৰ (৫৬) কাতি খৰ (৫৭) যুৰীয়া কামি টনা (৫৮)লুটি খৰ(৫৯)তেৱাই (৬০)উদ্ধ লন (৬১)ফৰিং চিটিকা (৬২)সন্মূখলৈ জাপ(৬৩)আঠুৱা (৬৪)আঙঠা সৰকা.... ইত্যাদি।


সত্ৰীয়া নৃত্যৰ হস্ত মানে কি :

হস্ত hand gestures মানে হৈছে হাত।এই হাতৰ সহায়ত নৃত্য কাৰ একোজনে বিভিন্ন অৰ্থ প্ৰকাশ কৰিবলৈ যি সমূহ মূদ্ৰা অভিনয় acting বা নৃত্য dance ত ব্যৱহাৰ কৰে সেই  হস্ত সমূহকেই শাস্ত্ৰীয় নৃত্যত হস্ত বোলা হয়।


হস্ত সমূহৰ প্ৰকাৰ

সত্ৰীয়া নৃত্যত তিনি প্ৰকাৰৰ 3 types hand gestures হস্ত দেখা পোৱা যায়। যেনে, (১) সংযুক্ত হস্ত (২) অসংযুক্ত হস্ত আৰু (৩) নৃত্ত হস্ত।

শ্ৰীহস্তমুক্তাৱলীৰ  মতে ১৪ খন সংযুক্ত হস্ত,৩০খন অসংযুুক্ত হস্ত আৰু ২৭ খন নৃত্ত হস্ত।



১.সংযুক্ত হস্ত : 

নৃত্য বা অভিনয়ত দুয়ো খন হাত একেলগে একেসময়তে ব্যৱহাৰ কৰি দেখুওৱা হস্ত সমূহকে সংযুক্ত হস্ত বোলে। এই সংযুক্ত হস্ত মুঠ ১৪ খন (শ্ৰীহস্তমুক্তাৱলী)মতে।সেইসমূহ হৈছে ক্ৰমে----

(১) অঞ্জলি (২)কপোত(৩) স্বস্তিক (৪)নিষধ(৫)দোল(৬)পুষ্পপোট(৭)মকৰ(৮) গজদন্ত (৯)উৎসঙ্গ(১০)অৱহিথ(১১) বৰ্দ্ধমান (১২) কৰ্কট (১৩)মৰাল(১৪)খটকাবদ্ধমান।।


২.অসংযুক্ত হস্ত :

নৃত্য বা অভিনয়ত এখন হাতেৰে দেখুওৱা হস্ত সমূহকে অসংযুক্ত হস্ত বোলে। অসংযুক্ত হস্ত ৩০খন(শ্ৰীহস্তমুুক্তাৱলীৰ) according to srihastamuktavli মতে। সেইসমূহ হৈছে ক্ৰমে---

(১)পতাকা(২)পদ্মকোষ(৩)মুষ্টিক(৪)হংসমূখ(৫)অলপদ্ম(৬)ত্ৰিপতাক(৭)শিখৰ(৮)কত্তৰীমূখ(৯) অৰ্ধচন্দ্ৰ (১০)সপশিৰা(১১)সন্দংশ(১২)সূচীমূখ(১৩)শুকতুন্দ (১৪)কাঙ্গুল(১৫)অৰাল(১৬)খটকামূখ(১৭)উণ্ণনাভ(১৮)মৃগশীষ্(১৯)কপিথ (২০)চতুৰ (২১)মুকুল (২২)হংসমূখ(২৩)তাম্ৰচূড়(২৪)ভ্ৰমৰ (২৫)কদম্ব(২৬) কৃষ্ণসাৰমূখ(২৭)সিংহমূখ(২৮)ঘ্ৰোণিক(২৯)অন্কুশ(৩০) তন্তীমূখ।।


৩.নৃত্ত হস্ত :

নৃত্য কৰোঁতে ভাৱহীন ভাৱে ব্যৱহাৰ কৰি হস্ত  চালনা কৰাকে নৃৃত্ত হস্ত বোলা হয়। নৃত্ত হস্ত মুঠ ২৭ খন (শ্ৰীহস্তমুুক্তাৱলীৰ) মতে। সেইসমূহ হৈছে ক্ৰমে--

(১)কেশবন্ধ(২)নিতম্ব(৩)ৰেচিত(৪)অদ্ধৰেচিত (৫)চতুৰস্ৰ(৬)উদ্ধৃত্ত (৭)পল্লৱ(৮)পক্ষবন্চিত (৯)লতা(১০)নতমূখ(১১)স্বস্তিক(১২)বিপ্ৰকীণ্(১৩)আৱিদ্ধৱক্ত্ৰ(১৪)সুচ্যাস্য(১৫)অৰালখটকামূখ(১৬)বক্ষোমন্দলী(১৭)উৰপাশ্বাদ্ধমন্দলী(১৮)পাশ্বমন্দলী(১৯)উদ্ধমন্দলী(২০)মুষ্টিকস্বস্বিক(২১)পক্ষপ্ৰদ্যোতক(২২)কৰিহস্ত(২৩)দন্দপক্ষ(২৪)গৰুড়পক্ষ(২৫)অলপদ্মোন্নত(২৬)উত্তানৰেচিত আৰু (২৭)নলিনী পদ্মকোষ।


সামৰণি :

মাটি আখৰা সহিত সত্ৰীয়া নৃত্যৰ হস্ত Mati Akhora with hand gestures of Sattriya dance সত্ৰীয়া নৃত্যৰ প্ৰতি গৰাকী শিক্ষাৰ্থী student বা নৃত্য শিল্পীৰ dance artist বাবে অত্যন্ত আৱশ্যক। এই শিক্ষাৰ অবিহনে সত্ৰীয়া নৃত্যত সুনিপুন শিল্পী খিতাপ লাভ কৰাতো অসম্ভৱ। যিসকলে মাটি আখৰা আৰু হস্ত সমূহৰ প্ৰণালীবদ্ধ অধ্যয়ন কৰে, তেওঁলোকে এই সত্ৰীয়া সংস্কৃতিৰ দিশত অধিক জনপ্ৰিয়তা লাভ কৰে।।



Comments

Most Popular

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...