Skip to main content

অসমৰ সত্ৰীয়া নৃত্য পৰম্পৰাগত হস্ত

অসমৰ সত্ৰীয়া নৃত্য পৰম্পৰাগত হস্ত

সত্ৰীয়ানৃত্যৰহস্ত,শাস্ত্ৰীয় নৃত্যৰহস্ত,সত্ৰীয়াসংস্কৃতি
ফটো : জিতুমণি শইকীয়া, তিতাবৰ।

অসমৰ সত্ৰীয়া নৃত্য পৰম্পৰাগত হস্ত traditional hand gestures of Sattriya dance of Assam সমূহৰ বিষয়ক এই আলোচনাটিত  অসমৰ সংগীত আৰু নৃত্য সমূহৰ ভিতৰত শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃত সত্ৰীয়া নৃত্যৰ হস্ত আৰু ইয়াত অন্তৰ্নিহিত হৈ থকা পৰম্পৰাগত বা থলুৱা হস্ত সমূহে কিদৰে অসমৰ পৰিৱেশ্য কলা সত্ৰীয়া নৃত্যত স্হান লাভ কৰিছে। আৰু এই অসমৰ নৃত্য টিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে সেই বিষয়ে আমি জানিব পাৰিম।

সত্ৰীয়া নৃত্যৰ হস্ত  :

সত্ৰীয়া নৃত্যৰ হস্ত সমূহৰ ওপৰত বিশ্লেষণ কৰিলে দেখা পোৱা যায় যে,এই নৃত্য ধাৰাতিৰ হস্ত প্ৰয়োগৰ ক্ষেত্ৰত ২ টা আধাৰ জড়িত। প্ৰথম টি আধাৰক শাস্ত্ৰ আধাৰিত হস্ত আৰু দ্বিতীয় টিক পৰম্পৰাগত বা থলুৱা আধাৰিত হস্ত হিচাপে কব পাৰি।

    শাস্ত্ৰ আধাৰিত হস্ত  : 

    যি কোনো শাস্ত্ৰীয় নৃত্যত অন্তৰ্নিহিত হৈ থকা যি সমূহ হস্তৰ নাম বা বৰ্ণনা কোনো শাস্ত্ৰৰ অন্তৰ্ভুক্ত , সেই হস্ত সমূহকেই শাস্ত্ৰ আধাৰিত হস্ত বোলা হয়।

    পৰম্পৰাগত হস্ত  : 

    যি সমূহ হস্তৰ নাম বা বৰ্ণনা কোনো শাস্ত্ৰ আধাৰিত নোহোৱাকৈ বহু বছৰ অবিছিন্ন ভাৱে পৰম্পৰা বা থলুৱা হিচাপে নৃত্য ধাৰা এটিৰ লগত অন্তৰ্ভুক্ত, সেই সমূহ হস্ত কেই পৰম্পৰাগত হস্ত বুলি কোৱা হয়। 

     এই পৰম্পৰাগত হস্ত সমূহৰ শাস্ত্ৰ আধাৰিত হস্ত ৰ দৰে লিখিত বিৱৰণ পোৱা নাযায়। বৰঞ্চ,একো একোটা অঞ্চল বিশেষে থকা প্ৰাচীন কালৰ স্হাপত্য- ভাস্কয্য, মূৰ্তি কলা আৰু চিত্ৰ কলা তথা কেতিয়াবা কেতিয়াবা পৌৰাণিক শিল্প কলা আদিত এই হস্ত সমূহ পৰিলক্ষিত। কোনো এটি শাস্ত্ৰীয় নৃত্যৰ স্বকীয় বৈশিষ্ট্যৰ প্ৰদৰ্শনত পৰম্পৰাগত হস্ত সমূহে বিশেষ অৰিহণা যোগায়। 


    সত্ৰীয়া নৃত্যৰ পৰম্পৰাগত হস্ত সমূহৰ নাম আৰু বিনিয়োগ : 

    অসমৰ নৃত্য সমূহৰ ভিতৰত শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃত সত্ৰীয়া নৃত্য ধাৰাটিত বহুতো পৰম্পৰাগত বা থলুৱা হস্ত দেখিবলৈ পোৱা যায়। নৃত্য ধাৰাটিত প্ৰয়োগ হোৱা ৩ (তিনিও) টা হস্ত যেনে সংযুক্ত হস্ত, অসংযুক্ত হস্ত আৰু নৃত্ত হস্তৰ মাজত থকা পৰম্পৰাগত বা থলুৱা হস্ত সমূহৰ নাম আৰু ইবোৰৰ বিনিয়োগ সমূহ হৈছে-

    হস্ত সমূহৰ নাম বিনিয়োগ বিধি১. শশককৃষ্ণ,বাংশীবাদন আদি।২. সৰাহকথা কোৱা, চিত্ৰ অঁকা আদি।৩. অংকুশঅলকা,টানি অনা আদি।৪. কৃষ্ণসাড়মুখহৰিণ,ডিঙিৰ মালা আদি।৫. দোলদোলন,নৌকা আদি।৬. মৎস্যমগৰ, মৎস্য অৱতাৰ আদি।৭. গজদন্তহাতী,বৃহৎ নৌকা আদি।৮. মৈৰাঅগ্নি,শীতত কম্পন হোৱা আদি।৯. মুজুৰানমস্কাৰ, ঈশ্বৰ সূচক আদি।১০.জলকবিজুলী, জ্যোতি উজ্বলতা আদি।১১. হাঁয়ৰেকৃষ্ণ , কৃষ্ণ নৃত্যত ব্যৱহাৰ আদি।১২. প্ৰণামনমস্কাৰ,সম্ভাষন আদি।১৩. লীলাবিভিন্ন খেলা, ঈশ্বৰৰ লীলা আদি।


    আৰু পঢ়িব পাৰে- সত্ৰীয়া নৃত্য উৎপত্তি আৰু ক্ৰমবিকাশ।


    ১৪. জয় জয়গুণ গৰিমা প্ৰকাশ,জয় আদি।১৫. ধৱ্জবিজয় প্ৰতীক আদি।১৬.ভকতভক্ত,নম্ৰতা আদি।১৭. অৰ্পণআগবঢ়োৱা,মান্য জনক দিয়া আদি।১৮. অৱতাৰ ঈশ্বৰৰ অৱতাৰ আদি।১৯. ৰজাশাসন,শাসক আদি।২০. হস্তীহাতী,পাপ আদি।২১. তপঋষি,তপস্বী আদি।২২. জলপানী,সাগৰ আদি।২৩. বংশীবাংশী বাদন, কৃষ্ণ আদি।২৪. চলনা গতি কৰা,যোৱা আদি।২৬. লজ্জা লাজ আদিত ব্যৱহাৰ।


    সামৰণি Conclusion :

    ইয়াৰ উপৰিও অসমৰ পৰিৱেশ্য কলা তথা অসমৰ সংগীত আৰু নৃত্য সমূহৰ ভিতৰত শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃত সত্ৰীয়া নৃত্যত আৰু বহুতো পৰম্পৰাগত বা থলুৱা হস্ত দেখা পোৱা যায়।যি সমূহে নৃত্য ধাৰাতিৰ সৌষ্ঠৱ বৃদ্ধি কৰা লগতে সত্ৰীয়া নৃত্য কলা টিৰ প্ৰকাশ আৰু বিকাশত সকলোৰে কাষ চাপি যোৱাত সহায়ক হৈছে।

    অসমৰ সত্ৰ সমূহত সংৰক্ষিত হৈ প্ৰচলিত হৈ অহা এই পৰম্পৰাগত বা থলুৱা হস্ত সমূহৰ গৱেষণা মূলক অধ্যয়নৰ দ্বাৰা সত্ৰীয়া নৃত্যত প্ৰয়োগ কৰাৰ লগতে বহুলভাৱে প্ৰচলন কৰিলে নিশ্চয় অসমৰ সত্ৰীয়া নৃত্য পৰম্পৰাগত হস্ত traditional hand gestures of Sattriya dance of Assam সমূহৰ প্ৰচলন আৰু সত্ৰীয়া নৃত্য sattriya dance সকলোৰে বাবে আৰু অধিক মনোগ্ৰাহী হৈ উঠিব !!!

    সত্ৰীয়ানৃত্যৰহস্ত, শাস্ত্ৰীয়নৃত্যৰহস্ত
    ফটো : সত্ৰীয়া নৃত্যৰ হস্ত।
    আৰু পঢ়িব পাৰে- অসমৰ সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় লক্ষণ।


    Author – Srimanta Borah

    নমস্কাৰ বন্ধু-বান্ধৱী সকল, মই শ্ৰীমন্ত বৰা বৰবায়ন, Satriya Sanskriti নামৰ এই ব্লগ উৱেবচাইতটিৰ প্ৰতিষ্ঠাতা ও লেখক। এই ওৱেবচাইতটিৰ জৰিয়তে ভাৰতীয় শাস্ত্ৰীয় নৃত্য সমূহৰ লগতে অসমৰ সকলো প্ৰকাৰৰ কলা-সংস্কৃতি বিশেষকৈ সত্ৰীয়া সংস্কৃতি বিষয়ক বিভিন্ন তথ্য সম্পূৰ্ণ শুদ্ধ ৰূপত আপোনাসৱলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ সুন্দৰ মতামত সমূহে আমাক আৰু প্ৰেৰণা দিয়াৰ লগতে উৎসাহ প্ৰদান কৰিব। 🙏

    Comments

    1. ভাল লাগিল লেখাটো...সূত্ৰধাৰ নৃত্যৰ বিষয়ে লেখ এটা পালে বহু উপকৃত হম🙏🙏

      ReplyDelete
      Replies
      1. এই লেখাটিতেই সুত্ৰধাৰ সম্পৰ্কে দিয়া আছে... https://satriyasanskriti.blogspot.com/2021/11/sutradhar-nritya.html

        Delete

    Post a Comment

    Most Popular

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ

    বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ পৰিচয় : বৰগীতৰ বৈশিষ্ট্য আৰু লক্ষণ  সমূহ বা বৰগীতৰ বিষয়ে  এই আলোচনাটিত আমি জানিব পাৰিম বৰগীত মানে কি ? তথা বৰগীতৰ ভাষা আৰু বৰগীতৰ বৈশিষ্ট্য তথা বৰগীতৰ লক্ষণ সমূহ। লগতে, শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখা গীত song বা  বৰগীতৰ সংখ্যা  সহ সেই সমূহৰ মাজত অন্তৰ্নিহিত হৈ থকা তাত্বিক ভাৱ আৰু আধ্যাত্মিক দৰ্শনৰ বিষয়ে। সূচী পত্ৰ বৰগীত মানে কি ? : বৰগীত বুলিলে কি বুজা বুলিলে ক'ব পাৰি যে একশৰণ নামধৰ্মৰ প্ৰাৰ্থনা উপযোগী উচ্চ আধ্যাত্মিক ভাৱ, ভাষা যুক্ত ৰাগ সম্বলিত সুৰৰ সমাহাৰত পৰিবেশন কৰা এবিধ গীত।      অৰ্থাৎ  বৰগীত কাক বোলে  বুলি ক'লে আমি কব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱ যুক্ত ৰাগ সম্বলিত ঈশ্বৰ স্ততি মূলক গীত সমূহকেই বৰগীত বোলা হয়। বৰগীতৰ ভাষা : ভাষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বৰগীত সমূহ উচ্চ ভাৱ সম্পন্ন হোৱাৰ হেতুকে ইয়াত প্ৰাচীন অসমীয়া ভাষা প্ৰয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, নৱবৈষ্ণৱ ধৰ্মৰ ভক্তি আন্দোলনৰ সময়ত গঢ় লৈ উঠা ব্ৰজাৱলী নাম...

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ

    মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ পৰিচয় : মহাপুৰুষ মাধৱদেৱৰ সমস্ত সাহিত্যিক জীৱন শঙ্কৰদেৱৰ আৰ্হিত গঢ় দিয়াৰ হ'লেও,নাট্যৰিতিৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ পৃথক বাটেৰে খোজ ললে। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱৰ ঝুমুৰা সমূহ  শঙ্কৰদেৱৰ নাট সমূহৰ লগত নিমিলে আৰু নিমিলে সেই সময়ত প্ৰচলিত অন্য কোনো নাটকীয় ৰীতিৰ লগত।এই  ঝুমুৰা  সমূহ মাধৱদেৱৰ সাহিত্য প্ৰতিভাৰ শ্ৰেষ্ঠতম নিদৰ্শন। সূচী পত্ৰ ঝুমুৰা কাক বোলে  : শঙ্কৰদেৱৰ দ্বাৰা ৰচিত নাট কেইখনত একোটা স্বয়ংসম্পূৰ্ণ কাহিনী থকাৰ পৰিবৰ্তে মহাপুৰুষ মাধৱদেৱৰ"অৰ্জুন-ভঞ্জন"নাট খনক বাদ দি বাকীখিনি নাটত একোটা কাহিনী পূৰ্ণ ৰূপত পোৱা নাযায়।তাৰ পৰিবৰ্তে,একো- একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে বাকী নাট কেইখনৰ উপজীৱ্য সম্বল।              সেয়েহে  ঝুমুৰা কাক বোলে  বা  ঝুমুৰা মানে কি বুলি ক'লে ক'ব পাৰি যে," একোটা খণ্ড বা ক্ষুদ্ৰ কথাবস্তুৰ সংযুক্ত নাটককে ঝুমুৰা বোলা হয়। ঝুমুৰা সমূহৰ নাম : মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা সমূহ হ'ল-  অজ্জুন ভঞ্জন (পূৰ্ণাংগ)নাট।  চোৰধৰা নাট।  পিম্পৰা গুচো...

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা

    অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা ঢোল, পেঁপা, গগনা। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা Assamese musical instruments Dhol Bihu Pepa and Gagana হৈছে অসমীয়া জাতিৰ বাপুতি সাহোন বিহুত ব্যৱহাৰ কৰা তিনিটা মূখ্য বাদ্যযন্ত্ৰ। এই লেখাটিত ঢোল , বিহু পেঁপা আৰু গগণাৰ সম্পৰ্কে বিস্তৃত বৰ্ণনা কৰা হৈছে। অসমীয়া বাদ্যযন্ত্ৰ ঢোল বিহু পেঁপা আৰু গগনা : ঢোলৰ বিষয়ে : অসমীয়া লোক বাদ্য ঢোল হৈছে অসমীয়া জনজীৱনৰ লগত জড়িত  বাদ্য প্ৰকাৰ musical instruments সমূহৰ ভিতৰত অন্যতম লোকবাদ্য। লোকবিশ্বাস অনুসৰি এই বাদ্য টি কৈলাসৰ পৰা পাণ্ডুনন্দন পার্থই পৃথিৱীলৈ অনা বুলি বিশ্বাস কৰা হয়।অসমীয়া বাদ্যযন্ত্ৰ ঢোল assamese musical instruments dhol অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুৰ এক main musical instrument মুখ্য বাদ্য। এই ঢোলৰ অবিহনে অসমীয়া জাতিয়ে আনন্দ ৰঙৰ উৎসৱ স্বৰূপ ৰঙালী বিহু rongali bihu পালন কৰা অসম্ভৱ। ঢোলৰ প্ৰকাৰ : ঢোলৰ প্ৰকাৰ   বুলিলে দেখা যায় যে অসমৰ ভিন্ন ভিন্ন প্ৰান্তত প্ৰচলিত ঢোল বাদ্য টিক আকাৰ আৰু বজোৱা আনুষ্ঠানিক প্ৰদ্ধতি অনুসৰি মূলতঃ  ৪ চাৰিটা ভাগত ভাগ কৰা হ...