ৰাম বিজয় নাটক ও ৰাম বিজয় নাটকৰ কাহিনী তথা সংলাপ
ৰাম বিজয় নাটক :
ৰাম বিজয় নাটৰ উৎস :
ৰাম বিজয় নাটৰ কাহিনী :
সেয়েহে উপায়ন্তৰ হৈ দশৰথৰ পুত্ৰ ৰাম-লক্ষণক আনি যজ্ঞস্থলীত ৰাখি ৰাক্ষস সকলক বধ কৰাৰ লগতে যজ্ঞ সম্পূৰ্ণ কৰে। এনেতে ঋষিয়ে জনক জীয়ৰী জানকী অৰ্থাৎ সীতাৰ সয়ম্বৰৰ কথা উল্লেখ কৰি ৰাম-লক্ষণ দুয়োকে লগত লৈ জনকৰ ৰাজ সভাত উপস্থিত হয়।
সীতাৰ সয়ম্বৰ সভাত সকলো ৰজা মহাৰজাক পৰাস্ত কৰি ৰামচন্দ্ৰই হৰধনু ভঙ্গ কৰি সীতাক পত্নী হিচাপে লাভ কৰে। ৰজা জনকৰ পৰা বিদায় লৈ বিশ্বামিত্ৰ,ৰাম-লক্ষণ আৰু সীতা সহিত শিষ্য সকল পুনৰ অযোধ্যালৈ প্ৰত্যাগমণ কৰে। বাটতে মহাদেৱৰ একান্ত শিষ্য পৰশুৰামে সকলোকে আগচি ধৰে। আৰু গুৰুৱে অৰ্থাৎ মহেশে জণকক দিয়া হৰধনু ভঙ্গ কৰাত ক্ষুণ্ণ হৈ ৰামচন্দ্ৰক কাটিবলৈ উদ্যত হয়।
শিষ্যৰ প্ৰতি পৰশুৰামৰ এনে খং দেখি ঋষি বিশ্বামিত্ৰৰো খং উঠে আৰু ক্ৰোধৰ বশৱৰ্তী হৈ পৰশুৰামৰ লগত যুদ্ধ কৰে। কিন্তু পৰশুৰামৰ লগত যুদ্ধত হাৰ মানি বিশ্বামিত্ৰই প্ৰাণ ৰক্ষা কৰি পলাবলৈ ধৰে।
গুৰুৰ এনে দশা দেখি ৰামচন্দ্ৰই পৰশুৰামক বধ কৰাৰ নিমিত্তে ধনু টানিবলৈ ধৰে। তেতিয়া পৰশুৰামে বুজি পায় যে তেওঁ এই ৰামচন্দ্ৰ ৰেই অংশ অৱতাৰ। নিজৰ ভূল ক্ষমা বিচাৰি পৰশুৰামে কাকূতি কৰাত ৰামচন্দ্ৰ প্ৰভূৱে পৰশুৰামক কাটিবলৈ লোৱা আমোঘ বাণ নিক্ষেপ কৰি পৰশুৰামৰ স্বৰ্গ পথ কাটি পৰশুৰামক প্ৰাণ দান দিয়ে।
পৰশুৰামে আনন্দ মনেৰে নিজ ধামলৈ গমন কৰে আৰু ৰাম লক্ষণ সীতা সকলোৱে আনন্দ মনেৰে অযোধ্যালৈ যায়,হোমযজ্ঞাদি বিধি কম্ম সমাপন কৰি মণিময় গৃহত আনন্দ মনেৰে থাকিবলৈ লয়। আৰু এনেদৰেই ৰাম বিজয় নাটখনৰ কাহিনীভাগ যৱনিকা পৰে।
ৰাম বিজয় নাটৰ আন নাম :
আনহাতে,ৰাম বিজয় নাটক কোনে লিখিছিল বুলি ক'লে একে এষাৰতেই ক'ব পাৰি যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে তেখেতৰ জীৱনৰ শেষ বয়সত ৰামায়ন কেন্দ্ৰিক এই ৰাম বিজয় নাটক লিখিছিল। সেয়েহে,ৰাম বিজয় নাটকক শংকৰদেৱৰ নুমলীয়া বা সকলোতকৈ শেহতীয়া নাটক হিচাপেও জনা যায়।
ৰাম বিজয় নাটৰ গীত ভটিমা শ্লোকৰ সংখ্যা :
ৰাম বিজয় নাটৰ ৰামৰ চৰিত্ৰ :
ঋষি বিশ্বামিত্ৰৰ আহ্বান ক্ৰমে তাৰকা,মাৰিছ,সুবাহু আদি ৰাক্ষস গনক নিধন কৰি, গুৰুৰ আজ্ঞা পালন কৰিছে। ইয়াৰ পাছত গুৰুৰ কথা মতেই জণক ৰজাৰ জীয়ৰী সীতাৰ সয়ম্বৰত উপস্থিত হৈ বিদ্ৰোহী ৰজা সকলক যুদ্ধত পৰাজিত কৰি সীতাক পত্নী ৰূপে লাভ কৰিছে।
অৱশেষত,অৱতাৰী পুৰুষ পৰশুৰামকো পৰাস্ত কৰি , সীতা সহিতে অয্যোধালৈ গমণ কৰিছে। আৰু মণিময় গৃহত সীতাৰ লগত আনন্দ উৎসৱ কৰি বিধিসন্মত ভাৱে বিবাহ কাৰ্য্য সম্পাদন কৰিছে।
আৰু পঢ়িব পাৰে- শংকৰ-মাধৱৰ অংকীয়া নাটৰ বৈশিষ্ট্য।
নাট্যকাৰ শংকৰদেৱে ৰামক ভগৱানৰ অৱতাৰ হিচাপে দশাই মানৱী লীলা জগতত কি দৰে প্ৰচাৰ কৰিছে তথা সেই ভগৱান ৰামচন্দ্ৰৰ হাতে দুষ্ট সকলৰ কি দৰে মুক্তি সাধন হৈছে,তাক সুন্দৰ ভাৱে ফুটাই তুলিছে।
লগতে, মনুষ্য জাতিয়ে কেনেকৈ সেই ৰাম নামক স্মৰণ কৰি নিজৰ মুক্তিৰ পথ সুগম কৰিব পাৰে,সেইয়াও ভগৱান ৰামৰ চৰিত্ৰ টিৰ মাধ্যমেৰে গুৰুজনাই প্ৰকাশ কৰিবলৈ সক্ষম হৈছে।
সীতাৰ চৰিত্ৰ :
সীতাৰ চৰিত্ৰ টিৰ যোগেদি দেখা যায় যে যদি একান্ত চিত্তে ভগৱানক আৰাধনা কৰা হয়, তেতিয়া হাজাৰ বাধা নেওচি হ'লেও ঈশ্বৰে তেওঁৰ মনোবাঞ্ছা পূৰ্ণ কৰি উদ্ধাৰ কৰে।
কলিত মানৱ জাতিৰ মুক্তি পথ দেখুৱাবলৈ সীতাৰ সেই ভক্তি তথা সিদ্ধী লাভ নাট্যকাৰ শংকৰদেৱে যেন ৰাম বিজয় নাটত সীতা চৰিত্ৰ টিৰ মাধ্যমেৰে প্ৰদৰ্শন কৰিছে।
ৰাম বিজয় নাটকৰ সংলাপ :
নাট খনিত সব্বমূঠ ৫৯ টা সংলাপ চৰিত্ৰ সমূহৰ মাজত দেখা যায়। ইয়াৰ ভিতৰত সীতা,বিশ্বামিত্ৰ, ৰামচন্দ্ৰৰ সংলাপ বেছিকৈ দিয়া হৈছে। অন্যান্য চৰিত্ৰ সমূহৰ ক্ষেত্ৰত কেৱল মাত্ৰ সংলাপ দি নাটকীয় কাহিনী আগুৱাই নিয়া হৈছে।
আৰু পঢ়িব পাৰে- অভিনয় প্ৰকাৰ সহ প্ৰয়োগ।
যিহেতু, অংকীয়া নাটৰ বৈশিষ্ট্য হৈছে সব্বাধিক সূত্ৰ প্ৰয়োগ।যাৰ দ্বাৰা নাটৰ কাহিনীক আগবঢ়াই নিয়া হয়।ৰাম বিজয় নাটকতো সূত্ৰৰ দ্বাৰাই কাহিনী সঞ্চাৰ কৰি, সীমিত সংলাপ নিক্ষেপনেৰে নাটক খনি সম্পূৰ্ণ কৰা দেখা যায়।
নাট খনিৰ সংলাপৰ ক্ষেত্ৰত আৰম্ভণিতে সীতাৰ সখী কণকাৱতীৰ মুখেৰে- আহে সখী,তোহো ৰাজ নন্দিনী।কোন সম্পত্তি নাহি থিক।কি নিমিত্তে তোহো বাৰম্বাৰ বিলাপ কৰহ।প্ৰাণ সখী হামাক শপত,তোহাৰি পাৱে লাগো।সত্বৰে হামাত বাত কহ... বুলি সংলাপৰ দ্বাৰা আৰম্ভ হৈছে।
আনহাতে, সংলাপৰ ক্ষেত্ৰত নাটৰ শেষত পৰশুৰামৰ মুখেৰে- হে বাপ।তোহাৰি প্ৰসাদে আজু প্ৰাণ ৰহল।আ পুনৰবাৰ উপজলো... সংলাপৰ দ্বাৰা ৰাম বিজয় নাটকৰ সংলাপ সামৰণি পৰিছে।
সামৰণি :
ফটো : অনিন্দিতা,ববিতা আৰু প্ৰিয়ংকা, তিতাবৰ। |

Comments
Post a Comment