ভাওনাৰ অগ্নিগড় ফটো : প্ৰিয়ানুজ ফুকন। পৰিচয় : ভাওনাৰ অগ্নিগড় হৈছে অসমীয়া ভাওনা ত ব্যৱহৃত এবিধ পাৰম্পৰিক ভাওনাৰ আহিলা। ভাওনা স্হলীত অভিনয় কৰা ভাও-ভাৱৰীয়া সকল অভিনয় স্হলীত প্ৰৱেশ কৰিবলৈ এই অগ্নিগড়ৰ তলেৰে আহিব লাগে। সেয়েহে ভাওনাত অগ্নিগড়ৰ ব্যৱহাৰ অতি মহত্বপূৰ্ণ।এই আলোচনাটিত অগ্নিগড় সম্পৰ্কে আলোচনা কৰা হৈছে। অগ্নিগড় মানে কি : ভাওনা স্হলীত কোনো ধৰণৰ বাধা বিঘিনি ইত্যাদি প্ৰৱেশ কৰিব নোৱাৰাকৈ ধেনুভিৰিয়াকৈ এক বিশেষ প্ৰকাৰৰ কাঠ বা বাঁহৰ দ্বাৰা তৈয়াৰী অগ্নি শিখাই হৈছে অগ্নিগড় ।এই অগ্নিগড়ৰ আন এটি মূখ্য কাম হৈছে ভাওনা স্হলীত পোহৰ বিলোৱা। অগ্নিগড় শব্দটিৰ অৰ্থ হৈছে অগ্নি বা জুইয়ে আবৃত এক বিশেষ প্ৰকাৰৰ গড়। আৰু পঢ়িব পাৰে- অংকীয়া ভাওনাৰ সূত্ৰধাৰ নৃত্য। অগ্নিগড় নিৰ্মান ব্যৱস্থা : সাধাৰণতে অগ্নিগড় নিৰ্মান কৰিবলৈ কাঠ আৰু বাঁহৰ ব্যৱহাৰ কৰা হয়। অৱশ্যে বৰ্তমান কোনো কোনো ঠাইত লো আদিৰো ব্যৱহাৰ কৰি এই অগ্নিগড় নিৰ্মান কৰা দেখা যায়।কাঠ, বাঁহ বা লোৰ ধেনুভিৰিয়াকৈ ভাজ কৰি দুই মূৰ দুফালে দুটা খুটাৰ লগত সংযোগ কৰা হয়। দুফালে দুই মূৰে দুটা মগৰৰ আকৃতি অংকন বা গঢ়ি তোলা হয়। ইয়াৰ লগ...