Skip to main content

Taal । Rhythm in Sattriya সত্ৰীয়া তাল সমূহৰ প্ৰকাৰ ।

Taal । Rhythm in Sattriya সত্ৰীয়া তাল সমূহৰ প্ৰকাৰ । 
সত্ৰীয়াতাল,তাল
ফটো: জিতুমণি শইকীয়া (তিতাবৰ)।


তাল হৈছে গায়ন,বাদন আৰু নৃত্যৰ লগত ব্যৱহাৰ কৰা এবিধ instrument বাদ্যযন্ত্ৰ।যাক বাদ্যযন্ত্ৰ সমূহৰ চাৰি ভাগত বিভক্ত কৰা ঘন বাদ্য শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়।Taal । Rhythm in Sattriya সত্ৰীয়া তাল সমূহৰ প্ৰকাৰ শীৰ্ষক এই লেখাটিত সত্ৰীয়া সংগীতৰ Sattriya music taal তালৰ বিষয়ে অৱগত কৰা হৈছে।


তালৰ সংজ্ঞা আৰু তালৰ সৃষ্টি :

তালৰ সংজ্ঞা বুলিলে ক'ব পাৰি যে যি সশব্দ আৰু নিশব্দ ক্ৰিয়াৰ দ্বাৰা গীত, বাদ্য আৰু নৃত্যক নিদিষ্ট মাপকাঠিত বন্ধা হয়, তাকেই তাল taal বোলে।তাল সংগীতৰ প্ৰাণ স্বৰূপ।সংগীতৰত্নাকৰৰ মতে তাল হীন সংগীত নাক হীন মুখৰ দৰে। তালমঞ্জৰী পুথিৰ মতে শিৱৰ তাণ্ডৱৰ পৰা আদি অক্ষৰ 'তা' আৰু পাৰ্বতীৰ লাস্যৰ পৰা 'ল' অক্ষৰ লৈ তাল শব্দৰ সৃষ্টি হৈছে। সেয়েহে শিৱ-পাৰ্বতী কেই  তালৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়।

তালৰ দশ প্ৰাণ :

তালৰ ক্ষেত্ৰত শাস্ত্ৰকাৰ সকলে দহ প্ৰকাৰৰ ten types বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে। যাক সংগীত মকৰন্দই তালৰ দশ প্ৰাণ হিচাপে আখ্যায়িত কৰিছে। তালৰ সেই দশ প্ৰাণ হৈছে- কাল,মাৰ্গ, ক্ৰিড়া,অংগ,জাতি,কলা,লয়,যতি আৰু প্ৰস্তাৰ।

তালত অন্তৰ্নিহিত অংগ সমূহ :

একোখন তালত বহু কেইটা অংগ অন্তৰ্ভুক্ত হৈ থাকে। সেই অংগ সমূহৰ দ্বাৰা একোখন তাল সম্পূৰ্ণ ৰূপত প্ৰকাশ পায়। যি সমূহ অংগ হৈছে- অনুদ্ৰুত, দ্ৰুত,লঘু, গুৰু,প্লুত আৰু কাকপদ ।এই সমূহৰ শুদ্ধ প্ৰয়োগৰ অবিহনে একোখন তাল গঠন বা সৃষ্টি হ'ব নোৱাৰে।

মাত্ৰা তালি খালি আৰু বিভাগ :

তাল taal এখন বজাওতে মাত্ৰা,তালি,খালি আৰু বিভাগ সমূহৰ সম্পৰ্কত জ্ঞান থকাটো দৰকাৰ। যিহেতু, এই সমূহৰ অবিহনে কোনো এখন তাল শুদ্ধ ৰূপত বজোৱা সম্ভৱ নহয়।
  • মাত্ৰা : নিদিষ্ট এখন তালৰ সৰু সৰু সমান সমান অংশকেই মাত্ৰা বোলা হয়। মাত্ৰা য়েই তালৰ মূখ্য অংশ।যাৰ সহায়ত তালৰ সৃষ্টি হয়।
  • তালি : তাল এখন বজাওতে বা পৰিবেশন কৰোঁতে যি অংশত যেতিয়া হাতেৰে চাপৰি বজোৱা হয়, তেতিয়া তাকেই বা সেই অংশকেই তালি বোলা হয়।
  • খালি : তাল এখন বজাওতে বা পৰিবেশন কৰোঁতে যি অংশত যেতিয়া হাতৰ চাপৰি বজোৱা নহয়, কিন্তু হাত খনৰ দ্বাৰা বিশেষ ইঙ্গিত দিয়া হয়, তেতিয়া তাকেই বা সেই অংশকেই খালি বোলা হয়।
  • বিভাগ : প্ৰতিখন তালক সৰু বৰ হিচাপে কিছুমান ভাগত ভাগ কৰা হয়। এই ভাগ সমূহকেই বিভাগ বোলে।

তালৰ যতি :

লয়ৰ গতিক যতি বোলা হয়। এই যতি তালত পাচ প্ৰকাৰৰ থাকে।যেনে- সম যতি,মৃদংগা যতি, শ্ৰোতা যতি,পিপীলিকা যতি আৰু গোপুচ্ছা যতি।
  • সম যতি : যেতিয়া কোনো বোল বা বাজনা প্ৰথম, মধ্য আৰু অন্ত অংশ সমান গতিৰ লয়যুক্ত হ'লে তাকে সম যতি বোলে।
  • মৃদংগা যতি : তাল এখন যেতিয়া প্ৰথম আৰু শেষ অংশত দ্ৰুত লয়ত আৰু মধ্য অংশত বিলম্বিত লয়ত গতি কৰে তেতিয়া তাকেই মৃদংগা যতি বোলে।
  • শ্ৰোতা যতি : তাল এখন আৰম্ভণিতে বিলম্বিত আৰু মধ্য তথা শেষান্তৰত দ্ৰুত গতিত চলিলে তেতিয়া তাকেই শ্ৰোতা যতি বোলা হয়।
  • পিপীলিকা যতি : প্ৰথম অংশত বিলম্বিত বা মধ্য লয়,মাজৰ অংশত দ্ৰুত তথা শেষ অংশত বিলম্বিত বা মধ্য লয় হ'লে তাকেই পিপীলিকা যতি বোলে।
  • গোপুচ্ছা যতি : তাল এখন বা বোল সমূহৰ আৰম্ভণিতে দ্ৰুত আৰু মধ্য তথা শেষান্তৰ ফালে বিলম্বিত লয় হ'লে তাকেই গোপুচ্ছা যতি বোলা হয়।

তালৰ লয় সমূহ :

সঙ্গীতৰ music সময়ৰ সমান গতিকে লয় বোলা হয়। এই লয় একোখন তালত তিনি প্ৰকাৰৰ দেখা যায়।যেনে- বিলম্বিত লয়, মধ্য লয় আৰু দ্ৰুত লয়।
  • বিলম্বিত লয়: যি লয় মন্হৰ বা লাহে লাহে চলে তাকেই বিলম্বিত লয় বোলে।
  • মধ্য লয় : সংগীতত যি লয় বিলম্বিত আৰু দ্ৰুত লয়ৰ মাজত মধ্যম গতিত চলে তাকে মধ্য লয় বোলে।
  • দ্ৰুত লয় : যি লয় খৰকৈ দ্ৰুত বেগত সংগীতৰ লগত চলে তাকেই দ্ৰুত লয় বোলা হয়।


তালৰ জাতি :

কোনো এখন তালৰ প্ৰথম বিভাগত থকা মাত্ৰাৰ সংখ্যাৰ ওপৰত সেই বোল সমূহৰ জাতি নিৰূপণ কৰা হয়। জাতিৰ ক্ষেত্ৰত তালৰ জাতি ৫ প্ৰকাৰৰ দেখা পোৱা যায়। সেই সমূহ হ'ল- তিশ্ৰজাতি,চতুশ্ৰজাতি, খণ্ডজাতি, মিশ্ৰজাতি আৰু সংকীৰ্ণজাতি।

  • তিশ্ৰজাতি : কোনো এখন তালৰ প্ৰথম ভাগত তিনি মাত্ৰা থাকিলে ,তাকে তিশ্ৰজাতি বোলে।যেনে- ধেখিতি-তাখিতি।
  • চতুৰশ্ৰজাতি : যি তালৰ প্ৰথম ভাগত চাৰিটাকৈ মাত্ৰা থাকে,তাক চতুৰশ্ৰজাতি বোলে।যেনে- ধগিতিতা-খিতিতানি।
  • মিশ্ৰজাতি : তালৰ প্ৰথম আৰু দ্বিতীয় ভাগত সাত মাত্ৰাৰে গঠিত হ'লে তাক মিশ্ৰজাতি বোলা হয়।যেনে- ধগিতা ধগাতিখ্ৰা।
  • খণ্ডজাতি : পাঁচটা মাত্ৰা বা বোলৰ দ্বাৰা গঠিত তালক খণ্ডজাতি বোলা হয়।
  • সংকীৰ্ণজাতি : ন মাত্ৰা বা ন'টা বোলেৰে গঠিত তালৰ প্ৰথম ভাগক সংকীৰ্ণজাতি বোলে।


সত্ৰীয়া সংগীতত  তালৰ ভাগ বা প্ৰকাৰ :

সত্ৰীয়া সংগীতত তাল সমূহক তিনিটা মূখ্য ভাগত বা প্ৰকাৰত ভাগ কৰা হৈছে।প্ৰথম ভাগ টিক কোৱা হয় গা-মান, দ্বিতীয় টি হ'ল ঘাট আৰু তৃতীয়টো হৈছে চোক। অৱশ্যে কিছু কিছু তালত তৃতীয় ভাগটো যেনে চোক ৰ প্ৰয়োগ নাথাকে।

  • গা-মান : একোখন তালৰ সময়, খণ্ড, চাপৰি বা তালি আৰু খালি অনুসৰি বাদ্যযন্ত্ৰত বজোৱা বুজাবলৈ যি সমূহ বোল বা বাজনা থাকে, তাকেই গা-মান বোলে।
  • ঘাট : তাল সমূহৰ গা-মান বাজনাৰ পাছত বজোৱা নিদিষ্ট বোল সমূহক ঘাট বোলা হয়।
  • চোক : তাল সমূহৰ গা-মান আৰু ঘাটৰ বাজনাৰ শেষত দ্ৰুত গতিত ঘুৰাই ঘুৰাই চক্ৰাকাৰে একেটি বোলৰ সংগঠনক বহু বাৰ বজোৱা বোলকেই চোক বোলা হয়।

সত্ৰীয়া সংগীতৰ তাল সমূহৰ ব্যৱহাৰ :

সত্ৰীয়া সংগীতত ৩৬ খন তাল আছে। সেই সমূহৰ ব্যৱহাৰ কৰা বিধিও বেলেগ বেলেগ।যেনে বৰগীত সমূহৰ লগত প্ৰচলিত সকলো তাল নৃত্যৰ লগত ব্যৱহাৰ কৰা নহয়। নৃত্যত সাধাৰণতে থুকনি তাল,চুতা তাল আৰু এক তাল বেছিকৈ প্ৰয়োগ হয়। কেতিয়াবা কেতিয়াবা ৰজাঘৰীয়া চালি নাছৰ গীতৰ অংশত আৰু নাদুভংগী,বাহাৰ নৃত্য তথা ঝুমুৰা নৃত্যৰ গীতাংশ আৰু মেলা অংশত ৰূপক তাল,সৰু বিষম,বৰ বিষম,ৰূপগঞ্জল,ব্ৰক্ষ তাল ইত্যাদি সমূহৰ প্ৰয়োগ কৰা দেখা যায়।

তাল সমূহৰ নাম :

সত্ৰীয়া সংগীতৰ তাল সমূহৰ নাম হৈছে ক্ৰমে- এক তাল,চুতা তাল,থুকনি তাল,ৰূপক তাল,পৰি তাল,সৰু বিষম তাল,ধৰম যতি তাল,যতি তাল,মাঠ যতি তাল,বৰ বিষম তাল,ঊনযতি তাল,খন যতি তাল, মেলা যতি তাল,ৰূপগঞ্জল তাল,দোৱাজ তাল,থাক তাল,খৰমান তাল,বিৰূপ তাল,দোমানি তাল,আচতলা তাল,ৰক্ত তাল,ব্ৰক্ষ তাল,চুটকলা তাল ইত্যাদি।

এই তাল সমূহৰ মাত্ৰা,তালি,খালি, বিভাগ সুকীয়া সুকীয়া।যেনে- ৰূপক তাল খনৰ মাত্ৰা-১২,তালি-৪,খালি-২, বিভাগ-৬ । আনহাতে,
পৰি তালৰ মাত্ৰা-২১,তালি-৬,খালি-৩,বিভাগ-৯ ইত্যাদি।

উপসংহাৰ :

তাল হৈছে সংগীতৰ প্ৰাণ।যি দৰে প্ৰাণ হীন শৰীৰ অচল,ঠিক সেইদৰে তাল হীন সংগীতো অচল। গতিকে, সংগীতৰ শিক্ষা গ্ৰহণ কৰোঁতে তালৰ প্ৰতি ধ্যান দিয়াতো অত্যন্ত আৱশ্যক। নহ'লে সংগীত শিক্ষা সম্পূৰ্ণ হোৱাৰ পৰিবৰ্তে অপূৰ্ণ হৈ থাকিব। সত্ৰীয়া সংগীতৰ অন্তৰ্গত Taal । Rhythm in Sattriya সত্ৰীয়া তাল সমূহৰ প্ৰকাৰ সমূহ ভালদৰে নাজানিলে এই সংগীতৰ সাধনা সম্ভৱ নহয়।

Comments

Most Popular

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য

অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য পৰিচয়  :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট একক অংক বিশিষ্ট অংকীয়া নাটৰ বৈশিষ্ট্য আৰু উদ্দেশ্য  ৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বে আমি জানিব লাগিব  অংকীয়া নাটৰ উৎস   সম্পৰ্কে। আমি সকলোৱেই জানো যে অসমীয়া সমাজ জীৱনলৈ বা  অসমীয়া সংস্কৃতি  লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান হ'ল অংকীয়া নাট । এই অংকীয়া নাটৰ পৰাই শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰোত্তৰ যুগ তথা বৰ্তমান আধুনিক যুগলৈকে  অসমৰ ভাওনা  সংস্কৃতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে। সূচী পত্ৰ অংকীয়া নাটৰ উৎস  :  অংকীয়া নাটৰ উৎস হিচাপে কবলৈ গলে চিহ্নযাত্ৰাৰ কথা উনুকিয়াব লাগিব। কাৰন  চিহ্নযাত্ৰা  য়েই হ'ল অংকীয়া নাটৰ উৎস বা মূল গুৰি।  এই চিহ্নযাত্ৰা নাট্যাভিনয়ৰ দ্বাৰা গুৰু জনাই সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট অংকন কৰি জনসাধাৰণক ঈশ্বৰৰ লীলা মাহাত্ম্য দৰ্শন কৰোৱাৰ লগতে ভক্তিৰ নিজৰা বোৱাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিত্ৰ পট অংকন কৰা কষ্টকৰ আৰু ব্যয়বহুল হোৱাত নৃত্য গীত, সংলাপ সমৃদ্ধ কাহিনীৰে যি এক প্ৰকাৰৰ নাটৰ সৃষ্টি কৰে,...